অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জাতীয় জীৱনৰ সন্ধিক্ষণত বৰ অসমৰ খনিকৰ চুকাফাৰ প্ৰাসংগিকতা :

জাতীয় জীৱনৰ সন্ধিক্ষণত বৰ অসমৰ খনিকৰ চুকাফাৰ প্ৰাসংগিকতা :

 

আজিৰ পৰা প্ৰায় ৮০০ বছৰ পুৰ্বে ত্ৰয়োদশ শতিকাৰ ১২২৮ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰৰ দিনা সুদুৰ চীন দেশৰ য়ুনান প্ৰদেশৰ পৰা এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সোণালী সপোন বুকুত বান্ধি টাই আহোম ফৈদৰ এগৰাকী যৌৱনদীপ্ত মহাপ্ৰতাপী ৰাজকোঁৱৰ চাওলুং চুকাফাই মাওলুং দেশ এৰি ১৩ বছৰ কাল অতি দুৰ্গম আৰু কণ্টকময় পথেৰে পাটকাই পৰ্বত অতিক্ৰমি সেই সময়ৰ সৌমাৰপীঠৰ পুব দিশত পদাৰ্পণ কৰিছিল।তেতিয়া অসম বুলি কোনো ৰাজ্য বা দেশ নাছিল।আইতাকৰ উপদেশ মৰ্মে পৰিয়ালগত বিবাদৰ পৰা আঁতৰি থাকি মাওলুং ৰাজ্যৰ পৰা আঠজন ডাঙৰীয়া আৰু বিষয়া,৯০০০ জন পুৰুষ-তিৰোতা,দুটা হাতী আৰু ৩০০০ ঘোঁৰা লৈ তেওঁ অসম অভিমুখে ৰাওনা হৈছিল।আঘোণ মাহৰ সোণ বৰণীয়া পকা ধাননিৰ বিস্তৃত পথাৰ আৰু শস্য শ্যামলা প্ৰকৃতিৰ নৈসৰ্গিক ৰুপ দেখা পাই স্বত:স্ফুৰ্তভাৱে চুকাফাৰ মুখৰ পৰা এষাৰ কথা নিৰ্গত হৈছিল-‘ম্যুং দ্যুন চুন খাম’অৰ্থাৎ এয়া দেখোন সোণালী শস্যৰ দেশ।চুকাফা এনে এখন ঠাইৰেই সন্ধানত আছিল।তেওঁ ইয়াতে এখন সোণৰ দেশ গঢ়িবলৈ সংকল্পবদ্ধ হ’ল।তেওঁ বুঢ়ীদিহিঙৰ উপনৈ দিচাং নৈৰ পাৰৰ নাম-ৰুক (এতিয়া নামৰুপ )ত কিছুদিন কটায়।তাৰ পিছত নৈৰে ভটিয়াই আহি বিস্তৃত সমভুমি টিপামত প্ৰৱেশ কৰে।তেতিয়া অসমখন চুতীয়া,মৰাণ,ডিমাছা,নগা,খামতি,কাৰ্বি,বৰাহী আদি বিভিন্ন জনগোষ্ঠীৰ সৰু সৰু ৰাজ্যত বিভক্ত আছিল।এখন নতুন দেশৰ সন্ধানত অহা টাই আহোম ফৈদৰ যুৱকজনে সংঘৰ্ষৰ পথ পৰিহাৰ কৰি সকলো স্থানীয় জনগোষ্ঠীক ভাতৃত্ববোধ আৰু মৰম-চেনেহেৰে আঁকোৱালি লৈ ‘সাত ৰাজ মাৰি এক ৰাজ’কৰি বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণেৰে ‘বৰ অসম’ৰ ভেটি স্থাপন কৰিছিল আৰু এইদৰে তেওঁ অতি বিচক্ষণতাৰে আৰু কৌশলপুৰ্ণভাৱে সকলো জনগোষ্ঠীৰ মানুহক একত্ৰিত কৰি এখন নতুন ৰাজ্য গঠন কৰিবলৈ সক্ষম হৈছিল।প্ৰবল বানপানীয়ে চুকাফাক টিপামত স্থায়ী ৰাজধানী পতাৰ ইচ্ছাক বাস্তৱায়িত হ’বলৈ নিদিলে।ৰাজধানী পতাৰ উদ্দেশ্যে তেওঁ অনেক ঠাই ভ্ৰমি প্ৰত্যেকখন ঠাইতে কিছু বছৰ কটাই সেই ঠাইবিলাকৰ মানুহৰ ৰীতি-নীতি,চলন-ফুৰণ প্ৰভৃতি বৈশিষ্টৰাজি পৰ্যবেক্ষণ অৱশেষত ১২৫৩ খ্ৰীষ্টাব্দত বৰ্তমান শিৱসাগৰ জিলাৰ দক্ষিণফালে লাংকুৰি পাহাৰৰ কাষৰ এটুকুৰা পাহাৰীয়া ঠাইত আনুষ্ঠানিকভাৱে ৰাজ্যৰ স্থায়ী ৰাজধানী পাতি ছশ বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল।ৰাজধানী চহৰখন দেখি স্থানীয় মানুহে ‘চৰাইদয়’অৰ্থাৎ পাহাৰৰ ওপৰত জিলিকি থকা নগৰ বুলি কৈছিল।পিছলৈ ৰাজধানী চহৰখন চৰাইদেউ নামেৰে অভিহিত হয়।কিছুকাল অসমত বাস কৰাৰ পিছত হিন্দুধৰ্ম গ্ৰহণ কৰি,অসমীয়া ভাষাকে নিজৰ ভাষা বুলি লৈ আহোমসকলক খাঁটি অসমীয়া হৈ পৰিল।কালক্ৰমত প্ৰায় গোটেইখন অসম দেশেই আহোমৰ তলতীয়া হ’ল।অৱশেষত চুকাফাৰ সপোনে সাকাৰ ৰুপ পালে।তেওঁ নিজৰ মনে বিচৰা দেশখন স্থাপন কৰিবলৈ সক্ষম হ’ল।অনৈক্যৰ মাজত ঐক্য আৰু সমন্বয়ৰ ধ্বজা উৰুৱা এক তেজস্বী ব্যক্তি সত্তা,বিচক্ষণ ৰজনীতিবিদ,দু:সাহসিক বিজেতা,সুদক্ষ প্ৰশাসক তথা বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিষ্ঠাপক চুকাফাই লুইতৰ দুয়োপাৰৰ সকলো জনগোষ্ঠীক একত্ৰিত কৰি বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।অতি উদাৰমনা আৰু দুৰদৃষ্টিসম্পন্ন প্ৰথমজনা আহোম স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰজাগণৰ ওপৰত ‘টাই’ভাষা জাপি নিদি অসমৰ ভুমিপুত্ৰসকলৰ ভাষা-ধৰ্ম-কৃষ্টি-সংস্কৃতিক আঁকোৱালি লৈ উদাৰতা আৰু দুৰদৰ্শিতাৰ উজ্জ্বল চানেকি দাঙি ধৰিছিল।‘টাই’গোষ্ঠীৰ লোকসকলৰ স্বভাৱ,চৰিত্ৰ তথা কৰ্মৰাজিৰ লগতে চুকাফাই হাতত লোৱা উন্নয়নমুলক আঁচনি আৰু ৰাজকীয় কাম-কাজত বাৰুকৈ সন্তোষিত হৈ থলুৱা বাসিন্দাসকলে চুকাফাৰ লগত অহা ‘টাই’জনগোষ্ঠীৰ লোকসকলক ‘আও-হম’ বা ‘আহোম’(অৰ্থাৎ এওঁলোকৰ সমান কোনো নাই)বুলি আখ্যা দিছিল।চুকাফাই টাই-আহোম,বৰাহী-কছাৰী,মৰাণ,চুতীয়া,মটক আদি বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণত সৃষ্টি কৰা নতুন জাতিটো আহোম নামেৰে জনাজাত হৈ পৰৱৰ্তী কালত অসমীয়া জাতি নামেৰে পৰিগণিত হয়।সুদক্ষ প্ৰশাসক,বিচক্ষণ ৰাজনীতিবিদ,অতি উদাৰ ভাবাপন্ন স্বৰ্গদেউ চুকাফাই ৰাজ্য গঠন কৰিয়েই ক্ষান্ত নাথাকি জাতিটোৰ সৰ্বোত্তম বিকাশৰ বাবে আৰ্থ-সামাজিক-সাংস্কৃতিক পৰিকাঠামো নিৰ্মাণৰ উপৰি কৃষি,শিল্প,বাণিজ্য তথা সামৰিক শক্তিৰ উন্নয়ন সাধন কৰি যি এক স্বৰ্ণিল অধ্যায়ৰ সুচনা কৰি গ’ল তাৰ বাবে তেওঁ হৈ পৰিল অসমীয়া জাতিৰ পিতৃস্বৰুপ।সকলোৰে সুখ-শান্তি সমৃদ্ধি বিচৰা মানৱদৰদী স্বৰ্গদেউ চাওলুং চুকাফা বৃহত্তৰ অসমীয়া জাতিৰ শৌৰ্য-বীৰ্য আৰু সমন্বয়ৰ উজ্জ্বল পটন্তৰ।তেওঁ আহোমৰ প্ৰথমখন ৰাজধানী চহৰ চৰাইদেউক আটোমটোকাৰিকৈ সজাই তুলিছিল।ছশবছৰীয়া গৌৰৱাজ্জ্বল আহোম ৰাজত্বৰ প্ৰথমজনা স্বৰ্গদউ চাওলুং চুকাফাই ১২২৮ চনৰ পৰা ১২৬৮ খ্ৰীষ্টাব্দলৈ সুদীৰ্ঘ চাৰি দশক কাল সুখ্যাতিৰে নিজৰ স্বপ্নৰ দেশ ‘ম্যুং দ্যুন চুন খাম’(অৰ্থাৎ সোণালী শস্যৰ দেশ)শাসন কৰি ১২৬৮ খ্ৰীষ্টাব্দত ইহলীলা সম্বৰণ কৰে।চুকাফাই দেখুৱাই যোৱা মহান আদৰ্শৰ পথ অনুসৰণ কৰি পৰৱৰ্তী কালত ইন্দ্ৰবংশীয় আহোম স্বৰ্গদেউসকলে ছশ বছৰকাল মহা পৰাক্ৰমেৰে অসমত ৰাজত্ব কৰিছিল।সাম্প্ৰতিক কালৰ পৰিপ্ৰেক্ষিতত সমন্বয়ৰ প্ৰতীক স্বৰ্গদেউ চাওলুং চুকাফাৰ মহান আদৰ্শৰাজি আৰু কৰ্মপ্ৰেৰণাৰে অনুপ্ৰাণিত হৈ চুকাফাৰ সপোনৰ ‘বৰ অসম’খনক জীয়াই ৰখাৰ লগতে অসমীয়া জাতিসত্তাক আগুৱাই নিব পাৰিলে তেওঁৰ আত্মাই শান্তি লাভ কৰিব।চুকাফাৰ প্ৰাসংগিকতা কমা নাই,বৰ্ং বাড়িছে গৈছে দিন বাগৰাৰ লগে লগে।দুই ডিচেম্বৰৰ চুকাফা দিৱসত অসমীয়া জাতিৰ জন্মদাতাস্বৰুপ স্বৰ্গদেউ চাওলুং চুকাফালৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।

লেখিকা:চয়নিকা বৰ্মন (ৰাইজৰ বাতৰি)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate