মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ঢকুৱাখানাৰ ফাটবিহু: এটি অনুভৱ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঢকুৱাখানাৰ ফাটবিহু: এটি অনুভৱ :

ঢকুৱাখানাৰ ফাটবিহু: এটি অনুভৱৰ বিষয়ে লিখা হৈছে ।

 

হোমেন বৰগোহাঞি ছাৰৰ লেখা পঢ়া মানুহ মাত্ৰেই ঢকুৱাখানা, চাৰিকড়ীয়া, ম’হঘুলি চাপৰি আদিৰ কথা কম-বেছি পৰিমাণে জানেই৷ ঢকুৱাখানা তেখেতৰ জন্মভূমি, চাৰিকড়ীয়া তেখেতৰ প্ৰিয় নদী আৰু এই নৈৰ পাৰতে সুবিস্তীৰ্ণ ম’হঘুলি চাপৰি… ঢকুৱাখানাৰ সুবিখ্যাত ফাটবিহুৰ থলী৷

ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে উজনি অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাইদি বৈ যোৱা চাৰিকড়ীয়াৰ উত্তৰ পাৰৰ বালিময় অথচ সেউজীয়াৰে পৰিপূৰ্ণ ম’হঘুলি চাপৰিতেই ১৯৯৬চনৰ পৰা বছৰি উদযাপিত হৈ আহিছে বাৰেবৰণীয়া সংস্কৃতিৰ সমন্বয়মূলক সমাৰোহ ফাটবিহু৷ ঢকুৱাখানাৰ ঐতিহ্য আৰু বৈশিষ্ট্য বহনকাৰী এই বিহু সম্পৰ্কে বিভিন্নজনে বিভিন্ন স্থানত লেখা-মেলা কৰি আহিছে৷

জন্মসূত্ৰে বৰপেটা জিলাৰ কয়াকুছিৰ আৰু কৰ্মসূত্ৰে (তেতিয়া) গুৱাহাটীৰ অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ ইলেক্ট্র’নিক্স ইঞ্জিনিয়াৰিং বিভাগৰ শিক্ষক ইছমাইল হুছেইনে নিৰৱচ্ছিন্নভাৱে কাকত-আলোচনীত আলোচনা আগবঢ়াই আহিছে আৰু একে বিষয়ৰ গ্ৰন্থও প্ৰণয়ন কৰিছে৷

ড° জিতৰাম কলিতা, ইন্দিবৰ বুঢ়াগোহাঞি, অতুল দত্ত আদি অনেকজনৰে লেখা বাতৰি কাকতৰ পাতত পাইছোঁ৷ সেইবোৰত পঢ়িবলৈ পোৱা মতে আহোম যুগৰ হাবুং সাম্ৰাজ্যৰ অন্তৰ্গত চাৰিকড়ীয়াৰ ফাটত ষোল্ল শতিকাৰ পৰাই ফাটবিহু অনুষ্ঠিত কৰা হৈছিল৷

‘মুঠতে ফাটবিহুৱে প্ৰকৃতাৰ্থত অসমৰ জাতীয় জীৱনৰ সাংস্কৃতিক ঐতিহ্যৰ বৰভেটি মজবুতকৈ গঢ়ি তুলিছে, চাৰিকড়ীয়া নদীয়ে দিছে সংস্কৃতিৰ স্বাস্থ্যকৰ বতাহ আৰু ম’হঘুলি চাপৰিয়ে দিছে সংস্কৃতিক জীৱন-যৌৱনৰ বাহক ৰূপে গঢ়ি তুলিব পৰা সেউজীয়া৷’ নৈৰ পাৰক কেন্দ্ৰ কৰি জীপ ধৰি উঠা ফাটবিহু সম্বন্ধে কবি-সমালোচক হুছেইন ছাৰে ‘ফাটবিহুৰ ইতিহাস আৰু ঐতিহ্য’ শীৰ্ষক গ্ৰন্থত লিপিবদ্ধ কৰা বাক্যশাৰীয়ে অনুষ্ঠানটো স্বচক্ষে প্ৰত্যক্ষ কৰাৰ প্ৰতি আমাৰ মনকো একে সময়তে জিজ্ঞাসু তথা উদ্বাউল কৰি তুলিলে৷

‘যিসকল অসমীয়াই চাৰিকড়ীয়াৰ পাৰৰ ফাটবিহুকেন্দ্ৰিক সংস্কৃতিৰ সুবাস লোৱা নাই তেওঁলোক বহু পৰিমাণে দুৰ্ভগীয়া৷ যিয়ে এবাৰৰ বাবেও ফাটবিহুৰ অমল সৌন্দৰ্য আৰু সুবাস উপভোগ কৰিব পাৰিছে তেওঁৰ বাবে ফাটবিহু যুগ যুগ ধৰি আনন্দ আৰু সুস্থ চেতনাৰ উৎস হৈ থাকিব৷’ আকৌ, ‘যিসকল অসমীয়াই আজিলৈকে ঢকুৱাখনাৰ ফাটবিহুৰ মৌকণৰ সোৱাদ লোৱা নাই তেওঁলোকৰ দৰে দুৰ্ভগীয়া সম্ভৱতঃ কোনোৱেই নাই৷’ এনে উক্তিয়েও একক আৰু অনন্য এই সংস্কৃতিৰ উমান ল’বলৈ হৃদয়ত বলিষ্ঠ ৰূপত যোগাত্মক প্ৰৱণতা সঞ্চাৰিত কৰিলে৷

‘চাৰিকড়ীয়া নৈৰ পাৰত ৩দিনীয়া ফাটবিহুৰ আয়োজন’ ১২এপ্ৰিলৰ ‘আমাৰ অসম’ত ঢকুৱাখনাৰ প্ৰতিবেদকে প্ৰেৰণ কৰা বাতৰিটোৱে সঁচা অৰ্থত ক’বলৈ গ’লে আমাৰ ইচ্ছাক যেন গতি প্ৰদানহে কৰিলে!

৭, ৮, ৯ মে’ ২০০৪ত অনুষ্ঠিতব্য ফাটবিহুলৈ যামেই বুলি মনে মনে চূড়ান্ত কৰি পেলালোঁ৷ কাল্পনিক কোনোবা চাৰিকড়ীয়াৰ পাৰলৈ উতনুৱা মনে উৰা মাৰিলে সেই মুহূৰ্ততে৷

ডেনগাঁৱৰ কবি-বন্ধু সুৰেন ক্রামছাও ওলাল৷ আমি দুজন হ’লোঁ৷ পূৰ্বতে কাহানিও গৈ নোপোৱা ঠাইখনত পথ প্ৰদৰ্শক হিচাপে সহযোগ বিচাৰি যোগাযোগ কৰিলোঁ ‘আমাৰ অসম’ কাকতৰ গোগামুখৰ সাংবাদিক-বন্ধু পৱিত্ৰ সন্দিকৈক৷

ফাটবিহু সম্পৰ্কীয় লেখাবোৰ পঢ়ি শিশুগছৰ তলে তলে হোৱা মুকলি বিহু দৰ্শনকে মূল লক্ষ্য হিচাপে লৈ ডিফুৰ পৰা গৈ নগাঁৱত ঢকুৱাখানা অভিমুখী নৈশ বাছত উঠিলোঁ নিশা ন বাজি ত্ৰিশ মিনিটত৷ পিছদিনা পুৱা ছয় বজাত গোগামুখত নামিলোঁ৷ আমাৰ বাবে যথাস্থানত ৰৈয়ে আছিল সন্দিকৈ৷ ক্রামছা আৰু মই সেইদিনা তেওঁৰ ঘৰত আলহী হ’লোঁ৷

পৰিয়ালৰ সৈতে সময়বোৰ আনন্দৰে কটালোঁ৷ পিছদিনা পুৱাই গেৰুকামুখ পালোঁগৈ এন.এইচ.পি.চি.ৰ দ্বাৰা নিৰ্মীয়মান নামনি সুৱণশিৰি জলবিদ্যুৎ প্ৰকল্প চাবলৈ৷ তাৰ পৰা উভতি আহি ভাত-পানী খাই আবেলি তিনিও ৰাওনা হ’লো ঢকুৱাখানালৈ৷

ঢকুৱাখানাৰ আলিবাটত তেতিয়া বিহুবলিয়া মইনা-চেমনীয়া, ডেকা-গাভৰু, প্ৰৌঢ়-প্ৰৌঢ়া, বৃদ্ধ-বৃদ্ধাৰ দলদোপ-হেন্দোলদোপ৷ পৰম্পৰাগত সাজ-পাৰ পিন্ধি সাজি-কাচি বিহুতলীলৈ গৈছে, আহিছে৷

আক-তাক সুধি সুধি আমিও ধাৱমান হ’লোঁ প্ৰথম লক্ষ্য ডাক-বঙলাটোলৈ, য’ত আমি থাকিম৷ উৎকণ্ঠাৰ ওৰ পৰিবলৈ বেছি সময় নালাগিল৷ বিহুতলীৰ বিপৰীতেই আমাৰ ডাক-বঙলা৷ সুন্দৰ ল’কেচন৷ পথৰ ওপৰৰ পৰাই ৰিণিকি ৰিণিকি দৃশ্যমান হ’ল ফাটবিহুতলী৷

বেগকেইটা ৰুমত থৈয়ে আমি ওলালোঁ৷ মূলপথ এৰি বাওঁহাতে নামি ‘ফাটবিহুতলী’ বুলি লিখি থোৱা তোৰণৰ তলেৰে আগ বাঢ়িলোঁ ম’হঘুলি চাপৰিলৈ৷ বেচ ওখকৈ সজা এখন বৃহৎ আকাৰৰ মঞ্চ, ওচৰতে জাপি আকৃতিৰ আচ্ছাদনেৰে নিৰ্মিত আন এটা গৃহ৷

একালত সামাজিক বনানীকৰণৰ জৰিয়তে ৰোপিত শাৰী শাৰী শিশুগছৰ তলেৰে বাট বুলি এসময়ত নিজকে আৱিষ্কাৰ কৰিলোঁ ঢকুৱাখনাৰ গৌৰৱ চাৰিকড়ীয়াৰ পাৰত৷ ৰান্ধনি বেলিৰ কিৰণ গাত লৈ সেউজ ঘাঁহনিত বহি চাৰিকড়ীয়াৰ জলস্ৰোতৰ ছন্দময় গতি চাই চাই আপোন পাহৰা হ’লোঁ৷ সুদীৰ্ঘ এক সাংস্কৃতিক ইতিহাসৰ নীৰৱ সাক্ষী, ফাটবিহুৰ জন্মদাত্ৰী, চাৰিকড়ীয়াৰ পাৰত আমি… গৰ্বিত নহৈ পাৰিনে?

পতাকা উত্তোলন, স্মৃতি তৰ্পণ, টকা-বিহু প্ৰতিযোগিতা, চেমনীয়াৰ হুঁচৰি প্ৰতিযোগিতা, কপৌফুল ৰোপণ, ফুলাম গামোচাৰ প্ৰতিযোগিতামূলক প্ৰদৰ্শনী, মিচিং বিহু প্ৰতিযোগিতা, পূৰ্ণবয়স্কৰ হুঁচৰি প্ৰতিযোগিতা, স্মৃতিগ্ৰন্থ ‘বিহুৱান’ উন্মোচনৰ পিছত কাৰ্যসূচী থমকি ৰ’ব লগা হ’ল৷ আগ নিশাৰ পৰাই নেৰানেপেৰা বৰষুণ৷ অলপমান সময় এৰে, আকৌ দিয়ে৷

বৰষুণে জন্মোৱা বিধি-পথালি আওকাণ কৰি পিছদিনা পুৱাতে ৰিক্সা এখন লৈ বৰগোহাঞি ছাৰৰ জন্মভূমিখন চাওঁ বুলি ওলালোঁ৷ ঘূৰি-পকি বান্তৌ গাঁও পালোঁগৈ, মোৰ একালৰ সহপাঠী বকুল চমুৱাৰ ঘৰ বিচাৰি৷ দেখা দেখি নোহোৱা ১৫বছৰ হ’ল৷

হ’লেও তাৰ স্থায়ী ঠিকনাটো মোৰ মনত আছিল৷ আনহাতে ঘৰ উলিয়াব পাৰিলোঁ যদিও এল. এণ্ড টি.ৰ চাকৰি সংক্রান্তত গুৱাহাটীত বাস কৰা হেতুকে তাক নাপালোঁ৷ মাকে আদৰ-সাদৰ কৰি জা-জলপান খুৱালে৷ গুৱাহাটীৰ ঠিকনা, ফোন নম্বৰ দিলে৷

দুপৰীয়ালৈ বৰষুণ কিছু শাম কাটিল আৰু ডাৱৰীয়া আকাশ মূৰৰ ওপৰত লৈয়ে নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ হ’লেও সাংস্কৃতিক শোভাযাত্ৰা আগুৱাই গ’ল৷ প্ৰতিকূল বতৰক নেওচি তাৰ পিছতেই প্ৰস্তুতি চলিল আমাৰ বহু প্ৰতীক্ষিত মুকলি বিহু প্ৰতিযোগিতাৰ৷

বৰ্ষাসিক্ত ম’হঘুলিৰ সেউজীয়া দলিচা গচকি শিশু অৰণ্যানীৰ তলে তলে ফাটবিহুৰ ৰং বিচাৰি নাচি-বাগি ঘূৰি ফুৰা ইছমাইল হুছেইন ছাৰক লগ পালোঁ৷

‘বিহুৱান’ৰ সম্পাদক শিৱ প্ৰসাদ গগৈ, ইন্দিবৰ বুঢ়াগোহাঞি ছাৰকে ধৰি বিভিন্নজনৰ সৈতে পৰিচয় হ’লোঁ৷

সমস্ত ঢকুৱাখানাখন যেন তাতেই উবুৰি খাই পৰিছে৷ জনজাতীয়-অজনজাতীয় মিলি ২৭টা বিহুদলে মুকলি বিহুত একেলগে গিৰিপনি তুলি আমাক দান কৰিলে এক বিৰল চাক্ষুস অভিজ্ঞতা আৰু অনিৰ্বচনীয় আনন্দ৷

একাংশ নগৰীয়া-মহানগৰীয়াই লাখটকীয়া বাজেটেৰে ৰভা-মঞ্চৰ কৃত্ৰিম জাকজমকতাপূৰ্ণ সাজসজ্জা, চকু ছাট মাৰি ধৰা আলোকমালা, সুউচ্চ প্ৰৱেশদ্বাৰ, ৰংচঙীয়া বেনাৰ-পোষ্টাৰ-নিমন্ত্ৰণী, উচ্চগ্ৰামৰ বজৰুৱা কেছেটবাদন, জলযোগৰ নামৰ মদ্যপান আৰু উদ্ভণ্ডালি, বঁটা আৰু প্ৰাইজমানিকেন্দ্ৰিক বিহু সাম্ৰাজ্ঞী-বিহু কুঁৱৰীৰ নাচ, প্লাষ্টিক-কাগজৰ কপৌফুল, দিল্লীৱালা ৰং, তামিলনাডু-কৰ্ণাটকৰ পৰা আমদানিকৃত গামোচাৰ বিহুৱান, মোৰদাবাদী শৰাইৰে সম্বৰ্ধনা, আমন্ত্ৰিত নামী-দামী পেছাদাৰী আৰ্টিষ্টক লৈ পতা সাংস্কৃতিক নিশা, কেমেৰাৰ চমকনি, ভিডিঅ’ৰ ভিৰ, জাতীয় সাজপাৰহীন কৰ্মকৰ্তাৰ দপদপনি, উচ্ছৃংখল জনতা, অবাইচ-বিকট চিঞৰ, মাৰপিট আদিৰ সমাহাৰেৰে পতা তথাকথিত বিহু সন্মিলন, বিহুমেলা, ব’হাগী উৎসৱ, ব’হাগী বিদায় নতুবা ভিচিডিৰ বিকৃত বিহুৰ বিপৰীতে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত উদযাপিত ঢকুৱাখানাৰ ফাটবিহুৰ কথাবোৰ বহুত বেলেগ লাগিল৷

ধাৰণা হ’ল অসমৰ অন্য কোনো ঠাইতে এনে পৰিৱেশত বিহুৰ আয়োজন কৰা নহয় চাগৈ! আৰু সেয়েহে ঢকুৱাখনাৰ ফাটবিহু অদ্বিতীয়, স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত৷

ফাটবিহুৰ স্মৃতি বুকুত বান্ধি গুৱাহাটীমুখী নৈশ বাছেৰে বিয়লি ঢকুৱাখানা এৰাৰ পৰত মনলৈ ভাব আহিছিল : ঢকুৱাখনীয়া ৰাইজৰ জীৱনৰ সোণসেৰীয়া সংস্কৃতি ফাটবিহুৰ মহত্ত্ব আৰু ঐতিহ্যৰ প্ৰচাৰ, প্ৰসাৰ কালনিৰৱধি অটুট থাকক৷

চাৰিকড়ীয়াৰ পাৰৰ ম’হঘুলি চাপৰিত ধৰ্মনিৰপেক্ষতা আৰু সমন্বয়ৰ গীত গোৱা ফাটবিহুৰ সংস্কৃতিবান ধাৰক আৰু বাহকসকললৈ মনে মনে আন্তৰিক ধন্যবাদ জনালোঁ আৰু মহানন্দৰ এই বিমল উৎসৰ সন্ধানত কৰা আমাৰ যাত্ৰা সফল হোৱা বুলি পতিয়ন গ’লোঁ৷

ফাটবিহুৰ অমল সৌন্দৰ্য আৰু সুবাস অন্তৰভৰি উপভোগ কৰাৰ পিছত এই মৌকণৰ সোৱাদ নিশ্চয়কৈ এতিয়াও মোৰ বাবে আনন্দ আৰু সুস্থ চেতনাৰ উৎস হৈ আছে আৰু আগলৈকো থাকিব৷

লেখক: আব্দুচ ছাজিদ

উৎস: সাহিত্য.অৰ্গ

 

2.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top