অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বানাই অসমৰ এটি অৱহেলিত জনজাতি :

বানাই অসমৰ এটি অৱহেলিত জনজাতি :

 

বিভিন্ন সৰু-বৰ জাতি জনজাতিক লৈ গঢ় লৈছে অসমীয়া জাতি। অসম, অৰুণাচল, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, মেঘালয়, ত্ৰিপুৰাকে ধৰি উত্তৰ-পুবৰ প্ৰতিখন ৰাজ্য সমৃদ্ধ হৈছে বিভিন্ন জাতি-জনজাতিক লৈ। ভিন্ন ভাষা, ভিন্ন সাজপাৰ, ভিন্ন খাদ্য অভ্যাসেৰে সকলো সমৃদ্ধ। এই ভিন্নতাৰ মাজতো আছে একতা। এই একতাই দিছে শক্তি। যি শক্তিক লৈ অসমখন আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিছে। আমাৰ দেশ ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ। গণতন্ত্ৰত সংখ্যাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। ব্ৰিটিছে একত্ৰিত কৰা ভাৰতবৰ্ষত অতীজৰ পৰাই বিভিন্ন জাতি-জনগোষ্ঠীয়ে বসবাস কৰি আহিছে। শিল্প বিপ্লৱে বিশ্বলৈ পৰিবৰ্তন আনিছিল। ব্ৰিটিছে এই পৰিবৰ্তনক ভাৰতবৰ্ষতো প্ৰয়োগ কৰিছিল। ব্ৰিটিছে যি যি ঠাইত ব্যৱসায়-বাণিজ্যৰ বাবে কোঠ পাতিছিল সেই ঠাইসমুহৰ উন্নয়ন হ’ল, তাৰ জনতাৰ কিছুসংখ্যকৰ জীৱনৰ মান পৰিবৰ্তন হ’ল। কিন্তু দেশৰ কোটি কোটি জনতা, জনগোষ্ঠী পিচপৰি ৰ’ল। সেয়ে স্বাধীন ভাৰতৰ সংবিধানত পিচপৰা জাতি-জনজাতিৰ বাবে কিছুমান সুবিধা ৰখা হ’ল। দেশে স্বাধীনতা লাভ কৰা আজি সত্তৰ বছৰ হ’ল। স্বাধীন ভাৰতবৰ্ষৰ চৰকাৰসমুহে দৰিদ্ৰ জনতা, পিচপৰা জাতি-জনগোষ্ঠীৰ বিকাশৰ বাবে সত্তৰ বছৰে বিভিন্ন আঁচনি ল’লে। কিন্তু আজিও চৰকাৰী আঁচনিয়ে কিছুমান জনগোষ্ঠীৰ বিকাশ কাংক্ষিত ধৰণে কৰিব পৰা নাই। দেশত আজিও দৰিদ্ৰ, ভোকাতুৰ , গৃহহীন লোকৰ হাহাকাৰ চলিয়ে আছে। চৰকাৰী আঁচনিয়ে দেশৰ দৰিদ্ৰতম জনতাৰ কাষ পোৱাৰ পুৰ্বেই পুঁজিৰ হানি-বিঘিনি ঘটে। ফলত সত্তৰ বছৰটো দেশত দৰিদ্ৰতা নোহোৱা হোৱা নাই। তাৰ প্ৰধান কাৰণটোৱে হ’ল এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িতসকলৰ একাগ্ৰতাৰ অভাৱ আৰু দুৰ্নীতি। এইসকলৰ অৱহেলাৰ বাবেই দেশৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে উগ্ৰবাদ, আন্দোলন হৈছে।

বিশ্বায়নে আজি পৃথিৱীখনক সৰু কৰি পেলাইছে। বিশ্বায়নৰ প্ৰভাৱ আজি সৰু-ডাঙৰ সকলো দেশতে পৰিছে। বিশ্বায়নৰ ফলতে আজি বিশ্ব বিভিন্ন প্ৰান্তত বসবাস কৰা সৰু-সৰু জাতি-জনগোষ্ঠীসমুহে হেৰুৱাইছে নিজৰ ভাষা- সংস্কৃতি। ভাষা বিজ্ঞানীসকলে এক অধ্যয়নত স্পষ্ট কৰিছে যে বছৰি বহু সৰু সৰু ভাষাৰ মৃত্যু হৈছে। সৰু সৰু কিছুমান জনগোষ্ঠীও নোহোৱা হৈছে বিশ্বৰ বুকুৰ পৰা। ইংৰাজী ভাষাৰ প্ৰভাৱত আজি অসমত ভাষালৈও আহিছে প্ৰবল ভাবুকি।

দেশৰ অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰুপে স্বীকৃত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগে এক আদৰ্শনীয় কাম কৰিছে। উতৰ-পুৰ্বাঞ্চলৰ সৰু সৰু ছটা জনগোষ্ঠীৰ বিলুপ্তপ্ৰায় ভাষাৰ ওপৰত গৱেষণা কৰি সেই সেই ভাষাত গ্ৰন্থ অলপতে প্ৰকাশ কৰিছে। আমৰ পাহাৰীয়া জিলা ডিমা হাচাওৰ সৰু জনগোষ্ঠীৰ ৰাংখল আৰু বেইটে, নাগালেণ্ডৰ লিয়াংমাই, মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰত প্ৰচলিত খেলমা, মণিপুৰৰ ‘পুৰুষ’ আৰু নাগালেণ্ডৰ ‘অনামী’ ভাষাৰ ওপৰত গৱেষণা কৰি গ্ৰন্থ প্ৰকাশ কৰিছে।  তেজপুৰ বিশ্ববিদ্যালয়ে বিদ্যায়তনিক ক্ষেত্ৰত বহুতো গুৰুত্বপুৰ্ণ কাম কৰি আহিছে। তাৰে এইটো এটা উদাহৰণ। অমি পুৰ্বেই উল্লেখ কৰিছো অসমখন বিভিন্ন সৰু- বৰ জাতি-জনজাতিৰ বৰণীয়া জনজীৱনক লৈ গঢ় লৈছে। যিসমুহ জাতি-জনগোষ্ঠী আৰ্থিকভাৱে সবল, যিসমুহ জনগোষ্ঠী শিক্ষা-দীক্ষাত আগবঢ়া তেওঁলোক সৰু জনগোষ্ঠী হ’লেও এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে। অৰ্থাৎ তেওঁলোকক অন্তত সকলোৱে জানে। অসমৰ কুকিসকল তেনে এক পাৰ্বত্য জনজাতি। অতি কষ্টসহিষ্ণু কুকিসকলে নিজৰ জনজাতিৰ উন্নতিৰ বাবে অতি নিষ্ঠাৰে কাম-কৰাৰ উদাহৰণ অলেখ। শিক্ষাই এই পোহৰৰ বাট তেওঁলোকক দেখুৱাইছে।

অসমৰ কাৰবি আংলং, গোৱালপাৰা, কোকৰাঝাৰ আৰু লখিমপুৰত সিঁচৰিত হৈ থকা এটা সৰু জনজাতিথ’ল ‘বানাই’ জনজাতিৰ নামেই শুনা নাই। আমিও শুনা নাছিলো। কিন্তু অসম সাহিত্য সভাৰ বৈঠালাংছ’ৰ বিশেষ অধিৱেশনত সভাপতি ৰংবং তেৰাংদেৱৰ হাতত এজন অতি সাধাৰণ লোকে এখন ভাঁজলগা কাগজত এখন আবেদন দিছিল। য’ত লিখা আছিল অসম সাহিত্য সভাই ‘বানাই’ জনজাতিৰ ভাষা-সংস্কৃতিৰ ৰক্ষাৰ বাবে পদক্ষেপ ল’ব লাগে। আবেদনখনত নাছিল বানাইসকলৰ বাসস্থানৰ উল্লেখ, নাছিল কোনো ফোন নম্বৰ। সেই সময়ত আমিও আছিলো তেৰাং ছাৰৰ লগত। সাহিত্য সভাৰ ভিৰৰ মাজত আবেদন পত্ৰ দিয়া অতি সাধাৰণ মানুহজন হেৰাই গ’ল। সাহিত্য সভাৰ ফাইলত হয়তো সেই ভাঁজলগা আবেদন পত্ৰখন থাকিবও পাৰে। বিগত ৭ বছৰে আমি বানাইসকলৰ সন্ধান কৰিলো। অৱশেষত আমাৰে ভাতৃ বীৰেন ইংহিয়ে খবৰ দিলে ‘দাদা, বানাই উপাধি লিখা এজনে লোক পাইছো ডংকামোকামত’। বীৰেনৰ খবৰৰ ভিত্তিতে আমি পাইছিলোগৈ ডংকামোকামৰ ‘চাৰচিনট বানাই গাওঁ’।

বানাইসকল কাৰবি আংলং জিলালৈ ১৯৬৪ চনতেই আহিছিল। ডংকামোকামৰ বৰ্তমান য’ত বানাই গাওঁ আছে তাত তেওঁলোকেই ৰিজাৰ্ভ ভাঙি গাওঁ পাতিছিল। কিন্তু এতিয়া বানাইসকলৰ কি আছে? ‘চাৰচিনট বানাই গাঁৱ’ৰ বাসিন্দা ১৩ ঘৰ। মাটি আছে ৩.৫ বিঘা। পশ্চিম কাৰবি আংলঙৰ বৰবিলতো দুঘৰমান বানাই লোক আছে। চাৰে তিনি বিঘা মাটিত থকা ১৩ ঘৰ বানাই জনজাতি লোকে আনৰ পথাৰত, ঘৰত হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে। মহিলাসকলে কাপোৰ-কানি বৈ, হাঁহ, কুকুৰাপুহি চলি আছে।

কাৰবি আংলং জিলাত প্ৰায় ৯০-১০০ গৰাকী বানাই জনজাতিৰ লোক আছে। সকলোৰে অৱস্থা লাওখোৱা। ইয়াৰ উপৰি গোৱালপাৰা, কোকৰাঝাৰ আৰু লখিমপুৰত মিলাই অসমত প্ৰায় ৯-১০ হাজাৰ বানাই জনজাতিৰ লোক আছে। মেঘলায়ত দুহেজাৰমান বানাই লোক আছে যদিও তেওঁলোকৰ সৰহভাগে নিজকে কোঁচ বুলিহে পৰিচয় দিয়ে। আনহাতে বাংলাদেশৰ গংগানগৰ, মহিছখুলাত দুখন বানাই গাওঁ আছে। অসমত চৰকাৰীভাৱে বানাইসকলক জনজাতিৰ স্বীকৃতি দিয়া হোৱা নাই। কিন্তু বাংলাদেশত থকা এমুঠি লোকক জনজাতি স্বীকৃতি দিয়া হৈছে।

বানাইসকলৰ নিজস্ব ভাষা আছে যদিও তেওঁলোকৰ ভাষা এতিয়া বিলুপ্তিৰ পথত। তেওঁলোকে অসমীয়া ভাষাই ব্যৱহাৰ কৰে। তদুপৰি অতি ক্ষুদ্ৰ জনজাতি হোৱাৰ লগতে শৈক্ষিক আৰু আৰ্থিকভাবে পিচপৰাৰ বাবেই নিজৰ ভাসাৰ উন্নতিৰ অৰ্থে একো কৰিব পৰা নাই। এতিয়া বিভিন্ন জাতি- জনজাতিৰ লগত বৈবাহিক সম্পৰ্ক গঢ় লোৱাৰ পিছত বহুতে নিজৰ উপাধি সলনি কৰিছে। অৰ্থাৎ এই জনজাতি এতিয়া অস্তিত্বৰ সংকটত।

বানাইসকলৰ ৪৭ টা ‘নিকিনি’ বা গোত্ৰ আছে। তেওঁলোকে শক্তি পুজা কৰে । তেওঁলোকৰ পৰম্পৰাগত ভগৱানক দেও বুলি কয়। বাস্তু দেও, কানি দেও, পতি দেও, হইলা দেও, নিকিনি দেও, বাৰ গোপাল দেও, ফেইনি দেও, মাৰ দেও, থাংগা মাৰা দেওক তেওঁলোকে পুজা কৰে। একেদৰে তেওঁলোকে বৈশাক হোনগৰণি, পছলা আৰু কাটি হোনগৰণি উৎসৱ পালন কৰে। বিবাহ পদ্ধতিৰো নিজস্ব বৈশিষ্ট্য আছে বানাইসকলৰ। একে শাখাৰ ভিতৰত বিবাহ নিষিদ্ধ। সামাজিক বিয়া, ধাই পৰা বিয়া আৰু হাংগা বিয়া এই তিনিবিধ বিয়া হয় বানাই সমাজত। উল্লেখ্য যে হাংগা বিয়া হ’ল বিধবা বিবাহ। বানাই সমাজত বিধৱা বিবাহৰ প্ৰচলন অতীজৰ পৰা চলি আহিছে। সামাজিকভাৱেই হয় বিধৱা বিবাহ। বানাইসকলৰ নিজস্ব , সাজ-পোছাক আৰু আ-অলংকাৰ আছে। তেওঁলোকৰ ভাষা হাজং ভাষাৰ লগত কিছু মিল আছে।

উৎস: সাদিন, সঞ্জু বৰা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate