অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দৰঙৰ মথেনী

দৰঙৰ মথেনী

মথনী দৰঙৰ প্ৰসিদ্ধ ‘দেৱানন্দ সত্ৰ’ত কাতি বিহুৰ দিনা উদ্‌যাপিত এক মনোৰম লোক-উৎসৱ। দৰঙী ভাষাত ইয়াক ‘মথেনী’ বুলি কোৱা হয়। মথনী বা মথেনী শব্দটো সংস্কৃত ‘মন্থন’ শব্দৰপৰা বিকশিত। সত্ৰৰ সত্ৰাধিকাৰসকলৰ দ্বাৰা এই উৎসৱ প্ৰতি বছৰে আয়োজন কৰা হয় যদিও ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাই এই উৎসৱ আকৰ্ষণীয় কৰি তোলে। এই উৎসৱ উপভোগ কৰিবলৈ বহু দূৰণিৰপৰা মানুহৰ সমাগম হয়। বহু দিনৰেপৰা প্ৰচলিত এই উৎসৱক উদাৰ দৰঙী কোচ ৰজাসকলে পৃষ্ঠপোষকতা প্ৰদান কৰি অধিক জনমুখী কৰি তোলে। মথনী উৎসৱৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াৰ অভিনয় প্ৰসংগ। লোক নাট্যৰ বিভিন্ন সমলেৰে ঠাহ খাই থকা অসমৰ বাৰে বৰণীয়া লোক উৎসৱ সমূহৰ ভিতৰত দৰঙৰ মথনী নি:সন্দেহে অন্যতম। ইয়াত দেৱতা-দানৱৰ সাগৰ-মন্থনৰ সেই পৌৰাণিক কাহিনীৰ দৃশ্য ৰূপান্তৰিত কৰা হয়। মন্দিৰৰ ওচৰত উৎসৱ উপলক্ষে দিয়া প্ৰকাণ্ড ৰভাতলীত মানুহৰ সমাগম হয়, মেলা বহে। ৰাতিপুৱাৰ পৰাই বিষ্ণু মন্দিৰত হোম-নাম-কীৰ্তন আদি কৰা হয়। ৰভাতলীৰ সোঁমাজত ডাঙৰ কলহ এটা পুতি তাৰ মাজত চক্ৰ এটা বহুৱাই এডাল দীঘল মথনীৰ দণ্ড দিয়া হয়। মথনী দণ্ডৰ ওপৰত ৰং বিৰঙৰ চাৰিখন ধনু আঁৰি দিয়া হয়। তাত দধি, দুগ্ধ আদি পঞ্চামৃত পিঠাগুৰিৰে মিহলাই ওপৰত বান্ধি দিয়া হয়। এই অনুষ্ঠানৰ প্ৰতীকী অৰ্থবোৰ এনেকুৱা – দ গাঁতটো ক্ষীৰ সাগৰ, চক্ৰটো কুৰ্মৰূপী শ্ৰীবিষ্ণু, দণ্ডডাল মন্দৰ পৰ্বত আৰু দণ্ডত মেৰিয়াই থোৱা ৰচীডাল বাসুকী নাগ। উৎসৱৰ আগদিনা সন্ধিয়াতে নামতীসকলে পানী তোলে, উৰুলি-জোকাৰেৰে মথনীৰ কলহটোত পানী ভৰাই ঘট প্ৰতিষ্ঠা কৰে। তামোল-পাণ, মাননি, সেৱা-সৎকাৰেৰে গোঁসাই পৰিয়ালৰ মূল তিৰোতা গৰাকীয়ে পানী তোলা ঘট লয় আৰু প্ৰথমতে তিনিবাৰ মান মথনীৰ ৰচিডাল লৰাই গুচি যায়। ইয়াৰ পিছত চাৰিজন ল’ৰা আহি নামুৱৈৰ দধি মথনৰ গীত আৰু তালৰ সৈতে সামঞ্জস্য ৰাখি দধি মথাৰ অভিনয় প্ৰদৰ্শন কৰে। উৎসৱৰ দিনাও একেদৰে দধি মথনৰ আয়োজন হয়। মূল সাগৰ মন্থনৰ অভিনয় উৎসৱৰ দিনা ৰাতিহে অনুষ্ঠিত হয়। নাম ধৰা দলে নাম লগাই দিয়ে। সত্ৰৰ বয়োজ্যেষ্ঠ, জ্ঞানোজ্যেষ্ঠসকলে সুন্দৰ বগা সাজ পোচাকেৰে তাত নৃত্য ভংগিমাৰে প্ৰৱেশ কৰে। এগৰাকী সত্ৰীয়াই হাতত চোঁৱৰ লৈ দলটোৰ আগত থাকে। এওঁ সূত্ৰধাৰ। কথা আৰু গীতেৰে বিষ্ণু বন্দনা, সাগৰ মন্থনৰ কাৰণ বৰ্ণনা কৰে। তেনেদৰেই ছোৱালীসকলে দেৱতাৰ ভাও লৈ আৰু সত্ৰৰ শিষ্য-প্ৰশিষ্যই দানৱৰ ভাও লৈ মথনী দণ্ডৰ ৰচীৰ দুয়োমূৰে ধৰি সাগৰ মন্থনৰ দৃশ্য ৰূপায়িত কৰে। ভাৱৰীয়া সকলৰ চং, হৈ-চৈয়ে পৰিবেশ মুখৰ কৰি তোলে। এই দৃশ্যই মথেনীৰ অন্যতম বৈশিষ্ট্য। মন্থনৰ সমাপ্তি ঘটে – মথনী জৰী ছিগিলে। তাৰ পিছত দণ্ডৰ ওপৰত থকা পঞ্চামৃত ভাণ্ডটি আনি সকলোৱে আনন্দেৰে অমৃত জ্ঞান কৰি খায়। এই সাগৰ মন্থনৰ অভিনয়ত জনসমাজৰ লোক বিশ্বাস জড়িত। ঐশ্বৰ্য-বিভূতিৰ দেৱী লক্ষ্মীয়ে নানা অপায়-অমংগল নাশক অমৃত খুৱাই সাগৰ মন্থনৰ পিছত মাৰি-মৰক নাশ কৰি ৰাইজক সুখ-আনন্দ দিয়ক – এয়াই হয়তো মথনীৰ সাগৰ মন্থন দৃশ্যৰ অন্তৰালত নিহিত তাৎপৰ্য। সেয়েহে মথনী জৰীৰ অংশ ঘৰলৈ নি পবিত্ৰতাৰে ৰখাটো দৰঙৰ ৰাইজৰ অন্যতম হাবিয়াস।

লিখক: শ্ৰী হেমেন ৰাজবংশী, অসমীয়া সংস্কৃতিৰ কণিকা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate