অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বহাগ বিহু সম্পৰ্কীয় লোকবিশ্বাস আৰু লোকাচাৰ

বহাগ বিহু সম্পৰ্কীয় লোকবিশ্বাস আৰু লোকাচাৰ

লোকবিশ্বাস হ’ল কোনো সমাজে পৰম্পৰাগতভাৱে মানি অহা কেতবোৰ বিশ্বাস। সভ্যতাৰ আদিম স্তৰৰ পৰা বৰ্তমান সময়লৈকে যিমান অভিজ্ঞতা লাভ কৰিছে, সেই অভিজ্ঞতাই জন্ম দিছে লোকবিশ্বাস আৰু লোকাচাৰৰ। লোকবিশস্বাসৰ ফলত পালন কৰা কাৰ্য্যসমূহকে লোকাচাৰ আখ্যা দিয়া হয়। বিহু অসমীয়াৰ জাতীয় উত্সৱ। কৃষিজীৱি অসমীয়াই কৃষিভিত্তিক এই লোক-উত্সৱটিৰ মাজেৰে নিজৰ জাতীয় পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। তিনিওটা বিহু অতীজৰে পৰা বিভন্ন ৰীতি-নীতিৰে পালন কৰি আহিছে। বিহুক কেন্দ্ৰ কৰি অসংখ্য লোকবিশ্বাস আৰু লোকাচাৰৰ প্ৰচলন আছে।

বছৰটোৰ আৰম্ভণিতেই অসমীয়াই পালন কৰে ব’হাগ বিহু। এই বিহুত ৰং-ৰহইছ বেছি কাৰণে ‘ৰঙালী বিহু’ আখ্যা দিয়া হয়। পূৰ্বতে কৃষিজীৱ ৰাইজৰ কৃষিকৰ্মৰ প্ৰধান অৱলম্বন আছিল হালৰ গৰুহাল। গৰুহাল সুস্থ-সবল হৈ থাকিলেহে পথাৰৰ মাটিডৰা চহাই শস্য সিঁচিব পাৰিব। গৰুহালৰ সু-স্বাস্থ্য কামনা কৰি চ’ত আৰু ব’হাগৰ সংক্ৰান্তিৰ দিনাখন অতীতৰ পৰাই অসমীয়াই গৰু বিহু পালন কৰি আহিছে। উক্ত দিনা গৰুহালক পুৱাই মাহ-হালধি সানি গা ধুওৱা হয় আৰু নতুন পঘা দিয়াৰ লগতে গৰুৰ গাত লাও-বেঙেনা দি দীঘলতি-মাখিয়তি পাতেৰে কোবোৱা হয়। এনেদৰে মাখিয়তি পাতেৰে কোবালে গৰুৰ গাত মহ-মাখি কমকৈ পৰে বুলি লোকবিশ্বাস প্ৰচলিত আছে।

কোনো কোনো ঠাইত চহা লোকে পুৱাই উঠি গোহালিৰ গৰুকেইটা শুই আছে নে নাই সেইটো নিৰীক্ষণ কৰে। শুই থকাৰ পৰিৱৰ্তে উঠি থাকিলে বানপানী হোৱাৰ শংকা থাকে, শুই থাকিয়েই মূৰ ওপৰলৈ তুলি থাকিলে প্ৰৱল বানপানী হোৱাৰ আশংকা থাকে বুলি কৃষিজীৱি ৰাইজে বিশ্বাস কৰে।

গধুলি গৰু-গাই ঘৰলৈ ঘূৰি অহাৰ পিছত পদূলিতে ঘৰৰ গৃহিনীয়ে(বা গৃহস্থই) গৰুৰ ভৰি ধুৱাই দিয়াৰ লগতে বিচনীৰে বা দিয়ে। উল্লেখযোগ্য যে গৰুক বিচনীৰে বা দিয়াৰ পাছতহে মানুহে বিচনী ব্যৱহাৰ কৰে। ইয়াৰ পূৰ্বে বিচনীৰ বা ল’লে অপায়-অমঙ্গল হ’ব পাৰে বুলি গাঁৱলীয়া লোকে বিশ্বাস কৰে। অঞ্চলবিশেষে গৰুক পিঠা-পনা খুওৱাৰো পৰম্পৰা আছে। শুকান খেৰ, তুঁহ, দীঘলতী আদিৰে ধোঁৱা দিয়া হয়। এনে কৰিলে বছৰটোলৈ গোহালিৰ মহ-মাখি আঁতৰে বুলি লোকবিশ্বাসৰ প্ৰচলন আছে। প্ৰকৃততে হালৰ গৰুৰ সু-স্বাস্থ্য কামনাৰেই এই ধৰণৰ লোকাচাৰ চহা লোকসকলে পালন কৰি আহিছে- এই কথা নিঃসন্দেহে ক’ব পাৰি।

ইয়াৰ পাছদিনা মানুহৰ বিহু। বিহুৰ দিনা পুৱাই সকলোৱে গা-পা ধুই উঠি পিঠা-পনা খোৱাৰ উপৰি জা-জলপান গ্ৰহণ কৰে। বহাগৰ বিহুলৈ এমাহ থকাৰ পৰাই ঘৰৰ গৃহিণীয়ে জ্যেষ্ঠজনক দিবলৈ বৈ উলিওৱা বিহুৱান(গামোচা)খনেৰে প্ৰিয়জনৰ লগতে জ্যেষ্ঠজনক শ্ৰদ্ধা, সন্মান আৰু মৰম যাচে। প্ৰেমিকায়ো নিজৰ প্ৰেমিকলৈ বুলি গোপনে বিহুৱানখন পঠিয়ায়।

এক বহাগৰ দিন পালন কৰা আন এটি লোকাচাৰ হল এশ এবিধ শাক খোৱাৰ প্ৰথা। গাঁৱৰ তিৰোতা গোট খাই খোৱাৰ উপযোগী শাক সংগ্ৰহ কৰে। এনেবোৰ শাকৰ ভিতৰত- ঢেঁকীয়া, কচু, ভেদাইলতা, ধুতুৰা, কলমৌ, মাটিকাঁদুৰী, মহানিম, জিলমিল, মানিমুনি, দোৰোণ, সৰিয়হ আদি অন্যতম। এইদৰে এশ এবিধ শাকে দেহৰ বিভিন্ন ৰোগ নিৰাময় কৰে বুলি লোকবিশ্বাস আছে।

মানুহৰ বিহুৰ দিনা হুঁচৰি গোৱা আৰম্ভ কৰে। গাঁৱৰ ডেকা-বুঢ়া সকলোৱে মিলি প্ৰতিঘৰ গঞাৰ ঘৰতে হুঁচৰি গাই গৃহস্থক আশীৰ্বাদ দিয়ে।

বহাগ মাহ কৃষিকৰ্মৰ আৰম্ভণি মাহ। কৃষিজীৱি অসমীয়াই ৰং-ৰহইচ, আনন্দ কৰি গৰুহালৰ মঙ্গল কামনাৰে মাটি চহোৱাৰ পূৰ্বে কৰণীয়খিনি কৰি কৃষিকৰ্মৰ কাৰণে প্ৰস্তুত হয়। মনত গোটাই লয় নতুন আশা আৰু বল। বহাগে যেন যাচি যায় কৃষিজীৱি অসমীয়াৰ মনত উদ্যম আৰু কৰ্মপ্ৰেৰণা।

উৎস: দৈনিক অসম।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate