মাধব কন্দলী আদিকে ধৰি বিভিন্ন পৌৰাণিক সাহিত্যত উল্লেখ থকা দোতাৰা এক প্ৰচীন লোকবাদ্য৷ দোতাৰা অসমকে ধৰি বংগ , বাংলাদেশ আৰু বিহাৰতো এক সমাদৃত বাদ্য৷ অসমৰ বাহিৰে আন ঠাইত ফকিৰ আৰু বাউল সকলে দোতাৰা ব্যৱহাৰ কৰে| অসমত দোতাৰাৰ ব্যৱহাৰ আৰু নিৰ্মাণ প্ৰণালী সামান্য সূকীয়া৷ দোতাৰা শব্দটো অসমীয়া মূলৰ নহয় যেন লাগে আৰু ই দুদাল তাঁৰ থকাটোকে সুচিত কৰে৷ কিন্তু অসমত ব্যৱহাৰ হোৱা দোতাৰা বিলাক প্ৰায়ে চাৰিডাল তাঁৰ যুক্ত হয়৷ দোতাৰা গঢ়ত টোকাৰীৰ সমপৰ্যায়ৰ হলেও আকাৰত সৰু আৰু মাতৰো যথেষ্ট পাৰ্থক্য আছে৷
আগতে কোৱাৰ দৰে অসমত দোতাৰাৰ ব্যৱহাৰৰ ইতিহাস অতি প্ৰাচীন৷ কামৰূপী আৰু গোৱালপৰীয়া লোকগীতত দোতাৰা সংগত কৰা অপৰিহাৰ্য্য৷ ইয়াৰ বাদেও আসমৰ আন আন অঞ্চলৰ লোকগীত, জিকিৰ আদিত দোতাৰা ব্যৱহাৰ কৰা হয়৷
অসমত সাধাৰণতে কঠাল কাঠেৰে দোতাৰা সজা হয়৷ আঢ়ৈ ফুট মান দীঘল আৰু ছয় ইঞ্চিমান ব্যাসৰ কাঠ এটুকুৰাৰ এফালে এটা নৌকাসদৃশ খোলনি দিয়া হয়৷ তাৰ পাছত তাক ক্ৰমান্বয়ে সৰু কৰি নি দোতাৰাৰ নাল বা ডিঙি নিৰ্মাণ কৰা হয়৷ আকৌ কাঠডালৰ আনটো মূৰ অলপ বহলকৈ ৰাখি তাত পূণৰ এটা খোলনি দিয়া হয়৷ এই খোলনিটোত আৱশ্যক অনুযায়ী ফুটা কৰি সুৰবন্ধন শলখা বা মহুৰা সুমুৱাই দিয়া হয়৷ গুৰিৰ ফালৰ নোকাকৃতি খোলাটো সাধাৰণতে গুইৰ ছালেৰে চোৱা হয়৷ কোনো কোনোৱে চাৱনি খনত কেইটামান ফুটাও কৰি লোৱা দেখা যায়৷
পৰম্পৰাগত ভাবে দোতাৰাৰ তন্ত্ৰী কেইডাল মুগাসূতাৰে তৈয়াৰী৷ আজিকালি অৱশ্যে মূগাৰ সলনি আন শুতাও ব্যৱহাৰ কৰা হয়৷ তন্ত্ৰী কেইডাল খোলাৰ তলফালে বান্ধি চাৱনি আৰু নালৰ ওপৰেৰে নি মহুৰাত লগোৱা হয়৷ মহুৰাৰে পকাই তন্ত্ৰী টান বা ঢিলা কৰি দোতাৰাত সুৰবন্ধন কৰিব পাৰি৷ তন্ত্ৰী কেইডাল ডাঙি ধৰি থাকিবৰ বাবে চাৱনিৰ ওপৰত এটা ঘোঁৰা বা ফৰিঙ ৰখা হয়৷ দোতাৰাৰ নাল বা ঠেক ডিঙিটোত কোনো খাপ ( Fret) নেথাকে৷
দোতাৰাৰ তাঁৰকেইডালত টুকুৰিয়াবলৈ মিৰজাব হিচাপে পহু বা ছাগলীৰ শিং, বাঁহ বা কাঠৰ টুকুৰা ইত্যাদি ব্যৱহাৰ হয়৷
দোতাৰাৰ তাঁৰ কেইডাল বিভিন্ন সুৰত বন্ধা থাকে৷ লোক-সংস্কৃতিৰ গৱেষক ড: অনিল শইকীয়াৰ মতে, ইয়াৰ মাজৰ সূতাদুদাল একেস্বৰত আৰু বাঁওহাতে আৰু সোঁহাতে থকা তাঁৰ কেইডাল মাজৰ সূতাৰ স্বৰৰ পৰা ক্ৰমে চাৰিটা ওপৰৰ আৰু চাৰিটা তলৰ স্বৰত বন্ধা হয়৷ তাঁৰকেইডালত টুকুৰিয়াই আৰু আঙুলিৰে নালৰ ওপৰত তন্ত্ৰীকেইডাল চেপি ধৰি দোতাৰাৰ বিভিন্ন সূৰ সৃষ্টি কৰা হয়৷
ডবা অসমৰ ভক্তি মাৰ্গৰ লগত সংযুক্ত হৈ থকা এক বাদ্য। অসমৰ প্ৰায় সকলো ধৰ্মীয় অনুষ্ঠান, যেনে সত্ৰসমূহ, পৌৰাণিক মন্দিৰ, নামঘৰ আদিত ডবা বজোৱা হয়| অসমৰ গাঁৱে-ভুঞেঁ থকা প্ৰতিটো নামঘৰতে ডবা থকা দেখা যায়। নিৰ্দিষ্ট সময়ত সদায় কৰা ডবা বাদনে এক গম্ভীৰ, পৱিত্ৰ পৰিবেশৰ সৃষ্টি কৰে, তাৰোপৰি চহা ৰাইজক সময়ৰ কথাও সকীয়াই দিয়ে| ডবাৰ ব্যৱহাৰ থিক কেনেকৈ বা কেতিয়া পৰা হ’ল কোৱা কঠিন, কিন্তু ইয়াকে কব পাৰি যে, ডবা এক অতি প্ৰাচীন লোকবাদ্য। ব্যৱহাৰৰ পাৰ্থক্য থাকিলেও, ডবা প্ৰাচীন কালত মানুহে যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা ঢোলজাতীয় বাদ্যসমূহৰে এক পৰিবৰ্তিত ৰূপ বুলি অনুমান কৰিব পাৰি। ডবাৰ মাত অতি গুৰুগম্ভীৰ আৰু এই শব্দই সকলোকে সহজে আকৰ্ষণ কৰে। অসমৰ গ্ৰাম্য সমাজত ডবাৰ এক বিশেষ গুৰুত্ব আছে| নামঘৰৰ ডবাৰ বজোৱা মানেই গধূলি হোৱা বুলি অসমৰ চহা ৰাইজে এতিয়াও বিশ্বাস কৰে আৰু কাম কাজ সামৰি ঘৰলৈ ঘুৰি আহিবলৈ সাজু হয়।
ডবা সাধাৰণতে গীত মাতৰ সতে সংগত কৰা বাদ্য নহয়। অসমীয়া সমাজত ই এবিধ মাংগলিক বাদ্য হিচাপে পৰিচিত। সাধাৰণতে নামঘৰ, মন্দিৰ আৰু সত্ৰ সমূহত, নিৰ্দিষ্ট সময়ত আৰু নিৰ্দিষ্ট উপলক্ষ্যতহে ডবা বাদন কৰা হয়। নামঘৰত সাধৰণতে পুৱা গধূলি সদায় একে সময়তে ডবা বাদন কৰাৰ পৰম্পৰা আছে| নাম প্ৰসংগৰ সামৰণিত ডবা, কাঁহ, শঙ্খ, ঘন্টা আদি একেলগে বজাই এক ভক্তি পূৰ্ণ পৰিবেশৰ সৃষ্টি কৰা হয়। আকৌ, ৰাইজক আৱশ্যকীয় জাননী দিবলৈ বা আহ্বান কৰিবলৈয়ো ডবা বজোৱা হয়। অসময়ত ডবা বজোৱা মানে কোনো জৰুৰী কাৰ্য্যৰ বাবে একগোট হবলৈ কৰা আহ্বান বুলি অসমৰ ৰাইজে বিশ্বাস কৰে| অসমৰ সত্ৰ সমূহত বিভিন্ন উৎসৱ আদিত মাংগলিক বাদ্য হিচাপে ডবা বজোৱাৰ পৰম্পৰা আছে| ভাঁওনা আৰু গায়ন বায়নত অতি গুৰুত্বপূৰ্ণ অংশত ডবা বাদন কৰা হয়। ডবাৰ শব্দই অপায় অমংগল, বিপদ বিঘিনি, ভুত–প্ৰেত আদি দূৰ কৰে বুলিও বিশ্বাস কৰা হয়। সত্ৰসমূহত ডবা বজাবৰ বাবেই দবাদাৰী নামৰ এক পদবীত লোক নিযুক্ত কৰা হয়। নামঘৰ বিলাকত সাধৰণতে নামঘৰীয়ায়েই ডবা বজোৱাৰ দ্বায়িত্ব লয়। দবাদাৰীয়ে ৰাতিপুৱা ডবাত চাৰিকোব মাৰি জাননী দিয়াক সত্ৰসমূহত ‘চাৰিদাঁৰ’ দিয়া কাৰ্য্য বুলি কোৱা হয়|
অসমৰ বৈষ্ণৱ কলা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ এক উল্লেখযোগ্য অনুস্থান বৰসবাহৰ থিয়নামত নেগেৰাৰ সহযোগী বাদ্য হিচাপে ডবাও সংগত কৰা হয় বুলি ‘বাদ্য অভিজ্ঞান’ গ্ৰন্থত ড: দেবজিৎ শইকীয়াই উল্লেখ কৰিছে| সংগত কৰা বাদ্য হিচাপে ডবাৰ ব্যৱহাৰৰ বোধহয় এইটোৱেই একমাত্ৰ উদাহৰণ|
ডবা দেখিবলৈ নেগৰাৰ দৰেই এবিধ অৰ্ধ-ডিম্বাকৃতিৰ বাদ্য, কিন্তু আকাৰত নেগেৰাতকৈ যথেষ্ট ডাঙৰ। ডবাৰ গা বা খোলা অংশ পিতল আদি ধাতু বা কাঠেৰে নিৰ্মাণ কৰা হয়। কোনো কোনো ক্ষেত্ৰত মাটিৰে সজা ডবাও দেখা পোৱা যায়। খোলাটোত তলফালে এটা সৰু ফুটা থাকে। এই ফুটাটোৰ বাবেই ডবাৰ মাত স্পষ্ট, ডাঙৰ আৰু গুৰুগম্ভীৰ হয় বুলি ড: দেবজিৎ শইকীয়াই উপৰোক্ত গ্ৰন্থত উল্লেখ কৰিছে। খোলাৰ মূখখন পহুৰ ছালেৰে ছোৱা হয়। কোনো কোনোৱে ম’হৰ ছালো ব্যৱহাৰ কৰে। ডবাৰ সাধাৰণতে খোলাটোৰ তলফালে এটা বাও থাকে আৰু ছাল খন এই বাওটোৰ লগত ৰছীৰে টানি বন্ধা হয়। ৰছীবিলাকক বৰটি বোলে। ওপৰৰ ছাল বা কোবনি খনৰ কাষৰ ফালে চামৰাৰ সুতেৰে এটা সিয়নি দিয়া থাকে, এই সিয়নিটোতে বৰটিবিলাক বন্ধা হয়। ডবাত ঘুন নেথাকে। দুদাল দুফুট মান দীঘল ধেনুভিৰীয়া কাঠৰ মাৰিৰে কোবাই ডবা বাদন কৰা হয়।
(উৎসঃ ইণ্টাৰনেট, অসমীয়া সংস্কৃতি)।
শেহতীয়া উন্নীতকৰণ: : 9/8/2023