অসমীয়া মৌখিক সাহিত্যৰ এলানি উল্লেখযোগ্য প্ৰবচন বা নীতিবাক্য হ’ল ডাকৰ বচন| অসমীয়া ভাষাত ডাক পুৰুষৰ নামত চলিত বা জড়িত ‘ডাকৰ বচন’ৰূপে প্ৰসিদ্ধ এই প্ৰবচনসমূহকেই এইধৰণৰ আটাইতকৈ প্ৰাচীন মৌখিক সাহিত্যৰূপে আখ্যা দিয়া হৈছে| অসমীয়াৰ ব্যৱহাৰিক জীৱনত ডাকৰ বচনসমূহৰ প্ৰভাৱ অপৰিসীম|
ডাকৰ পৰিচয় আৰু জন্ম-বৃত্তান্ত জনশ্ৰুতিৰ আধাৰত সীমাবদ্ধ|এক প্ৰচলিত জন্ম-বৃতান্তমতে বৰপেটা জিলাৰ দক্ষিণে পশ্চিম লেহিডঙৰা গাঁৱত ডাকৰ জন্ম|এই সম্পৰ্কত এখন অৰ্বাচীন চৰিতপুথিও পোৱা গৈছে|ডাক-চৰিতমতে ডাক এগৰাকী কুমাৰণীৰ সন্তান|কুমাৰণীগৰাকীৰ বহুত দিনলৈকে কোনো সতি-সন্ততি নাছিল|এদিন মিহিৰ মুনি(বৰাহ মিহিৰ?)তীৰ্থ ভ্ৰমণ কৰিবলৈ আহে আৰু সেই কুমাৰৰ ঘৰতে আলহী হৈ থাকে|কুমাৰণীৰ সেৱা-শুশ্ৰূষাত সন্তুষ্ট হৈ মুনিয়ে এটি সন্তান হ’বৰ বাবে তেওঁক বৰ দিয়ে|এই বৰৰ ফলতে কুমাৰণীৰ এটি শিশু ওপজে|কথিত আছে শিশুটিয়ে উপজিয়েই প্ৰসূতি-গৃহৰ নাৰীসকলক মাত(ডাক) দিয়াৰ বাবেই তেওঁৰ নাম ৰখা হয় ডাক|এক কিংবদন্তী মতে,বাল্যাৱস্থাতে ভেঁট ফুল তুলিবলৈ যাওঁতে সমনীয়াই তেওঁক পানীত পেলাই মাৰে|আন এক জনপ্ৰবাদমতে ডাক পুৰুষজনা বোলে এদিন এৰাতিহে জীয়াই আছিল|
‘ডাকে বোলে বাপু শুনা উপায়;
বাণিজ্যৰ ফল কিৰিষিত পায়|’
‘বাৰিষা কালত বেঙ্গৰ ৰাৱ|
হাল-গৰু লৈ পথাৰক জাৱ|’
ধান-খেতিৰ বাবে মাটি তৈয়াৰ কৰাৰ উত্কৃষ্ট সময় হৈছে আহাৰ,শাওণ|এই সময়তে পথাৰখনত হাল-কোৰ বাই ল’ব লাগে|অন্যথাই সময়ত উন্নতমানৰ ফচল পোৱা নাযায়|
নহ’লে,
‘নুমলীয়া ধান বানৰ,
নুমলীয়া ছলি আনৰ|’
ডাকৰ বচনত পোৱা যায়,
‘আহাৰ শাওণত নকৰে বন|
তাৰ কি আছে খেতিত মন|’
কিন্তু অনেকে তাকে নকৰি…..
‘আহাৰ গ’ল শাওন গ’ল,
ভাদৰ পৰিল শেষ
ল’ৰা-লুৰি চাপি আহ
খেতিৰ লওঁ লেখ….’
‘আহাৰে শাওনে শুব
ভাদৰ শেষত কঠিয়া পাৰি
মাটি ডৰাচেৰেক ৰুব|’
‘ধনৰ মধ্যে ধানেহে শোভন,
ধান নহ’লে মৰা তেতিক্ষণ|’
‘শাওণৰ কঠিয়া নহয় ধান;
আহিনত ৰোৱা বিফল জান|’
নতুবা,–
‘পুহত আহু, জেঠত শালি
তেবেসে জানিবা গৃহস্থালি|’
সকলো ধানকে সমান পৰিমাণৰ পানীৰ প্ৰয়োজন নাই|বিশেষকৈ আহু আৰু শালি ধানৰ ক্ষেত্ৰত পানীৰ প্ৰয়োজন বুজি ডাকে কৈছে,-
‘আহু ব’বা খোজত বুৰি,
শালি ৰুবা বেগেত জুৰি|
আঁঠুৰ ওপৰে দেখিবা পানী,
গোঁজ দিবা হাতক জানি,
ঘনাই ঘনাই দিবা আলি,
দ পানী দিবা মেলি|
তেও যদি নহয় শালি,
তেহে পাৰিবা ডাকক গালি|’
আকৌ,-
‘ঘন ঘনকৈ দিবা আলি’
পৰ্বতৰ টিঙত ৰুবা শালি|’
‘নপৰিলে আহু কিহৰ ধান,
পৰিলে শালি তুঁহ-পতান|’
‘পুহত আহু, জেঠত শালি,
তেবেসে জানিবা গৃহস্থালি|’
‘খেতি কৰিবি বাৱে,
বেহা কৰিবি নাৱে|’
‘জাত চাই কঠীয়া, কঠীয়া গুণে ধান|’
বা
‘জাত গুণে কঠীয়া, বেজী গুণে বটিয়া|’
‘ঘনাই ঘনাই দিবা আলি,
তাত দিবা কছাৰী শালি;
আহিনে-কাতিয়ে ৰাখিবা পানী,
যেনেকৈ ৰাখে ৰজাই ৰাণী;
তেও যদি নহয় শালি,
তেতিয়া পাৰিবা ডাকক গালি|’
ধান-খেতিৰ সৈতে বতৰৰ ওত:প্ৰোত সম্পৰ্ক|সেয়ে ডাকৰ বচনত পোৱা যায় –
‘যদি বৰষে আহিন, কাতি|
সোণ পৰে ৰাতি ৰাতি|
যদি বৰষে আঘোণ, পুহ|
ধান গুচি হয় তুঁহ|
যদি বৰষে মাঘৰ শেষ|
ধন্য ৰাজা, ধন্য দেশ|
যদি বৰষে বহাগ, চ’ত|
বাপে পোৱে কয় বোলে ধান থ’ম ক’ত?’
ডাক-পুৰুষে কেৱল ধান ৰোৱা সম্পৰ্কে দিহা দিয়েই ক্ষান্ত থকা নাই|তেওঁ ধান কটাৰো(দোৱা) দিহা দি কৈছে,-
‘ধান কাটিবা মুঠি মুঠি,
খেৰ কাটিবা তিনি মুঠি|’
‘পূবে গাজিলে ধান, উত্তৰে গাজিলে বান,
দক্ষিণে গাজিলে হানে, পশ্চিমে গাজিলে আনে|’
‘একাদশী অমাৱস্যাত বায় হাল,
তাৰ দুখ সৰ্বকাল|
তাৰ গৰুৰ হয় বাত,
খাব নোৱাৰে দিন-ৰাত|’
অসমৰ খেতিয়কে ধানৰ উপৰিও মাহ,তিল,সৰিয়হ,কপাহ আদি শস্যৰো খেতি কৰে| এইবোৰো লাভজনক খেতি|সেয়ে ডাকৰ বচনত পোৱা যায়–
‘যত লাভ পায় মাহ, কপাহ, সৰিয়হে,
তত লাভ পায় কল, কপাহে|
যত ক’লা কপাহৰ বাৰী,
তথাতে লুভীয়া সকলো নাৰী|’
খেতিৰ মাটি কি কি সঁজুলিৰে,কেনেকৈ চহাব লাগে তাৰ দিহাও ডাকে দি গৈছে,—
‘কোৰ, নাঙল, মৈ আৰু হুলা
চাৰিয়ে কৰে মাটিক তুলা|’
এই বিভিন্ন শস্যবোৰৰ মাটি ছাহ সম্পৰ্কেও ডাকৰ জ্ঞান বিজ্ঞানসন্মত|কৃষকসকলক উদ্দেশ্যি সেয়ে তেওঁ কৈছে –
‘আঠ ছাহে তুলা,
ষোল্ল ছাহে মূলা|
ছয় ছাহে ধান,
বিনা ছাহে পাণ|’
নতুবা,—-
‘ষোল চাহে মূলা, তাৰ অৰ্ধেক তুলা,
তাৰ আধাত ধান, বিনা চাহে পাণ|’
আকৌ,..
‘ঘন সৰিয়হ, পাতল মাহ,
মূলা, কপাহত কৰিবা চাহ|’
বিভিন্ন মাহৰ খেতিৰ দিহা সম্পৰ্কে এনেকৈ পোৱা যায় –
‘ফাগুনত জুই, চ’তত মাটি,
সেই মাহ উঠে ডাঠি|’
অসমৰ আন এক লাভজনক খেতি হৈছে তিল|এই তিল খেতিৰ সম্পৰ্কত ডাকে কৈছে –
‘ফাগুনৰ আঠ, চ’তৰ আঠ,
সেই তিলক দাৰে কাট|’
আকৌ,—
‘ভাদৰ চাৰি আহিনৰ চাৰি
মাহ, তেল সিঁচিবা যিমান পাৰি|’
কিন্তু, ধানৰ ক্ষেত্ৰত এই কথা নাখাটে|কিয়নো,
ভাদমহীয়া ৰোৱা পোকে খায়,
বুঢ়াদিয়াৰ পো লোকে খায়|’
বহুত শস্যৰ দৰে পাণ,জালুক আদি লতাজাতীয় শস্যৰ বাবে ৰ’দ-ঘাই, সাৰুৱা মাটিহে উপযোগী|এনেবোৰ গছৰ শিপাই মাটিত খামুচিব পৰা হ’ব লাগে|সেই কথা জানিয়েই ডাকে কৈ গৈছে,
‘জালুকত গোবৰ, পাণত মাটি,
কলপুলি ৰুবা তিনিবাৰ কাটি|
তেবে জানা নাই কৃষিত ঘাটি|’
‘তিনি শাওণে পাণ,
এক আহিনে ধান|’
‘মাহ, সৰিয়হ, কপাহ, বাঁহ
গৰুৱে খালে হয় নাশ|’
‘তিনিশ ষাঠি জোপা ৰুবা কল,
মাহেকে পষেকে চিকুণাবা তল|
পাত-পচলা লাভত খাবা,
লংকাৰ বণিজ হাততে পাবা|’
আকৌ,–
‘এহাত এমুঠন দিবা পোত,
তেহে চাবা কলৰ গোট|’
‘আঠিয়াত গোবৰ, মনোহৰত জাবৰ,
পুৰাত খাই,মালভোগত ছাঁই |’
‘ছয় পো বাৰ নাতি,
তেহে কৰিবা কুঁহিয়াৰ খেতি|’
‘তামোল-পাণেহে বাৰী, পুত্ৰৱতীহে নাৰী |’
এই তামোল ৰোৱাৰো নিৰ্দেশিকা ডাকৰ বচনত আছে| যেনে,-
‘সাতত সেৰেঙা পাঁচত ঘন,
ছয়ত তামোল নদন-বদন|’
তামোলৰ দৰে অসমীয়াৰ ঘৰে ঘৰে নাৰিকলৰ গছো দেখা যায়|নাৰিকল-গছ ৰোৱাৰ দিহাও ডাকৰ এটা বুদ্ধিদীপ্ত বচনত এনেদৰে পোৱা যায় –
‘নাৰিকল ৰুবা পাতে পাতে,
লাগে নালাগে, নালাগে লাগে|’
এই দিহা তামোল গছৰ ক্ষেত্ৰতো প্ৰযোজ্য|
ডাকৰ এনে বচনবোৰ নি:সন্দেহে কৃষকৰ বহুমূলীয়া সমল|কৃষিৰ গুৰুত্ব বুজাবলৈ ডাকে কৈ গৈছে,-
‘কৃষি কৃষকত নকৰি মন,
বৃথাই যায় গৃহৰ ধন|’
কিয়নো,—
‘কৃষিত তুমি কৰিবা সাৰ,
দুৰ্ভিক্ষত কৃষিয়ে কৰিব নিস্তাৰ|’
আকৌ,—–
‘কথাত ৰস পায় যদি ক’ব জানে,
কৃষিত ৰস পায় যদি নামাৰে বানে|’
‘বৃক্ষ-ৰোপণত অধিক ধৰ্ম,
মঠ-মণ্ডপত গুৰুতৰ কৰ্ম|’
উৎস-কৃষক বন্ধু,লেখিকা-ড° মৃদুস্মিতা ফুকন
শেহতীয়া উন্নীতকৰণ: : 2/22/2024