অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দেওধনী নৃত্য

দেওধনী নৃত্য

অসমৰ অতি প্ৰাচীন আৰু অতি আকৰ্ষণীয় নৃত্যশৈলী নৃত্য হৈছে দেওধনী নৃত্য। এই নৃত্য অসমৰ বিশেষকৈ কামৰূপ, দৰং আৰু গোৱালপাৰা জিলাৰ জনজাতীয় আৰু অজনজাতীয় উভয় জনগোষ্ঠীৰ মাজত বিশেষকৈ প্ৰচলিত হৈ আহিছে। দেওধনী শব্দৰ কোনো নিৰ্দিষ্ট অৰ্থ নাই। এই শব্দৰ অৰ্থ বিভিন্নজনে বিভিন্ন ধৰণে দি আহিছে। ইয়াৰ অভিধানগত অৰ্থ হৈছে দেওৱে ধৰা মানুহৰ কঁপনি আৰু বকনি। আন কোনোৱে ইয়াৰ অৰ্থ দেৱতাৰ নাৰী অৰ্থাৎ দেৱ-দেৱী লম্ভা নাৰী বুলি কৈছে। যাৰ কাৰণে তেওঁলোকক দেওধনী বুলি কৈছে। এই দেওধনী নৃত্যৰ আৰম্ভণি কেতিয়া আৰু কোনে ইয়াক প্ৰচলন কৰিছিল, তাৰ কোনো সঠিক তথ্য পোৱা নাযায়। কিন্তু বড়ো-কছাৰীসকলৰ মাজতে এই দেওধনী নৃত্য প্ৰচলিত আচিল বুলি কব পাৰি আৰু ইয়েই হৈছে আটাইতকৈ পুৰণি নৃত্য। অৱশ্যে অষ্টাদশ শতিকাত সূৰ্যখৰি দৈৱজ্ঞ ৰচিত ‘দৰংগ ৰাজবংশাৱলী’ পুথিত কছাৰীসকলৰ মাজত দেওধনী নৃত্যৰ কথা উল্লেখ আছে। বড়ো-কছাৰীসকলে পালন কৰা খেৰাই পূজাত দেওধনী নৃত্য কৰাৰ প্ৰথা উল্লেথ পোৱা যায়। ৰজা বিশ্ব সিংহৰ অভিষেকৰ সময়ত বড়ো-কছাৰীসকলে এই নৃত্য প্ৰদৰ্শন কৰিছল বুলিও তথ্য পোৱা যায়। দেওধনী নৃত্যত খাম আৰু চিফুং বজোৱা হয়। নৃত্যৰ আৰম্ভণিতে মাদল আৰু চিফুঙৰ লগতে মন্ত্ৰ পাঠ কৰে। খেৰাই পূজাত বাথৌ মহাৰাজৰ উদ্দেশ্য মন্ত্ৰ পাঠ কৰাৰ লগে লগে দীঘলীয়া চিঞৰ মাৰে আৰু শৰীৰ সঞ্চালন কৰি লাহে লাহে মাদলৰ চিঞৰ মাৰে। এই নৃত্য খোলা তৰোৱালৰ ওপৰত শুধা ভৰিৰে নৃত্য কৰি, বলিৰ কেঁচা তেজ পি খায়, লগতে আনৰ ভৱিষ্যত বাণী কৰাৰ দৰে আলৌকিক (!) কাৰ্য সম্পাদন কৰে। গোৱালপাৰা জিলাৰ দক্ষিণ পাৰত এই নৃত্য প্ৰচলন বিশেষভাৱে দেখা যায়। তেওঁলোকে মনসা পূজা কৰে আৰু তেওঁলোকৰ গাত দেওধনী লম্ভে বুলি বিশ্বাস কৰে। তদুপৰি কামৰূপ আৰু দৰঙত পূজাত অপৰিহাৰ্য অংগ হৈছে দেওধনী নৃত্য। মনসা পূজাৰ আৰম্ভণিতেই দেওধনী পূজা মণ্ডপলৈ আহি দেৱীৰ সন্মুখত এখন কলপাতত বহে। পোনপ্ৰথমে ওজাপালিয়ে বন্দনা গীত জুৰে। লগে লগে দেওধনীয়েও বহা ঠাইত নিজৰ শৰীৰ সঞ্চালন কৰে আৰু জয়ঢোল আৰু তালৰ লগে লগেই নৃত্য আৰম্ভ কৰে। দেওধনী নৃত্যবোৰৰ বিভিন্ন ৰূপ আছে। তাৰ ভিতৰত ৰণচণ্ডী আৰু কাৰ্তিক নাচোনেই সবাতোকৈ ভয়ংকৰ আৰু উত্তেজনাপূৰ্ণ। দেওধনীসকলৰ সাজ-পাৰ চকুত লগা ধৰণৰ। নৃত্যৰ সময়ত তেওঁলোকে বুকুত মেখেলা পিন্ধি তাৰ ওপৰত ৰঙা ৰঙৰ ৰিহা পিন্ধে আৰু কঁকালতো ৰঙা কাপোৰ মেৰিয়াই লয়। হাতত গাম খাৰু, আঙঠি, গলপতা, নাকত নাকফুল, ডিঙিত চন্দ্ৰহাৰ আদিও পিন্ধৰ লগতে নৃত্যৰ সময়ত চুলিকোছা মুকলি কৰি লৈ ডিঙি আৰু মূৰ সঞ্চালন কৰে। মূলত দেওধনী হৈছে আদিম জনজাতীয় সমাজৰ অনুষ্ঠান। কিন্তু ধৰ্মীয় পটভূমি আৰু ৰাজকীয় পৃষ্ঠপোষকতাৰ বাবে বৰ্তমান ইয়াৰ ভালেখিনি পোষকতা কৰা দেখা যায়।

ৰেখা বৰাই৷
তথ্য সহায়— চিত্ৰ-বিচিত্ৰ অসম



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate