বাৰে মানে অনেক আৰু চহৰীয়া মানে ৰাইজ। গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদ্যাপন কৰে, সেয়ে বাৰে চহৰীয়া ভাওনা। ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ বাৰে চহৰীয়া ভাওনাৰ শুভাৰম্ভ হৈছিল – আনুমানিক ১৭৯৭-৯৮ খৃষ্টাব্দত। ২১ খন খলাৰে এই ভাওনাৰ শুভাৰম্ভ হৈছিল। তেতিয়াৰেপৰা বৰ্তমানলৈকে এই ভাওনা জামুগুৰিহাটৰ ভিন্ন বাকৰিত অনুষ্ঠিত হৈ অহাটো গৌৰৱৰ কথা। এই ভাওনাৰ মণ্ডপটি চালে চকুৰোৱা। পদুমৰ চকাৰ আৰ্হিত কেন্দ্ৰ বিন্দুত সিংহাসন ভাগ ৰখাৰ ব্যৱস্থাৰে এটি দ’ল সজাই তাৰ চাৰিওফালে পদুমৰ আৰ্হিত ১৪ৰ পৰা ২১ খনলৈ ৰুচিসন্মত ভাৱে মণ্ডপ নিৰ্মাণ কৰে। সংযোগীৰ ভাৱে সংলগ্ন কৰা প্ৰতিখনি মণ্ডপ মিলি অৱশেষত এটি দৃষ্টি যোগ্য বৃত্তৰ ৰূপ লয়। বৃত্তৰ ভিতৰত থকা প্ৰতিখনি অভিনয় মঞ্চক খলা আখ্যা দিয়াটো মন কৰিবলগীয়া। প্ৰতিখনি খলাকে গছ-লতা-ফুলেৰে সুদৃশ্য কৰি তাৰ সন্মুখত একোটাকৈ তোৰণ সাজি মঞ্চসমূহক আৰু অধিক সুন্দৰ কৰি তুলিবলৈ যত্নৰ ত্ৰুটি কৰা নহয়। মণ্ডপৰ মধ্যস্থানত ভাগৱত-সিংহাসন প্ৰতিষ্ঠিত হয়। ইয়াৰ ঠিক পশ্চিমৰ খলাখনক প্ৰথম খলা ৰূপে ধৰি সোঁহাতৰ খলাসমূহৰ নামকৰণ কৰে। গায়ন-বায়নৰ জোৰা উঠাৰ বাবে এইখনি খলাতেই জয় জয়তে বাজি উঠে বৰকাঁহ। লগে লগে আনবোৰ খলাতো ডবা-বৰকাঁহ বাজিব ধৰে। প্ৰথম খলাৰপৰাই গায়ন-বায়নে ঢেৰাপাক দিয়া আৰম্ভ কৰে – ‘লগে লগে সকলো খলাৰপৰাই সোঁহাতেদি প্ৰথম খলাৰ গায়ন-বায়নক অনুসৰণ কৰি সম্পূৰ্ণ খলাসমূহত তিনি পাক দিয়াৰ পিছত নিজ নিজ খলাত আহি গণিকাৰ কাম শেষ কৰে। গায়ন-বায়নৰ ঢেৰাপাকৰ এই দৃশ্যটোৱেই বাৰে চহৰীয়া ভাওনাৰ সৰ্বোকৃষ্ট উপভোগৰ দৃশ্য’। ইয়াৰ পিছত প্ৰতিখন খলাতে সুকীয়া সুকীয়া ভাওনা আৰম্ভ হয়। প্ৰতিখন ভাওনাৰ খলাত গায়ন-বায়ন, সুত্ৰধাৰ সুকীয়া সুকীয়া। নাটো বেলেগ বেলেগ। তথাপি দৰ্শকে ভিন্ন খোলাত অভিনয় উপভোগত অকণো অসুবিধা নাপায়। ঘন শইকীয়াদেৱৰ ভাষাত –‘মণ্ডপ নিৰ্মাণৰ কৌশলে একে ঠাইৰ পৰা সকলো নাটৰ অভিনয় চোৱাত একো বাধাৰ সৃষ্টি নকৰে। এই মেলা ধৰ্মী ভাওনাৰ মনোহাৰিত্বই বিপুল দৰ্শকৰ চিত্তক আনন্দ প্ৰদান কৰি আহিছে’। শোণিতকোঁৱৰ গজেন বৰুৱাৰ ঐকান্তিক যত্নত বাৰে চহৰীয়া ভাওনাই স্বীকৃতিৰ পথত ভৰি দিয়াৰ সুযোগ পায়।
লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 5/1/2020
খুলীয়া ভাউৰীয়া
অসমত আয়ুৰ্বেদ চৰ্চা
ঢোলবাদ্য আৰু ঢুলীয়া ভাওনাত দক্ষিণ কামৰূপ
অগ্নিগড়