অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দৰঙৰ জনপ্ৰিয় লোক-উৎসৱ “দেউল”:

দৰঙৰ জনপ্ৰিয় লোক-উৎসৱ “দেউল”:

 

সমগ্ৰ অসমবাসী বহাগ মাহত ৰঙালী বিহুৰ আনন্দত মতলীয়া হৈ থকাৰ সমান্তৰাল ভাৱে দৰঙৰ ৰাইজো ৰঙালীৰ ৰঙৰ লগতে আন এটি লোক-উৎসৱত মতলীয়া হৈ পৰে। একাদশ শতিকাৰ পৰাই পালন কৰি অহা এই লোক-উৎসৱটি হৈছে দেউল উৎসৱ। আচলতে এইসময়ছোৱাত শীতৰ হাড়-কপোৱা জাৰো নাথাকে আৰু গ্ৰীষ্মৰ প্ৰখৰতাও নাথাকে। নতুনকৈ বৃষ্টিপাতৰ সুত্ৰপাত হৈ পৃথিৱী জীপাল হৈ পৰে আৰু প্ৰকৃতিয়ে ন-সাজেৰে বিনন্দীয়া ৰূপ লয়। স্বাভাৱিকতেই কৃষিজীৱি মানুহৰ অন্তৰত অফুৰন্ত আনন্দ আৰু উৎসাহ-উদ্দীপনা জাগি উঠে যাৰ ফলশ্ৰুতিত সৃষ্টি হয় লোক-উৎসৱবোৰৰ। বসন্ত কালৰ বিহু উৎসৱক বসন্তোৎসৱ বুলি কোৱাৰ দৰে এই সময়ৰ দেউল উৎসৱকো বসন্তোৎসৱ বুলি কব পৰা যায়।

দেউল উৎসৱ মূলতঃ বিষ্ণুপুজাৰ অনুষ্ঠান আৰু এই উৎসৱ খ্ৰীষ্টাব্দ একাদশ শতিকাৰ পৰাই সমগ্ৰ মঙ্গলদৈ অঞ্চলত  নিৰৱচ্ছিন্ন ভাৱে পালন কৰি অহা হৈছে। পূৰ্বতে কোঁচ ৰজাসকলৰ ৰাজত্ব কালত সমগ্ৰ মঙ্গলদৈকে দৰং ৰাজ্য বোলা হৈছিল। পিছত বৃটিছসকলে শাসনৰ সুবিধাৰ্থে মঙ্গলদৈ আৰু তেজপুৰ মহকুমাক সামৰি দৰং জিলা নামকৰণ কৰিলে। বৰ্তমান তেজপুৰ শোণিতপুৰ জিলাত আৰু মঙ্গলদৈ দৰং জিলাত অন্তৰ্ভুক্ত। যি কি নহওক বৰ্তমানৰ দৰং আৰু ওদালগুৰি জিলাদুখনেই কোঁচ ৰাজত্বৰ দিনত দৰং ৰাজ্য নামেৰে জনাজাত আছিল।

খৃষ্টাব্দ একাদশ শতিকাত প্ৰখ্যাত শিয়ালা বৈষ্ণৱৰ পিতৃ ধৰ্মদেৱ বিপ্ৰ ভূঞাঁই ছিপাঝাৰ অঞ্চলৰ বৰাবাৰী গাঁৱত সত্ৰ পাতি বসবাস কৰিছিল। তেখেত অতি শাস্ত্ৰজ্ঞ আৰু ধৰ্মপ্ৰাণ ব্যক্তি আছিল। তেখেতে ধৰ্মীয় চিন্তা-চৰ্চাৰ জৰিয়তে মানুহৰ মনত ধৰ্মীয় ভাৱ জগাই তুলিবলৈ চেষ্টা কৰিছিল। ‘শিয়ালা বৈষ্ণৱ চৰিত’ পুথিত উল্লেখ আছে-

“কামৰূপ অন্তৰ্গত দৰঙ্গ ৰাজ্যত

আছিলেক বৰভূঞাঁ বিপ্ৰৰ মধ্যত ।

বাঢ়য় ভূঞাঁৰ মধ্যে ভূঞাঁ শ্ৰেষ্ঠতৰ ।

নানা ধৰ্ম-কৰ্ম কাৰ্য্য কৰিছে বিস্তৰ ।।

প্ৰথমে আছিলা ঘৰ ভাটি দৰঙত ।

বৰাবাৰী নামে গ্ৰাম প্ৰসিদ্ধ লোকত ।।

তাতে এক দেৱগৃহ বান্ধিলা ডাঙৰ ।

পাতিলেক সত্ৰ তাত অতি মনোহৰ ।।

ভকত সকলে কীৰ্তনীয়া নাম থৈলা ।

তিনিও প্ৰসঙ্গে বহি ভক্তি আচৰিলা ।।

প্ৰভাত মধ্যাহ্ন আৰু সায়হ্ন সন্ধ্যাত

কীৰ্ত্তন কৰন্ত তাত ই তিনি সন্ধ্যাত ।

তাহাৰ ঈশানে এক দৌলক বান্ধিলা ।

বৰদৌল নাম হৈ অদ্যাপিও ৰৈলা ।

দৰঙ্গ মধ্যত যাত মহোৎসৱ অতি

অদ্যাপিও আছে যাৰ হেনয় কিৰিতি ।।”

গতিকে এইটো সহজেই অনুমেয় যে ধৰ্মদেৱ বিপ্ৰ ভূঞাঁ নামৰ এইজন শাস্ত্ৰজ্ঞ পণ্ডিতেই প্ৰায় একাদশ শতিকাতে পোন প্ৰথম ছিপাঝাৰ অঞ্চলৰ বৰদৌলগুৰিত বিষ্ণু পুজাৰ জৰিয়তে দেউল উৎসৱৰ পাতনি মেলিছিল। তেওঁ দেউল উৎসৱ উপলক্ষে এটা বৃহদাকৃতিৰ দ’ল সজাইছিল যিটো ৭০০ বছৰ ধৰি এতিয়াও বৰদৌলগুৰি অঞ্চলত সগৌৰৱে থিয় হৈ ঐতিহ্য বহন কৰি আহিছে। সেই দ’ল সাজোতে সৃষ্টি হোৱা বৰপুখুৰী এতিয়াও সাক্ষী স্বৰূপে আছে। এই বৰদ’ল বা ‘বৰদেউল’ উৎসৱেই দৰঙৰ দেউল উৎসৱৰ আৰম্ভণ। পৰৱর্তী সময়ত এই উৎসৱ মঙ্গলদৈৰ চুকে-কোণে বিয়পি পৰে। বৰদৌলগুৰিত অনুষ্ঠিত প্ৰথম দেউলটো বছৰৰ প্ৰথম মাহ বহাগৰ পহিলা তাৰিখত উদযাপিত হয়। বৰ্তমান সমগ্ৰ বহাগ মাহৰ প্ৰত্যেক দিনতে মঙ্গলদৈৰ বিভিন্ন ঠাইত মহা পয়োভৰেৰে এই দেউল উৎসৱ পালন কৰা হয়।

দেউলৰ ভেটি আৰু বিগ্ৰহ স্থাপন: এই দেউল উৎসৱত দেউলৰ ভেটি আৰু তাত বিগ্ৰহ স্থাপনৰ তাৎপৰ্যও মন কৰিবলগীয়া। যিহেতু ই মূলতঃ বিষ্ণু পূজা সেয়ে এই উদ্দেশ্যে দেউল খলাত মাটিৰে ওখ দ’ল বা দেউল সাজি সৰ্বোচ্চ শিখৰত বিষ্ণুৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ ওপৰত বাঁহ পুতি এখন শুধ বগা কাপোৰৰ চন্দ্ৰতাপ তৰি দিয়া হয়। লগতে বিগ্ৰহৰ দুয়োকাষে কলা-কৌশল যুক্ত মগৰ খোদিত দুচলা ফুলাম কাঠৰ দাণ্ডি চকুত লগাকৈ সজাই থোৱা হয়। ইয়াক প্ৰতিষ্ঠা কৰাৰ আগতে তেল সানি সেন্দুৰৰ ফোঁট দি আটকধুনীয়া কৰা হয়। উল্লেখযোগ্য যে বিষ্ণু-বিগ্ৰহ স্থাপন কৰা এই ওখ মাটিৰ দেউলটোৰ তলৰ পৰা ক্ৰমে ওপৰলৈ ঘূৰণীয়া ভাৱে সাতোটা ঠাক কৰি ধুনীয়াকৈ সজোৱা হয়। এইদৰে ওপৰলৈ ক্ৰমে সৰুকৈ নি ইয়াৰ সৰ্বোচ্চ শিখৰত বিগ্ৰহ প্ৰতিষ্ঠা কৰা হয়। এই সাতোটা ঠাকে সপ্তদ্বীপ বা সপ্তমহীক বুজায়।

আনহাতে কাঠত খোদিত মগৰৰ ভাস্কৰ্যই সপ্ত সাগৰক সুচায়। কাৰণ মগৰেই সাগৰত থকা জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ। গতিকে মগৰ প্ৰতিষ্ঠাৰ দ্বাৰা সপ্ত সাগৰৰ অৱস্থিতি সহজে মানুহৰ মনলৈ আনিব পাৰে। বিশেষকৈ সৃষ্টিৰ মূলাধাৰ বিষ্ণু তথা নাৰায়ণ প্ৰলয় জলত অনন্ত শয্যাত অৱস্থিত হোৱা কাৰণে বিষ্ণু বা নাৰায়ণৰ ধাৰণা মনলৈ সহজে আনিব পাৰে। গতিকে দেউলৰ ওপৰত মগৰৰ মাজত বিষ্ণুৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা হয়। উল্লেখযোগ্য যে এই দেউল উৎসৱত বিষ্ণু পূজা সদায় উত্তৰ মূখীয়াকৈ কৰা হয়। কিয়নো প্ৰলয় জলত বিষ্ণু অনন্ত শয্যাত উত্তৰ মুখীয়াকৈহে  শুই আছিল বুলি শাস্ত্ৰত উল্লেখ আছে।

প্ৰসঙ্গত: উল্লেখযোগ্য যে গীতাৰ দশম অধ্যায়ৰ বিভূতি যোগত শ্ৰীকৃষ্ণই অৰ্জুনক জগতৰ বিভূতিবোৰৰ কথা বুজাবলৈ গৈ কৈছিল

“পবনঃ পবতামাস্মি ৰামঃ শস্ত্ৰ ভূতামহম ।

ঝষাণাং মকৰশ্চাস্মি স্ৰোতসামস্মি জাহ্নবী ।।” [৩১] (গীতা দশম অধ্যায়)

অৰ্থাৎ বেগগামীৰ ভিতৰত ‘বায়ু”, অস্ত্ৰধাৰীৰ ভিতৰত ‘ৰাম”, মাছৰ ভিতৰত ‘মকৰ’ বা ‘মগৰ’,

নদীৰ ভিতৰত ‘গঙ্গা’ শ্ৰেষ্ঠ ।

আনহাতে মহাপুৰুষ শঙ্কৰদেৱ বিৰচিত কীৰ্ত্তন পুথিত পোৱা যায়

“মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত ।

উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জলত ।।

গতিকে মৎসৰূপী ভগৱান কৃষ্ণ তথা বিষ্ণুৰ মূৰ্ত্তি দেউল উৎসৱৰ দিনা দেউলৰ ওপৰত  প্ৰতিকী সপ্তসাগৰত প্ৰতিষ্ঠা কৰি মানুহৰ মনত বিষ্ণু-ভক্তিৰ ধাৰণা অধিক গাঢ় কৰি তুলিবলৈ চেষ্টা কৰা হয় ।

দেউল উৎসৱৰ সাদৃশ্য: দৰঙৰ দেউল উৎসৱৰ দৰে ইয়াৰ উদ্দেশ্য, অৰ্থ, আচৰণ আৰু সংযুতিৰ ফালৰ পৰা ভঠেলি, সুৱেৰি বা সুৰি, পাৱৰা আৰু বাঁশ-পূজাৰ লগত সাদৃশ্য দেখা যায়। ভঠেলি বহাগ মাহৰ বিভিন্ন দিনত অবিভক্ত কামৰূপ জিলাৰ আৰিকুছি, বৰনৰ্দী, বেলশৰ, জাগৰা, বালিলেচা, বালিকৰিয়া, পকোৱা, দালচিঙা, কুলহাটী, ক্ষুদ্ৰ কুলহাটী, আৰংমৌ, জয়পাল, বামুন্দি, মুগকুছি, নলবাৰীৰ সমীপস্থ সন্ন্যাসীৰ থান, দেউল পুখুৰী, বৰখলা, মোমাইতোলা, লহকৰপাৰা, কমাৰকুছি খাতাবাৰী, গংগাপুখুৰী পাগলাদিয়াৰ গংগাৰঘাট, উলাবৰি, ভদ্ৰা, বদ্ৰকুছি আদি ঠাইত অনুষ্ঠিত হয়। মন কৰিবলগীয়া বিশেষত্ব এয়ে যে ভঠেলি কৃত্যত প্ৰজননৰ প্ৰতীক বাঁশ বা বাঁহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সেইফালৰ পৰা অবিভক্ত গোৱালপাৰা জিলাৰ উত্তৰ অঞ্চলত প্ৰচলিত বাঁশ পূজাৰ লগত ভঠেলিৰ সাদৃশ্য দেখা পোৱা যায়। বৰো-কছাৰীসকলৰ সমাজত প্ৰচলিত ভৈঠেলীৰ লগতো ভঠেলিৰ মিল আছে। বজালী অঞ্চলত প্ৰচলিত পাৱৰা উৎসৱৰো প্ৰধান কৃত্য বাঁহ-পূজন। ৰামদিয়াত বহাগৰ সাত বিহুত অনুষ্ঠিত হোৱা ‘সুৱেৰী’ বা ‘সুৰী’ উৎসৱতো বাঁহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দেখা যায়। এইক্ষেত্ৰত মহাপুৰুষ মাধৱদেৱ ৰামদিয়ালৈ অহা আৰু যোৱাৰ সোঁৱৰণিৰ লগত ভঠেলি উৎসৱ সংপৃক্ত হৈ ‘সুৱেৰী’ বা ‘সুৰী’ উৎসৱ ৰূপে আত্ম প্ৰকাশ কৰিছে। দৰং আৰু পূৱ কামৰূপ অৰ্থাৎ পাতিদৰঙৰ প্ৰসঙ্গত বাঁহ-পূজন কৃত্যৰ লগত নতুন অৰ্থ আৰোপিত হৈ বিষ্ণু-পূজন কৃত্যত পৰিণতি লাভ কৰিছে।

দৰঙৰ বিভিন্ন দেউল উৎসৱ: জনশ্ৰুতি মতে দৰঙী ৰজাসকলে বহাগ মাহৰ বিভিন্ন দিনত কোন কোন স্থানত দেউল অনুষ্ঠিত হ’ব তাক সুনিৰ্দিষ্ট কৰি দিছিল। বৰ্তমান অৱশ্যে নিৰ্দিষ্ট কৰি দিয়া দেউলৰ বাহিৰেও নতুন নতুন দেউলৰ সৃষ্টি হৈছে। সেইবাবে বহাগ মাহৰ কোনো কোনো দিনত ৩/৪ টা দেউল উদযাপিত হোৱা যায়। ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰি দেউল উৎসৱৰ জনপ্ৰিয়তা কিমান। আনকি জিলাখনৰ খাৰুপেটীয়া, দলগাঁও, ধূলা আদি অঞ্চলৰ সংখ্যালঘু ইছলাম ধৰ্মাৱলম্বী লোকসকলে দেউল উৎসৱৰ লগত সংপৃক্ত ধৰ্মীয় কৃত্য ভাগ পৰিহাৰ কৰি মেলাৰ সংযোগত এই উৎসৱ পালন কৰে।

বহাগ মাহৰ বিভিন্ন দিনত দৰঙৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত দেউলৰ নাম তলত দিয়া হ’ল।

১ম বিহু- বৰদেউল, (বৰদৌলগুৰি), সৰু ঔতলা, হাতীমাৰা,  ডুমহুৰ দেউল।

২য় বিহু- ৰঙা চন্দন, জাবেৰীকুছি, বৰপুখুৰীৰ পাৰ আৰু মাহৰিপাৰাৰ দলৈৰ দেউল।

৩য় বিহু- আউলাচৌকাৰ বিলকেকোৰা, ডাহীৰ অৰ্জুন তল, বৈৰাগী পাৰা, বলদেৱপাৰা, পাতিদৰঙ আৰু মঠৰ দেউল।

৪ৰ্থ বিহু- ডেকাৰ গাঁও, ইষ্কাকোণা, টিয়াঝাৰ, বেঙনৈ আৰু ভেৰুৱাৰ দেউল।

৫ম বিহু- দৌলগুৰি, জলজলি, মাহৰিপাৰা, মাউতপাৰা, বৰেৰী, আৰু পিঠাখোৱাৰ দেউল।

৬ষ্ঠ বিহু- বিহুভাঙাৰ দেউল , বাঘৰবাৰী, হাউলি মোহনপুৰ, মুদৈবড়ী,  বলদেৱপাৰা আৰু বৰাঠেৰ দেউল ।

৭ম বিহু- চমতীয়াৰ গড়ভাঙাৰ দেউল , ঘোপা , কটেহী , কেন্দুগুৰি, বৈৰাগীঝাৰ, ২নং চেঙাপাৰা, বৰবাগান, বিজুলীবাৰী, কটাহীৰ ঢোপৰতল আৰু পাথৰিঘাটৰ দেউল।

৮ম বিহু- মাৰেই সুৱেৰী আৰু টংলাৰ গাছবিয়াৰ দেউল।

৯ম বিহু- নামখলাৰ শিৱমন্দিৰ, ধূলা, দগীয়াপাৰা, বইনাওজা, দিপিলাৰ ভকতপাৰা, জলজলি, ঝাৰগাঁও আৰু বামুণপাৰাৰ দেউল।

১০ম বিহু- গৰুখুটিৰ বৰ আমগোৰ, দেওমৰনৈ, ধূলা, পচকীয়া, খান্দাজান, দুনীৰ পদ্মাথানৰ দেউল।

১১শ বিহু- বুঢ়ীনগৰ, আউলাচৌকা, ৰয়নাপিত (হাজৰিকাপাৰা)ৰ দেউল।

১২শ বিহু- ঘোঁৰাবান্ধাৰ দেউল, বুঢ়ীনগৰ, গোসাই পুখুৰী, কোৰ ধোৱা পুখুৰী, শালমাছ উঠাৰ দেউল।

১৩শ বিহু- ঘোঁৰাবান্ধাৰ দেউল লগতে ৰত্নাৱলী সত্ৰ, বেৰীয়াপাৰা, পানাৰা বিষ্ণু মন্দিৰ আৰু ন-খাট বৰেৰীৰ দেউল ।

১৪শ বিহু- কামাখ্যাৰ দেউল, গৰখীয়া মন্দিৰ, দক্ষিণ চুবা (হিন্দুঘোপা)ৰ দেউল।

১৫শ বিহু- দগ্ধাপাৰা, কৈকাৰা, বিষ্ণুপুৰ, বৰবাগান, ধনখুন্দা, বড়ীচৌকা আৰু থেকেৰাবাৰীৰ দেউল।

১৬শ বিহু- নাৰিকলি, কেন্দুগুৰি, আমবাৰী, তামুলিপাৰা, সিদ্ধিৰামৰ দেউল।

১৭শ বিহু- কচুৱাবান্ধ, কাৱৈমাৰী, নাপ্তাপাৰাৰ দেউল।

১৮শ বিহু- দুনী, শিংকুচি, ৰামগাঁও, কাইঠপাৰা, পূৱ লঠাপাৰা, হীৰাপাৰা আৰু হৰিপুৰৰ দেউল।

১৯শ বিহু- ঘোৰাশাল, হলৌচৌকা, কুহিয়াৰকুচি, নামখলা , কুঁৱৰীগাওঁ আৰু ৰজাবাৰীৰ দেউল।

২০শ বিহু- বাবাজীৰ দেউল, দলংঘাট, বাগিছাচুবা, ৰাজঘাটৰ দেউল।

২১শ বিহু- বামুনপাৰা শিৱমন্দিৰ, ৰাজঘাট, লঠাপাৰা, আৰু পুনিয়াৰ অকনি খাইটিৰ দেউল।

২২শ বিহু- নিজ বৰমপুৰ আৰু বান্ধৰ দেউল।

২৩শ বিহু-  বিশ্বসত্ৰ, কমাৰপাৰা,বুঢ়ীপুখুৰীৰ পাৰ আৰু বান্ধৰ দেউল।

২৪শ বিহু- ৰাজাহাউলি, খাটিকুচি আৰু কুৱৰীগাঁওৰ ক’লা গৰুই লাঠিওৱা দেউল।

২৫শ বিহু- গৰগৰী, ডাহী-নগাঁও, বৰুৱাপাৰা আৰু ৰাজঘাটৰ দেউল।

২৬শ বিহু- আহোমপাৰাৰ দেউল।

২৭শ বিহু- মেধিপাৰা, ঝাকুৱাপাৰা, ২ নং চেঙাপাৰা, বিশ্বসত্ৰৰ দেউল।

২৮শ বিহু- বৰবাকাৰা, বানেইকুচি, কলিতাপাৰাৰ দেউল।

২৯শ বিহু- মাহৰিপাৰা জগন্নাথ মন্দিৰৰ দেউল।

৩০শ বিহু- ঝাৰগাঁও, ভকতপাৰা, বালিপোতা আৰু জনাৰামচৌকাৰ দেউল।

৩১শ বিহু- শিলৰ খুটি মন্দিৰ, বাৰোৱাৰী, টেঙাবাৰী আৰু মঙ্গলদৈ শিৱমন্দিৰৰ দেউল।

বৰ্তমান ঠায়ে ঠায়ে বহুকেইটা নতুন দেউলৰ সৃষ্টি হৈছে। আনকি কোনো কোনো ঠাইত জেঠ মাহতো দেউল উৎসৱ পতা দেখা যায়। ইয়েই দেউল উৎসৱৰ ক্ৰমবৰ্দ্ধমান জনপ্ৰিয়তাৰ ইংগিত বহন কৰিছে।

দেউল উৎসৱৰ তাৎপৰ্য: দেউল উৎসৱৰ জৰিয়তে দৰঙী ৰজাসকলে জনসাধাৰণৰ মাজত ধৰ্মীয় ভাৱ-ধাৰাৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একতা আৰু ভাতৃত্ববোধ জগাই তুলিবলৈ সক্ষম হৈছিল। এই উৎসৱত বিষ্ণু পূজাৰ উপৰিও বিৰাট মেলাৰ আয়োজন কৰা হয়। দৰঙৰ ডাঙৰ ডাঙৰ দেউল উৎসৱ যেনে- ঘোঁৰাবান্ধা, বুঢ়ীনগৰ আদি দেউলবোৰ অত্যাৱশ্যকীয় অথচ দূৰ্লভ স্থানীয় বয়-বস্তু যেনে- শিমলুৰ তুলা, পাটি, থেকেৰা টেঙাৰ শুঠি, তেতেলি, বাঙি, তৰমুজ আদিৰ লগতে সৰ্থেবাৰী, হাজো আদি ঠাইৰ কাঁহ-পিতলৰ বাচন-বৰ্তন, লোঁৰ সা-সৰঞ্জাম বেচা-কিনা কৰা বৃহৎ মেলালৈ পৰ্যবসিত হৈ এই উৎসৱৰ অৰ্থনৈতিক দিশটোও প্ৰকট হৈ পৰাটো পৰিলক্ষিত হৈছে। আনহাতে উৎসৱ থলিত বিহু, সুকনানি ওজাপালি, ব্যাহৰ ওজাপালি, দেওধনী নৃত্য, ঢেপা-ঢুলীয়া, বৰ-ঢুলীয়া, চেওচাপৰি নাম, খুলীয়া ভাউৰীয়া আদি বিভিন্ন কলা-কৃষ্টিৰ প্ৰদৰ্শনে এই উৎসৱ অধিক আকৰ্ষণীয় কৰি তোলাৰ লগতে সাংস্কৃতিক দিশত উৎসাহ যোগাই আহিছে। দেউল উৎসৱে ৰঙালী বিহুৰ লেখিয়াকৈ বিয়া-বাৰুৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বহু ক্ষেত্ৰত বিবাহযোগ্য ডেকা-গাভৰুৱে দেউল উৎসৱ চাবলৈ অহাৰ গইনা লৈ নিজৰ প্ৰিয়জনক লগ ধৰাৰ সুবিধা পায়। কেতিয়াবা কেতিয়াবা আকৌ ডেকা-গাভৰু উভয়ে বাপেক-মাকৰ চকুত ধূলি দি দেউল চাবলৈ অহাৰ সুবিধা গ্ৰহণ কৰি পলাই গৈ ঘৰ-সংসাৰ কৰাৰ অনেক উদাহৰণ আছে। এইক্ষেত্ৰত বুঢ়ীনগৰ দেউলত হেনো ল’ৰাই ছোৱালী পলুৱাই নিয়াটো সাধাৰণ ঘটনা হিচাবেই মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। দৰঙী ৰাইজে বিশ্বাস কৰে দেউলৰ ভেঁটিৰ চাৰিওফালে ঘুৰিলে পূৰ্বজন্মৰ পাপ মোচন হয়। দেউলত সেৱা কৰিলে বসন্ত, কলেৰা আদি মাৰি-মৰক, অপায়-অমঙ্গল দূৰ হয়। দেউলৰ ভেঁটিৰ মাটি হাঁহ উমনিত দিলে আটাইবোৰ কণীৰ পোৱালী জগে। দেউলত ভক্তি ভাৱে অংশগ্ৰহণ কৰিলে বিবাহযোগ্য ছোৱালীৰ বিয়া নামে। এনে ধৰণৰ বহুতো লোক-বিশ্বাস দেউল উৎসৱৰ লগত জড়িত হৈ আছে।

অসমৰ বিভিন্ন উৎসৱ-অনুষ্ঠানৰ বুৰঞ্জীত দেউল উৎসৱে এখনি সুকীয়া আসন লাভ কৰিছে। এই অঞ্চলৰ লোকসকলে দেউল-পূজা কৰা আৰু দেউল দৰ্শন কৰা দুয়োটাই বৰ পৱিত্ৰ জ্ঞান কৰে আৰু যিজনে দেউল পূজা কৰে, তেওঁৰ বৰ পুণ্য অৰ্জন কৰে বুলিও বিশ্বাস কৰে। যুক্তিক দূৰৈত ৰাখি বিশ্বাসৰ মাজেৰে জীৱন যাপন কৰা সৰল দৰঙী লোক-মনৰ এক অনন্য প্ৰকাশ এই দেউল উৎসৱসমূহ। ই অনস্বীকাৰ্য যে সামাজিক প্ৰকাৰ্য সাধনত দেউল উৎসৱৰ দৰে লোক-উৎসৱসমূহৰ সুদূৰপ্ৰসাৰী ভূমিকা আছে।

লেখক: কন্দৰ্প কুমাৰ নাথ

উৎস: অসম সংবাদ

শেহতীয়া উন্নীতকৰণ: : 3/8/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate