অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নামৰ মাহ ভাদ আৰু বৰদোৱা, বৰপেটা

নামৰ মাহ ভাদ আৰু বৰদোৱা, বৰপেটা

ইছলাম ধৰ্মাৱলম্বী লোক এজনৰ বাবে ৰমজান মাহ যিমান পবিত্ৰ, বৈষ্ণৱ ধৰ্মী অসমীয়াৰ বাবেও সিমানেই পবিত্ৰ ভাদ মাহ। ভক্তিৰসৰ সাগৰ বৈ যায় এই মাহটোত। হৰিবন্দনাৰে মুখৰিত হৈ পৰে অসমীয়া জাতীয় সংস্কৃতিৰ যাদুঘৰস্বৰূপ নামঘৰ। কৃষক, বনুৱা, শিপিনী, ৰোৱনী সকলোৰে বাবে হেঁপাহৰ মাহটো যেন বছৰৰ প্ৰতীক্ষাহে। কাহিলিপুৱাতে হালখন লৈ পথাৰলৈ যোৱা কৃষকজন, বেলি ওলোৱাৰ লগে লগে মুখত কিবা অলপ ভৰাই চহৰৰ বজাৰলৈ যোৱা ক্ষুদ্ৰ ব্যৱসায়ীজন—গধূলি এপাক নামঘৰলৈ যাবলৈ কোনেও নাপাহৰে। প্ৰায় সমগ্ৰ মাহজুৰি ৰাজ্যত নাম-প্ৰসংগ চলে।গঞাই পাল পাতি নামঘৰত প্ৰসাদ আগবঢ়ায়। কিয় পবিত্ৰ হিচাপে গণ্য কৰা ভাদমাহক?

ভাদ মাহতে পৰিছে অসমীয়া জাতি গঠনৰ ভেটি তৈয়াৰ কৰা দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি। তদুপৰি শ্ৰীকৃষ্ণ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথিও ভাদ মাহতে। এই কথাকে সৰোগত কৰিভাদ মাহটোক অতি পবিত্ৰ বুলি গণ্য কৰি নামঘৰে নামঘৰে মাহজুৰি নাম-কীৰ্তন কৰাহয়। ভাদ মাহৰ তাৎপৰ্যক অইন ধৰণেও বিচাৰ কৰি চাব পাৰি। ব’হাগৰ পৰা শাওণমাহলৈ কৃষকে ব্যস্ততাপূৰ্ণ সময় পাৰ কৰে। পথাৰখন শস্যসম্ভৱা কৰি তুলিবলৈ কৃষকে কঠোৰ শাৰীৰিক শ্ৰম কৰিব লগা হয়। কৃষকে শাওণৰ পথাৰত কঠীয়া ৰুই দুচকুত আঁকি লয় সোণালী ভৱিষ্যতৰ জিলমিল সপোন। ভাদ মাহ যেন অলপ জিৰণিৰ সময়। জিৰণিৰ সময়ছোৱাত দুয়োজনা মহাপুৰুষ, শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱৰ দিন পৰাত আধ্যাত্মিক ভাৱত বুৰ গৈ কৃষকে পৰম শান্তিৰ প্ৰাৰ্থনা কৰে। সেৱাৰ থলীলৈ গৈ হৰিনামৰে ক্লান্ত দেহালৈ প্ৰাণ চঞ্চলতা ঘূৰাই আনে। ঘৰৰ মুৰব্বীগৰাকীয়ে ঘৰখনৰ অপায়-অমংগল দূৰ কৰাৰ প্ৰাৰ্থনা কৰি ভকত-বৈষ্ণৱৰ ওচৰত মূৰ দোৱাই আশিস লয়। বহুতো অসমীয়াই ভাদ মাহত বৰদোৱা, বৰপেটা আদি নামঘৰত শৰাই এখন দিয়াৰ ‘মানস’ কৰে। ভাদমহীয়া নাম-কীৰ্তনৰ বাবে ৰাজ্যৰ কেইবাখনো নামঘৰ বা সত্ৰ ভকতসমাজত প্ৰসিদ্ধ যদিও এই লিখাত বৰদোৱা আৰু বৰপেটা নামঘৰত অনুষ্ঠিত ভাদমহীয়া অনুষ্ঠানৰ বিষয়ে কিঞ্চিত লিখাৰ প্ৰয়াস কৰা হৈছে।

বৰদোৱা থান

‘জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দূতয়,
সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়।’

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপজা ভূমি বটদ্ৰৱা বা বৰদোৱা। নগাঁও চহৰৰ পৰা প্ৰায় ১৮কিলোমিটাৰ নিলগৰ এখন সৰু ঠাই। বৰদোৱাত দুখন সত্ৰ আছে—শ্ৰীশ্ৰীনৰোৱা সত্ৰআৰু শ্ৰীশ্ৰীশলগুৰি সত্ৰ।দুয়োখন সত্ৰতে অতীজৰ পৰাই ভাদ মাহত চৈধ্য প্ৰসংগ কৰা হৈ আহিছে। পবিত্ৰ ভাদ মাহৰ প্ৰতিদিনেই সহস্ৰাধিক ভক্তৰ সমাগম ঘটে। শ্ৰীমন্তশংকৰদেৱৰ তিথিত ভাওনা কৰা হয়। দিনত ভোজন বিহাৰ আৰু ৰাতি সাধাৰণতে ‘ৰুক্মিণী হৰণ’ বা ‘কংসবধ ভাওঁনা’ পৰিবেশন কৰা হয়। মাধৱদেৱৰ তিথিত দিনত ‘দধিমথন’ আৰু নিশা ‘পাৰিজান হৰণ’ পৰিবেশন হয়। জন্মোৎসৱত জন্মযাত্ৰা, নন্দোৎসৱ, বোকা ভাওঁনা কৰা হয়। আনহাতে পুৱাৰ পৰা নিশালৈ চলা নাম-প্ৰসংগত পুৱা তাল-প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল-প্ৰসংগ, নাম, ঘোষা-কীৰ্তনৰনাম, অইসকলৰ নাম। ইয়াৰ পিচতেই গুণমালা, বিয়লি খোল-প্ৰসংগ, ঘোষা, নিশালৈ প্ৰংসগীয়া নাম আৰু খোলৰ মেহপা লগোৱা হয়। এয়াই চৈধ্য প্ৰসংগ।

বৰপেটা সত্ৰ

মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰৰ বিষয়ে নতুনকৈ ক’বলগা একো নাই। দ্বিতীয় বৈকুণ্ঠ ধাম বুলি কোৱা হয়। আজি এক বিংশ শতিকাতো ঐতিহাসিক চহৰখনত ২৪ঘণ্টাই নাম-প্ৰসংগ হৈয়েই থাকে। ক’ৰবাত নহয় ক’ৰবাৰ পৰা নামৰ ধ্বনি কাণতপৰিবই। বৰপেটা সত্ৰত গুৰু দুজনাৰ লগতে মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি (স্থানীয় ভাষাত কীত্তান) ভক্তিপূৰ্ণ পৰিবেশত অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰদেৰ তিথি সাতদিনীয়া, শ্ৰীমন্ত মাধৱদেৱৰ তিথি দহদিনীয়া আৰু মথুৰা দাসবুঢ়া আতাৰ তিথি পাঁচদিনীয়াকৈ পালন কৰা হয়। সেই সময়ত বৰপেটা সত্ৰ হেজাৰহেজাৰ ভক্তৰে মুখৰিত হৈ পৰে। শ্ৰীমন্ত শংকৰদেৰ সাতদিনীয়া তিথিত প্ৰসংগৰ উপৰি ঘোষা কীৰ্তন, ব্যাহ-কীৰ্তন, গায়ন-বায়নে নিৰ্দিষ্ট বৰগীত, ৰাসৰ গীত, অংকৰ গীত গোৱাৰ উপৰি গুৰুঘাত, ঘোষাধেমালি, বৰধেমালি আদি বজাই সত্ৰতস্বৰ্গীয় পৰিবেশ ৰচনা কৰে। মহাপুৰুষ মাধৱদেৱৰ তিথিত দহোদিনে নাম-কীৰ্তনীয়া, গায়ন-বায়নে নিৰ্দিষ্ট গীত, পদ, ঘোষা আদি গাই খোল-তালৰ ধ্বনিৰে মুখৰিত কৰি তোলে। ভাদ মাহৰ কৃষ্ণা পঞ্চমীত মাধৱদেৱৰ কীৰ্তনৰ মূলসবাহ অনুষ্ঠিত হয়। কৰভাৰ প্ৰদান বৰপেটা সত্ৰৰ অন্যতম আকৰ্ষণীয় অনুষ্ঠান।মহাপুৰুষ মাধৱদেৱে মথুৰা দাস বুঢ়া আতাক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পাতিকৰ আগবঢ়াইছিল। সেই পৰম্পৰা আজিও বিদ্যমান। বৰপেটাৰ ২২ হাটীৰ তিনিখন থূলহাটীয়ে কৰভাৰ প্ৰদান কৰি আহিছে। শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তনত বৃন্দাবনহাটীৰ, শ্ৰীমন্ত মাধৱদেৱৰ কীৰ্তনত দক্ষিণহাটীৰ আৰু বুঢ়া আতাৰ কীৰ্তনত নহাটীৰ বাপসকলে গায়ন-বায়ন, নাম-কীৰ্তনীয়া সমন্বিতে সহস্ৰাধিক ভক্তইতাল-খোল-গীত-নৃত্য আদিৰ লগতে হৰিধ্বনিৰে শোভাযাত্ৰা কৰি কৰভাৰ সত্ৰলৈনিয়ে। সেই মনোৰম দৃশ্য চকুৰে নেদেখিলে বুজাই ক’লৈ টান। কৰভাৰত চাউল, তেল, নিমখ, কোমোৰা, ঔটেঙা আদি থাকে।

লিখক: ৰঞ্জিত গোবিন্দ বৰা।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate