মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / প্ৰাচীন গ্ৰন্থত দুৰ্গাদেৱীৰ মাহাত্ম্য প্ৰকাশ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাচীন গ্ৰন্থত দুৰ্গাদেৱীৰ মাহাত্ম্য প্ৰকাশ :

প্ৰাচীন গ্ৰন্থত দুৰ্গাদেৱীৰ মাহাত্ম্য প্ৰকাশৰ বিষয়ে লিখা হৈছে ।

 

আৰ্যসকলে বসতি স্থাপনৰ পৰাই দুৰ্গাদেৱীৰ মাহাত্ম্যসূচক বিভিন্ন কাহিনীয়ে জনমানসত বিশেষ স্থান লাভ কৰিছে যদিও সময়ে সময়ে কাহিনীসমূহৰ মাজত যোগসূত্ৰ বিচ্ছিন্ন হোৱাটো স্বীকাৰ্য।

প্ৰাচীন গ্ৰন্থ পুৰাণ, ৰামায়ণ আৰু মহাভাৰতত দুৰ্গাদেৱীৰ জন্ম কাহিনী বৰ্ণনা প্ৰসংগত বহুতো অমিল থকাটো মনকৰিবলগীয়া। আকৌ ৰামায়ণ, মহাভাৰততকৈ পুৰাণসমূহতহে দুৰ্গাদেৱীৰ কথা বিস্তৃতভাৱে পোৱা যায়।

দেৱী ভাগৱত পুৰাণত দুৰ্গাদেৱীৰ জন্মৰ কথা মনোৰমাভাৱে উপস্থাপন কৰাটো উল্লেখযোগ্য। উক্ত পুৰাণমতে তাৰকাসুৰৰ অত্যাচাৰৰ পৰা দেৱতাসকলক নিষ্কৃতি দিয়াৰ বাবে চ’ত মাহৰ নৱমী তিথিত দুৰ্গাদেৱীৰ আবিৰ্ভাৱ হয়।

ব্ৰহ্মস্বৰূপিনী, সৃষ্টি, পালন, আৰু সংহাৰৰ অধিকাৰিণী দুৰ্গাদেৱীৰ শাৰীৰিক ৰূপ, অবয়ৱৰ কথাও দেৱী ভাগৱতত বৰ্ণনা কৰিছে।

আবহমানকালৰে পৰা দুৰ্গাদেৱীয়ে দুখন হাতেৰে বিভিন্ন ৰূপ, কল্প গ্ৰহণ কৰি আসুৰিক কাৰ্যকলাপ, প্ৰবৃত্তিক নিৰ্মূল কৰি জগতত শান্তি স্থাপন কৰিছে বুলি প্ৰতীয়মান হয়।

‘অহঞ্চ হৰিণা সাৰ্ধং কল্পে কল্পে স্থিয়া’- দেৱীৰ বাহিৰে যে আন কোনো শক্তিৰ আবিৰ্ভাৱ হোৱা নাছিল জানিব পৰা যায়।

দেৱীয়ে সকলো জীৱ আৰু ভূতৰে আত্মা হিচাপে বিৰাজিত হোৱাৰ লগতে সময় বিশেষে ভিন ভিন ৰূপ গ্ৰহণ কৰি সৃষ্টি-স্থিতি আৰু সংহাৰ কৰিছিল।

আনহাতে মাৰ্কণ্ডেয় পুৰাণৰ স্তম্ভই দুৰ্গাৰ শক্তিক উপহাস কৰি(অন্যাসাং বলমশ্ৰিত্য যুগ্ধস্যে যাতিমানিনী) প্ৰত্যাহ্বান জনোৱাত দুৰ্গাই কথা আৰু কামেৰে বুজাই দিয়ে।

শুম্ভৰ কথাৰ প্ৰত্যুত্তৰত দুৰ্গাই কোৱা কথাত এফালে যেনেকৈ অহমিকা প্ৰকাশ পাইছে, আনফালে তেনেকৈ কিমান যে বলিয়ান প্ৰতিফলিত হৈছে। দুৰ্গাদেৱীয়ে অলপো ইতস্ততঃবোধ নকৰাকৈ শুম্ভৰ আগত আত্মপৰিচয় দাঙি ধৰিছে।

‘ঐকৈবাহং জগত্যত্ৰ দ্বিতীয়া কামমাপৰা।

পশ্যৈতাং দুষ্ট! ময্যেৰ বিশেন্ত্যো মদ্বিভূতয়ঃ।।

এই দুৰ্গাদেৱীয়ে ব্ৰহ্মাৰ শক্তি ব্ৰহ্মাণী আৰু শিৱৰ শক্তি উমা।

দুৰ্গাং শিবাং শান্তিকৰীং ব্ৰহ্মাণীং ব্ৰহ্মণঃ প্ৰিয়াম।

সৰ্বলোক প্ৰণেত্ৰীঞ প্ৰণামামি সদা উমাম।।‘

সকলো শক্তিৰে আধাৰ স্বৰূপা দেৱীৰ নাম কিয় দুৰ্গা হ’ল, সেই বিষয়ত মাৰ্কণ্ডেয় পুৰাণত অন্য ধৰণৰ কাহিনী সন্নিৱিষ্ট হোৱা পৰিলক্ষিত হয়।

মাৰ্কেণ্ডেয় পুৰাণৰ মতে দুৰ্গম নামৰ প্ৰবল প্ৰতাপী মহাসুৰক বধ কৰাৰ বাবেই দেৱীৰ নাম দুৰ্গা হ’ল। মাৰ্কণ্ডেয় পুৰাণৰ শেষাংশত দুৰ্গাদেৱীৰ বিভিন্ন অৱতাৰৰ মাহাত্ম্যসূচক কাৰ্যকলাপৰ মনোৰম বৰ্ণনা দিয়া আছে।

চণ্ডীত মধুকৈটভ বধ, মহিষাসুৰ বধ আৰু শুম্ভ-নিশুম্ভ বধ নামেৰে সুকীয়া কাহিনী তিনিটা পোৱা যায়। তাৰ ভিতৰত মহিষাসুৰ বধ কাহিনীটোৱেই অধিক জনপ্ৰিয় আৰু ব্যাপকভাৱে প্ৰচলিত। জনসাধাৰণৰ বিশ্বাসমতে মহিষাসুৰক বধ কৰাৰ প্ৰয়োজনাৰ্থেহে দুৰ্গা দেৱীৰ আবিৰ্ভাৱ হয়।

প্ৰচলিত কাহিনী আৰু ‘চণ্ডী’ৰ আখ্যান মতে দেৱতা-অসুৰৰ মাজত হোৱা যুঁজত দেৱতাসকল পৰাজিত হয়। মহিষাসুৰে অহৰ্নিশে দেৱতাসকলক নিৰ্যাতন দিয়েই ক্ষান্ত নাথাকি ইন্দ্ৰকো পৰাভূত কৰে।

দেৱতাসকলে অন্য উপায় নেদেখি অৱশেষত ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ শৰাণাপন্ন হয়। দেৱতাসকলৰ দেহৰ পৰা তেজ নিৰ্গত হ’ল। খঙত অতিষ্ঠ হোৱা ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ মুখৰ পৰাও তেজ নিৰ্গত হ’ল।

পৰস্পৰৰ তেজ একেলগে হৈ আদ্যাশক্তি দুৰ্গাদেৱীৰ আবিৰ্ভাৱ হয়। দুৰ্গাদেৱীক অপৰিসীম শক্তি প্ৰদান কৰাৰ ফলস্বৰূপেই দুৰ্গাদেৱীয়ে অসুৰ প্ৰকৃতিৰ প্ৰতীক মহিষাসুৰক বধ কৰি সজ প্ৰকৃতিৰ দেৱতাসকলক সন্তুষ্টি দিয়ে।

মহাভাৰতৰ বনপৰ্বত মহিষাসুৰ বধৰ কাহিনী অন্য ধৰণে প্ৰতিফলিত হোৱাটো মনকৰিবলগীয়া। বনপৰ্বৰ মতে মহিষাসুৰ প্ৰমুখ্যে দানৱ দৈত্যসকলে শংকৰে প্ৰমুখ্যে দেৱতাসকলক নিৰ্যাতন দিয়ে।

ৰুদ্ৰ দেৱতাই ৰণথলীত আবিৰ্ভাৱ হৈ মহিষাসুৰ আৰু অন্যান্য দানৱক বধ কৰিলে। মহাভাৰতৰ এই কাহিনীত দুৰ্গা দেৱীৰ শক্তি, ক্ষমতাই ব্যাপক স্থান দখল কৰিব পৰা নাই। চণ্ডী পুৰাণৰ লগত এই কাহিনীৰ পাৰ্থক্য পৰিলক্ষিত হয়।

চণ্ডী পুৰাণত ‘মধু কৈটভ বধ’ আৰু ‘শুম্ভ-নিশুম্ভ বধ’ নামৰ দুটা অসুৰ বধৰ কাহিনীয়ে সুকীয়া মৰ্যাদা লাভ কৰাটো মনকৰিবলগীয়া।

মহিষাসুৰৰ দৰে মধু কৈটভ আৰু শুম্ভ-নিশুম্ভও দুৰ্দমনীয় আৰু অসৎ প্ৰকৃতিৰ অসুৰ আছিল। মধু কৈটভক দেৱী দুৰ্গাৰ অংশভূতা মহাকালীয়ে আৰু শুম্ভ-নিশুম্ভক দেৱীদুৰ্গাৰ অংশৰূপ কৌশিকীয়ে বধ কৰে।

এই দুটা অসুৰ বধ কৰাত দুৰ্গাদেৱীৰ নামৰ উল্লেখ কৰা হোৱা নাই যদিও মহাকালী আৰু কৌশিকী যে দুৰ্গাদেৱীৰ অংশ স্বৰূপা, তাত সন্দেহ নাই।

পুৰাণৰ বিভিন্ন কাহিনীৰ মাজত দুৰ্গা দেৱীয়ে ভিন ভিন ৰূপকল্প গ্ৰহণ কৰি সুবিধা আৰু সুযোগ অনুযায়ী অপৰিসীম, অতুলনীয় শক্তিৰ পৰিচয় দিছে।

দুৰ্গাদেৱীৰ বিভিন্ন নামৰ ভিতৰত -

*চণ্ডী,

*কালী,

*কামাখ্যা,

*পাৰ্বতী,

*মহামায়া,

*ভাগৱতী,

*গৌৰী,

*দুৰ্গা আদি নাম বিশেষভাৱে খ্যাত।

সিংহবাহিনী, অসুৰ মৰ্দিনী, আদ্যাশক্তি দেৱীৰ জন্মৰহস্য আৰু নামকৰণ সম্বন্ধে পুৰাণ, ৰামায়ণ, মহাভাৰতৰ কাহিনীৰ মাজত পাৰ্থক্য থকাৰ দৰে বাসন্তী দুৰ্গা পূজা আৰু শাৰদীয় দুৰ্গা পূজাৰ মাজত সাধাৰণভাৱে অমিল থকাটো স্বীকাৰ্য।

শাৰদীয় দুৰ্গাপূজাত ষষ্ঠী তিথিত বেল গছৰ তলত দেৱীৰ ‘বোধন’ কৰা হয়। দক্ষিণায়ণত পূজা হোৱা হেতু দেৱীক জাগ্ৰত কৰি লোৱা হয়।

আনফালে যিহেতু দুৰ্গাদেৱী আদ্যাশক্তি সেয়ে লক্ষ্মী, সৰস্বতী আদি দেৱীক বোধন নকৰাকৈ পূজা কৰা হয়। কিন্তু বাসন্তী দুৰ্গা পূজাত বোধনৰ স্থান নাই।

আদিতে বাসন্তী দুৰ্গাপূজাহে প্ৰচলন আছিল। ত্ৰেতা যুগত ৰামচন্দ্ৰই ৰাৱণ বধৰ হেতু অকালতে দুৰ্গা দেৱীক বোধন কৰি পূজা কৰে।

দুৰ্গাক পূজা কৰাৰ ফলস্বৰূপেই ৰামচন্দ্ৰই জয় লাভ কৰে আৰু তেতিয়াৰ পৰাই শাৰদীয় দুৰ্গা পূজা পালন কৰা হয়।

‘কাত্যায়িনী’ দুৰ্গা দেৱীয়ে জগত, জীৱৰ গৰাকী আৰু সকলো জীৱৰে মাতৃ হিচাপে ৰক্ষণাবেক্ষণ দি আছিছে।

সেয়ে ভক্তসকলে দুৰ্গাদেৱীক মাতৃ হিচাপে প্ৰতিষ্ঠা কৰি অনাবিল অন্তৰেৰে ভক্তি-অৰ্ঘ্য নিৱেদন কৰিছে।

‘যা দেৱী সৰ্বভূতেষু মাতৃ ৰূপেন সংস্থিতা।

নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো মনঃ’।।(শ্ৰীশ্ৰী চণ্ডী)

মাতৃ দুৰ্গাদেৱীয়েই ভক্তসকলৰ বিজয়ৰ হেতু। প্ৰেৰণাৰ উৎস। দুৰ্গাদেৱীক পূজা-অৰ্চনা কৰিলেহে শত্ৰু বিনাশ কৰি ক্ষমতাত অধিষ্ঠিত হ’ব পাৰে আৰু পাৰলৌকিক সুখ-শান্তি লাভ কৰাৰ বাবে সক্ষম হ’ব পাৰে।

লেখক: ড° বসন্ত কুমাৰ শৰ্মা(ৰাইজৰ বাতৰি)

4.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top