হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে এটি পবিত্ৰ মাহ হ’ল কাতি মাহ। সূৰ্যই ইয়াৰ গতিপথত ৰাশিচক্ৰৰ কন্যা ৰাশিৰপৰা গৈ তুলা ৰাশিত প্ৰৱেশ কৰিলেই কৰ্কট সংক্ৰান্তি বা কাতি বিহু আৰম্ভ হয়। এই সময়ত সূৰ্যই কৰ্কট ক্ৰান্তিৰপৰা লাহে লাহেকৈ দক্ষিণলৈ গতি কৰে। ইয়াৰ প্ৰভাৱত সমগ্ৰ উত্তৰ ভাৰতত লাহে লাহে জলবায়ুৰ পৰিৱৰ্তন হ’ব ধৰে।
‘কাতি বিহু’ অসমৰ হিন্দুৰ বাবে পৱিত্ৰ তিথি। এই বিহুত প্ৰতিঘৰ হিন্দুৱে চোতালত তুলসী ৰুই সাত্ত্বিকভাৱে চাকি-বন্তি জ্বলাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে। এই সময়ত ধাননি পথাৰ, বস্তি, ঘৰ-দুৱাৰ সকলোতে সাত্ত্বিকভাৱে চাকি-বন্তি, ধূপ-দ্বীপ, নৈবেদ্যৰে ধনাধিষ্ঠাত্ৰী দেৱী লক্ষ্মীদেৱীকো আৰাধনা তথা আহ্বান জনায়। বিহুৰ দিনটোৰপৰা সমগ্ৰ মাহটো অসমীয়া মানুহে চাকি-বন্তি জ্বলোৱাৰ উপৰি আকাশ বন্তি জ্বলায়। এই মাহটোৰ সৈতে ইছ্লাম ধৰ্মৰ পৱিত্ৰ ৰমজান মাহৰ সাদৃশ্য আছে। মুছলমানসকলে ৰমজান মাহত দিনৰ ভাগত উপবাসে থাকি সাত্ত্বিকভাৱে আল্লাৰ আৰাধনা কৰি কেৱল নিশা এসাজ আহাৰ খায়। তেনেকৈ হিন্দু ধৰ্মতো কাতি মাহত বহুতো মানুহে অতি সাত্ত্বিকভাৱে ঈশ্বৰৰ উপাসনা কৰি, নিশা এসাজ নিৰামিষ খাদ্য খায়। ৰমজান মাহ আৰু কাতি মাহৰ এই ব্ৰত পালনৰ বিশেষ তাৎপৰ্য হ’ল- ব্ৰত, উপবাস আদিয়ে মানুহৰ ৰিপুবোৰ বহু পৰিমাণে দমন কৰি ৰাখে। আমিষ খাদ্যই মানুহৰ শৰীৰত উত্তেজনা বঢ়ায়, কিন্তু নিৰামিষ খাদ্যই এজন লোকৰ দেহত থকা ৰিপুবোৰ বহু পৰিমাণে শান্ত হৈ থাকে। আনহাতে, কাতি মাহত বহুতো মানুহে মাছ নাখায়, কেৱল শাক-পাচলি, আলু-কচু-দাইল আদিহে খায়। ইয়াৰ বিজ্ঞানসন্মত কাৰণ হ’ল-
কাতি মহাৰম্ভ হোৱাৰ লগেলগেই ভাৰতৰ জলবায়ুৰ বিশেষ পৰিৱৰ্তন হয়, সূৰ্যৰ প্ৰখৰ তাপ কমি আহি সকলো ঠাইতে শীতৰ প্ৰভাৱ স্পষ্টকৈ দেখা যায়। গতিকে শীতল জলবায়ুৰ প্ৰভাৱত মাছ খালে বিভিন্ন ৰোগত পৰাৰ আশংকা কৰিয়েই প্ৰাচীন কালৰপৰাই ঋষি-মুনিগণে কাতি মাহটো সম্পূৰ্ণ সাত্ত্বিকভাৱে ঈশ্বৰৰ উপাসনা কৰি, সহজ-সৰলভাৱে জীৱন যাপন কৰিছিল।
শাৰদীয় ঋতুতে পৰা কাতি মাহতে ভাৰতীয় হিন্দুসকলে অতি আনন্দেৰে দুৰ্গা পূজা, লক্ষ্মী পূজা আৰু ৰাস মহোৎসৱৰ আয়োজন কৰে। শাৰদীয় ঋতুৰ সময়ত নীলিম প্ৰকাশৰ বুকুত শুকুলা মেঘপুঞ্জৰ মনোৰম সুউচ্চ শৃংগ, নিশাৰ আকাশৰ তৰা আৰু পূৰ্ণিমাৰ জোনৰ ৰূপালী দৃশ্য এই সকলোবোৰ অতি মনোৰম।
সমগ্ৰ কাতি মাহটো অসমবাসীয়ে অতি উলহ-মালহেৰে নানাবিধ উৎসৱ-পাৰ্বণৰ আয়োজন কৰি অতিবাহিত কৰে।
লিখকঃ ধীৰেন্দ্ৰ নাথ কলিতা, দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 6/2/2020