অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফাগুন মাহৰ অনবদ্য উপহাৰ ফাকুৱা

ফাগুন মাহৰ অনবদ্য উপহাৰ ফাকুৱা

ফাগুন আহি ঋতুৰ দুৱাৰত টোকৰ মৰাৰ লগে লগে শীতৰ জাৰে লঠঙা কৰা বৃক্ষৰ শুকান ডালবোৰত জুই লাগে আৰু বিয়পি পৰে হাবি-বননি, অৰণ্য সকলোতে তেজ ৰঙা জুই। বসন্ত বুলিলে যেনেকৈ কপৌ ফুলৰ কথা মনলৈ আহে নাইবা শৰৎ আহিলে যেনেকৈ শেৱালী ফুলৰ সুগন্ধ নাকত লাগে, ঠিক সেইদৰে মদাৰক বাদ দি ফাগুনৰ কথা ভাবিবই নোৱাৰি। ফাগুনৰ লগত মদাৰৰ এৰাব নোৱাৰা নিবিড় সম্পৰ্ক। সেয়ে গালে মুখে ৰং সানি পূৰ্ণ যৌৱনা গাভৰুৰ দৰে জকমক হৈ সাজি-কাচি মদাৰে ফাগুনক আদৰিবলৈ সাজু হয়। ফাগুন আহে বৰদৈচিলা হৈ। আউলি-বাউলি চুলিৰে ধুমুহাৰ গতিত প্ৰৱেশ কৰা বৰদৈচিলাই গছ-গছনিৰ বনপাত সৰুৱাই লঠঙা কৰি তোলে।

এই প্ৰকৃতিৰ সৈতে মানুহৰ মনৰো এৰাব নোৱাৰা এক ঘনিষ্ঠতা আছে। মানুহৰ মনবোৰ এই পৰিৱেশত ৰিঙা ৰিঙা লাগে আৰু ফাগুনে এই মনটোক উতনুৱা কৰি মন-প্ৰানক উগুল-থুগুল কৰে। মৰম আকলুৱাসকলৰ হৃদয়ে হৃদয়ে প্ৰেমানুভূতি জগাই উতলা কৰি তোলে প্ৰেমিকৰ হৃদয়কাশ। সঁচাকৈ অবুজ হৃদয়ত লাগে অচিনাকি নিচা আৰু এই নিচাই অচিনাকিক চিনাকি কৰে ফাগুনে। নতুন নতুন অনুভৱৰে মিতিৰালি পাতি মনত মহাপ্ৰয়োভৰে আৱিৰ সানে পলাশ আৰু মদাৰৰ প্ৰস্ফুটিত ৰঙেৰে। প্ৰিয়জনে প্ৰিয়জনক ৰং সানিবলৈ যে ‘কত’ কল্পনা কৰে। ৰঙা, নীলা, গুলপীয়া আদি ৰঙেৰে লুতুৰি-পুতুৰি হোৱা আনন্দৰ ৰঙৰ উৎসৱ ফাকুৱাই মানুহৰ মানসিক দুখ আঁতৰাবলৈ, উৰুঙা উৰুঙা লগা মনক ৰঙাই তুলিবলৈ যেন সঞ্জীৱনী সুধা হৈ আহে। আৰু এই ফাগুনে কঢ়িয়াই অনা এই অনবদ্য উপহাৰে পুৰুষ মহিলা, ডেকা-গাভৰু উভয়ৰে মন পুলকিত কৰি মতলীয়া কৰে। মনলৈ কঢ়িয়াই আনে অনাবিল সুকীয়া উন্মাদনা। আকাশে-বতাহে উৰি ফুৰে পলাশ-শিমলুৰ সুবাস। ঠিক এনেকুৱা সময়তে আগমন হয় ফাকুৱা বা হোলী উৎসৱ।

হিন্দুসকলৰ অতি লেখত ল’বলগীয়া এই উৎসৱ দৌল উৎসৱ বুলিও পৰিচিত। এই ৰঙৰ উৎসৱ ফাকুৱাৰ উৎপত্তি সম্পৰ্কত বিভিন্ন পৌৰাণিক আখ্যান পোৱা যায় যদিও এই উৎসৱ সম্প্ৰতি কৃষ্ণক কেন্দ্ৰ কৰিয়েই উদযাপিত হয়। বিশেষত: ফাগুনৰ পূৰ্ণিমা তিথিত ইয়াক পালন কৰা হয়। ফাকুৱা ৰঙৰ উৎসৱ আনন্দৰ উৎসৱ। এই সময়তে গছ-লতাত কুঁহিপাত মেলে। ফাগুনে কঢ়িয়াই আনে বসন্তৰ বতৰা, ধ্বংস নাথাকিলে সৃষ্টিৰ আনন্দই বা ক’ত! ফাগুনে যদিও ধ্বংস কৰে, তথাপি প্ৰকৃতিত এই ফাগুনৰ ওপৰত ভিত্তি কৰি বসন্তই সৃষ্টি কৰে নতুনত্ব। মথুৰা, বৃন্দাবনকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত এই উৎসৱক প্ৰেমৰ উৎসৱ বুলিও ধৰা হয়, কিয়নো ভগৱান কৃষ্ণই মাতৃ যশোদাক তেওঁৰ শৰীৰৰ ৰং কলা হোৱা হেতুকে অভিযোগ কৰাত মাতৃ যশোদাই ৰাধাৰ শৰীৰত ৰং সানি দিলে ৰাধাও ক’লা হৈ পৰিব বুলি সমাধান দিছিল আৰু তেতিয়াৰ পৰাই জন্ম হৈছিল ৰঙৰ খেল ফাকুৱাৰ। পৰৱৰ্তী সময়ত শ্ৰীমন্ত শংকৰদেৱৰ পৃষ্ঠপোষকতাত এই উৎসৱৰ আমূল পৰিৱৰ্তন ঘটি সামাজিক উৎসৱ হিচাপে পৰিগণিত হয়। পোণপ্ৰথমে ২১ বছৰ বয়সত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত এই উৎসৱ পাতি সকলোকে আচৰিত কৰি তুলিছিল বুলি ৰামচৰণ ঠাকুৰৰ বিৰচিত গুৰুচৰিতৰ পৰা জানিব পৰা যায়। এই উৎসৱত কৃষ্ণই দোলত আনন্দ বিহাৰ কৰা বাবে ইয়াক দৌল যাত্ৰা বুলিও কোৱা হয়। আনহাতে, অসমৰ দৌল উৎসৱ বুলি ক’লে বিশেষভাৱে গুৰুত্ব পোৱা বৰপেটাৰ দৌলৰ আকৰ্ষণে এক সুকীয়া স্থান পাইছে। এই উৎসৱত ফাকু গুৰিৰে ৰঙৰ খেলা খেলি তাৰ মাজেদি মৰম স্নেহ ভাতৃবোধৰ পৰিচয় দাঙি ধৰা হয়। ৰঙীণ পানী এজনে আনজনলৈ ছটিয়াই পৰিৱেশ ৰঙালী কৰি মানুহৰ মন সঁচাকৈ পলকিত কৰি উন্মনা কৰা হয়। এই উৎসৱতে বিভিন্ন ঠাইত স্বকীয় ৰীতি-নীতিৰে পালন কৰা হয় দৌল উৎসৱ। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ, দৰঙৰ বৰদৌলগুৰি, বুঢ়ীনগৰ আদি ঠাইত দৌল উৎসৱক মিলনৰ মহা উৎসৱ কৰি তোলে।

সঁচাকৈয়ে বিচিত্ৰ ফাগুন। এই ফাগুনৰ বিচিত্ৰতাই নতুনত্বৰ সন্ধান কঢ়িয়াই আনে। ফাগুনৰ বুকুত দেখা পোৱা যায় সৃষ্টিৰ প্ৰেৰণাৰ অফুৰন্ত অনিমেষ। ফাগুনে প্ৰতিশ্ৰুতি আনে নৱ উল্লাসৰ। গতিকে হিংসা, হত্যা, উগ্ৰবাদেৰে জড়িত অশান্ত মনক শান্ত কৰি মুকলিকৈ সেউজীয়া দিনবোৰলৈ আগুৱাই যাবলৈ সকলোৱে ভেদাভেদ পৰিহৰি একেখন আকাশৰ তলত আন্তৰিকতাৰে মিলিত হৈ ফাকুৱাতে ৰঙেৰে খেলা কৰো আহক। সঁচাকৈ ফাগুনৰ এন অনবদ্য উপহাৰ ফাকুৱা।

লেখিকা: কল্পনা ৰাজকুমাৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate