অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাঁহ গোসাঁই উৎসৱ

বাঁহ গোসাঁই উৎসৱ

অসমৰ শৰণীয়া কছাৰীসকল-

 

অসমৰ শৰণীয়া কছাৰীসকল বৃহত্তৰ মংগোলীয় প্ৰজাতিৰ এটি সংস্কতিৱান জনগোষ্ঠী। স্বকীয় সাংস্কৃতিক পৰম্পৰা, সামাজিক ৰীতি-নীতি, লোকবিশ্বাস, ধৰ্মীয় পৰম্পৰা, ঐতিহ্যৰে সমৃদ্ধ এই শৰণীয়া কছাৰীসকলৰ এক লেখত ল’বলগীয়া উৎসৱ হ’ল বাঁহ গোসাঁই উৎসৱ। ই জনগোষ্ঠীটোৰ জাতীয় উৎসৱ। শৰণীয়া কছাৰীসকলে সমাজ পাতি বাস কৰিবলৈ লোৱাৰেপৰা পৰম্পৰাগতভাৱে ধৰ্মীয় ৰীতি-নীতিৰে এই উৎসৱ পালন কৰি আহিছে।

বাঁহ গোসাঁই উৎসৱ কি-

 

বাঁহ গোসাঁই উৎসৱ চ’তৰ সংক্ৰান্তিৰ দিনাৰপৰা সাত দিন ধৰি পালন কৰা হয়। বাঁহ গোসাঁই সজোৱাৰ বাবে চ’তৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰি উঠি গাঁৱৰ বুঢ়া-ডেকা সকলোৱে গোসাঁই উঘৰলৈ যায়। গোসাঁই ঘৰৰপৰা দেউৰীৰ লগত গাঁৱৰ ৰাইজে ঢোল-তাল, শংখ বজাই বাঁহ কাটিবলৈ যায়। বাঁহৰ গুৰিত চাকি-বন্তি জ্বলাই তামোল-পাণ দি সেৱা জনাই বাঁহ কাটি লৈ অহা হয়। বাঁহডাল গোসাঁই ঘৰলৈ আনি এক নিৰ্দিষ্ট জোখত কাটি উলিয়ায়। ৯ হাত ৫ আঙুল দৈৰ্ঘ্যৰ এই বাঁহডাল দাৰে চাঁচি সমান কৰি তাৰ ওপৰত বগা কাপোৰৰ জামা আৰু বাঁহডালৰ মূৰত এটা পিতলৰ বা ৰূপৰ ‘চুলা’(মুকুট) পিন্ধাই দিয়া হয়। এই জামাৰ ওপৰত ৰুমাল, চোঁৱৰ, ফুলাম গামোচা আদি আঁৰি দি গোটেই বাঁহডালক আটকধুনীয়াকৈ সজাই তোলা হয়। ইয়াক বাঁহ গোসাঁই বন্ধা বুলি কোৱা হয়। এই বাঁহ গোসাঁই এক ব’হাগৰপৰা ছয় বহাগলৈ গাঁৱৰ প্ৰতি ঘৰে ঘৰে ফুৰাবলৈ নিয়া হয়। বাঁহ গোসাঁইক আদৰিবলৈ গৃহস্থৰ লোকে সাধাৰণতে ছোৱালী অথবা মহিলাই গাত নতুন মুকচা(গামোচা) লৈ পদূলিমুখত ধূপ-ধূনা, চাকি-বন্তি জ্বলাই তামোল-পাণ লৈ ৰৈ থাকে। বাঁহ গোসাঁই আহি পোৱাৰ লগে লগে অতি ভক্তিভাৱেৰে গৃহস্থই পানীৰে মচি শুচি কৰি পাৰি থোৱা আসনত বাঁহ গোসাঁইক উপৱেশন কৰা হয়। তাতে গৃহস্থৰ লোকে বাঁহ গোসাঁইৰ চৰণ ধুৱায়। পিছত চাকি-বন্তি লৈ বাঁহ গোসাঁয়ে পৰিধান কৰা বস্ত্ৰৰ আচল এটা ধৰি এখিলা পাণেৰে নিজৰ চোতাললৈ বৰণ কৰি নিয়া হয়। গৃহস্থই বাঁহ-গোসাঁই বৰি কৰি নিয়া ঠাইৰপৰা চোতাললৈ ইআদৰি চেলেং চাদৰ পাৰি দিয়ে আৰু সেই চাদৰৰ ওপৰেদি গোসাঁই ফুৰাবলৈ অহা ভক্তপ্ৰাণ ৰাইজে বাঁহ গোসাঁইক গৃহস্থৰ চোতাললৈ নিয়ে। চোতালত সজাই থোৱা নৈবদ্যৰ ওচৰত আগলতি কলপাত এখনত বঁটাসহ বাঁহ গোসাঁই উপৱেশন কৰা হয়। পিছত গৃহস্থই সপৰিয়ালে পূজা-অৰ্চনাৰে সেৱা কৰি সাধ্যানুসৰি চাউল, টকা-সিধি দি মাননি আগবঢ়াই গোসাঁইৰ আশীৰ্বাদ লয়। আশীৰ্বাদ লোৱাৰ সময়ত ৰাইজে তেওঁলোকৰ উপাস্য দেৱতা বুঢ়া ডাঙৰীয়াক স্মৰণ কৰি ‘হৰি বোল হৰি বোল’ হৰিধ্বনি দি ঢোল-তাল, শংখ-ঘন্টা বজাই এক আধ্যাত্মিক জাগৰণৰ সৃষ্টি কৰে। ছয় ব’হাগৰ দিনা অসমৰ সকলো গাওঁ প্ৰান্তৰ বাঁহ গোসাঁই কোনো এক নিৰ্দিষ্ট ঠাইত লগ হৈ বাঁহ গোসাঁই উৎসৱ পালন কৰা হয়। এই উৎসৱত অসমৰ শৰণীয়া কছাৰী সম্প্ৰদায়ৰ লোকসকলে আনন্দ-উল্লাসেৰে অংশগ্ৰহণ কৰে।

বাঁহ গোসাঁইক গোসাঁই ঘৰত সুমুৱাই গাৰ ৰুমাল, চোঁৱৰ আদি খুলি এখন ভেলৰ ওপৰত তুলি নি নদীত বিসৰ্জন দিয়া হয়। গোসাঁই বিসৰ্জন দিবলৈ যাওঁতে পিছে পিছে ৰাইজে ঢোল-তাল বজাই যায়। এনেদৰে গোসাঁই বিসৰ্জন দি বছৰটোৰ বাবে গোসাঁইক বিদায় দিয়া হয়। ইয়াতে বাঁহ গোসাঁই উৎসৱৰ সামৰণি পৰে।

লেখক:ধীৰেন মহলীয়া



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate