অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জয়ন্তীপুৰ মছজিদৰ তুলসীৰ খুঁটা

জয়ন্তীপুৰ মছজিদৰ তুলসীৰ খুঁটা

চমু বিৱৰণ

নামঘৰ-কীৰ্তনঘৰত তুলসী গছৰ খুঁটা ব্যৱহাৰৰ পৰম্পৰা অসমত আছে| হিন্দু ধৰ্মই তুলসী গছত পবিত্ৰতা আৰোপ কৰিছে আৰু সেই পবিত্ৰতাৰ কাৰণেই এই গছে নামঘৰ-কীৰ্তনঘৰৰ খুঁটা হোৱাৰ আৰু শিষ্য ভক্তৰ শ্ৰদ্ধা-ভক্তি আদায় কৰিছে| অৱশ্যে পূজ্য তুলসী গছৰ সৈতে নামটোৰ বাহিৰে ঘৰৰ খুঁটা কৰিব পৰা ‘বৃক্ষ’ তুলসীৰ কোনো সম্পৰ্ক নাই| পিছে বিজ্ঞান আৰু (অন্ধ)বিশ্বাস কেতিয়াও একেলগে নাযায়; বিশ্বাস, জনশ্ৰুতি আদিৰ উৎপত্তিত বাধা দিবও পৰা নাযায়| এনে বিশ্বাসৰ বাবেই কৌতূহল হ’ল, যেতিয়া জানিলোঁ যে জয়ন্তীপুৰৰ বৰ মছজিদত আছে দুটাকৈ তুলসী খুঁটা! চাবলৈ নোযোৱাৰ প্ৰশ্নই নাহে!!

ইতিহাস

কামতাপুৰত তেওঁক প্ৰতিৰোধ কৰিবলৈ বংগৰ নবাবৰ সম্মুখত কোনো নাছিল| হাজোত ৰাজধানী পাতি কোনো এজন বড়ো গোষ্ঠীৰ শাসকে তেতিয়া কামৰুপ শাসন কৰিছিল| তেওঁৰ সৈন্য বাহিনীক হেলাৰঙে পৰাজয় কৰিছিল বংগৰ নবাব ইখতিয়াৰ উদ্দিন মালিক উজবেগ তুখ্ৰীল খাঁই| তুখ্ৰীল খাঁই হাজোত মুছলমানৰ স্থায়ী উপস্থিতিৰ পাতনি তৰিছিল; কিন্তু তেওঁৰ নিয়তি আছিল পৰাজয়- কামৰুপৰাজৰ প্ৰতিযুদ্ধত তেওঁ পৰাজয় বৰণ কৰি বংগলৈ উভতি গৈছিল| তাৰ পিছত আহিছিল বংগৰ হুছেইন শ্বাহ-কামতাপুৰ বিজয়েই কৰা নাছিল তেওঁ, ধ্বংসও কৰিছিল| তুখ্ৰীল খাঁৰ সময় ১২৫৪-৫৫ আৰু হুচেইন শ্বাহৰ সময় ১৪৯৮; ব্যৱধান দুই শতিকাৰ| এই সময়ছোৱাত কামতাপুৰে শক্তি হেৰুৱাইছে, কোচ ৰাজ্যৰ আৰম্ভণি হবলৈ লৈছে আৰু পূৱত আহোম শক্তিয়ে ৰাজ্য সংহত কৰিছে| আৰু তেতিয়াই আছিল তুৰ্বক| সময় ১৫২৭-৩২ চন| মূল আহোম ৰাজ্যত এয়াই প্ৰথম বহি:শক্তিৰ আক্ৰমণ| আহোমত/অসমত ঘোঁৰাৰ যুদ্ধ নাছিল; তুৰ্বকৰ আছিল এটা অশ্বাৰোহী বাহিনী| আহোম সৈন্যই যুদ্ধ কৰিছিল কাঁড়, যাঠি, তৰোৱাল, দা লৈ; তুৰ্বকে যুদ্ধত ব্যৱহাৰ কৰিছিল বৰতোপ-কামান| বুজাই যায়, আহোম সৈন্যৰ পৰাজয় অৱধাৰিতই আছিল| মূলা গাভৰুৰ কাহিনী এই পৰাজয়েই সৃষ্টি কৰিলে| ইতিহাসে বাৰে বাৰে এটা কথা প্ৰমাণ কৰিছে যে ভাৰতৰ পূৰ্বাঞ্চলৰ এই ভূ-খণ্ডলৈ শত্ৰুভাবেৰে অহা কোনোৱেই তিষ্ঠি থাকিব পৰা নাই; কিন্তু যি এই মাটিক মোৰ বুলি লৈছে সিয়েই ফলে-ফুলে জাতিষ্কাৰ হৈ ৰৈছে| তুৰ্বক বাহিনীৰো সেয়ে হ’ল-প্ৰতিযুদ্ধত শোচনীয় পৰাজয় হ’ল; প্ৰাণ হেৰুৱালে তুৰ্বকে; তেওঁৰ সৈন্যবাহিনী-পশ্চাদবাহিনী মিলি নশমান লোকক আহোমে যুদ্ধ বন্দী কৰি ৰাখি থ’লে| আৰম্ভ হ’ল ইতিহাসৰ এটা নতুন পৃষ্ঠা|

কলিয়াবৰৰ দুইমুনি শিলা আৰু হাটবৰৰ ওচৰত হৈছিল তুৰ্বকৰ তুৰ্কী বাহিনী আৰু আহোমৰ শেষ নিৰ্ণায়ক যুদ্ধ দুখন| সেয়েই যুদ্ধবন্দী সকলক সৈন্য শিবিৰৰ পৰা কলং কাষৰীয়া ঠাইডোখৰত স্থায়ীকৈ থাকিবলৈ দিয়া হ’ল| তুৰ্কী সকল থকা বাবেই এই ঠাই/ গাঁৱৰ নাম হ’ল তুৰুকাহাটী| যুদ্ধ শেষ হ’ল, শান্তি আহিল; তিৰোতা লগত ননা তুৰ্কী সৈন্য সকলে স্থানীয় বড়ো তথা কৈৱৰ্ত সকলৰ মহিলা-যুৱতীৰ পাণি গ্ৰহণ কৰিলে আৰু আৰম্ভ কৰিলে এটা নতুন সংস্কৃতি-কালক্ষণত যি পৰিচিত হ’ল মৰিয়াৰুপে| এই মৰিয়াসকলৰ পৰাই আহোমে লাভ কৰিলে তেওঁলোকক পৰৱৰ্তী তিনিশ বছৰতকৈও অধিক কাল অপৰাজেয় কৰি ৰাখিব পৰাকৈ শক্তিশালী আগ্নেয়াস্ত্ৰ কামান বা তোপ| এই তোপ আছে কেইবাটাও শ্ৰেণীৰ|

শান্তি আহিলেই পৰিয়াল আহে সৈন্যৰ জীৱনলৈ; পৰিয়াল আহিলেই ধৰ্ম চৰ্চাৰ কথা আহে, ধৰ্ম চৰ্চাৰ কথা আহিলেই চৰ্চা কেন্দ্ৰৰ কথা আহে| ৪০ ঘৰ মুছলমান একেলগে থকা ঠাইত এটা মছজিদ সজাটো বাধ্যতামূলক; তুৰুকহাটীততো থাকিল প্ৰায় নশ পৰিয়াল| অৱশ্যে কামৰ প্ৰয়োজনত ইয়াৰে কিছু সংখ্যকক আহোম সকলে বিভিন্ন ঠাইত সংস্থাপিত কৰে| তেতিয়াও প্ৰায় ৫০০ পৰিয়াল তুৰুকহাটীত থাকি গ’ল| এই পাঁচশ পৰিয়ালৰে ধৰ্মচৰ্চাৰ বাবে তুৰুকহাটীত স্থাপন হ’ল প্ৰথমটো মছজিদ| সেয়া ১৫৭০ চনৰ কথা| আয়োজন গধুৰ| ঢাকাৰ পৰা ৰাজমিস্ত্ৰি আহিল; ঢাকাৰ কোনো ব্যৱসায়ীৰ জৰিয়তে আহিল ৰং বিৰঙৰ কাঁচ,কলঙৰ মাটিৰে ইটা পুৰিলে গঞাই আৰু প্ৰতি পৰিয়ালে নিৰ্দ্ধাৰিত হাৰত যোগান ধৰিলে হাঁহকণী-বৰা চাউল| স্থানীয় হাবিৰ পৰা প্ৰয়োজনীয় কাঠ আহিল খুঁটা-চ’তিৰ বাবে| আৰু দুটাকৈ লাইখুঁটা তৈয়াৰ হ’ল তুলসী কাঠেৰে|

বৰপেটা কীৰ্তন ঘৰত দুটা তুলসী খুঁটা আছে| আমাৰ অনুসন্ধান মতে সেই খুঁটা দুটা এশ বছৰ পুৰণা আৰু কামেং অঞ্চলৰ পাহাৰৰ পৰা বানত উটি শুৱালকুছিত ৰৈ যোৱাৰ পৰা বৰপেটালৈ নি কৰা| ১৯০১ চনত বৰপেটাৰ কীৰ্তন ঘৰৰ বৰ্তমানৰ ঘৰটো নিৰ্মাণ কৰা হৈছিল| মাজুলীৰ দুই-এখন সত্ৰৰ কীৰ্তন ঘৰত লগোৱা তুলসী গছৰ খুঁটাবোৰ ১৯৫০ চনৰ বানত লোহিত অঞ্চলৰ পৰা উটি অহা গছৰ| কিন্তু এই ঘটনাৰ প্ৰায় তিনিশ বছৰৰ আগতে কলংপৰীয়া গাঁও তুৰুকহাটীৰ মছজিদত তুলসী গছৰ খুঁটা? বিষয়টো নিশ্চিত্ভাৱে অনুসন্ধানযোগ্য|

মাজুলীৰ আউনীআটী সত্ৰৰ কীৰ্তন ঘৰৰ বাহিৰত ৰাখি থোৱাটো বা বৰপেটা কীৰ্তন ঘৰৰ তুলসী খুঁটা দুটাতকৈ তুৰুকহাটীৰ বৰমছজিদৰ খুঁটা দুটা সৰু আৰু কম মসৃণ| কাঠৰ ৰঙৰো পাৰ্থক্য আছে| আনহাতে কীৰ্তন ঘৰ দুটাৰ খুঁটাবোৰ সঁচাকৈ তুলসী গছৰ হয়নে নহয় প্ৰমাণ কৰা সম্ভৱ নহয়| কাৰণ এই প্ৰজাতিৰ গছ এসময়ত আজিৰ অৰুণাচল প্ৰদেশৰ হাবিত আছিল যদিও সম্প্ৰতি ই বিলুপ্ত হোৱাৰ শংকা কৰা হৈছে| নামত তুলসী হ’লেও এইবিধ এবিধ বৃহৎ বৃক্ষ আৰু নিৰোগী আৰু পোন হোৱা বাবে ঘৰৰ খুঁটাৰ দৰে স্থায়ী নিৰ্মাণৰ বাবে ই উপযোগী বুলি সম্ভৱত: এসময়ত বিবেচিত হৈছিল| তুৰুকহাটীৰ বৰ মছজিদৰ তুলসী খুঁটা দুটাও এই বিবেচনাৰ পৰাই আহিব পাৰে আৰু সম্ভৱত: এই প্ৰজাতিৰ বৃক্ষ সেই সময়ত কলিয়াবৰ অঞ্চলৰ নৈ কাষৰীয়া পাহাৰীয়া হাবিত পোৱা গৈছিল|

জয়ন্তীপুৰৰ বৰ মছজিদৰ কাহিনী

তুৰুকহাটী এতিয়া অতীত| শৰাইঘাট যুঁজৰ বৰসেনাপতি লাচিত বৰফুকনৰ অন্যতম সেনাপতি লাইধন খাঁৰ গাঁও তুৰুকহাটী বৃটিছৰ যুগত মৰিয়া গাঁও নামে পৰিচিত আৰু চৰকাৰী নথিত সেই নামেৰেই লিপিবদ্ধ হয়| এই গাঁওৰ বৰ্তমানৰ নাম জয়ন্তীপুৰ| ইয়াত আছে দুটাকৈ পকী মছজিদ-১৫৭০ নিৰ্মিত বৰ মছজিদ- তুলসী খুঁটা-নক্সা কটা বৰ খুঁটা-মীনা কৰা মেহৰাবেৰে বৈশিষ্ট্যশীল; আনটো ১৫৭৫ চনত একেই শৈলীত নিৰ্মিত, অৱশ্যে কম জাক-জমক জামে মছজিদ| এসময়ত আহোম সৈন্য বাহিনীক বৰতোপেৰে সমৃদ্ধ কৰাৰ চিন স্বৰুপে দুয়োটা মছজিদতে আছে দুটাকৈ বৰতোপ, আনহাতে এসময়ৰ পিতল শিল্পৰ সমৃদ্ধ অতীতৰ বাৰ্তা বাহক হৈ আছে দুই এটা পৰিয়ালত সঞ্চিত কিছু পিতলৰ বাচন-বৰ্তন| কলঙৰ পাৰতে, বালিসত্ৰ কীৰ্তন ঘৰৰ পৰা কেইমিটাৰ মানৰ আঁতৰত আছে এটা প্ৰাচীন মাজাৰ, য’ত বহি আলহাজ আব্দুৰ ৰহমান ফকীৰে বিলাই আছে চুফীবাদৰ সুবাস|

মহাপুৰুষ শংকৰদেৱ ৰচনাত তেওঁৰ সময়ৰ কামৰুপ-আহোম ৰাজ্যত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ নামৰ যি উল্লেখ পোৱা যায়, তাত তুৰুক শব্দটো আছে| তুৰ্বকৰ আক্ৰমণ হোৱাৰ সময়ত শংকৰদেৱ জীয়াই আছিল| তেওঁৰ ৰচনাত তুৰুক শব্দৰ উল্লেখৰ পৰা অনুমান কৰিব পাৰি তুৰ্কীসকল ইতিমধ্যেই অন্তত: কামৰুপ-কামতাৰ স্থায়ী বাসিন্দা হৈ পৰিছিল| তেওঁৰ প্ৰয়াণৰ দুবছৰৰ পিছত তুৰুকহাটীৰ বৰমছজিদ নিৰ্মাণ হৈছিল, তাৰো দুশ-আঢ়ৈশ বছৰৰ পিছত এই গাঁৱৰ চাৰি দিশত নিৰ্মাণ হৈছিল চাৰিখনকৈ সত্ৰ: পূৱে বালিসত্ৰ আৰু চামগুৰি সত্ৰ, পশ্চিমে লেটুগ্ৰাম সত্ৰ, উত্তৰ-দক্ষিণত ক্ৰমে বৰসত্ৰ আৰু বগাজন সূত্ৰ| মছজিদৰ চাল প্ৰথম অৱস্থাতে নিশ্চয় খেৰেৰেই চোওৱা হৈছিল; সম্ভৱত: কুৰি শতিকাৰ আৰম্ভণিতে টিনৰ দুমহলীয়া ঘৰ হ’ল আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰভাৱত ইয়াৰ চালত লাগিল এটা তামৰ কলচী| আজিৰ জয়ন্তীপুৰৰ বৰ মছজিদৰ নিৰ্মাণশৈলী সেয়ে সমন্বয়ৰ প্ৰতীক: বড়ো কছাৰী আৰ্হিত ইয়াত পোৰা ইটাৰ চাৰি বেৰ, মেহৰাবত ইছলামী শৈলীৰ নক্সা, চাল অসম আৰ্হিৰ আৰু চালত তামৰ কলচী, ভিতৰত দুটা তুলসীৰ ঘাই খুঁট! ঠিক যেন এখন ক্ষুদ্ৰ অসম!

লেখক:-পুলিন কলিতা

উৎস:-দৈনিক অসম



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate