অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জনগোষ্ঠীসমূহৰ পৰম্পৰাগত সাজ-পাৰ

জনগোষ্ঠীসমূহৰ পৰম্পৰাগত সাজ-পাৰ

সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত সাজ-পাৰ

 

সোণোৱাল কছাৰী সমাজত মহিলাসকলে বুকুৰ পৰা ভৰিৰ গোৰোহাত পৰাকৈ দীঘল মেখেলা পৰিধান কৰে। সেই মেখেলাৰে তেওঁলোকে বুকুত মেথনি মাৰে। কঁকালত তেওঁলোকে এবিধ পৰম্পৰাগত কপাহী বস্ত্ৰ ‘এখেতীয়া (একাঠীয়া) মেৰাই লয়। গাত তেওঁলোকে ৰিহা পিন্ধে। বৰ্তমান সময়ত তেওঁলোকৰ সমাজত বিভিন্ন ধৰণৰ চোলাৰো ব্যৱহাৰ হোৱা দেখা যায়। সোণোৱাল কছাৰী সমাজত পুৰুষে কঁকালত চুৰিয়া, গাত চোলা পৰিধান কৰে। তেওঁলোকৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত  গাতুং চোলাৰ ব্যৱহাৰ বৰ্তমান অত্যন্ত সীমিত। সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত গামোচাখনৰ ৰং আৰু বয়নশৈলী অসমত প্ৰচলিত সৰ্বসাধাৰণ গামোচাতকৈ কিছু পৃথক।

মৰাণ সমাজত প্ৰচলিত পৰম্পৰাগত সাজ-পাৰ

মৰাণ সমাজত মহিলাসকলে ঘৰতে নিজৰ লাগতিয়াল সাজ-পাৰসমূহ প্ৰস্তুত কৰে। নেওনীৰে কপাহ নেওঠি টাকুৰিৰে সূতালাহী কাটি তাঁত বৈ তেওঁলোকে অতীজতে কাপোৰ প্ৰস্তুত কৰিছিল। বৰ্তমান আধুনিকতাৰ পৰশে তেওঁলোকৰ সংস্কৃতিৰ সেই দিশটো কিছু পৰিমাণে স্থবিৰ কৰি তুলিলেও একেবাৰে নি:শেষ কৰিব পৰা নাই।

ৰঙা, হালধীয়া আদি উজ্জ্বল ৰঙেৰে বুটা বছা কলীয়া ৰিহাখনক মৰাণ মহিলাৰ জাতীয় সাজ-পাৰ ৰূপে স্বীকৃতি দিয়া হয়। মৰাণ সমাজত মহিলাসকলে বুকুৰ পৰা ভৰিৰ গোৰোহাত পৰা দীঘল-মেখেলা পৰিধান কৰে। কঁকালত মেৰাই লোৱা কাপোৰখনক তেওঁলোকে ‘কঁকালমৰা’ বোলে। তেওঁলোকে গাত চাটি মাৰি লোৱা বগা চাদৰখনক ‘পাৰকানি’ বোলে। বিবাহিতা মহিলাসকলে এই পাৰকানিৰে মূৰত ওৰণি লয়। গাভৰুসকলে মহিলাসকলৰ দৰে সাজ-পাৰ পৰিধান কৰিলেও পাৰকানিৰে ওৰণি নলয়। ব’হাগ মাহত গাভৰুসকলে ৰাতি বিহু কৰোতে মুগাৰ মেখেলা, কঁকালমৰা আৰু ক’লীয়া ৰিহা বিশেষভাৱে ব্যৱহাৰ কৰে।

মৰাণ সমাজত পুৰুষসকলে গাত চোলা, কঁকালত চুৰিয়া আৰু মূৰত পাগুৰি মাৰে। মৰাণ পুৰুষসকলে অতীজতে ব্যৱহাৰ কৰা দীঘল হাতৰ পৰম্পৰাগত চোলাক ‘ছয়গুণ চোলা’ বুলিছিল। এই চোলাটো কপাহী অথবা মুগা সূতাৰে বৈ উলিওৱা হৈছিল। ইয়াৰ উপৰি তেওঁলোকৰ সমাজত বুকুখোলা, এঙাচোলা আদিৰো ব্যৱহাৰ আছিল। বৰ্তমান এওঁলোকে বজাৰত ক্ৰয় কৰা ছাৰ্ট আৰু পাঞ্জাবী আৰ্হিৰ চোলা ব্যৱহাৰ কৰে। মৰাণসকলে ব্যৱহাৰ কৰা পৰম্পৰাগত গামোচাখনত পাৰি নাথাকে। ফুলবোৰ ৰঙা আঁচুৰ সলনি সোণালী মুগা সূতাৰে তৈয়াৰ কৰা হয়। মৰাণ সমাজত গায়ন গাওঁতে পুৰুষসকলে দীঘল হাতৰ বগা চোলা পিন্ধে। কঁকালৰ চুৰিয়াৰ ওপৰত এটা বগা ঘূৰি পৰিধান কৰে। তেওঁলোকে মূৰত মৰা ষোল্লহতীয়া পাগুৰিটোক মৈন্যপাগ বোলে। গাত তেওঁলোকে এখন ছকঠীয়া চেলেং গাঠি মাৰি লয়।

মিচিংসকলৰ মাজত প্ৰচলিত পৰম্পৰাগত সাজ-পাৰ

মিচিং মহিলাসকলে কঁকালত এগে (মেখেলা)পিন্ধি বুকুত মেঠনি মাৰে। গাত তেওঁলোকে গালুগ (চোলা) পৰিধান কৰে। মেখেলাৰ ওপৰত তেওঁলোকে এখন বাছকবনীয়া চাদৰ মেৰাই লয়। মূৰত মৰা গামোচাখনক তেওঁলোকে য়াপ’ বোলে। তেওঁলোকৰ মাজত য়েচ্চাং (ৰিহা), চগৰেক্‌ গাচৰ (চাদৰ) আদি বস্ত্ৰৰো প্ৰচলন মন কৰিবলগীয়া। গাভৰুসকলে কঁকালত পৰিধান কৰা চুটি মেখেলাখনক চ’জুকচৰে এগে (গাৰি দিয়া মেখেলা) বোলে। মিচিং পুৰুষসকলে কঁকালত ঘৰতে প্ৰস্তুত কৰি লোৱা পৰম্পৰাগত বস্ত্ৰ গনৰ উগন পৰিধান কৰে। সুঠাম মিচিং ডেকাসকলে গাত পৰম্পৰাগত গালুক যেনে-তবগ্‌ গালুক, গাদু গালুক, মিবু গালুক ইত্যাদি পৰিধান কৰে। তেওঁলোকে মূৰত দুমীৰ মাৰে। পৰম্পৰাগত উৎসৱ আদিত মিচিং পুৰুষসকলে গাত মিবু গালুগ আৰু মহিলাসকলে ৰিবি-গাচেং পৰিধান কৰাটো বাধ্যতামূলক। মিচিং গাভৰুৱে নৃত্য পৰিৱেশন কৰাৰ সময়ত ৰঙীন ঊন সূতাৰে তৈয়াৰী ফুল দুমপ্‌ন আৰু লাক্‌পুন ব্যৱহাৰ কৰে।

টাই ফাকেসকলৰ মাজত প্ৰচলিত পৰম্পৰাগত সাজ-পাৰ

তেওঁলোকে আজিও নিজৰ ভাষা, কৃষ্টি-সংস্কৃতিক জীয়াই ৰাখিবলৈ সক্ষম হৈছে। টাই ফাকে মহিলাসকলে পথালিকৈ আঁচ টনা ৰঙীন মেখেলা পৰিধান কৰে। এই মেখেলাক তেওঁলোকে ‘চিন’ বোলে এই ‘চিন’খনত কোনোধৰণৰ ফুলৰ আৰ্হি নাথাকে, কিন্তু বিভিন্ন ৰঙৰ সূতাৰ সামঞ্জস্যপূৰ্ণ আৰু সু-সংহত প্ৰয়োগে এই চিনখন যথেষ্ট আকৰ্ষণীয় কৰি তোলে। চিনখনৰ বয়নশৈলীও মন কৰিবলগীয়া। এই চিনখন প্ৰস্তুত কৰোতে ফাকে মহিলাসকলে ক’লা সূতাৰে দীঘ দিয়ে। প্ৰথমে চিনখনৰ একেবাৰে তলত অৰ্থাৎ পানীগাঁঠিত পৰা অংশটো অৰ্থাৎ ‘টিন চিন’ দুই চে:মি: বহল জোখেৰে বোৱা হয়। এই টিন চিনৰ পাচৰ অংশটো প্ৰথমে সেউজীয়া, গুলপীয়া, হালধীয়া, বেঙুনীয়া, সেউজীয়া, ক’লা, বগা আৰু গুলপীয়াৰে শেষ কৰে। বিবাহিতা মহিলাই কঁকালত নাংৱাত (ৰিহা) মেৰাই লয়। মহিলাসকলে চ্যু (চোলা) পিন্ধি গাত এখন চাদৰ লয়। কঁকালত মৰা ৰঙীন পেটীডালক তেওঁলোকে ‘চাইচিন’ন্বোলে। গাভৰুসকলে কঁকালত চ্যু আৰু গাত চিন পিন্ধে। গাত তেওঁলোকে ফাফৈক অৰ্থাৎ বগা চাদৰ এখন ছাটি মাৰি লয়। তেওঁলোকে বিবাহিতা মহিলাৰ দৰে নাংৱাত নিপিন্ধে।

টাই ফাকে সমাজত পুৰুষসকলে গাত চ্যু (চোলা)পিন্ধে। তেওঁলোকে কঁকালত ফানুং (লুঙী) পৰিধান কৰে। মহিলাসকলৰ চিনৰ দৰে ফাক সমাজত পুৰুষসকলে পৰিধান কৰা ফানুংখনৰ বয়নশৈলীও যথেষ্ট গুৰুত্বপূৰ্ণ। সাধাৰণতে এই ফানুংখন বেঙুনীয়া, সেউজীয়া হালধীয়া, বগা, ক’লা আৰু গুলপীয়া ৰঙৰ সূতাৰ সমাহাৰত প্ৰস্তুত কৰা হয়। ৰঙীন সূতাৰে গাৰি দি বোৱা এই ফানুখনৰ প্ৰধান বৈশিষ্ট্য হ’ল প্ৰতিটো গাৰি ঘৰ সৃষ্টি কৰা সূতাৰ আঁচ দুডালৰ সংযোগস্থলত একোটা সৰু সৰু বুটাৰ সৃষ্টি হয়। এই বুটাবোৰক তেওঁলোকে ‘লুং’গ্বোলে। পুৰুষসকলে গাত মেৰাই লোৱা বগা চাদৰখনক ‘ফাফৈক’ বোলে। তেওঁলোকে ডিঙিত ৰঙীন গামোচা (প-কং-খ) মেৰাই লয়। ফাকে সমাজত বয়সস্থসকলে মূৰত পাগুৰি (ফাহু) মাৰে। তেওঁলোকে কান্ধত এখন ৰঙীন মোনা (থুং) আৰি লয়।

টাই ফাকে সমাজত বয়স অনুসৰি পৰিধান কৰা সাজ-পাৰৰ ৰঙৰ কিছু তাৰতম্য ঘটা দেখা যায়। সমাজত ডেকা-গাভৰু আৰু নতুন বোৱাৰীসকলে উজ্জ্বল ৰঙৰ চকুত লগা সাজ-পাৰ পৰিধান কৰে। বয়সস্থসকলে ডাঠ সেউজীয়া, নীলা, ক’লা, বেঙুনীয়া আদি ৰঙৰ সূতাৰে বোৱা সাজ-পাৰহে পৰিধান কৰে। যিমানে তেওঁলোকৰ বয়স বাঢ়ি যায়, সিমানে সাজ-পাৰৰ ৰং অধিক গাঢ় হয়।

টাই খাময়াংসকলৰ পৰম্পৰাগত সাজ-পাৰ

বয়নশিল্পৰ ক্ষেত্ৰত টাই খাময়াংসকল যথেষ্ট চহকী। তেওঁলোকে পৰম্পৰাগতভাৱে ঘৰতে সূতা কাটি, ৰং বোলাই তাঁতশালত বৈ-কাটি কাপোৰ প্ৰস্তুত কৰে। অতীজতে তেওঁলোকৰ মাজত কঁকালত বান্ধি লৈ বোৱা ‘কি-হুক’ অৰ্থাৎ তাঁতশালৰ প্ৰচলন আছিল। সাম্প্ৰতিক সময়ত তেওঁলোকে অসমত সৰ্বসাধাৰণতে প্ৰচলিত মাটিশালতে কাপোৰ বোৱা দেখা যায়। তেওঁলোকৰ মাজত পুৰুষ আৰু মহিলাভেদে বেলেগ বেলেগ সাজ-পাৰৰ প্ৰচলন থকা দেখা যায়। এই পৰম্পৰাগত সাজ-পাৰসমূহৰ সৌন্দৰ্য্য অতুলনীয়।

খাময়াংসকলৰ সমাজত পুৰুষসকলে কঁকালত ফানুং (লুঙি)পৰিধান কৰে। ‘ফা’ শব্দৰ অৰ্থ কাপোৰ আৰু নুং (লৌং) শব্দৰ হৈছে ডাঙৰ। অৰ্থাৎ দেহত পৰিধান কৰা সকলোতকৈ ডাঙৰ কাপোৰখনেই হ’ল ফালুং বা ফানুং। এই ফানুংখন সাধাৰণতে সেউজীয়া, বগা, ক’লা, সেউজীয়া, বগা, ক’লা, হালধীয়া আৰু বেঙুনীয়া আদি সূতাৰ একত্ৰিত প্ৰয়োগৰ দ্বাৰা বৈ উলিওৱা হয়। এই ফানুংখনত অসংখ্য গাৰি দিয়া থাকে। গাৰি দিয়া অংশটোৰ প্ৰতিটো ঘৰৰ চুকতে যোগ চিন আকাৰৰ একোটা বুটা বছা হয়। এই বুটাটো সাধাৰণতে বগা অথবা হালধীয়া সূতাৰে তৈয়াৰ কৰা হয়। গাত তেওঁলোকে চোলা (চ্যু) পৰিধান কৰে। তেওঁলোকে গাত এখন বগা চাদৰ মেৰাই লয়। এই চাদৰখন পাট অথবা বগা কপাহী সূতাৰে তৈয়াৰ কৰা হয়। চাদৰ খনৰ দুই মূৰে তেওঁলোকে সোণালী মুগা সূতাৰে বিভিন্ন শৈলীৰ ফুল তোলে। তেওঁলোকে ডিঙিত ৰং-বিৰঙৰ এখন গামোচা লয়। এই গামোচাক তেওঁলোকে ফা-কং-খ বোলে। বগা, চকলেটবুলীয়া, হালধীয়া আৰু সেউজীয়া অথবা নীলা ৰঙৰ সূতাৰে সাধাৰণতে এই গামোচাখন বৈ উলিওৱা হয়। তেওঁলোকে কান্ধত এটা সুন্দৰ ‘থুং’ (মোনা)আৰি লয়। এই মোনাটোত বিভিন্ন শৈলীৰ ফুল চৰাই, গছ, জীৱ-জন্তু আদিৰ চানেকীৰে ফুল তোলা হয়। এই পৰম্পৰাগত মোনাটো প্ৰস্তুত কৰোতে সাধাৰণতে ৰঙা, হালধীয়া, সেউজীয়া, ক’লা আদি উজ্জ্বল ৰঙৰ সূতাৰ ব্যৱহাৰ হয়। বয়সস্থসকলে মূৰত মৰা পাগুৰিক তেওঁলোকে ‘ফা’ হ’ বোলে। ই পুৰুষসকলৰ মৰ্য্যাদাৰ পৰিচায়ক।

টাই খাময়াং সমাজত মহিলাসকলে পৰম্পৰাগত মেখেলা ‘চিন’ পিন্ধে। ডাঠ ক’লা ৰঙৰ প্ৰয়োগ এই চিনখনৰ প্ৰধান বৈশিষ্ট্য। চিনখনৰ তলৰ অংশত তেওঁলোকে বগা, হালধীয়া আদি নানা ৰঙেৰে বাছকবনীয়া ভমকাফুলীয়াকৈ ফুল তোলে। এই চিনখনৰ প্ৰস্তুত প্ৰণালী যথেষ্ট কঠিন। খাময়াংসকলে ৰম নামৰ এবিধ গছৰ পাত সংগ্ৰহ কৰি আনি এটা পাত্ৰত পানি দি সেই পাতবোৰ গেলিবলৈ দিয়ে। এক সপ্তাহমানৰ পাচত সেই পাতবোৰ গেলি এবিধ ক’লা ৰং ওলায়। তেতিয়া গেলিবলৈ ধৰা পাতবোৰৰ পৰা সেই ক’লা ৰঙৰ পানীখিনি পৃথক কৰা হয়। সেই পানীখিনি সামান্য পৰিমাণে চূণ আৰু মিঠাতেল মিহলাই হাতেৰ ফেটি দিয়া হয়। ফেন ওলোৱাৰ পাচত সেই ক’লা পানীয়খিনিত এক নিৰ্দিষ্ট পৰিমাণে চাউলৰ পৰা তৈয়াৰী লুকলাও (সাজ)মিহলোৱা হয়। ইয়াৰ পাছত চিন তৈয়াৰ কৰিবৰ বাবে প্ৰস্তুত কৰি থোৱা সূতাবোৰ সেই ৰঙত ডুবাই কিছু সময় ৰখাৰ পাচত ৰ’দত শুকুওৱা হয়। এনেদৰে কেইবাবাৰো কৰাৰ পাছত সূতাবোৰ ডাঠ ক’লা ৰঙৰ হৈ উঠে। সেই সূতাৰে কাপোৰ প্ৰস্তুত কৰাৰ পাচত শামুখথন নামৰ এবিধ বনৰীয়া গছৰ আলু অংশ কাপোৰখনত ঘহাই দিয়া হয়। ইয়াক তেওঁলোকে মোখনি মৰা বোলে। এনে কৰিলে কাপোৰৰ ৰং উজ্জ্বল ক’লা ৰঙৰ হয়। এনেদৰে মোখনি মৰা কাপোৰৰ ৰং নাইকিয়া হৈ নাযায়। যিমানে ধোৱা যায়, সিমানে ইয়াৰ ৰং অধিক উজ্জ্বল হয়। বৰ্তমান শামুখথন গছৰ অভাৱত ‘মাইফাক’ (নগা ওদাল) গছৰ ছালেৰে তেওঁলোকে মেখেলাত মোখনি মাৰে। গাত তেওঁলোকে পৰম্পৰাগত ক’লা চোলা (চ্যু) পিন্ধে। খাময়াং সমাজত বিবাহিতা মহিলাসকলে কঁকালত এখন ৰিহা (লংৱাত) মেৰাই লয়। এই ৰিহাখন ডাঠ সেউজীয়া, বগা অথবা মুগা সূতাৰে তৈয়াৰ কৰা হয়। ৰিহাৰ পাৰিত সাধাৰণতে ৰঙা আৰু হালধীয়া সূতা ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ ফুলৰ চানেকীয়ে ৰিহাখনৰ সৌন্দৰ্য বৃদ্ধি কৰে। কঁকালত মৰা ৰঙীন পেটীডাক তেওঁলোকে চাইকাপ বোলে। তেওঁলোকৰ মাজত গাৰি দিয়া ৰিহাৰ ব্যৱহাৰো দেখা যায়। খাময়াং মহিলাসকলেও কান্ধত এখন ফুলাম মোনা (থুং) আৰি লয়। খাময়াং সমাজত কুমাৰী ছোৱালীয়ে পৰম্পৰাগত ক’লা মেখেলা চিন আৰু চোলা পিন্ধে। গাত বগা চাদৰ ফাফ’ক লয়। তেওঁলোকে ৰিহা নিপিন্ধে।

লিখক: চন্দ্ৰ কমল চেতিয়া, সম্ভাৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate