অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডিমাচা জনগোষ্ঠীৰ খাদ্য সম্ভাৰ

ডিমাচা জনগোষ্ঠীৰ খাদ্য সম্ভাৰ

ডিমাচা জনগোষ্ঠীৰ খাদ্য সম্ভাৰ অসম তথা সমগ্ৰৰ উত্তৰ – পূৰ্বাঞ্চলৰ প্ৰত্যেকটো জাতি – জনজাতি বা প্ৰত্যেকটো সম্প্ৰদায়ে ভাষা, আচাৰ – ব্যৱহাৰ, পিন্ধন – উৰণ, ৰীতি – নীতি, লোকবিশ্বাস আদি বেলেগ বেলেগ হোৱাৰ দৰে তেওঁলোকৰ খাদ্য সম্ভাৰ অৰ্থাৎ আহাৰ – বিহাৰো বেলেগ বেলেগ হোৱা দেখা যায়। অৱশ্যে এই অঞ্চলত তকা সকলোবোৰ মংগোলীয় জনগোষ্ঠীৰ কিছুমান ক্ষেত্ৰত যথেষ্ট মিল থকা দেখা যায়। সি যি কি নহওক, উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং জিলাত বসবাস কৰা আন এক জনগোষ্ঠী হৈছে ডিমাচা বা ডিমাচা – কছাৰী জনগোষ্ঠী। ডিমাচা সকল মূলতে বড়ো জনগোষ্ঠীৰে এটা থাল বুলি বুৰঞ্জীয়ে কয় (People of India – Assam, Vol – XV part one) উত্তৰ – পূৰ্বাঞ্চলৰ আটাইবোৰ জনগোষ্ঠীৰ ভিতৰতে ডিমাচা সকল এক অতি পুৰণি জনগোষ্ঠী বুলি কোৱা হয়। (Demapur people, Wikipedia)। ডিমাচা সকল ঘাইকৈ অসমৰ ডিমা হাচাও জিলাতে (পুৰণি নাম উত্তৰ কাছাৰ জিলা) বসবাস কৰা যদিও আন কেইখনমান জিলা যেনে কাৰ্বি আংলং নগাঁও জিলা, কাছাৰ জিলা আৰু নাগালেণ্ডৰ ডিমাপুৰ জিলা লৈকে বসতি থাকে। এই ডিমাচা শব্দটো মূলতে ‘ডিমা’ নামৰ নদী খনৰ পৰা অহা আৰু বৰ্তমান এই ‘ডিমা’ নাম নদীখন ধনশিৰি নদী নামে জনাজাত। ২০০১ চনৰ লোকপিয়ল মতে অসমত অৰ্থাৎ ঘাইকৈ উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং জিলাত মুঠ ১,০৮,১২৩ জন ডিমাচা জনগোষ্ঠীৰ লোক আছে। ডিমাচা সকলৰো মূলতে ভাতেই প্ৰধান খাদ্য যদিও তেওঁলোকে দুই ধৰণৰ চাউল ব্যৱহাৰ কৰে। ইয়াৰে এবিধ সৰু সৰু চাউল, যাক তেওঁলোকে মাইচা বুলি কয় আৰু অনাবিধ হৈছে ডাঙৰ চাউলৰ ভাত, যাক তেওঁলোকে মাইমা বুলি কয়। ডিমাচা সকলে সকলো ধৰণৰ মাংসই খায় যদিও গো – মাংস বা বীফ তেওঁলোকে নাখায়। তেওঁলোকে বেছিভাগ ৰন্ধন পদ্ধতিতে খাৰ ব্যৱহাৰ কৰে। তেওঁলোকে থলুৱা মাছৰ সৈতে মিঠাতেল, খাৰ, নিমখ, জলকীয়া আদি মিহলি কৰি দুই – তিনি মাহ ৰাখি থৈ পাছত ভাতৰ সৈতে চাট্নিৰ দৰে বৰ তৃপ্তিৰে খায়। ইয়াক তেওঁলোকে ‘নাপহালাম’ বুলি কয়। তেওঁলোকে সতেজ মাছতকৈ একোটা বাঁহৰ খাং বা বাছকেটত ভৰাই শুকুৱাই থোৱা মাছৰ তৰকাৰী আঞ্জা খাই বেছি ভাল পায়। তেওঁলোকে অসমৰ আন আন জনগোষ্ঠীৰ দৰে যিকোনো শাক – পাচলি, আলু – কচু, মাছ – মাংস আদি সিজাই, পুৰি বা পাতত দি খায়। মাংসৰ ক্ষেত্ৰতো তেওঁলোকে মুৰ্গী, গাহৰি, হাঁহ আদি খায়। তেওঁলোকে এই ধৰণৰ মাংস ৰ’দত শুকুৱাই অলপ অলপকৈ খায় বেছি ভাল পায়। মাছ – মাংসৰ লগত প্ৰায়ে তেওঁলোকে খাৰ ব্যৱহাৰ কৰে। ডিমাচা সকলে কণীক ডাৱদি বুলি কয় আৰু কণীৰ পৰাই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি হৈ ছে বুলি বিশ্বাস কৰে। তেওঁলোকে আন আন জা – জলপান খোৱাতকৈ চাউলৰ পৰা তৈয়াৰী থলুৱা মদ, যাক তেওঁলোকে জ’ বা জৌ বুলি কয়, তেওঁলোকৰ এক অতি প্ৰিয় পানীয়। অতীজতে ডিমাচাসকলে চাহৰ স’তে গাখীৰ নাখাইছিল যদিও আজিকালি গাখীৰ ব্যৱহাৰ কৰা দেখা যায় (Life – style og India Tribes by ST Das 1997)। ডিমাচা সকলৰ আন এবিধ বিশেষ খাদ্য হৈছে মাংস আৰু চাউলৰ গুড়িৰে ৰন্ধা এবিধ বিশেষ ধৰণৰ আঞ্জা। এই ধৰণৰ আঞ্জাত আদা, নহৰু, পিঁয়াজ, জলকীয়া আদি ব্যৱহাৰ কৰাৰ লগতে দুবিধমান বনৰীয়া শাক – পাতো দিয়ে। আমি নিজেও বহু বছৰৰ আগতে ডিমাচা অফিচাৰ এজনৰ ঘৰত এদিন ভাত খাবলৈ মাতোঁতে গৰম গৰম ভাতৰ স’তে এই ধৰণৰ মাংসৰ আঞ্জা আৰু থলুৱা সৰু সৰু মাছৰ স’তে খাৰ, মিঠাতেল, নিমখ, জলকীয়া মিহলি কৰা চাটনি, সিজোৱা মাছ আৰু পাচলি আৰু আমালৈ বুলি বিশেষ দাইল, শুকান মাছৰ চাটনি, কণী ভাজি আদি খুৱাইছিল। ডিমাচা সকলে মাংস সিজাই খাই বৰ ভাল পায়। এই ধৰণৰ সিদ্ধ কৰা মাংসৰ লগত আদা, জলকীয়া, বনৰীয়া শাক আদি দিয়ে। তাৰোপৰি কুকুৰা (মুৰ্গী), গাহৰি, হাঁহ আদিৰ মাংস ৰ’দত শুকুৱাই থৈ অলপ অলপকৈ খাই ভাল পায়। এৰীপলু, আমৰলি পৰুৱা আদিও তেওঁলোকৰ আন এক প্ৰিয় খাদ্য। তিতা তেওঁলোকৰ আন এবিধ ভালপোৱা খাদ্য। সেই ধৰণৰ তিতা তেওঁলোকে বনৰীয়া এবিধ তিতা শাকৰ লগত ৰান্ধে। তেওঁলোকে ইয়াক ‘খাৰ-খ’ বুলি কয়। তেওঁলোকে মাটি মাহৰ বাকলিৰ পৰা খাৰ তৈয়াৰ কৰে। ডিমাচা সকলে প্ৰায় সকলো শাক – পাচলিৰ সৈতে খাৰ দিয়ে বা ৰান্ধে যদিও বেঙেনা, শাক আৰু চাউলৰ গুড়িৰ লগত বনোৱা খাৰৰ আঞ্জা বেছি প্ৰিয় (অসমৰ জনগোষ্ঠীয় লোকখাদ্য, সম্পাদনা ড° অংশুমান দাস, আঁক – বাঁক গুৱাহাটী, ২০১২ চন)।

লেখক : ড° সুনীল কুমাৰ শইকীয়া। উৎস : দেওবৰীয়া বাঁহী।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate