কেঁচা ইটা বা মৃৎ ফলকত বিভিন্ন মূৰ্তি কাটি তাক জুইত ৰঙাকৈ পুৰি যি শিল্পৰ সৃষ্টি কৰা হয়, সেয়ে টেৰাকটা বা মৃন্ময় ভাস্কৰ্য। প্ৰাক্-আহোম যুগৰ পোৰা মাটিৰ ভাস্কৰ্য কুণ্ডিল নগৰ, দ-পৰ্বতীয়া, গুৱাহাটী, ন-নাথ থান, মৰনৈ, বাঘাপাৰা প্ৰভৃতি স্থানত উদ্ধাৰ হৈছে। কুণ্ডিল নগৰত প্ৰাপ্ত টেৰাকটা ফলকসমূহত স্থানীয় ছাপ স্পষ্ট। চৰাই-চিৰিকতি, দেৱ-মানৱ আৰু বিভিন্ন অলংকৰণ ইয়াৰ বিষয়-বস্তু। টেৰাকটা বিশেষজ্ঞ ড° চি.চি. দাশগুপ্তই ভাৰতীয় মৃন্ময় ভাস্কৰ্যৰাজিক যি সাতোটা ভিন্ন স্কুলৰ অন্তৰ্ভুক্ত কৰিছে (অৰিজিন এণ্ড ইভোলুশ্বন অব্ ইণ্ডিয়ান ক্লে স্কাবচাৰ) তাৰ ভিতৰত তেজপুৰত পোৱা মাটিৰ ভাস্কৰ্যই এটি বিশিষ্ট শৈলীৰ প্ৰতিনিধিত্ব কৰিব পৰাটো গৌৰৱৰ বিষয়। মানৱ-দেহৰ অৱয়বৰ স্বাভাবিকতা আৰু বহাৰ মনোৰম ভংগি দ-পৰ্বতীয়াত উদ্ধাৰ হোৱা মূৰ্তি দুটাৰ লক্ষণীয় কথা। মূৰ্তি যুগলৰ শিৰোচ্ছেদ হোৱাত সিদুটিৰ চিনাক্ত কৰণত কিছু অসুবিধা হৈছে যদিও বহাৰ ভংগীলৈ চাই তাক বৌদ্ধমূৰ্তি বুলিবৰ মন যায়। গোৱালপাৰাৰ ডেকধোৱা পাহাৰত উদ্ধাৰ হোৱা অৰ্ধভগ্ন দেৱীৰ মূৰ্তি খোদিত ভাস্কৰ্যটি গঠনৰ ফালৰপৰা অনুপম। কৃষ্ণাইত উদ্ধাৰ হোৱা মৃন্ময় ফলকখনিত মূৰ্তি আৰু লতাৰ অলংকৰণ চকুত লগা। মৰনৈত উদ্ধাৰ হোৱা টেৰাকটা ফলকৰ এখনিত আছে– গছত উঠি বান্দৰে কল খাই থকাৰ চলমান ছবি। আন এখনিত দামুৰিয়ে মাকক পি থকা দৃশ্যটো বেচ জীৱন্ত। কোনো কোনোৱে ইবোৰত মোগল টেৰাকটাৰ প্ৰভাৱ লক্ষ্য কৰিছে। বাঘাপাৰাৰপৰা সংগ্ৰহ কৰি অসম ৰাজ্যিক সংগ্ৰহালয়ত সুৰক্ষা দিয়া কিছু সংখ্যক টেৰাকটা ফলকৰ এখনত আছে – কংসই দৈৱকী পুত্ৰক নিধন কৰা দৃশ্য। আন এখনিত চতুৰ্ভুজ বিষ্ণুৰ মূৰ্তি। গৰুৰ এশাৰী পোৱালী, অশ্বাৰোহী সৈন্য, পদুমনিৰ মাজে মাজে চৰি ফুৰা এশাৰী ৰাজহাঁহ, সৈন্যই বৰটোপ চলোৱা প্ৰভৃতি ইয়াত উদ্ধাৰ হোৱা আন মৃন্ময় ফলকৰ বিষয় বস্তু। অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত এখন টেৰাকটা ফলকত উদ্গত হৈছে – হাতী আৰু ঘোঁৰাত উঠি বননিৰ মাজে মাজে বাঘ চিকাৰ কৰাৰ গতিশীল চিত্ৰ। ইয়াত মোগল যুগৰ প্ৰভাৱ স্পষ্ট। আহোম যুগৰ টেৰাকটা ভাস্কৰ্যৰ ভিতৰত জয়সাগৰ পুখুৰীপাৰত থকা ঘনশ্যাম দ’লটোৰ ভাস্কৰ্যসমূহৰ নাম সৰ্বাগ্ৰে উল্লেখনীয়। ইয়াৰ এখনি ফলকত কিছুমান বান্দৰে গছত উঠি খেলি থকা দৃশ্য বেচ জীৱন্ত। আন এখনি ফলকত কেইজনমান নগা লোকে নগা ছোৱালীৰে সৈতে পিঠিত বেতৰ হোৰা লৈ আগবাঢ়ি যোৱা চলমান চিত্ৰ উদগত হৈছে। জয়দৌলত চিকাৰীয়ে হৰিণ চিকাৰ কৰা, হাতী আৰু বাঘৰ যুঁজ, অপৰাধীক চাওদাঙে বধ্যভূমিলৈ নিয়া প্ৰভৃতি বিষয়ৰ ফলক দেখা যায়। জয়সাগৰৰপৰা সংগ্ৰহ কৰা কেইটামান বিষ্ণুৰ অৱতাৰ খোদিত ফলক ৰাজ্যিক সংগ্ৰহালয়ত স্থান পাইছে। দুটা ফলকত আছে যথাক্ৰমে মহিষমৰ্দিনী আৰু বেণুগোপালৰ মূৰ্তি। এখন ফলকত দেখা যায় ৰজাৰ ওচৰলৈ চৰাই লৈ যোৱা দৃশ্য। এই ফলকটোত মোগল প্ৰভাৱ স্পষ্ট। জামুগুৰিৰ নন্দীকেশ্বৰ দেৱালয়ত উদ্ধাৰ হোৱা মহিষমৰ্দিনীৰ মূৰ্তিটো দেখাত সুন্দৰ। শিৱসাগৰৰ জগদ্ধাত্ৰী দ’লৰ বেৰত প্ৰাপ্ত সাতোটা ঘোঁৰাৰে টনা ৰথৰ ওপৰত বহি থকা সূৰ্যৰ টেৰাকটা মূৰ্তিটো সৌন্দৰ্যৰ ফালৰপৰা অনুপম। উত্তৰ গুৱাহাটীৰ দিহিংগিয়া সত্ৰত উৰি যোৱা ভংগিত খোদিত উৰণীয়া সিংহৰ টেৰাকটা খনিৰ সৌন্দৰ্য আজিও অম্লান। চমৰীয়াৰ দ’লটোত কিছু সংখ্যক টেৰাকটা ভাস্কৰ্য আজিও বিদ্যমান। কামাখ্যাৰ মন্দিৰ বিশেষতো ভালেসংখ্যক পোৰামাটিৰ ভাস্কৰ্য দেখিবলৈ পোৱা যায়। সিবোৰত বংগীয় প্ৰভাৱ পৰিছে। এনেদৰে দেখা যায় যে প্ৰাক্-আহোম যুগৰেপৰা আহোম ৰাজত্বৰ অন্তিম তৰংগলৈকে অসমত টেৰাকটা ভাস্কৰ্যৰ অনুশীলন চলিছিল আৰু তাৰে দুই-এটাত অনামী শিল্পীৰ কুশলহস্তৰ পৰিচয় প্ৰোজ্জ্বল।
লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 3/9/2020