অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঢোলবাদ্য আৰু ঢুলীয়া ভাওনাত দক্ষিণ কামৰূপ

ঢোলবাদ্য আৰু ঢুলীয়া ভাওনাত দক্ষিণ কামৰূপ

ঢোলবাদ্যৰ প্ৰচলন পৃথিৱীৰ বহু ঠাইত আছে।ভাৰতবৰ্ষতো অতি প্ৰাচীন কালৰ পৰাই ঢোলৰ ব্যৱহাৰ আছে। প্ৰাচীন কালত ভাৰতীয় সংগীত তথা বিভিন্ন ঠাইৰ লোক-নৃত্যত ব্যৱহৃত বাদ্যযন্ত্ৰবোৰৰ ভিতৰত কাঠ বা মাটিৰ খোলত চামৰাৰে তৈয়াৰী ‘মাদল’ বাদ্য অন্যতম।প্ৰাক্‌ ঐতিহাসিক যুগত সিন্ধু উপত্যকা হৰপ্পা আৰু মহেঞ্জোদাৰোৰ খনন কাৰ্যত আৱিষ্কৃত হোৱা ‘মৃদংগ’ বা ‘মৃদং’য়ে সেই সময়ৰ ভাৰতবৰ্ষৰ নানা ধৰণৰ বাদ্যযন্ত্ৰৰ ভিতৰত অন্যতম নিদৰ্শন দাঙি ধৰে।বৈদিক যুগৰ চামৰাৰে তৈয়াৰী ‘দুন্দাভি’ আৰু ‘ভূমি দুন্দভি’ও প্ৰধান।‘ভুমি দুন্দভি’ মাটিত গাঁত খান্দি তাৰ মুখ চামৰাৰে আবৃত্ত কৰি তৈয়াৰ কৰা হয়।এই ‘ভুমি দুন্দভি’ হেনো যুদ্ধত বিপদ সংকেত আৰু উত্‌সৱ পাৰ্বন আদিত বজোৱা হৈছিল।দুন্দভি ঢোলজাতীয় বাদ্য। ঢোল বাদ্য দেৱ বাদ্য আৰু পঞ্চ শুভ বাদ্যৰ ভিতৰত অন্যতম হিচাপে জন সমাদৃত।সংগীত সম্পৰ্কে লিখা প্ৰাচীন গ্ৰন্থসমূহত ভাৰতীয় বাদ্যযন্ত্ৰবোৰৰ বিতং বিৱৰণ পোৱা যায়। সাৰংগদেৱ ৰচিত ‘সংগীত ৰত্নাকৰ’ আৰু ভৰত মুনিৰ নাট্য শাস্ত্ৰত চাৰি শ্ৰেণীৰ বাদ্যযন্ত্ৰৰ উল্লেখ আছে। যেনে-তত্‌ বাদ্য : তাঁৰেৰে নিৰ্মিত বাদ্য, সুৰ্ষিৰ বাদ্য : মুখেৰে ফু দি বজোৱা বাদ্য, আনদ্ধ বা অৱনদ্ধ বাদ্য : জন্তুৰ ছালেৰে সজা, ঘম বাদ্য : ধাতুৰে নিৰ্মিত বাদ্য। ভাৰতীয় সংগীতত এই চাৰি শ্ৰেণীৰ ব্যৱহাৰ কৰা হয় বুলি জনা যায়। বৈদিক দেৱতা আৰু দেৱীয়েও নিজ নিজ অভিৰুচি অনুযায়ী বিভিন্ন বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা দেখা যায়। শিৱৰ ডম্বৰু, কৃষ্ণৰ বাঁহী বা মুৰলী, দেৱৰ্ষি নাৰদ আৰু বাগদেৱী সৰস্বতীৰ বীণা, বিষ্ণুৰ শংখ আৰু গণেশৰ ‘মৃদংগ’ ব্যৱহাৰে ভাৰতীয় ইতিহাসক যুগজয়ী কৰি ৰাখিছে। এই বাদ্যসমূহৰ ভিতৰত আটাইতকৈ প্ৰাচীনতম বাদ্য বীণা। অৱশ্যে ভাৰতীয় বাদ্যযন্ত্ৰসমূহৰ জন্মৰ প্ৰকৃত ইতিহাস জনা নাযায়। কোনো কোনো ঐতিহাসিক পণ্ডিতে সামবেদৰ সময়ৰ পৰাই ভাৰতবৰ্ষৰ সংগীত আৰু নানা ধৰণৰ বাদ্যযন্ত্ৰৰ প্ৰচলন হয় বুলি মত প্ৰকাশ কৰা দেখা যায়। অৱশ্যে এই কথাৰ সত্যতা, প্ৰকৃতভাৱে উদ্ধাৰ হোৱা নাই। মুঠতে পুৰাণ শাস্ত্ৰৰ বা কিম্বদ্‌ন্তিৰ আলমত বাদ্যযন্ত্ৰৰ জন্ম কথা যুগ যুগ ধৰি জনমানসত প্ৰচলিত হৈ আহিছে। ঢোল বাদ্য অৱনদ্ধ বাদ্যৰ অন্তৰ্গত। অৰ্থাৎ জন্তুৰ ছালেৰে সজা বাদ্য আৰু ইয়াৰ ছালেৰে সজা বাদ্যসমূহ –ঢোল, মৃদংগ, ডম্বৰু, তবলা, নাগাৰা, দুন্দুভি, খোল, ডবা, ভেৰী, ডংকা, দামামা, মাদল, সৰুঢোল, বিহুঢোল বা পাতিঢোল,জয়ঢোল,ঢেপাঢোল,ডগৰ, ঢোলক,খঞ্জৰী, কংগো, ড্ৰাম…ইত্যাদি।ঢোল বাদ্য বিশেষত: অসমীয়া জাতীয় জীৱনৰ জনপ্ৰিয় বাদ্য।অৰ্থাৎ ঢোল সংস্কৃতি অসমীয়াৰ অন্যতম সংস্কৃতি।অৱশ্যে অতি প্ৰিয় আৰু প্ৰাচীন বাদ্য হিচাপে ঢোলৰ উৎপত্তি আৰু বিকাশৰ প্ৰকৃত বুৰঞ্জী জনা নাযায় যদিও ইয়াৰ প্ৰচলন সম্পৰ্কত ভাস্কৰ্য, পুথিসমূহ, মঠ-মন্দিৰ আৰু বিভিন্ন স্থানৰ মূৰ্ত্তিত ঢোল বাদ্য খোদিত ৰূপত পোৱা যায়। উদাহৰণ স্বৰূপে মাধৱ কন্দলীৰ ৰামায়ণত ঢোল বাদ্যৰ উল্লেখ আছে।সেয়ে ক’ব পাৰি যে স্মৰণাতীত কালৰ পৰাই অসমত ঢোল বাদ্যৰ উল্লেখ আছে।আহোম ৰাজত্বত ৰজাসকলে বিশেষকৈ প্ৰচাৰ কাৰ্যত ঢোল বাদ্য ব্যৱহাৰ কৰাৰ কথা পোৱা যায়। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাতো ঢোলৰ উল্লেখ আছে। বিভিন্ন জনগোষ্ঠীৰ বাসভূমি অসমত জনগোষ্ঠীয় অৱদান নিহিত হৈ থকা বাবেই অঞ্চলভেদে ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ বাবে হয়তো ঢোলৰ আকাৰ আৰু গঠনৰ তাৰতম্যতা কিম্বা ভিন্নতা দেখা যায়।বিশেষকৈ দৰং জিলাখনত ঢোলবাদ্যৰ ভিতৰত বৰঢোল,জয়ঢোল,ঢেপাঢোল প্ৰধান আৰু কামৰূপত সৰুঢোল,মাজুঢোল,বৰঢোল বা গুৰিঢোলেই প্ৰধান বুলি জনা যায়।অৱশ্যে আমি জনাত বিশেষকৈ বহাগ বিহুৰ সময়ত দক্ষিন কামৰূপৰ ঠায়ে ঠায়ে মূক নাট্যানুষ্ঠানৰ লেখীয়া ‘ঝেজেৰা’ত ব্যৱহৃত ঢোল ‘কুতুঢোল’ বুলি নামাংকিত, যি বিহুঢোলৰ প্ৰচলন বুলি জনা যায়।তদ্ৰূপ উজনি অসম বিহুঢোলৰ প্ৰচলন আৰু বাদনৰ বাবেও বিখ্যাত।যিয়ে নহওক অসমৰ জনজীৱনত ঢোলবাদ্যৰ এক অন্যতম ভুমিকা বাৰুকৈয়ে দেখা যায়।সেয়েই হয়তো প্ৰিয়।ঢোলৰ শব্দ গহীন-গম্ভীৰ আৰু উদ্দীপনা প্ৰদায়ক।বিয়া,সবাহ,পূজা,পাৰ্বনাদিৰ ক্ষেত্ৰত বিশেষকৈ শক্তি পূজা(যেনে—দূৰ্গাপূজা,বাসন্তী পূজা,গো পূজা বা জগদ্ধাত্ৰী পূজা,কালী পূজা,মনসা পূজা) আদিত ঢোল বাদ্য ব্যৱহাৰ কৰা দেখা যায়। অৰ্থাৎ শক্তিপূজাৰ অবিচ্ছেদ্য অংগ হিচাপে ঢোল বাদ্য পৰিগণিত হোৱাৰ পৰিপ্ৰেক্ষিতত ‘দেৱবাদ্য’ হিচাপে অভিহিত কৰিছে।‘বিহুঢোল’ অসমীয়াৰ অতিকৈ জনপ্ৰিয় বাদ্য ।অৱশ্যে ইয়াৰ প্ৰচলন উজনি অসমত বেছি।বিহু গীত আৰু হুঁচৰি গীতৰ প্ৰধান বাদ্যই হৈছে ‘বিহুঢোল’।এই বিহুঢোলক কেন্দ্ৰ কৰি বছৰে বছৰে নতুন নতুন বিহুগীতৰ সৃষ্টি হৈ আছে। উজনি অসমত প্ৰচলিত বিহুঢোলৰ লগত কামৰূপীয়া ঢোল ঢুলীয়া ভাওনাৰ বৃহৎ পাৰ্থক্য আছে।প্ৰকৃততে, কামৰূপীয়া ঢুলীয়া ভাওনা এটি উচ্চাংগ সংগীতানুষ্ঠান।আকৌ সংস্কৃত নান্দীশ্লোক স্তৱৰে।ঢুলীয়াৰ ভাও আৰম্ভ হয় গুৰু ঘাতেৰে।যাৰ বাবে হয়তো ইয়াক সংস্কৃত নাটৰ পূৰ্ব ভংগ বুলিব পৰা যায়।ঢোলৰ লগত বজোৱা হয় তাল বাজনা বিশেষে সৰু তাল আৰু বৰতাল।গুৰু খাতৰ পিছত আৰম্ভ হয় বিভিন্ন অনুষ্ঠান। যেনে: কুস্তি খেল, তৰোৱাল ঘুৰোৱা, ৰচীৰ ওপৰেদি খোজ কঢ়া,পাঁচ ছয়টা ঢোল জোৰা লগাই তাৰ ওপৰৰ পৰা থাল মূৰি খট দিয়া, উল্টামাৰ খট দিয়া আদি।ইয়াৰ পিছত ৰজা-ৰাণীৰ মুখা পাঁচ, বেঙেৰা বেঙেৰীৰ মুখা পাঁচ আদি বিভিন্ন খেল ঢুলীয়া দলে প্ৰদৰ্শন কৰে বুলি জনা যায় প্ৰকৃতাৰ্থত ঢুলীয়া দলৰ মুখ্য উদ্দেশ্য আছিল সমাজৰ মাজত মনোৰঞ্জন উপচাই দিয়া।সেয়ে হয়তো কামৰূপীয়া ঢুলীয়া ভাওনাৰ নিৰ্দ্দিষ্ট নাটক বা কাহিনী নাছিল।এই ঢুলীয়া দলৰ বিশেষত্ব আছিল সমাজত ঘটি থকা সমসাময়িক ঘটনাবোৰকে অতি নিখুঁত ভাৱে বাস্তৱ ৰূপত নানা অংগী ভংগীৰে ঢুলীয়া ভাৱৰীয়াই দৰ্শক সমাজৰ আগত দাঙি ধৰা।পৰাধীন ভাৰতৰ ব্ৰিটিছ ৰাজত্বৰ কামকাজৰ সমালোচনা ঢুলীয়া ভাৱৰীয়াৰ তীক্ষ্ণ দৃষ্টিৰ পৰা সাৰি যাব নোৱাৰিছিল।গতিকে, নি;সন্দেহে ক’ব পাৰি যে হয়তো সেই সময়ৰ প্ৰধান ঢুলীয়াজন বেচ সচেতন আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন লোক আছিল।অৱশ্যে ইয়াৰ আগৰ ঢুলীয়াৰ ভাওত সামাজিক সমস্যাই কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছিল সেয়া জনা নাযায়। যদিও ঢুলীয়াৰ ভাও আগতে নিৰক্ষৰ, হোজা-চহা লোকৰ মাজতেই সীমাবদ্ধ আছিল সেয়ে  কিজানি শিক্ষিত চামে আঁকোৱালি ল’বলৈ দ্বিধাবোধ কৰিছিল ।যি কি নহওক বহুতো লোকে অবিভক্ত কামৰূপৰ উত্তৰাঞ্চলত ঢুলীয়া ভাওনা দলবিলাকৰ প্ৰধান স্থান বুলি ক’ব খোজে যদিও আচলতে এই কথা সম্পূৰ্ণ সত্য নহয়। প্ৰকৃততে অবিভক্ত কামৰূপৰ উত্তৰ আৰু দক্ষিণ দুয়ো অঞ্চলে ঢুলীয়া ভাওনাৰ ক্ষেত্ৰত সমানে আগবঢ়া আছিল। বিংশ শতিকাৰ ষষ্ঠ দশকলৈ দক্ষিণ কামৰূপৰ আলোড়ন সৃষ্টিকাৰী দলকেইটা আছিল নহিৰাগাঁৱৰ স্বৰ্গীয় পিলপিলিয়া কৈৱৰ্তৰ ঢুলীয়াৰ দল,ৰাণী অঞ্চলৰ ধৰমপুৰ গাঁৱৰ স্বৰ্গীয় ঝগৰু ঢুলীয়াৰ দল, খিদিৰ পুখুৰী গাৱঁৰ (সত্ৰ) ঢুলীয়া দল আৰু হেৰামদোৰ ঢুলীয়া পাৰ্টি। এইকেইটাই অন্যতম আছিল যদিও অন্যান্য গাঁৱৰ ভিতৰত লুকী-বেকেলী, বামুণী গাঁও, বন্দাপাৰা, বৰদুৱাৰ, লোহাৰঘাট, মিলঘাট আদিত সৰু-বৰ বহুতো ঢুলীয়া দল থকা বুলি জনা যায়।আমি জনাত স্বৰ্গীয় পিলপিলিয়া কৈৱৰ্তৰ ঢুলীয়া দল, ৰাজাপুখুৰী ঢুলীয়া দল,ধৰমপুৰ ঢুলীয়া দল,হেৰামদোৰ ঢুলীয়া পাৰ্টি কৌতুক প্ৰধান। আনহাতে, খিদিৰ পুখুৰী সত্ৰৰ ঢুলীয়া দল আৰু ঘিলাঘাট ঢুলীয়া দল চাৰ্কাছ প্ৰধান হিচাপে জনাজাত। কিন্তু আচৰিত কথা এইয়ে এই দুই চাৰ্কাছ প্ৰধান ঢুলীয়া দলে উত্তৰ কামৰূপৰ স্বৰ্গীয় নিংনি ভাৱৰীয়াৰ উপৰি স্বৰ্গীয় ভেলাভাই ভাৱৰীয়া ঢুলীয়া দলৰ সৈতে সমানে ৰিজনি মাৰিবলৈ সক্ষম হৈছিল। ঐতিহ্যমণ্ডিত দক্ষিণ কোলৰ অন্তৰ্গত এখনি প্ৰসিদ্ধ গাঁও ৰামপুৰ আৰু ইয়াতেই অৰ্থাৎ উত্তৰ দিশত অৱস্থিত খিদিৰপুখুৰী গাঁৱতে জন্ম লভিছিল খিদিৰপুখুৰী সত্ৰৰ ঢুলীয়া দলটিয়ে। এই ঢুলীয়া দলটিৰ চাৰ্কাছ অতি উচ্চমানৰ আছিল। তেনেদৰে হেৰামদোৰ ঢুলীয়া অভিনয়ে আজিও এচাম দৰ্শকৰ মন উদ্বেলিত কৰে। খিদিৰপুখুৰী ঢুলীয়া দলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ধৰণৰ চাৰ্কাছ পৰিবেশনেৰে বিশেষ আলোড়ন সৃষ্টিৰে সমাজক উদ্ধুদ্ধ কৰিছিল বুলি জনা যায়।এই দলটিৰ প্ৰধান চাৰ্কাছ প্ৰদৰ্শক প্ৰয়াত সন্তোৰাম দাসক হাড়হীন মানুহ বুলি আখ্যা দিছিল।দক্ষিণ কামৰূপৰ প্ৰধান ঢুলীয়া ভাৱৰীয়া হিচাপে নহিৰাৰ স্বৰ্গীয় পিলপিলিয়া কৈৱৰ্ত,স্বৰ্গীয় জয়ৰাম কৈৱৰ্ত(ৰাজা পুখুৰী),স্বৰ্গীয় ঝগৰু দাস(ধৰমপুৰ),স্বৰ্গীয় বেথাৰাম দাস(খিদিৰপুখুৰী), হেৰামদোৰ স্বৰ্গীয় ভেবলু পাঠক, সৰুৰাম কৈৱৰ্ত, কেৰু কৈৱৰ্ত, শুখুনা কৈৱৰ্ত আদি প্ৰখ্যাত আছিল।অৱশ্যে ৰাজাপুখুৰীৰ বংশীৰাম দাস এজন দক্ষ বাদক আৰু প্ৰশিক্ষক ৰূপে খ্যাত। তদুপৰি ১৯৬৪ খ্ৰী:ৰ পৰা ঢুলীয়া সংস্কৃতিৰ সৈতে জড়িত হৈ থাকি ঢুলীয়াৰ ব্যংগ নাট ৰচনাৰে একমাত্ৰ প্ৰয়াত মহেন্দ্ৰ পতি গোস্বামীয়ে বিশেষ দক্ষতা ৰাখি থৈ গৈছে দক্ষিণ কামৰূপত।কিন্তু পৰিতাপৰ কথা যে প্ৰচাৰ বিমুখতাৰ বাবে সেই সময়ত এইসকল ঢুলীয়া শিল্পী জনমানসত বেছি প্ৰচাৰ হ’ব পৰা নাছিল।প্ৰসংগক্ৰমে ক’ব পাৰি উজনি অসমৰ বিহুৰ ঢোল বজাই ঢোলৰ যাদুকৰ মঘাই ওজাই ঢোলবাদনৰ জৰিয়তে সমগ্ৰ অসমতে এক সুকীয়া কৃতিত্ব অৰ্জন কৰি থৈ গৈছে।বৰ্তমানেও সমাজৰ এচামে ঢোলবাদ্য বা ঢুলীয়া কৃষ্টি অতি নিম্নস্তৰৰ বুলি গণ্য কৰি বহু আঁতৰলৈ ঠেলি ৰক্ষণাবেক্ষণ বা কৃষ্টিবিধক জীয়াই ৰখাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিব নোখোঁজে। অথচ ঢুলীয়াৰ ভাও অসমৰ এক জনপ্ৰিয় সাংস্কৃতিক অনুষ্ঠান।অইন এক লক্ষণীয় কথা হ’ল ইয়াৰ গুৰি ধৰোতা পূজাৰীসকল লাহে লাহে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ বাবে এই মহান কৃষ্টিবিধ ৰক্ষাৰ্থে ৰজাঘৰ(মন্ত্ৰী-আমোলা)ৰ উপৰি এচাম সংস্কৃতিবান ব্যক্তিৰ সহায়-সহযোগিতা অতিশয় বাঞ্ছনীয়।অন্যথা জনপ্ৰিয়তাৰে পৰিপূৰ্ণ বৰ অসমৰ এই আপুৰুগীয়া জাতীয় কৃষ্টি আধুনিক সভ্যতাৰ বিজতৰীয়া সংস্কৃতিয়ে নি:শেষ কৰি পেলাব।ঢোলৰ ‘ধিনিকি ধিনৌ’ বাজনাৰ লয়ৰ সতে তাল মিলাই এসময়ত কামৰূপীয়া ঢুলীয়াই গোৱা মৌসনা এফাকি গীতে কামৰূপীয়া ঢুলীয়া ভাওনাৰ সুন্দৰ অতীততোক আজিও বাৰে বাৰে উজ্জ্বলতাৰ ভাৱে আমাক সোঁৱৰাই দিয়ে—

“আম মলে জাম মলে

মেলে কুঁহিপাত

বাপু মেলে কুঁহিপাত

বৰলটা নেদে মেনি

নেমেলিবি হাত

বাপু দয়ালু এ….”।

লেখক: হোমেন মেধি, আৰোহণ জ্যোতি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate