মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বিভিন্ন জনগোষ্ঠীৰ খাদ্যসম্ভাৰৰ নামসমূহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন জনগোষ্ঠীৰ খাদ্যসম্ভাৰৰ নামসমূহ

বিভিন্ন জনগোষ্ঠীৰ খাদ্যসম্ভাৰৰ নামসমূহৰ বিষয়ে লিখা হৈছে ।

 

বিভিন্ন জনগোষ্ঠীৰ খাদ্যসম্ভাৰৰ নামসমূহৰ বিষয়ে জানিবলৈ এখন তালিকা প্ৰস্তুত কৰিলোঁ। বিভিন্ন উত্সৰ লগতে তালিকাখন প্ৰস্তুত কৰোঁতে ‘অসমৰ জনগোষ্ঠীয় লোকখাদ্য’ নামৰ গ্ৰন্থখনৰ সহায় লোৱা হৈছে।

জনগোষ্ঠীভেদে বিভিন্ন খাদ্যৰ পৰিচয় -

1. পা এ’ম্‌ – পাতত দিয়া মাছ (টাইফাকে)

2. ন’ চৌম – বাঁহগাজৰ টেঙা (টাইফাকে)

3. পা হেইং – শুকান মাছ (টাইফাকে)

4. খাওপুক – তিল আৰু বৰা চাউলেৰে তৈয়াৰী এক পিঠা (টাইফাকে)

5. অ’মা বেদৰ – লফা শাকেৰে গাহৰি মঙহ (বড়ো)

6. চবাইদাও ইংখ্ৰী – কুকুৰাৰ মঙহ (বড়ো)

7. ই:কুং – বাঁহ গাজ (মিচিং)

8. নাখাম – শুকান মাছ (গাৰো)

9. মেয়া মচেং – খৰিচা (গাৰো)

10. দেংৰেং ফিটা – ভাপত দিয়া পিঠা (গাৰো)

11. সেৰেকা – নিচাযুক্ত পানীয় (ঠেঙাল কছাৰী)

12. য়ে:কতাক্ ৰা:নাম্ – ডাঙৰ টুকুৰাৰ গাহৰিৰ মঙহৰ সৈতে ঔটেঙা বা বিলাহীৰ আঞ্জা (মিচিং)

13. পে:ৰেদ অয়িং – মাটিমাহৰ তৰকাৰি (মিচিং)

14. পুৰাং আপিন –টোপোলা ভাত (মিচিং)

15. আপং – নিচাযুক্ত পানীয় (মিচিং)

16. হান্তী – নিচাযুক্ত পানীয় (চাওতাল)

17. চিনজিল – কুকুৰাৰ মঙহ (চাওতাল)

18. চুলিয়া ভাত – বৰা চাউলৰ জলপান (তিৱা)

19. আৰিয়া – মাছ শুকুৱাই খোৱা (তিৱা)

20. মুইদং – গাহৰিৰ শুকান ভজা মঙহ (তিৱা)

21. চু – নিচাযুক্ত পানীয় (গাৰো)

22. মি – ভাত (গাৰো)

23. ৱাকবেএন – গাহৰিৰ মঙহ (গাৰো)

24. কাচা – নিচাযুক্ত পানীয় (হাজং)

25. বিচি ভাত – বৰা চাউলেৰে তৈয়াৰী ভাত (হাজং)

26. হৰবংইছি – নিচাযুক্ত পানীয় (কাৰ্বি)

27. হান চি – খৰিচা (কাৰ্বি)

28. ভত্তা খাওয়া – কচু, আলু, বেঙেনা আদিৰ পিতিকা (ৰাজবংশী)

29. চুজে – পানীয় (দেউৰী)

30. চ্চুঁচ্চাঁ – শুকান মাছ (দেউৰী)

31. চ্চিঁয়া জুবুৰা – মাছৰ আঞ্জা (দেউৰী)

32. চ্চুচ্চু জুবুৰা – বিভিন্ন মঙহৰ আঞ্জা (দেউৰী)

33. চেৱা মক – বৰা চাউলৰ জলপান (দেউৰী)

34. উজুয় মক – চুঙাত চাউল দি সিজোৱা ভাত (দেউৰী)

35. দিবি জুবুৰা – মাটি মাহৰ তৰকাৰি (দেউৰী)

36. নাফলাং – শুকান মাছ (তিৱা)

37. জু – নিচাযুক্ত পানীয় (তিৱা)

38. মাইচা – ভাত (ডিমাচা)

39. হন চামলাই – মাংস আৰু চাউলৰ গুড়ীৰ আঞ্জা (ডিমাচা)

40. জৌ – নিচাযুক্ত পানীয় (ডিমাচা)

41. নাপ্ হালাম – মাছৰ চাটনি (ডিমাচা)

42. পা চাও –সৰু মাছৰ শুকান ভাজি (খামতি)

43. পাকাত চৌম – লাই শাকৰ টেঙা আঞ্জা (টাইফাকে)

44. নৌ পিং – খৰিকাত দিয়া মঙহ (টাইফাকে)

45. মায় মাচি – মাৰ ভাত (ৰাভা)

46. এমফৌ অনলা – পলুৰ আঞ্জা (বড়ো)

47. জৌ – নিচাযুক্ত পানীয় (বড়ো)

48. বিচি ভাত – বৰা চাউলৰ ভাত (হাজং)

49. ছ্যাকা – খাৰ (ৰাজবংশী)

50. খাওনিং – ভাত (খামতি)

উৎস :- সাহিত্য উট অৰ্গ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top