(ক)
আঘোণৰ মাহতে শান্তি দুতিয়াৰে জোন।
চৈধ্য বছৰত শান্তিৰ ভৈলন্ত যৌৱন।।
ওঠৰ বছৰে শান্তিৰ বয়সে দিলা ভাঠি।
বুঢ়া ভৈলা ব্যথা ভৈলা হাতে লৈলা লাঠি।।
(২)
পুহৰ মাহতে শান্তি আতি বৰি কুঁৱা।
প্ৰাণনাথে জীউনাথে খেলে পাশা জুৱা।।
পাশা খেলে জুৱা পাশাই নেদে ঢাল।
কৈক এৰি গৈলা প্ৰভু বিনন্দ গোপাল।।
(৩)
মাঘৰ মাহতে শান্তি ধৰমৰ তিথি।
চিলানক গৈলা শান্তি ভগিনী সহিতি।।
আগহাতে জল-ফুল আগৰু চন্দন।
জলত নামিয়া শান্তি কৰিলা চিলান।।
(৪)
ফাগুণৰ মাহতে শান্তি দেউল যাতাৰা।
দেউলৰ ওপৰে আছে মঠ যে মগৰা।।
মঠ নোহে মগৰ নোহে জগতৰে হৰি।
আলানি-বিলনি কান্দে ধৰণীতে পৰি।।
(৫)
চৈতৰ মাহতে শান্তি পকে সৰে বেল।
সেই বেল লৈ সাউদ বণিজকে গেল।।
বণিজকে যায় সাউদে কিবা পালা নিধি।
ডাক ডালিম আছে খাইতে নেদে বিধি।।
(৬)
বৈহাগৰ মাহতে শান্তি দেৱতাৰ গৰ্জ্জনি।
দেৱতাৰ গৰ্জ্জনি শুনি মাছে দেই উজানি।।
সিও মাছে উজান দেই বছৰে একবাৰ।
আমি অভাগিনী নাৰী সেই পটন্তৰ।।
(৭)
জেঠৰ মাহতে শান্তি জেঠুৱা বৰি খৰ।
বনৰ হৰিণা পহু সিও চাপে ঘৰ।।
যাকে দেখো আপোন আপোন সিও হৱে পৰ।
বিবুদ্ধিয়া সাউদৰ কোঁৱৰ ফিৰি নাহে ঘৰ।।
(৮)
আষাঢ়ৰ মাহতে শান্তিআগতীয়া বান।
খেনে উটে খেনে বুৰে পুষ্পৰ পালঙ্গ খান।।
পুষ্পৰ পালঙ্গত শান্তিৰ নাহিলা ঘূমটি।
এতদিনে সাউদৰ কোঁৱৰ নাহিলা উভতি।।
(৯)
শাওণৰ মহতে শান্তি ৰোৱানৰ দিন।
যিটো নাৰীৰ পুৰুষ নাই সকলোতকৈ হীন।।
আকাশত চন্দ্ৰ নাই নিজিলিকে তৰা।
যিটো নাৰীৰ পুৰুষ নাই জীয়ন্ততে মৰা।।
(১০)
ভাদৰ মাহতে শান্তি ভৈলা বৰ খৰ।
নদী শুকাল, নালা শুকাল পৰিল বালিৰ চৰ।।
কাইমে ৰাৱে কোৰাই ৰাৱে, ৰাৱে ৰাজহাঁহ।
হাসিতে খেলিতে গৈল বাৰিষা ছয় মাহ।।
(১১)
আহিনৰ মাহতে শান্তি দেৱী পূজা খায়।
হাঁহ পৰে ছাগল পৰে পাৰৰ লেখ নাই।।
হাঁহ পৰে ছাগল পৰে পাৰৱা জাকে জাক।
যৈতে আছা সাউদৰ কোঁৱৰ তৈতে ভালে থাক।।
(১২)
কাতিৰ মাহতে শান্তি কাটিয়ান ধানৰ থোৰ।
বাৰ মাহৰ তেৰ গীত গাইতে নাপায় ওৰ।।
বাৰ মাহৰ তেৰ গীত লওঁৰে গণিয়া।
ইটো গীত গাইছে কোন ফুলৱন্তী কন্যা।।
(১৩)
ফুলৱন্তী কন্যা নোহে জগতৰে আই।
যিবা গাৱে যিবা শুনে দুৰ্গতি খণ্ডাই।।
হাতে বাৱে ঢাক ঢোল মুখে বাৱে বাঁহী।
এই গীতৰ নাম থৈছে শান্তি বাৰমাহী।।
লিখকঃ ফণীন্দ্ৰনাথ কলিতা
শেহতীয়া উন্নীতকৰণ: : 3/9/2020