অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জাপি

জাপি

ৰ’দ-বৰষুণৰ পৰা নিজৰ মূৰটো ৰক্ষা কৰিবলৈ উদ্ভাৱিকা শক্তিৰে মানুহে সাজি উলিয়াইছিল জাপি। জয়জয়তে চীন দেশত জাপিয়ে আত্মপ্ৰকাশ কৰাৰ এটি মত অদ্যপি প্ৰচলিত। প্ৰথমতে জাপি দেখিবলৈ আছিল টুপীৰ দৰে। অনুক্ৰমে তাৰ আকাৰৰ সম্প্ৰসাৰণ ঘটে। বাঁহ-বেত আৰু গছৰ পাত জাপি সজাৰ ঘাই উপকৰণ। কোনো কোনো দেক্ষত চৰাইৰ পাখি আৰু জন্তুৰ ছালেৰেও জাপি সজা হয়। চীন দেশৰ জাপি দেখাত লাটুমৰ মূৰটোৰ দৰে জোঙা। চীনৰপৰা দক্ষিণ-পূৱ এছিয়া হৈ অসম দেশ পোৱাৰ লগে লগে ই পদুম-গঢ়ীয়া ৰূপ লয়। জাপি অসমৰ লোক কলাৰ এটি সুন্দৰ নিদৰ্শন। ইয়াক উপহাৰৰ সামগ্ৰীৰূপেও ব্যৱহাৰ কৰা হয়। বিহুগীতত আছে –

‘মইনো যাওঁ গৈ   উজনি ৰাজ্যলৈ   তোমালৈ আনিমনো কি?

তোমালৈ আনিমে    সৰুদৈয়া জাপি   টুপত ৰূপৰ চুলা দি’ ।

জাপি দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংগ। সেইবাবে এটা যোজনাত কৈছে – ‘জাপি, লাঠি, তিয়নি, টনা/ ইয়াক এৰিলে দিনতে কণা’। জাপি অসমৰ ধৰ্ম-বৰ্ণ নিৰ্বেশেষে পুৰুষ-স্ত্ৰী উভয়ে ব্যৱহাৰ কৰে। পৰ্বত-ভৈয়াম উভয়তে ইয়াৰ সম ব্যৱহাৰ। আগতে ডা-ডাঙৰীয়া অথবা সত্ৰাধিকাৰসকল ভ্ৰমণ কৰিবলৈ যাওঁতে, পিণ্ড উটাওঁতে আনকি খোজকাঢ়ি বিয়া কৰাবলৈ যাওঁতে বৰজাপি ধৰি গৈছিল। গৃহস্থৰ ঘৰত সত্যনাৰায়ণ পূজা, ভকতসেৱা অথবা গীতা-ভাগৱত পৰ্বতো খুটি এটা পুতি তাৰ ওপৰত বৰজাপি এটা থৈ তাৰ তলত নৈবেদ্য বা মাহ-চাউল-উপকৰণ প্ৰভৃতি থোৱাতো সাধাৰণ নিয়ম। আগেয়ে সম্ভ্ৰান্ত ঘৰৰ বোৱাৰীয়ে খোজ কাঢ়ি ইফালে-সিফালে যাবলগীয়া হ’লেও মূৰত লৈছিল বৰজাপি। সত্ৰ, নামঘৰ নাইবা দেৱতাৰ বিগ্ৰহৰ সন্মুখেৰে যাব লগা হ’লে মূৰৰ জাপি খুলি লোৱা নিয়ম। জাপি বহু প্ৰকাৰৰ আছে। ৰূপসজ্জাৰ ফালৰপৰা ইয়াৰ ভাগ দুটা – উকা আৰু ফুলাম জাপি। ব্যৱহাৰৰ ফালৰপৰা ইয়াৰ নাম ভিন ভিন। যেনে- গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি আদি। আহোম ৰাজত্ব কালত ডা-ডাঙৰীয়া সকলে মৰ্যাদা অনুযায়ী বিভিন্ন জাপি ব্যৱহাৰ কৰিছিল। যেনে, বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁয়ে পাইছিল ‘সোণৰ চুলাৰে’ পানী জাপি আৰু টুপী জাপি। গুৱাহাটীৰ বৰফুকনে পাইছিল ‘বানতেৰে কুশ দিয়া’ বৰজাপি, ‘ৰূপৰ চুলাৰে’ পানী জাপি তথা টুপী জাপি। ফুকনসকলে ৰূপৰ চুলাৰ পানী জাপি অথবা উকা বৰজাপি ব্যৱহাৰ কৰিব পাৰিছিল। আজিকালি বৰজাপিৰ প্ৰয়োগ কমি আহিছে। নগৰীয়া লোকে ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ ছাতিকে আদৰি লৈছে। অৱশ্যে গাঁৱৰ খেতিয়ক সকলে এতিয়াও জাপি এৰা নাই। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত ফুলাম জাপিৰ প্ৰয়োগ বাঢ়িছে। জাপি নৃত্যয়ো জনপ্ৰিয়তা অৰ্জন কৰিছে। সম্ভ্ৰান্ত ঘৰৰ দ্ৰয়িং ৰূমত আজি গামোচা এখনি, শৰাই এখন আৰু ফুলাম জাপি এটা নাথাকিলেই নহয়।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate