অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বসন্ত ৰোগৰ বাবে “আইনাম” প্ৰথা

বসন্ত ৰোগৰ বাবে “আইনাম” প্ৰথা

বিশেষকৈ নাৰীসকলৰ সমাদৃত আৰু নাৰী সমাজৰ প্ৰধান ভূমিকা থকা এইবোৰ গীতৰ উদ্ভাৱন কাল অৰ্ব্বাচীন । ভাষাই লিখিত বা সাহিত্য ৰূপ পোৱাৰ আগৰ সময়ছোৱাত অসমত বাস কৰা নিৰক্ষৰ জাতি-জনজাতিৰ মাজত কিছুমান গীত–মাত, সাধুকথা, প্ৰবচন আদি মৌখিক ভাৱে প্ৰচলন আছিল । দশম-একাদশ শতিকাৰ সাহিত্যকাল উদ্ভাৱন হোৱাৰ পিছতো আইনাম সদৃশ লোকগীতসমূহৰ পৰিচয় পোৱা যায় । সাহিত্যিক সকলৰ মতে উক্ত নাম বিধ লোকসহিত্যৰ অন্তৰ্গত ।

বৰ্ণনা:

বসন্ত ওলালে উক্ত ৰোগৰ অধিষ্ঠাত্ৰী দেৱী বুলি জনসমাজত বিশ্বাস কৰা সাত গৰাকী আই বা দেৱীক সন্তুষ্ট কৰাৰ উদ্দেশ্যে “আইনাম” গোৱা হয় । কোনো কোনো ঠাইত “শীতলা নাম” বুলিও জনাজাত ।

তদুপৰি উল্লিখিত সাত গৰাকী “আই” বা “দেৱী” হ’ল যথাক্ৰমে…..

বৰ আই

সৰু আই

আই ঠাকুৰাণী

অম্বিকা

চণ্ডিকা

ভৱানী

কালিকা

নিয়মাৱলী

আই সেৱাৰ নামত “আসন পাতি” তামোল-পান, চাউল, বগা ফুলেৰে আসন ভৰাই দি নৈবেদ্য আদি আগ বঢ়াই দেৱী আই সকলক উদ্দেশ্যি স্তুতি গীতেৰে প্ৰাৰ্থনা কৰে ।

স্তুতিগীত বোৰৰ কিছু আভাষ…..

১. আসন পাতি দেৱী সমূহক আবাহণ কৰাৰ উদ্দেশ্যে গোৱা স্তুতিগীতৰ কিছু অংশ …..

“ দেৱী পাৰে ৱতী আই , আনা ভগৱতীক মাতি ।

গোপিনীসকল, বহিয়ে আছেহি, ৰঙেৰে আসন পাতি ।।

……..”

তাৰ পিছত আই সকলৰ উদ্দেশ্যি গোৱা গীতবোৰৰ কিছু অংশ…..

“আই লোকৰ সাত ভনী বাজত আছে ৰৈ ।

নামে পূজা দিব লাগে মাতি আনা গৈ ।।

……….”

“….শীতলা শীতলা; দুখিয়াৰ পুতলা,

দি যোৱা বুকু জুৰাই কি মাহে….”

সামৰণিৰ সময়ত …..

“….আইৰ চৰণেৰে ছাঁয়া ; ভয় নকৰিবা,

স্তুতিকৈ মাতিবা, আয়ে কৰি যাব দয়া….”

এইদৰে আৰম্ভণী আৰু সামৰণি স্তুতিগীতৰ সহায়ত শীতলা বা আইৰ নাম গায় ।

এনেধৰণৰ নাম-কীৰ্তনৰ জৰিয়তে বসন্তৰ লেখিয়া ব্যাধিৰ কবলত পৰা ৰোগীয়ে বহুখিনি সুস্থতা লাভ কৰে । ঠাই ভিত্তিক ইয়াৰ উচ্চাৰণ আৰু সুৰৰ তাৰতম্য হোৱা দেখা যায় যদিও মূল বক্তব্য আৰু নিয়মাৱলী প্ৰায় একে থাকে।

বিশেষত্ব:

সাহিত্যিক দৃষ্টিভংগীৰে চালে “আই নাম”বোৰ অনুষ্ঠানমূলক গীতৰ ভিতৰত পৰে । আন বোৰ লোকসংস্কৃতিৰ দৰে এনেবোৰ গীতৰো বিশেষত্ব অধিক । আইসকলে গোৱা গীতবোৰত নাৰী সূলভ কমনীয়তা, সৰল বিশ্বাস আৰু গভীৰ ভক্তিৰ পৰিচয় পোৱা যায় । সহজ সৰল ভাষাৰে গীতবোৰ গোৱা হয় যদিও আন্তৰিক আনুভূতি ও শ্ৰদ্ধাই এই গীতবোৰক আৰু অধিক মহত্বপূৰ্ণ কৰি তোলে ।

বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা…..

থোৰতে কবলৈ গ’লে বসন্ত ব্যাধিত ভোগা ৰোগী গৰাকী সম্পূৰ্ণৰূপে পৰিস্কাৰ পৰিবেশত থকাতো অত্যন্তই আৱশ্যক । দূষিত বায়ু, বীজাণুযুক্ত পানী, লেতেৰা কাপোৰ, অত্যাধিক ধূলি-বালি আদি কাৰক সমূহে পৰিবেশ প্ৰদূষিত কৰি তোলে । যাৰ ফলত বহুতো লোক বসন্তৰ লেখিয়া ব্যাধিৰ ভুক্তভোগী হ’ব লগা হয় ।বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা অধ্যয়ন কৰিলে গম পোৱা যায় যে এনে ৰোগৰ নিবৃত্তি কেবল পৰিস্কাৰ পৰিছন্নতাৰ হাতত ।

এনে ৰোগৰ বিপৰীতে সচৰাচৰ গ্ৰহণ কৰিব পৰা কাৰকবোৰ হ’ল-

১.

নিম পাতৰ ব্যৱহাৰ

২.

বগা, পাতল কপাহী কাপোৰৰ ব্যৱহাৰ

৩.

ধূপ-ধূনা আদিৰ ব্যৱহাৰ

৪.

শান্ত পৰিস্থিতি

৫.

লঘু আহাৰ ( মচলা, জলকীয়া বা অত্যাধিক গৰম খাদ্য অনুপযুক্ত )

৬.

ভুক্তভোগী জনৰ নখ , চুলি দীঘল হোৱাতো অনুচিত ।

এনেকুৱা কিছুমান সহজলভ্য উপায় অৱলম্বনৰ প্ৰয়োজনীয়তা এই ৰোগ নিৰাময়ৰ ক্ষেত্ৰত উল্লেখনীয় ।

সামৰণি:- বৈজ্ঞানিক ধাৰণাই হওঁক ব আধ্যাত্মিক পদ্ধতিয়ে (নাম প্ৰথা) হওঁক, উদ্দেশ্য একেটাই । কিন্তু আজিৰ বৈজ্ঞানিক ধাৰণাত থাকি; ৰোগ নিৰাময়ৰ ক্ষেত্ৰত আদিপুৰুষৰ পৰা প্ৰচলিত এনে আধ্যাত্মিক পদ্ধতিৰ ভূমিকা পাহৰি যোৱতো উচিত নহ’য়।

সংগ্ৰাহক:- অলকেশ শৰ্মা

উৎস:- সন্ধান আলোচনী

 

 

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate