অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জোনবিল মেলা :

জোনবিল মেলা :

মধ্য অসমৰ জাগীৰোডৰ সমীপৱৰ্ত্তী দৈয়াং বেলগুৰিৰ জোনবিলৰ পাৰত অনুষ্ঠিত “জোনবিল মেলা“ মাঘ বিহুৰ পিছৰটো বৃহস্পতি বাৰৰ পৰা আৰম্ভ হৈ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয়৷ ইতিহাস প্ৰসিদ্ধ “জোনবিলৰ“ পাৰত কালৰ বুকুত হেৰাই যোৱা “বিনিময় প্ৰথাৰে উজলি উঠে “জোনবিল মেলা“৷ জনশ্ৰুতি মতে, তিৱাৰ গোভা ৰাজ্যৰ আদি ৰজা “লাওখঙৰ“ বা “জোনসিং“য়ে

শুক্লপক্ষৰ নিশা ৰাণীৰ সৈতে বিহাৰ কৰি থাকোতে বিলৰ পাৰত উপস্থিত হয়৷ সেই সময়ত জোনটোৱে জোনাকীৰে বিলখন উজ্লাই ৰাখিছিল৷ বিলৰ পানীত জোনৰ প্ৰতিবিম্বৰ মায়াময় ৰুপ দেখি ৰজা অভিভুত হৈ কৈ উঠিছিল…“হ্যেবে চ্যনাই পিল হঙদ“ অৰ্থাৎ বিলখন জোনটোৰ দৰেই৷ তিৱা ভাষাত “চ্যনাই“ মানে জোন আৰু “পিল“ মানে বিল৷

তেতিয়াৰে পৰা সেই বিলক জোনবিল আৰু তাত বছৰি অনুষ্ঠিত হোৱা মেলাক “জোনবিল মেলা“ হিচাপে জনা যায়৷ পূৰ্বৰ পৰম্পৰা অনুসৰি আজিও মাঘ বিহুৰ সময়ত কাৰ্বি পাহাৰ, জয়ন্তীয়া, মেঘালয়ৰ পাহাৰীয়া লোকসকলে বিনিময়ৰ বাবে বিলৰ পাৰত ভিৰ কৰেহি৷ পাহাৰৰ পৰা অহা লোকসকলে মেলালৈ আালু-কচু, আদা-হালধি, তিল, ফুল বাঢ়নী, লা-ধূনা, বাঁহ গাজ দি ভৈয়ামৰ লোকসকলৰ লগত সান্দহ-পিঠা, গুৰ, কেঁচা-শুকান মাছ আদি বিনিময় কৰে৷

প্ৰাচীন পৰম্পৰা অনুযায়ী বৰ্ত্তমানৰ গোভা ৰজাই আজিও জোনবিল মেলা স্থলীত সেই তিনিদিন অস্থায়ী ৰাজ-দৰবাৰ পাতে৷ পৰম্পৰা অটুট ৰাখি আজিও অঞ্চলটোৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিভিন্ন জনগোষ্ঠীৰ লোকসকলে জোনবিলত মাছ মাৰে আৰু প্ৰথমটো মাছ বৰ্ত্তমানৰ গোভা ৰজাক কৰ হিচাপে সন্মানেৰে আগবঢ়াই৷ সম্প্ৰীতিৰ প্ৰতীক জোনবিল মেলালৈ অহা পাহাৰীয়া লোকসকলে মামা-মামী সম্বোধনেৰে সামগ্ৰীৰ লগতে মৰম-চেনেহৰো বিনিময় কৰে৷
আজিও বিনিময় প্ৰথাৰ দ্বাৰাই পাহাৰ ভৈয়ামত উৎপাদিত আৰু ঘৰুৱা ভাৱে উৎপাদিত সামগ্ৰীৰ বিনিময় হৈ আহিছে এই জোনবিল মেলাত৷

যুগ যুগ ধৰি পাহাৰ ভৈয়ামৰ জনগোষ্ঠীয় লোকসকলৰ সমন্বয়ৰ প্ৰতীক হিচাপে “জোনবিল মেলা“ অনুষ্ঠিত হৈ আহিছে জোনবিলৰ পাৰত৷ জাগীৰোড ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পাঁচ কিল’মিটাৰ আৰু গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ ৫১ কিল’মিটাৰ দূৰত্বত অৱস্থিত দৈয়াং বেলগুৰিৰ জোনবিলৰ জোনবিল মেলা৷ এইবেলি আকৌ অনুস্থিত কৰা হ’ব তিৱা জাতিৰ লগতে সকলো জনগোষ্ঠী সমন্বিতে ইতিহাস প্ৰসিদ্ধ “জোনবিল মেলা“৷

আহক আমি সকলোৱে মিলি-জুলি ৰক্ষা কৰো কালৰ আঁচোৰত ক্ৰমাৎ হেৰাই যাব খোজা এটা প্ৰাচীন প্ৰথাক৷ সমন্বয়ৰ ধব্জা উৰুৱাও কাৰ্বি-খাচী-জয়ন্তীয়া মামা মামীৰ সৈতে৷ সামগ্ৰীৰ বিনিময়ৰ চেলুৰে মৰম-শান্তি বিনিময় কৰো চুবুৰীয়া ৰাজ্যৰ ভাই-ভনীৰ সৈতে৷

লেখিকা: মুংচাজ বৰ্ণালী আমফি মান্তা

উৎস: সাহিত্য.অৰ্গ

 

 

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate