অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দেউৰী বিহু পৰম্পৰা :

দেউৰী বিহু পৰম্পৰা :

১৯৫০ চনৰ বৰভুইকঁপৰ ফলত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী গৰাখহনীয়াৰ ফলত শিৱসাগৰৰ পানী দিহিং মৌজা ঘেলঘেলি গাওঁখন নি:চিহ্ন হৈ যোৱাত সেই গাঁৱৰ মানুহখিনি বৰ্তমান ডিব্ৰুগড় জিলাৰ মধুপুৰ দেউৰী গাঁৱলৈ স্থানান্তৰিত হয়। গাওঁখন দিহিং ফৰেষ্ট ৰিজাৰ্ভৰ অন্তৰ্গত এখন দেউৰী গাওঁ। এই গাওঁখনতে আমি ডাঙৰ-দীঘল হৈছো। দেউৰী বিহুৰ সম্পৰ্কত অভিজ্ঞতা মোৰ গাঁৱৰ অভিজ্ঞতাৰ মাজতে সীমাৱদ্ধ। সৰুতে গাঁৱত কেনেকৈ মই বিহু পালন কৰা দেখিছিলো , তাৰে এক চমু আভাস দাঙি ধৰিলো। দিবঙীয়া ফৈদৰ লোকে কিন্তু ‘বিহু’ ক দেউৰী ভাষাতে ‘বিচু’ বুলিয়েই কয়। অসমীয়াভাষী হোৱা সত্ত্বেও দেউৰী পুজাৰীসকলে আজিও পৰম্পৰাগতভাৱে দেউৰী ভাষাতে থানঘৰত মতা বীজমন্ত্ৰসমুহ দেউৰী ভাষাতে মাতে। শদিয়াৰ দহ মাইল উত্তৰ-পুবে দিক্ৰ্ং আৰু দেওপানী সংগমস্থলৰ ওচৰত বুঢ়া-বুঢ়ী মন্দিৰ। হিন্দুসকলৰ মতে এইটো মহাদেৱৰ মন্দিৰ কিন্তু হেননিৰ চাহাবৰ মতে- দেউৰী থানক বৌদ্ধ মন্দিৰ বুলি ক’বলৈহে প্ৰয়াস কৰিছে। এই বুঢ়া-বুঢ়ী থানৰ উপাসক দেউৰীসকলক হিন্দুও নহয়, বৌদ্ধও নহয় বুলি বুৰঞ্জীবিদ সৰ্বানন্দ ৰাজকুমাৰে অভিমত আগবঢ়াইছে।

আমাৰ গাঁৱত আমাৰ দেউৰী সম্প্ৰদায়ৰ লোকে ব’হাগ বিহু, মাঘ বিহু আৰু কাতি বিহু পালন কৰা দেখি আহিছো। কাতি বিহু প্ৰধানত: ধৰ্মীয় পাৰ্বণহে।

চ’তৰ ৰাতি বিহু আৰম্ভ কৰে পুজাৰীৰ ঘৰত চোতালত। পুজাৰীজন গাঁৱৰ এজন ‘চৰিত্ৰত ঘুণ’ নথকা ব্যক্তিক নিৰ্বাচন কৰে। সমাজত তেখেতক কোনোবাই আঙুলি টোৱাই কথা কোৱাৰ পৰিস্থিতিৰ সন্মুখীন হ’লেও ‘পুজাৰী’ হৈ থাকিব নোৱাৰিছিল বুলি আমাৰ বৰদেউতাসকলৰ মুখত শুনিছিলো। সামাজিক শৃংখলাৰ স্বাৰ্থতে পুজাৰীয়ে সামাজিক বিচাৰ প্ৰক্ৰিয়াতো সাধাৰণতে ভাগ নলৈছিল। কিন্তু আলোচনাত উপস্থিত থাকিব লাগিছিল। শুনিছো বহুত গাঁৱত গাঁৱৰ মুৰব্বীজনে সিদ্ধান্ত ল’ব নোৱাৰিলে শেষ সিদ্ধান্ত শেষ সিদ্ধান্ত পুজাৰীৰ পৰা বিচৰা হয়। ৰাতিৰ চ’তৰ বিহুৰ অন্তৰত ব’হাগৰ প্ৰথম বুধবাৰৰ দিনা দেউৰীসকলে থানঘৰত পুজা আৰম্ভ কৰে। পুৱাৰ ভাগত গৰু গা ধুৱাই গৰু বিহু পালন কৰে। কণী যুঁজ, কুকুৰা যুঁজ আদিয়ে ৰং-ধেমালিৰ আয়োজন কৰে। পুজাৰীসকলে থানঘৰত প্ৰৱেশ কৰি পুজাৰ প্ৰস্তুতি আৰম্ভ কৰে। বৃহস্পতিবাৰৰ পৰা বলি দিয়া কাৰ্য আৰম্ভ কৰে। আমাৰ গাঁৱত সৰু দেউৰীয়ে পুজাৰ বলি দিয়া কাৰ্য সম্পন্ন কৰে। থানঘৰৰ বিষয়ববীয়াসকলৰ দায়িত্বত বৰদেউৰী, সৰুদেউৰী, বৰভৰালী, সৰুভৰালীৰ দায়িত্ব থাকে। দায়িত্ব সু-নিৰ্দিষ্টভাৱে বিভাজিত। থানঘৰৰ হিচাপ ৰক্ষকৰ দায়িত্বত থাকে ‘বৰা’ আৰু থানৰ কাৰ্যাৱলীৰ প্ৰচাৰৰ দায়িত্বত থাকে ‘বাৰিক’। এই দায়িত্ববিলাক পৰম্পৰাগতভাৱে একোটা ফৈদৰ ওপৰত ন্যস্ত কৰা থাকে। সলনা-সলনিকৈ গাঁৱৰ প্ৰত্যেক পৰিয়ালৰে পৰা এজনকৈ লোকে থানঘৰত্ ‘পৰীয়া’ খাটিব লাগে। বছৰত দুজন পৰীয়াক থানঘৰত কাম কৰিবলৈ দায়িত্ব দিয়া হয়। তেওঁলোকে থানঘৰ আৰু গাঁৱৰ মাজত কাম-কাজৰ সম্পৰ্ক ৰাখি থানৰ পুজা কাৰ্যত সহায় কৰে। চ’তৰ বিহুৰ শেষৰাতি পুজাৰীৰ চোতালহে বিহু শেষ কৰা হয়। আৰু ব’হাগৰ প্ৰথম বুধবাৰৰ দিনা আবেলি পুজাৰীৰ চোতালৰ পৰা বিহু গাই গাই থানঘৰৰ চোতাললৈ বিহু লৈ যোৱা হয়। বৃহস্পতিবাৰৰ দিনা দুপৰীয়া ‘দেওধনি’ আৰু ‘বাৰিকে’ গাঁৱৰ ডেকা-গাভৰুক থানঘৰৰ বিহুলৈ যাবলৈ জাননী আৰু নিৰ্দেশ দিয়ে। বিহুলৈ সময়মতে নোযোৱা ডেকা-গাভৰুৱে দেওধনিৰ সৌকাৰ কোব খাবলগা হয়। আবেলি পৰত বলি- বিধান শেষ হোৱাৰ অন্তত সাজ-পাৰ পিন্ধি, মণিকুটত ৰখা ৰুপৰ ফুল মুৰত আৰু কাণত কেৰু পিন্ধে। বলি কটা দ্বিতীয় স্থানত বহি গাঁৱৰ কুশল-মংগল অথবা বিপদ-আপদৰ সন্দৰ্ভত বাতৰি কয়। বাতৰি শেষ কৰি দেওধনিয়ে নাচৰ বাবে প্ৰস্তুত হয়। থানঘৰৰ বিষয়ববীয়াসকলেও দেওধনি নাচত যোগদান কৰে। ঢুলীয়াই ঢোলৰ ছেৱত ঢোল বাব লাগে। দেওধনিয়ে নিজস্ব ভংগিমাত নৃত্য কৰে। থানঘৰৰ চোতালৰ পুৰুষ আৰু মহিলাৰ নাচৰ খোলা বেলেগ বেলেগ। মহিলা সমাজে ‘হোৱাই ৰাঙলী’ গোৱা নৃত্যত যোগদান কৰে। দেওধনিয়ে নাচত ভাগৰি পৰিলে এটা কুকুৰাৰ বলিৰ তেজ খাবলৈ দিলে সেই দিনলৈ দেওধনি নাচৰ অন্ত পৰে। তাৰ পাছত বিহুৱা সমাজ পুৰিষ-মহিলাই গাঁৱৰ এমুৰৰ পৰা ঘৰে ঘৰে গৈ বিহু মাৰে। থানঘৰত বিহু শুকুবাৰলৈকে দেওধনিয়ে নৃত্য কৰে। শনিবাৰৰ পিচৰ মঙলবাৰলৈকে ঘৰে ঘৰে গৈ ডেকা-গাভৰুৱে বিহু কৰে। পিচৰ সপ্তাহৰ বুধবাৰৰ দিনা পুনৰ বলি দিয়া কাৰ্য আৰম্ভ হয় বৃহস্পতিবাৰে সন্ধ্যা থানঘৰৰ পৰা দেওধনিৰ নেতৃত্বত সমুহীয়াভাৱে সকলোৱে থানঘৰৰ পৰা বিহু উলিয়াই লৈ আহে। গাঁৱৰ এমুৰত থকা নদী অথবা পুখুৰীৰ পাৰত বিহু থৈ আহেগৈ। প্ৰতিবছৰে বিহুত হুঁচৰি নাগাইছিল, কেৱল দেওধনিৰ নিৰ্দেশ পালেহে সেই বছৰত হুঁচৰি গোৱা হয়। বিহু উৰুৱা হয় শুকুৰবাৰৰ দিনা। পুজাৰ আয়োজন পুখুৰী বা নদী পাৰতে কৰা হয়। হাঁহ-কুকুৰা আদিৰ বলি সেইদিনা সেই ঠাইতে দিয়া হয়। বিশেষকৈ কল ঢকুৱাৰে নাও সাজি নাওখনত জবা আৰু তগৰ ফুলেৰে সজাই তোলে। এটা সৰু কুকুৰা পোৱালি নাৱতে বান্ধি উটুৱাই দিয়ে। দেওধনী নৃত্য প্ৰথা অনুযায়ী ইয়াতে অন্ত পৰে। তাৰ পাচত ঢোল-পেঁপা সামৰি বিহুৱা সমাজ গাঁৱলৈ ফিৰি আহে। ডেকা-গাভৰুসকলে পছন্দৰ ছোৱালী সেই সন্ধিয়াই সাধাৰণতে পলুৱাই নি বিবাহ সম্পন্ন কৰে। মহিলাসকলৰ সাজ-পাৰৰ ভিতৰত টকয়া অৰ্থাৎ মুৰত বন্ধা গামোচা, বুকুত পিন্ধা মেথনি আৰু নতুন গাভৰুৰ ব্যৱহাৰ কৰা বুকুৰ মেথনিক ‘পাউগা’ বুলি কয়। দেউৰী মহিলাসকলৰ বোৱা গামোচাৰ পাৰি সাধাৰণতে হালধীয়া আৰু পাৰিৰ মাজত বছা ফুল থাকে। কাণত পিন্ধা অলংকাৰৰ ভিতৰত দুগদুগী,  থুৰিয়া আৰু হাতত গামখাৰু আদি অলংকাৰ পৰিধান কৰে। আমাৰ মাহঁতৰ দিনলৈকে গাভৰু হোৱাৰ পিচতে দাঁতত লা লগোৱা এটা পৰম্পৰা আছিল। ঘৰতে বা গাঁৱৰ ভিতৰতে মুগা, এড়ী আৰু পাতৰ কাপোৰ বোৱা পৰম্পৰা আছে। গীত-মাতবিলাকত টাকুৰি ভাওৰি আদিৰ কথাও উল্লেখ আছিল।

থানঘৰলৈ যাওঁতে মহিলা পুৰুষ কোনোৱে ৰঙা বা ক’লা কাপোৰ পিন্ধি যাব নোৱাৰে। আনকি ছাতিও দেওধনিয়ে সহ্য নকৰে। অনা দেউৰী লোকৰো থানঘৰৰ বিহু চোতালত প্ৰৱেশ নিষেধ। অৰ্থাৎ দেওধনিয়ে টেঙাপনীয়া ফৈদৰ থানঘৰত বৰগঞা লোকক চিনাক্ত কৰিব পাৰে আৰু বিহুতলিৰ পৰা সৌকাৰে কোবাই বাহিৰ কৰি দিয়ে। বলিয়া বাবা আৰু তাম্ৰেশ্বৰী দেৱীৰ কাৰণ বুলি কোৱা হয়।

দেউৰীৰ লগতে অনা-দেউৰীসকলেও দেৱতাৰ ওচৰত বিচাৰ বিচাৰি তামোল-পাণৰ টোপোলা আগবঢ়োৱা এটা গুৰুত্বপুৰ্ণ সামাজিক পৰম্পৰা। কোনো চক্ৰান্ত অথবা চুৰি কাৰ্যৰ বিচাৰ বিচাৰি বিহুৰ সময়ত হাঁহ-কুকুৰা আদি বলিৰ বাবে আগবঢ়ায়। তাৰ ফলাফল সততে দেখিবলৈ পোৱা যায় বুলি জনবিশ্বাস আছে। দেউৰীসকল নদীপৰীয়া কিন্তু খেতি- বাতি গুৰুত্ব সহকাৰে কৰি কৃষি অৰ্থনীতিৰে সমাজখনক ধৰি ৰখাৰ এটা সক্ৰিয় প্ৰচেষ্টা আগৰ দৰেই কম পৰিমাণে হ’লেও আজিও অব্যাহত আছে।

লেখক: ডা: অনিল ভৰালী (সাদিন)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate