অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নামঘোষাঃ এটি চমু আলোকপাত

নামঘোষাঃ এটি চমু আলোকপাত

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰে মাধৱদেৱো আছিল বহুমুখী প্ৰতিভাসম্পন্ন মহাপুৰুষ।নৱ-বৈষ্ণৱ ধর্ম প্ৰচাৰৰ ক্ষেত্ৰত শংকৰদেৱৰ প্ৰধান সহায়ক আছিল মহাপুৰুষ মাধৱদেৱ।মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ ‘নামঘোষা’। মহাপুৰুষ শংকৰদেৱৰ তিৰোধানৰ পাছত ১৫৯০-১৫৯৬ চনৰ ভিতৰত কোচবিহাৰৰ ভেলাডোঙা নামৰ ঠাইত মাধৱদেৱে লিখিছিল নামঘোষা।এই মহান গ্ৰন্থখনি মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ পূর্ণ অভিজ্ঞতাৰ ছন্দোময় অভিব্যক্তি।এহেজাৰ ঘোষা থকা বাবে পুথিখনক ‘হেজাৰী ঘোষা’ নামেও জনাজাত।অৱশ্যে দুই এখন ছপা পুথিত এহেজাৰ এটা ঘোষাও দেখা যায়।ইয়াৰ ছশমান ঘোষা ভাগৱত,গীতা,বৃহন্নাৰদীয় পুৰাণ আদি গ্ৰন্থৰ ভক্তিপ্ৰধান শ্লোকৰ ৰসাল অনুবাদ আৰু বাকীখিনি তেখেতৰ আধ্যাত্মিক অভিজ্ঞতাৰপৰা নিগৰি ওলোৱা।ভাববস্তুৰ লগত ৰুপবস্তুৰ সাৱলীল সামঞ্জস্যতাই বিষয়বস্তুক ভক্তিৰসত পৰিণত কৰাত নিতান্তই সফল হোৱা নামঘোষাৰ লগত কাৰোৰে তুলনা নহয়।নামঘোষা এনে এখন পুথি য’ত কীর্তনৰ দৰে কাহিনীৰ সমাৱেশ নাই,আছে মাথোঁ পাঠক শ্ৰোতাক ভক্তিৰসেৰে আপ্লুত কৰি ডুবাই ৰাখিব পৰা গুণ।

নামঘোষা মাধৱদেৱৰ জীৱনৰ শেষ বয়সৰ ৰচনা,সেয়েহে ড০ কাকতিয়ে গ্ৰন্থখনিক মাধৱদেৱৰ ‘মহাপ্ৰস্থানিক গীত’ বুলিছে।কাকতিয়ে ক’বৰ দৰে ‘নামঘোষা’ ত “পুণ্যশ্লোক শংকৰ-স্মৃতি, মাধৱদেৱৰ আত্ম-লঘিমা আৰু কৃষ্ণভক্তি-মাহাত্ম্য” এই তিনিভাবৰ সমাৱেশ ঘটিছে আৰু এই তিনি ভাবৰ গুৰি হৈছে-”ৰসময়ী ভক্তিৰ তিনিটি ভাবৰ গভীৰ আবেগ।”এই ৰসময়ী ভক্তিৰ কথা কবিয়ে গ্ৰন্থৰ পদ-ফাঁকিতেই ব্যক্ত কৰিছে-

“মুক্তিত নিস্পৃহ যিটো/ সেহি ভকতক নমো/ৰসময়ী মাগোহো ভকতি।/সমস্ত মস্তক-মণি/নিজ ভকতৰ বশ্য/ভজো হেন দেৱ যদুপতি।।/

মাধৱদেৱে নামঘোষাত শংকৰদেৱকেই অসমৰ বৈষ্ণৱ ধর্মৰ একমাত্ৰ গুৰু হিচাপে নির্দেশ কৰিছে।তেওঁ গুৰু-মাহাত্ম্য প্ৰসংগত কৈছে-”যিটো মহামতি গুৰুজনে/হৰি ভক্তিপথ উপদেশ/দিয়া দুখঃময় সংসাৰৰ পাৰ কৰে।” সেই গুৰুজনাৰ ঋণ আন্তৰিক ভক্তিপূর্ণ অঞ্জলিৰ বাহিৰে আনেৰে সুজিব নোৱাৰি।’নামঘোষা’ ত ‘একশৰণীয়া নামধর্ম’ৰ মাহাত্ম্য, ভক্তকবিৰ আত্মবিলুপ্ত হোৱা ভক্তিভাব আৰু ভগৱানৰ নাম-গুণ বর্ণিত হৈছে।ভক্তিৰ ভিতৰত শ্ৰৱণ-কীর্তনৰ শ্ৰেষ্ঠত্ব,ব্যভিচাৰী ভক্তিৰ নিন্দা আৰু কবিৰ ব্যক্তিগত কাৰুণ্য,খেদ,কাকুতি, প্ৰার্থনা আদি প্ৰকাশ পাইছে। ‘খেদ’ অধ্যায়ত কবিয়ে অলপ কথাৰ মাজেদি কিমান মর্মস্পর্শীভাৱে অন্তৰৰ আকুলতা জনাইছে-

“মোৰ প্ৰভু নাৰায়ণ এ/

নছাৰিবা ইবাৰ মুৰাৰি,

হৰি হৰি লৈয়ো মোক মায়াক নিবাৰি/”

কবিয়ে দেখিছে , মায়াৰ কাৰণে তেওঁ বাৰে বাৰে সংসাৰত জন্মগ্ৰহণ কৰি নানা যন্ত্ৰণা ভুগিছে,গতিকে প্ৰভুয়ে ‘ইবাৰ’ অর্থাত্‍ এই জনমতেই যেন মায়াৰপৰা নিষ্কৃতি দি উদ্ধাৰ কৰে।এইদৰে নামঘোষাত কবিৰ সংসাৰৰ প্ৰতি বৈৰাগ্য আৰু ভগৱানৰ ওচৰত আত্মসমর্পণৰ ভাব প্ৰকাশ পাইছে।

“পীয়ু পীয়ু অমিয়া মাধুৰী হৰি ৰাম ৰাম ৰাম।/দূৰতে তেজিয়া থৈয়ো আন যত মন কাম ৰাম ৰাম।।”-বৈষ্ণৱ ধর্মত নৱধা ভক্তিৰ কথা কোৱা হৈছে।শ্ৰৱণ,কীর্তন,স্মৰণ,অর্চন,পদসেৱন,দাস্য,সখিত্ব,বন্দন আৰু দেহা অর্পণ।উল্লেখিত নৱধা ভক্তিৰ ভিতৰত নামঘোষাত দাস্য ভকতিৰ সোঁতহে প্ৰবাহিত হৈছে।মাধৱদেৱৰ আত্মলঙ্ঘিমাই নামঘোষাক এক অপূর্ব কাব্যিক ৰুপত প্ৰকাশ লাভ কৰিছে।

গুৰু স্মৃতি সাৰোগত কৰি কৃষ্ণনাম হৃদয়ত ধৰি নামঘোষা মহাগীতৰ মাজেদি একান্ত ভক্তিৰস ঢালি দিছে।শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰাজিৰ কেন্দ্ৰীয়ৰুপে ভগৱান শ্ৰীকৃষ্ণ থকাৰ দৰে নামঘোষাতো কৃষ্ণক ভগৱান স্বয়ংৰুপে প্ৰতিপাদন কৰিছে।সংসাৰৰ যন্ত্ৰণাৰপৰা উদ্ধাৰৰ পথৰ সন্ধান পোৱাৰ পিছত সেই পথত নিজৰ ইন্দ্ৰিয়সমূহ সর্বস্ব নিয়োজিত কৰি দিব নোৱাঁৰা ধৰণৰ খেদ ভৰা আকুলতা নামঘোষাৰ কাব্যানন্দৰ অন্যতম উত্‍স।তত্ত্ব প্ৰতিপাদন আৰু ভক্তিৰসৰ মাজত মাধৱদেৱে বাৰে বাৰে ভক্তিৰসৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি অকপট শ্ৰদ্ধা,ভক্তি, স্মৃতি আৰু মহত্ত্বৰ গুণগান কৰিছে।ছন্দ,অলংকাৰ , শব্দচয়ন আদিৰ দিশতো নামঘোষা অনন্য।এই সকলো সম্পদ মিলি নামঘোষা অসমৰ ভক্তিধর্মৰ আৰু সাহিত্যৰ চাৰিখন প্ৰধান গ্ৰন্থৰ অন্যতম বিবেচিত হৈছে।

ভক্তিধর্মৰ আধাৰ হোৱাৰ উপৰিও নামঘোষা অপূর্ব কাব্য সৌন্দর্যৰে মহিমামণ্ডিত গ্ৰন্থ।নামঘোষা ত দার্শনিক তথ্যৰ প্ৰগাঢ়তা, ভাষাৰ মধুৰতা আৰু ছন্দৰ প্ৰাঞ্জলতাৰ মাজতো মাধৱদেৱৰ দাস্য ভাবসিক্ত,ভক্তিকাতৰ প্ৰাণৰ কৰুণ বিননি প্ৰতিধ্বনিত হৈছে আৰু এই কাৰুণ্যই নামঘোষাৰ সাহিত্যিক সৌন্দর্য বঢ়াইছে।নানান উত্‍সৰ পৰা সাৰ সংগ্ৰহ কৰি অনুবাদৰ মাজেদি এই গ্ৰন্থখনৰ ভালেখিনি পদ ৰচিত হলেও মাধৱদেৱৰ অসাধাৰণ কাব্য প্ৰতিভাৰ মহত্ত্বৰে সেই অনুবাদসমূহ সাৱলীল কাব্যময় আৰু মৌলিক সৃষ্টিৰ দৰে হৈছে।নামঘোষাৰ অমৃত ৰসৰ কথা ব্যাখ্যা কৰি অন্ত কৰিব নোৱাৰি।এই মহান গ্ৰন্থখনি ৰ অনুবাদ ইতিমধ্যে ইংৰাজী ভাষালৈ অনুবাদ হোৱাটো অতি আনন্দৰ কথা।বেণুধৰ ৰাজখোৱাৰ ‘The Holy Numghosha’,সৰোজ দত্তৰ ‘The Divine Verses’(1997) ৰ নাম এই প্ৰসংগতে উনুকিয়াব পাৰি।এনে প্ৰচেষ্টাই নামঘোষাৰ মহত্ত্ব বিশ্বদৰবাৰলৈ লৈ যাব বুলি আশা কৰিব পাৰি।

এলিজা তালুকদাৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate