অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰাক-স্বৰাজ অসমৰ শিল্পী আৰু শিল্পকলা

প্ৰাক-স্বৰাজ অসমৰ শিল্পী আৰু শিল্পকলা

 

কুৰি শতিকাৰ দ্বিতীয়-তৃতীয় দশকৰ পৰা অসমৰ শিল্পকলাৰ ক্ষেত্ৰত বিশেষকৈ চিত্ৰকলাত আধুনিকতাৰ সুত্ৰপাত হয়।সেই সময়ত আমাৰ আধুনিকতাৰ পৰিৱেশত আধিনিক ভাস্কৰ্য আৰু ভাস্কৰৰ সৃষ্টি পলমকৈ হয়।তুলনামুলকভাৱে অসমত আজিও চিত্ৰকলাৰ দৰে ভাস্কৰ্য কলাই গা কৰি উঠিব পৰা নাই।অৱশ্যে ব্যক্তিৰ মুৰ্তি-প্ৰতিমুৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত পাছ পৰি থকা নাই।যি নহওক ,আমাৰ এই চমু আলোচনাত প্ৰাক-স্বৰাজ অসমত জন্মগ্ৰহণ কৰা প্ৰয়াত আৰু জীৱিত সত্তৰোৰ্দ্ধ শিল্পীসকলৰ লগতে আধুনিক শিল্পকলাৰ পথিকৃৎ স্বৰুপ কেইগৰাকীমান শিল্পী আৰু তেওঁলোকৰ শিল্পকৰ্মৰ বিষয়ে কিছু আভাস দিয়াৰ যত্ন কৰা হৈছে।

প্ৰাক-স্বৰাজ অসমত তৃতীয়-চতুৰ্থ দশকতে আত্ম প্ৰকাশ কৰা শিল্পীসকলৰ বিষয়ে প্ৰয়োজনীয় তথ্য আৰু মুল শিল্পকৰ্ম পাবলৈ নাই।অসম ৰাজ্যিক সংগ্ৰহালয়,শোণিতপুৰৰ জিলা সংগ্ৰহালয় আদিৰ লগতে অসমৰ বিভিন্ন ঠাইত শিল্পীৰ পৰিয়াল তথা ব্যক্তিগত সংগ্ৰহত বিক্ষিপ্তভাৱে কিছু শিল্পকৰ্ম আছে যদিও সেইবোৰ যথোপযুক্ত ভাবে সংৰক্ষিত হোৱা নাই।ইতিমধ্যে কিছু কাকত,সাময়িকী আদিত এই শিল্পীসকলৰ বিষয়ে ছেগা-চোৰোকাকৈ আলোচনা হৈছে যদিও এনে বিষয়ত গৱেষণাৰ থল আছে।

অসমত আধুনিক শিল্পচৰ্চাৰ প্ৰাৰম্ভিক কালত কেইবাগৰাকীও স্ব-শিক্ষিত শিল্পীৰ ভুমিকা লেখত ল’বলগীয়া আৰু এনে শিল্পীৰ ভুমিকা আজিও আছে।অৱশ্যে তেতিয়াৰ তুলনাত এতিয়াৰ পৰিৱেশ,সুযোগ-সুবিধাৰ বিৰাট পৰিৱৰ্তন ঘটিছে।

বিগত শতিকাৰ ষাঠি-সত্তৰৰ দশকলৈ অসম তথা স্কুলত শিক্ষাপ্ৰাপ্ত আৰম্ভণিৰ কেইগৰাকীমান শিল্পী আছিল ডিব্ৰুগড়ৰ মুক্তা বৰদলৈ,যোৰহাটৰ সুৰেন বৰদলৈ,তেজপুৰ ৰ জগত সিং কছাৰী,প্ৰতাপ বৰুৱা আৰু নগাঁৱৰ শশীধৰ শইকীয়া প্ৰমুখ।এই শিল্পীকেইগৰাকীৰ কিছুমানে আৰ্থিক অভাৱ আদিৰ কাৰণে আধাতে পাঠ্যক্ৰম সামৰি নিজ ঘৰলৈ উভতি আহিছিল।এই সময়ৰ শিল্পীসকলৰ শিল্পকৰ্মত বৃটিছ একাডেমিক ধাৰা আৰু বেংগল স্কুলৰ প্ৰভাৱ পৰিলক্ষিত হয়।বহুতেই স্থানীয় বিষয়বস্তুক লৈ ব্যস্তৱধৰ্মী চিত্ৰ অংকন কৰিছিল-প্ৰাচ্য আৰু পাশ্চাত্যৰ প্ৰভাৱেৰে তেল ৰং,পানী ৰং ইত্যাদি মাধ্যমত আৰু কিছুমানে ভিক্টোৰিয়ান প্ৰভাৱেৰে প্ৰতিকৃতি অংকনত সিদ্ধহস্ত আছিল।এইদৰে পৰৱৰ্তী সময়ত চল্লিশ-পঞ্চাশৰ দশকলৈ আনুষ্ঠানিক শিক্ষাপ্ৰাপ্ত আৰু স্ব-শিক্ষিত কিছু শিল্পীৰ আত্ম প্ৰকাশ ঘটিছিল।এইসকলৰ ভিতৰত আছিল জীৱেশ্বৰ বৰুৱা,বিষ্ণুপ্ৰসাদ ৰাভা,গজেন বৰুৱা,তৰুণ দুৱৰা,অভয় দুৱৰা,আশু দেৱ,হেমন্ত মিশ্ৰ প্ৰমুখ।দেৱ আৰু মিশ্ৰৰ চিত্ৰত কিছু সুকীয়া ধাৰা দেখা যায়।

বিগত শতিকাৰ ত্ৰিশৰ দশকৰ পৰা স্বাধীনতা লাভৰ আগমুহুৰ্তলৈকে জন্মগ্ৰহণ কৰা আৰু ষাঠি-সত্তৰৰ দশকত প্ৰতিষ্ঠা লাভ কৰা প্ৰায়সকলৰ বেছিভাগেই শান্তি নিকেতনত থকা বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰতিষ্ঠা কৰা কলা ভৱনৰ (১৯১৯)শিক্ষাৰ্থী।এই সকলৰ ভিতৰত প্ৰয়াত মদন মোহন লহকৰ,পদুম চন্দ্ৰ বুঢ়াগোহাঁই,ৰমেশ ঘোষ,মাধৱ বৈশ্য,শোভা ব্ৰ্হ্ম,হেমাংগিনী বৰদলৈ,অতুল চন্দ্ৰ বৰুৱা,তপন বৰদলৈ আৰু স্ব-শিক্ষিতসকলৰ ভিতৰত লম্বোদৰ হাজৰিকা,প্ৰসেনজিৎ দুৱৰা প্ৰমুখ শিল্পীসকলৰ বৰঙণি প্ৰণিধানযোগ্য।বয়োজ্যেষ্ঠসকলৰ ভিতৰত নীলপৱন বৰুৱা,বেণু মিশ্ৰ,সোণাৰাম নাথ,গিৰীশ চন্দ্ৰ বৰা,কন্দৰ্প শৰ্মা আদিয়ে বৰ্তমানো শিল্প সৃষ্টিত ব্ৰতী হৈ আছে।মুম্বইৰ জেজে স্কুল অব আৰ্টছত শিক্ষিতসকলৰ ভিতৰত প্ৰয়াত প্ৰণৱ বৰুৱা উল্লেখযোগ্য।গৌৰী বৰ্মণ জে জে কলেজ অব আৰ্কিটেক্সাৰত শিক্ষাপ্ৰাপ্ত যদিও চিত্ৰশিল্পৰ লগতে চলচিত্ৰ লাভ কৰিছে।তেনেদৰে প্ৰথমে কাৰ্টুনিষ্ট হিচাপে আত্মপ্ৰকাশ কৰা পুলক গগৈয়ে চিত্ৰকলা আৰু চলচ্চিত্ৰ ক্ষেত্ৰতো সুনাম অৰ্জন কৰে।সমসাময়িকভাৱে মহিলা ভাস্কৰ্য শিল্পী হেলা দাসে বৰোদাৰ এম এছ ইউনিভাৰ্ছিটীৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰে।আমাৰ অনুসন্ধানত এই সময়ৰ সকলো শিল্পীকে সামৰিব পৰাটো সম্ভৱপৰ নহ’ল।

উল্লিখিত শিল্পীসকলৰ কৰ্মত শান্তি নিকেতনৰ প্ৰভাৱ আৰু দুই-এজন অন্যান্য চিত্ৰশৈলীৰ প্ৰভাৱান্বিত যদিও তেওঁলোকৰ বহুতৰে সৃষ্টিত নিজস্ব এটি পৰিচিত পৰিলক্ষিত হয়।দুই-এগৰাকীয়ে বিমুৰ্ত ধাৰাৰ চিত্ৰ ৰচনা কৰাও দেখা যায়-এই দিশত প্ৰসেনজিৎ দুৱৰা,কন্দৰ্প শৰ্মাৰ নাম মনলৈ আহিছে।আলোচিত সময়ৰ দক্ষিণ অসমৰ বৰাক উপত্যকাৰ তিনিগৰাকী শিল্পীৰ নাম বিশেষভাৱে উল্লেখযোগ্য।তেওঁলোক হ’ল-প্ৰয়াত আলী বখশ মজুমদাৰ,বীৰেন্দ্ৰলাল ভৌমিক আৰু মুকুন্দ দেৱনাথ।প্ৰথম গৰাকী সেই সময়ৰ পুব পাকিস্থানৰ (বৰ্তমান বাংলাদেশ)ঢাকা গৱৰ্ণমেণ্ট আৰ্ট কলেজৰ পৰা শিক্ষিত।তেওঁৰ সৃষ্টিত বাস্তৱধৰ্মী ৰুপ দেখা যায়।তেনেদৰে কলিকতাৰ গৱৰ্ণমেণ্ট আৰ্ট স্কুলত শিক্ষিত প্ৰয়াত বৌমিকৰ কামতো একেভাৱৰ ৰুপ সুস্পষ্ট।বিশেষকৈ প্ৰতিকৃতি অংকনত তেওঁৰ ক্ষমতা আনগৰাকী হ’ল শান্তি নিকেতনত শিক্ষিত আৰু তেওঁৰ চিত্ৰতো ইয়াৰ প্ৰভাৱ দেখা যায়।

প্ৰাসংগিকভাৱে উল্লেখ কৰিব বিচাৰিছোঁ যে গুৱাহাটী আৰ্টিষ্টছ গীলডৰ ৪১ তম প্ৰতিষ্ঠা বাৰ্ষিকী উপলক্ষে আয়োজন কৰা “বৰণীয় ২০১৭”শীৰ্ষক কলা প্ৰদৰ্শনীৰ বাবে কিছু সন্ধান-অনুসন্ধান কৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ পৰা মুঠ চল্লিশগৰাকী শিল্পীৰ তালিকা এখন প্ৰস্তুত কৰি লোৱা হয়।ইয়াৰ পিছত তেওঁলোকৰ মুল শিল্পকৰ্ম বিচাৰি প্ৰয়াতসকলৰ পৰিয়ালবৰ্গ,ব্যক্তিগত সংগ্ৰহত থকাজনৰ উপৰি শিল্পকৰ্ম পাব পৰা অন্যান্য উৎসৰ সৈতে টেলিফোন,পত্ৰ আৰু ব্যক্তিগতভাৱে যোগাযোগ তথা সাক্ষাৎ কৰি আৰু বয়োজ্যেষ্ঠসকলৰে প্ৰত্যক্ষভাৱে যোগাযোগ কৰি ৩২ গৰাকী শিল্পীৰ শিল্পকৰ্ম সংগ্ৰহ কৰি প্ৰদৰ্শন কৰা হৈছে।

অসমৰ আধুনিক শিল্পকলাৰ পথ-প্ৰদৰ্শকসকলৰ লগতে জ্যেষ্ঠজনৰ সৃষ্টিসমুহৰ বিষয়ত জৰুৰী প্ৰাসংগিক চৰ্চাৰ বিষয়ে যে পৰিয়াল তথা বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা বেছিভাগ শিল্পীৰ শিল্পকৰ্ম (চিত্ৰ,ভাস্কৰ্য আদি)উপযুক্তভাৱে আজিও সংৰক্ষিত হোৱা নাই।চৰকাৰৰ ফালৰ পৰাও বহু শিল্পী আৰু তেওঁলোকৰ পৰিয়াল উপেক্ষিত হৈ আছে।এই শিল্পীসকলৰ অৱদানৰ বিষয়ে যথোপযুক্ত প্ৰচাৰ আৰু তেওঁলোকৰ শিল্পকৰ্মসমুহ চৰকাৰী-বেচৰকাৰীভাৱে বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰি গেলেৰী বা মিউজিয়ামত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিলে আমাৰ কলা-ইতিহাস সমৃদ্ধ হোৱাৰ লগতে অসমৰ ললিতকলা ক্ষেত্ৰখনো ৰাষত্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো এটি বিশেষ মৰ্যাদা লাভ কৰিব নিশ্চয়।

লেখক:দেবেন দেৱান (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate