এক স্বকীয় বৈশিষ্ট্যপূর্ণ সংস্কৃতিৰ অধিকাৰী তিৱাসকলৰ গীত-নৃত্য আৰু পূজা-অর্চনা প্রধান এটি আকর্ষণীয় উৎসৱ হ'ল ইয়ালিং। গাঁৱৰ মূৰব্বী ল'ৰাৰ ঘৰত এই উৎসৱৰ পাতনি। উৎসৱৰ বাবে নির্দিষ্ট কৰা দিনটোত দলৈ, মাজি, ফাদাৰ, আদি গাঁৱৰ বিভিন্ন দায়িত্বশীল বিষয়াসকল সন্ধিয়াৰ লগে লগে ল'ৰাৰ ঘৰত উপস্হিত হোৱাৰ নিয়ম। ইয়াৰ পিছত ল'ৰই চাৰাং(চান্তৰি) খেল , চাৰিবিচাই , অজা (পাংচি , খ্রাম আৰু কীত) আৰু ৰান্ধনি(দুজন পুৰূষ আৰু মহিলা) খেলক ভাগে ভাগে তামোল-পাণৰ বঁটা চাৰিটা দি উৎসৱত নিজ নিজ দায়িত্ব পালনৰ নির্দেশ দিয়ে। পান্ঠাইসকলে(ডেকাল'ৰা) নতুন ঠেনা , থগ্লা , থঙালি ,ঠেনাচ , বাৰহতীয়া ফুলাম কাপোৰৰ পাগুৰিত টুকুৰা লেংজাই(ভীম চৰাইৰ নেজ) গুজি , নানান আ- আলংকাৰ পৰিধান কৰি , হাতত লাংখুই-বাৰু(ঢাল -তৰোৱাল) লৈ নৃত্যৰ বাবে সাজু হয়। নিশাৰ ভাগত চোতালৰ সোমাজত প্রতিষ্ঠা কৰা একুৰা প্রকাণ্ড জুইৰ চাৰিওফালে প্রথমে পাংচি(বাঁহী) প্রজাসকলে গুৰু স্মৰণত সাতবাৰ বাঁহী বজায়। ইয়াৰ পিছত লুডাং খ্রাম (দীঘল ঢোল) আৰু বাঁহীৰ সুৰৰ তালে তালে খ্রাম অজা দলৈ , মাজি আৰু ফাদাৰে জুইকুৰাৰ চাৰিওফালে সাতপাক ঘূৰি নৃত্য কৰে। উল্লেখ্য যে এনে সময়তে ৰঙা পাৰি দিয়া এখন কাপোৰেৰে ওৰণি দি লখিমী সজাই অনা এজন যুৱকক সেই স্হানত উপস্হিত কৰোৱা হয়। লখিমীগৰাকীক ধূণা ফুৰাই ঠেনাচেৰে বিচি বিচি ঋজু গতিৰ গীত গাই গাই দলৈ , মাজি ,ফাদাৰ আৰু অজাই আকৌ নৃত্য কৰে। তাৰ পিছত ডেকাসকলে যুদ্ধৰ নিনাদেৰে বাজি উঠা ইয়ালিং খ্রামৰ তালে তালে উকি মাৰি গোটেই ৰাতি নৃত্য কৰে আৰু বহুৰঙী ফুল বছা কাচং- ফাচকাই পৰিহিতা খৰলা(যুৱতী) সকলে মাজে মাজে এওঁলোকক জু (সাজ) খাবলৈ দি নতুন উদ্যম আৰু প্রেৰণা যোগায়। পিছদিনা সকলো উপবাসে থাকি লখিমীগৰাকীক লৈ উৎসৱৰ মূল থলী নাতিদূৰৰ ইয়ালিং চাল লৈ যাত্ৰা কৰে। ইয়াত ল'ৰাদল সকলে বিভিন্ন উপাস্য দেৱ-দেৱী কামঠা বৰৈ , ম'খ' বৰৈ, বদলমাজি , মহাদেউ ,সাতবনী, নৰ'চিং, চাংপালি আদিৰ নামত ছাগলী , গাহৰি , কুকুৰা , হাঁহ , পাৰ আদি বলি দি শস্যৰ উৎপাদন বৃদ্ধি আৰু গাঁৱৰ উন্নতি- মংগলৰ অর্থে পূজা-প্রার্থনা কৰে। পিছদিনা ল'ৰাৰ ঘৰৰ চোতালত ওৰে দিন ইয়ালিং নৃত্যানুষ্ঠান চলি থাকে। এইদৰে প্রায় তিনিদিন এই উৎসৱ চলি থাকে। উৎসৱৰ পৰৱর্তী দিনা বলিৰ মাংসবোৰ আৰু বিশেষভাৱে প্রস্তুত কৰা ধানৰ পূৰাটো ভাঙি এমুঠি কৈ গাঁৱৰ প্রতিঘৰক বিতৰণ কৰা হয়। এই ধানক পৰিয়ালসমূহে লখিমী জ্ঞান কৰি পূজা পাতল কৰে। শ্রীঅৰূপ বৰুৱা