অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টোকাৰী, ঢোল, ঢেপা ঢুলীয়া

টোকাৰী, ঢোল, ঢেপা ঢুলীয়া

টোকাৰী

টোকাৰী ততবাদ্যৰ অন্তৰ্ভুক্ত। পুৰণি অসমীয়া সাহিত্যত টোকাৰীৰ প্ৰয়োগ মন কৰিবলগীয়া – ‘টোকাৰী কেন্দৰা ৰুদ্ৰ বিপঞ্চি দোতাৰা বাজে বীণা বাঁশী দোশৰি মোহৰি’। (মাধব কন্দলি) টোকাৰীৰ গ্ৰাম্য তাঙৰণ হ’ল – লাও-টোকাৰী। ঘূৰণীয়া লাওৰ টোকোৰা এটাত ফলাবাঁহ এডোখৰ বান্ধি লৈ তাত তাঁৰ এডাল সংযোগ কৰিলেই হৈ পৰে অসমীয়া লাও-টোকাৰী। সাধাৰণ টোকাৰীত লাও খোলৰ পৰিৱৰ্তে কাঠেৰে সজা খোল ব্যৱহাৰ কৰা হয়। টোকাৰী বা লাও-টোকাৰীত লগোৱা বাঁহ টুকুৰাৰ এটা মূৰত তাঁৰ ডাল লগাবলৈ এটি খুটি থাকে। এই খুটিটো পকাই ইচ্ছামতে তাঁৰ ডাল টান বা ঢিলা কৰি গায়কৰ সুৰৰ সৈতে মিলাই ল’ব পাৰি। গায়েকে হাতেৰে বাদ্যটো ধৰি হাতৰ এটা আঙুলিৰে(তৰ্জনী) তাঁৰত আঘাত কৰি গীতৰ ছন্দৰ সৈতে খাপ খোৱাকৈ সুন্দৰ সুৰৰ গুঞ্জন তুলিব পাৰে। দেহ বিচাৰ, ভকতীয়া বাপাৰমাৰ্থিক গীতত টোকাৰী অথবা লাও-টোকাৰী সংগত কৰা হয়।

ঢেপা ঢুলীয়া

দৰঙী লোক কৃষ্টিৰ এপদ অন্যতম সম্পদ হ’ল – ঢেপা ঢুলীয়া। জনজাতীয় কৃষ্টিৰ আধাৰত গঢ় লোৱা এইবিধ সম্পদে দৰঙী ৰজাসকলৰ পৃষ্ঠপোষকতাত এক স্বকীয় ৰূপত আত্মপ্ৰকাশ কৰাৰ সুযোগ পায়। এটা কালত দৰঙৰ বিবাহ, চুড়াকৰণ, উপনয়ন, বৃক্ষ আৰু পুষ্কৰিণী প্ৰতিষ্ঠা আদিত ঢেপা ঢুলীয়া দল আছিল অপৰিহাৰ্য অংগ। ঢেপাঢোলৰ বিষয়ে আচাৰ্য মনোৰঞ্জন শাস্ত্ৰী ডাঙৰীয়াই মঙলদৈ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী স্মৃতিগ্ৰন্থত ‘দৰঙীয়া লোক সংগীতত ঢেপা ঢুলীয়া’ শীৰ্ষক আলোকসন্ধানী নিবন্ধত এটি প্ৰণালীবদ্ধ আলোচনা আগবঢ়াইছিল। বৰ্তমানৰ চমু লেখাটি উক্ত নিবন্ধৰ আধাৰত যুগুতোৱা হ’ল। ঢেপাঢোল দীঘলে প্ৰায় দুহাত আৰু দুয়োটা মূৰ ক্ৰমশ: সৰু। সোঁহাতৰ মূৰটোৰ বেৰ প্ৰায় দুহাত, বাওঁহাতৰ মূৰটোৰ বেৰ এহাতৰ ওপৰ। ইয়াৰ দুয়োমূৰ একাধিক তৰপ ছাগলীৰ ছালেৰে ছোৱাটো উল্লেখযোগ্য। সোঁমূৰৰ ওপৰৰ তৰপ ছোৱনিত এতা সৰু ফুটা ৰখা দৰকাৰ। মাজে মাজে সেই ফুটাৰ মাজেদি পানী সোমাই দিয়াৰ ফলত ছোৱনিৰ তৰপবোৰ সেমেকি উঠে আৰু বজালে তাৰ শব্দ হয় মেঘৰ গাজনিৰ দৰে গুৰু-গম্ভীৰ। সোঁহাতৰ তালীখন বাঁহৰ বেকা মাৰিৰে আৰু বাওঁহাতৰ তালীখন হাতেৰে বজোৱা হয়। এই ঢুলীয়াৰ দল এটাত সাধাৰণতে দুজন ঢুলীয়া আৰু তালুৱৈ থাকে চাৰি বা ছজন। ঢুলীয়া দুজনৰ এজন ঘাই আৰু আনজন হ’ল পালি। আগ তালুৱৈ দুজন, পাছ তালুৱৈ দুই বা চাৰিজন। দৰা আৰু কইনা দুয়োঘৰে ঢেপা ঢুলীয়া আমন্ত্ৰণ কৰি আনিলে কন্যা ঘৰত ৰাতি দুয়ো দলৰ কলা-কৌশল প্ৰদৰ্শনত অৰিয়া-অৰি বা বাদ লাগে। ইয়াকে কোৱা হয় ঢুলীয়াৰ যুঁজ। যুঁজত অৱতীৰ্ণ হোৱা প্ৰথম দলে এটা গান, এটা বাদী(বাজনা) আৰু এটা নাচোন দি সামৰণি মৰাৰ লগে লগে দ্বিতীয়টো দলে প্ৰথম দলৰ গান, বাদী আৰু নাচোনৰ উত্তৰ দিয়ে। এনেদৰে শেষ নিশালৈ যুঁজ চলি থাকে – উপভোগ্য ৰূপত। অৱশেষত ৰাইজৰ বিজ্ঞজনে বিচাৰকৰ ভূমিকা লৈ বিজয়ী দলটোলৈ পুৰস্কাৰ আগবঢ়ায়। ঢেপা ঢুলীয়াই ব্যৱহাৰ কৰা বিভিন্ন বাদী সমূহৰ ভিতৰত কাণ কটা বাদী, খৰবাদী, খেদা বাদী, খুন্দা বাদী, গল মুচৰা বাদী, গোৰ বাদী, দেৱবাদী, নামকটা বাদী, নিন্দাবাদী, পাতালবাদী আদি প্ৰধান। এওঁলোকে প্ৰদৰ্শন কৰা নাচবোৰৰ ভিতৰত খুটি নাচন, গড়িয়া নাচন আৰু সৰকি নাচন বিখ্যাত। ইয়াৰ উপৰি উঘা ঘূৰণি, চকোৱা পাক, তমাল মুচৰা, নেউল বুলনি, বোৱনী, ভেকুলী, ৰোৱনী আৰু শিয়াল ভুমুকি নাচো আছে। আগেয়ে ঢেপা ঢুলীয়া দলৰ ঢুলীয়া আৰু তালুৱৈ – উভয়ে দীঘল চুলি ৰাখিছিল। গায়নজনৰ হাতত খাৰু, কাণত কাণ ফুল, মুখত গড়িয়া পাৰা দুবাপাৰা) আৰু আঠুমূৰীয়া চুৰিয়া-গামোচাই শোভা পায়। সংগীত প্ৰদৰ্শনৰ কালত দুয়োজন ঢুলীয়াই একাধিক ৰঙৰ কাপোৰেৰে চিলোৱা, ঘূৰিলে জাপিৰ দৰে বহল হোৱা জামা দুটা পিন্ধি লয়। তালুৱৈ সকলে মূৰত গামোচা মাৰে। পৰিবেশ্য কলাকাৰ ৰূপে দৰঙৰ ঢেপা ঢুলীয়াৰ স্থান যে বিশিষ্ট তাক দোহাৰিবৰ আৱশ্যক নাই।

ঢোল

ভাৰতীয় সংগীত শাস্ত্ৰত চৰ্ম আবৃত বাদ্য যন্ত্ৰক অৱনদ্ধ অৰ্থাৎ আবৃত বাদ্য কোৱা হয়। আদিম অৱস্থাত গছ এডাল কাটি টুকুৰা কৰি লৈ তাৰ মাজ ভাগ ফোঁপোলা কৰাৰ পিছত তাৰ দুয়োটা মূৰ চামৰাৰে ঢাকি ঢোল নিৰ্মাণ কৰা হৈছিল। সমগ্ৰ পৃথিৱীতে বিভিন্ন আকাৰৰ ঢোলৰ প্ৰচলন আছে। বৰ অসমৰ বিভিন্ন জাতি আৰু ধৰ্ম সম্প্ৰদায়ে আনন্দ-উৎসৱ আৰু আনুষংগিক আন কামত ঢোলৰ ব্যৱহাৰ কৰা দেখা যায়। অসমত সাধাৰণতে আম, কঁঠাল, চাম প্ৰভৃতি গছৰ পৰা ঢোল সাজি উলিয়ায়। বিহুগীতত আছে ‘এটা আমৰে এটা চামৰে বাঁহৰ মাৰি সাজি বাওঁ’। অসমৰ কাৰ্বিসকলে ঢোলক বোলে চেং। ইয়াক ছাগলীৰ ছালেৰে ছোৱা হয়। গৰুৰ ছাল তেওঁলোকে ব্যৱহাৰ নকৰে। ঢোল বোৱা মাৰি ডাল সৰু। বড়োসকলৰ ঢোল খাম ৰূপে পৰিচিত। আকাৰত ই যথেষ্ট ডাঙৰ-দীঘল। গাৰোসকলৰ ঢোলো যথেষ্ট দীঘল। তাক হাতেৰে বজায়। তিৱা সকলৰ বিভিন্ন ঢোলৰ নাম ভিন্‌ ভিন্‌। যেনে- খ্ৰামচা, খ্ৰাম দুদাং, খ্ৰাম পন্থাই, খ্ৰাম বাৰ’, খ্ৰাম লুৱা আদি। পাতি ঢোলক কোৱা হয় পিচু খ্ৰাম। ৰাভাসকলে ঢোলক খাম বোলে। ই আকাৰত দীঘল। মিচিংসকলৰ দুমদুম বা ঢোল নৃত্য-গীতৰ অপৰিহাৰ্য অংগ। অসমৰ ঢোল কেইবা প্ৰকাৰৰ। যেনে – বৰঢোল বা জয়ঢোল, ঢেপাঢোল, সৰুঢোল বা বিহুঢোল আদি। বিহুঢোল দীঘলে প্ৰায় ৪৫ ছে.মি. আৰু ব্যাস প্ৰায় ৩০ ছে.মি. বা তাতকৈ কিছু বেছি হোৱা প্ৰয়োজন। ইয়াৰ মাৰিৰে বজোৱা সোঁফালৰ অংশ গৰুৰ ছালেৰে আৰু হাতেৰে বজোৱা বাওঁফালৰ অংশ ছাগলীৰ ছালেৰে ছোৱা। বিহুঢোলৰ অনুৰূপ ঢোলৰ ব্যৱহাৰ থাইলেণ্ড, ম্যানমাৰ প্ৰভৃতি টাই-মংগোলীয় সমাজত আছে। বিহু ঢোলৰ তালীত থকা কাটনি চামৰাখনক বহুতে মেখেলা বোলে। সেই তালী টান কৰিবলৈ বাৰ্দ্দি বা বৰতি লগোৱা প্ৰয়োজন। বৰতি ঢিলা হোৱা বেয়া। বিহুগীতত আছে –

‘ঢোলৰে বৰতি   ঢিলা ঐ ঢুলীয়া   ঢোলৰে বৰতি ঢিলা;

কালিৰে পৰা    ভাতে নাইকিয়া   কঁকালৰ কাঁচুটি ঢিলা’।

বিহুঢোলৰ জনপ্ৰিয়তাত আহোম স্বৰ্গদেৱসকলৰ অৱদান অস্বীকাৰ কৰা টান। ঢোলৰ মালিতাত আছে– ‘কলিযুগে ইন্দ্ৰবংশী ৰজা নামি যায়/ সোধন ওজাই ঢোল বাই আনিলে নমাই’। ঢোলৰ মাৰিডাল সজা হয় বাঁহেৰে। উজনিত ঘাই ঢোলৰ হাতৰ সংখ্যা ২৪ খন। জয়ঢোল বা বৰঢোলৰ সন্দৰ্ভত কীৰ্তিনাথ বৰদলৈয়ে সুৰ-পৰিচয়ত লিখিছে –‘নামনি অসমত বিয়া, সবাহ বা অন্যান্য ৰাজহুৱা উৎসৱত বৰঢোল ঢুলীয়াৰ যন্ত্ৰৰূপে ব্যৱহাৰ হয়। উজনিৰ কিছুমান সত্ৰত তিথি মহোৎসৱত এটি বৰঢোল জয়ঢোল বুলি বজোৱা হয়’। দেওধনী নাচত জয়ঢোল অপৰিহাৰ্য। দৰঙত বহুলভাৱে প্ৰচলিত ঢেপাঢোলৰ সন্দৰ্ভতো একেখন পুথিতে আছে – ‘এই ঢোলৰ এফালৰ মুখখন এতৰপীয়া পাতল ছাগলীৰ ছালেৰে ছোৱা। সেই মুখখনৰ মাত টিং টিঙিয়া। আন ফালৰ মুখখনত দুতৰপ ছাল থাকে। ওপৰৰ তৰপৰ ছালখনৰ সোঁমাজত দুই ইঞ্চিমান ব্যাসৰ এটি বিন্ধা থাকে। বজাবৰ সময়ত সেই বিন্ধাইদি পানী ভৰাই দি ছাল দুখন সোপোকা কৰি মাতটো নিচেই ঢেপা কৰি লোৱা হয়’।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate