কেতিয়াবা এনে এক সমাজিক সংস্কৃতিৰ বিষয়ে শুনিছেনে বাৰু ?
আচৰিত পৃথিৱী......আচৰিত ইয়াৰ বাসিন্দা.......স্থান ভেদে-ভেদে আচৰিত এওঁলোকৰ সংস্কৃতি.....সমাজিক পৰম্পৰা। তেনেহলে আহঁক আজি এক আচৰিত পৰম্পৰাৰ বিষয়ে জানো।
ইন্দোনেছিয়াৰ পপূৱা নামৰ প্ৰভিঞ্চখনত বাস কৰা দানি (Danni) নামৰ এটা আদিম জনগোষ্ঠী। এই জনগোষ্ঠীৰ লোক সকলে আপোনজনৰ মৃত্যু হ’লে সৎকাৰ উৎসৱত (funeral ceremonies) বেজাৰ প্ৰকাশ কৰিবলৈ তেওঁলোকৰ হাতৰ আঙুলিৰ কিবা এটা অংশ কাটি পেলাই দিয়ে। নিজক অংগখূঁট কৰাৰ লগতে মূখমণ্ডলো ছাই আৰু মাটিৰে লেপি লৈ নিজৰ দূখ ব্যক্ত কৰে।
এই আচৰিত ভয়ঙ্কৰ পৰম্পৰাৰ দায়িত্ব প্ৰধানকৈ মহিলা সকলৰ ওপৰত ন্যস্ত হ’য়।এইটো বিশ্বাস কৰা হ’য় যে যদি মৃতকজন এজন সমাজৰ শক্তিশালী ব্যক্তি আছিল তেন্তে তেওঁৰ আত্মাটোও সমানেই শক্তিশালী হ’ব...সেয়ে তেনে আত্মাক শান্ত কৰিবলৈ বা আতঁৰাই পঠাবলৈ তেওঁলোকে বহুতো আজব নিয়ম-নিতী পালন কৰে।মৃতকৰ সম্বন্ধীয় ছোৱালী বিলাকে আঙুলিৰ পাবৰ ওপৰ অংশবিলাক কাটি পেলায়।আঙুলি কটাৰ আগতে ৩০ মিনিটতকৈ অধিক সময় তেওঁলোকে এডাল তাৰেঁৰে কাটিব লগা আঙূলিৰ পাববোৰ টানকৈ মেৰিয়াই বান্ধি থয়।কটাৰ পিচত আঙূলিৰ টুকুৰাবোৰক শুকাবলৈ দিয়া হ’য়,তাৰ পিচত তাক পুৰি কোনো এক বিশেষ স্হানত ছাইখিনি সমাধিস্থ কৰা হ’য়।
আন এক বিশ্বাসমতে আপোনজনৰ মৃত্যুত নিজৰ শৰীৰক কষ্ট দি ইয়াকে প্ৰকাশ কৰা হ’য় যে আপোনজনক হেৰুৱাৰ বেদনাই তেওঁৰ অন্তৰত আচলতে কিমান আঘাত সানিছে।এনে কিছুমান ঘটনাত নিজৰ অতি ওচৰৰ পৰিয়ালৰ সদস্যই আঙুলি কাটে। তেওঁ হয়তো আঙুলি হেৰুৱাজনৰ মাক,বাপেক,ককায়েক-ভায়েক বা কোনো একেবাৰে পৰিয়ালৰ ওচৰৰ সদস্য হ’ব পাৰে।
অন্য এনেধৰণৰ আৰু এটা পৰম্পৰা মতে নিজৰ মাকে কেচুঁৱা সন্তানৰ আঙুলি দাতেঁৰে কামূৰি চিঙি পেলায়।এই পৰম্পৰা এনে এক সময়ৰ পৰা চলি আহিছে যেতিয়া সদ্যজাত সন্তানৰ বেচি সংখ্যকেই মৃত্যুৰ মূখত পৰিছিল।ইয়াক এইটো বিশ্বাস আগত লৈয়েই কৰা হ’য় যে, আঙুলি চিঙা সন্তানটো সৰ্বসাধাৰণ সক্ষম সন্তানতকৈ কিছু বেলেগ হ’ব যাৰ বাবে সি বা তাই হয়তো দীৰ্ঘজিৱী হ’ব।
লিখক: ইমৰান হুছেইন।
শেহতীয়া উন্নীতকৰণ: : 5/21/2020
কাৰ্বী জনগোষ্ঠীৰ বিবাহ আদম আছাৰ
কলিতা জনগোষ্ঠীৰ ৰঙালী বিহু আৰু বহাগ মহীয়া পৰম্পৰা
খেৰাই
চাহ জনগোষ্ঠীৰ বিবাহ অনুষ্ঠান