মানুহৰ ইতিহাসেই হ’ল সংগ্ৰামৰ ইতিহাস।প্ৰাচীন কালৰেপৰা,প্ৰকৃতিৰ সৈতে সংগ্ৰাম কৰি মানুহে আজিৰ অৱস্থা পাইছেহি। প্ৰাচীন কালত মানুহে জীয়াই থাকিবলৈ যি শ্ৰম কৰিছিল তাৰ সমান্তৰালভাৱে তেওঁলোকৰ মাজত কিছু নীতি-নিয়ম আৰু আচাৰ-অনুষ্ঠানৰ জন্ম হৈছিল। নিৰ্দ্দিষ্ট ধাৰা আৰু প্ৰক্ৰিয়াৰ মাজেৰে সেই আচাৰ-অনুষ্ঠানবোৰে আজিৰ সংস্কৃতিৰ ৰূপ পাইছে।সেয়ে সংস্কৃতি সামাজিক ৰীতি-পৰম্পৰাৰ প্ৰতিফলন।বিষ্ণু ৰাভাৰ কৃষ্টি আৰু সংস্কৃতি চিন্তাৰ বহু পৰিমাণে পল ৰব্চন আৰু ক’ড্ৱেলৰ ধাৰণাৰ সৈতে সম্পৰ্ক আছে।ৰাভাৰ চিন্তাৰ মাজত শ্ৰমজীৱি জনসাধাৰণে যথেষ্ট গুৰুত্ব লাভ কৰিছে। কৃষ্টিৰ যেতিয়া সংস্কাৰ হয়,তেতিয়া সেই কৃষ্টি-সংস্কৃতি আৰু সংস্কৃতিত যেতিয়া বিদেশীয় মিনাৰ নক্সা উঠে, তেতিয়া সংস্কৃতি হয় কাল্চাৰ। সেই কাল্চাৰে শেষত সেই আদিম সৃষ্টিৰ কাল হয়, চাৰিওফালৰপৰা কালে চেপি ধৰে, তেতিয়া হয় সেই কৃষ্টিৰ ৰূপান্তৰ।
কৃষ্টি আৰু সংস্কৃতি সম্পৰ্কে বিষ্ণু ৰাভাৰ ধাৰণাই আমাক এই শিক্ষাই দিয়ে যে জনসাধাৰণৰ কৃষ্টি-সংস্কৃতি কৃষি কৰ্ম আৰু শ্ৰমৰ সৈতে জড়িত মূলত: শ্ৰমভিত্তিক যি গণ-সংস্কৃতি সেয়াই হ’ল আচল সংস্কৃতি।শ্ৰমজীৱী জনসাধাৰণে গণ-সংস্কৃতি আহৰণ কৰে লোক-সংস্কৃতিৰ পৰা। বিষ্ণু ৰাভাৰ সংস্কৃতিৰ ধাৰণা সমন্বয়ৰ ওপৰত নিৰ্ধাৰিত যদিও তেওঁ অসমীয়া সংস্কৃতিক গণমুখী দৃষ্টিভংগীৰে বিচাৰ কৰিছে।অসমৰ বিভিন্ন জনগোষ্ঠীৰ শ্ৰমজীৱি মানুহৰ জীৱন প্ৰণালীৰ মাজত গঢ় লৈ উঠা বিভিন্ন স্তৰৰ সংস্কৃতিৰ সমন্বয়ত ৰাভাই যি সংস্কৃতিৰ ছৱি দেখিছিল সেয়া আছিল ‘ন-অসমীয়া সংস্কৃতি’। ৰাভাদেৱে লিখিছে---‘অসমৰ বুকুত বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ডোলেৰে গাঁঠি দুনাই শক্তিশালী জাতি গঢ়োঁ,শক্তিমান ন-অসম গঢ়ি সমন্বিত শক্তিৰে ন-অসমীয়া সংস্কৃতি ৰচোঁ”। ৰাভাদেৱে কৃষ্টি-সংস্কৃতিৰ বিচাৰ আন্তৰ্জাতিক দৃষ্টিভংগীৰে কৰিব বিচাৰিছিল।সংস্কৃতিৰ কথা কৈছে, এই কৃষ্টি-সংস্কৃতি হ’ল মিকিৰ(কাৰ্বি),নগা, খাচী, মৰাণ, ৰাভা, গাৰো, ডিমাচা, কোচঁ, মণিপুৰী, বামুণ, শুদিৰ, কায়স্থ, কৈৱৰ্ত্ত, হিন্দু, খৃষ্টান, শিখ, মুছলমান আদি অসমবাসীৰ সমন্বয়ৰ সংস্কৃতি।বিষ্ণু ৰাভাই যি জাতিৰ কথা কৈছিল তাৰ অন্যতম উপাদানৰূপে তেওঁ কৃষ্টি-সংস্কৃতিৰ গুৰুত্ব উপলব্ধি কৰিছিল।উদাৰ আৰু বহল দৃষ্টিৰে ৰাভাই সমন্বয়ৰ অসমীয়া জাতি গঢ়াত জোৰ দিছিল।‘অসমীয়া কৃষ্টিৰ চমু আভাস’শীৰ্ষক অভিভাষণত ৰাভাই কৈছে---‘অসমৰ যি কৃষ্টি – সংস্কৃতি আছে তাক সংস্কৃত কৰিব লাগিব।যি নতুনকৈ আহিছে তাক অসমীয়া ঠাঁচত ভালকৈ সজাই পৰাই গঢ়িব লাগিব।তেতিয়াহে আমাৰ কৃষ্টি সংস্কৃতি আৰু সভ্যতাই পূৰ্ণ বিকাশ পাব আৰু অসমীয়া জাতি বাচিব’।কৃষ্টি-সংস্কৃতিৰ বিজ্ঞানসন্মত ব্যাখ্যাকাৰ খ্ৰীষ্টোফাৰ ক’ড্ৱেলে বুৰ্জোৱা(মধ্যবিত্ত)সংস্কৃতি বা পুঁজিবাদী সমাজ ব্যৱস্থাৰ ছত্ৰছায়াত গঢ় লৈ উঠা পণ্য সংস্কৃতিৰ চৰিত্ৰ সম্পৰ্কে ব্যাখ্যা কৰি (Studies in a dying culture)শীৰ্ষক গ্ৰন্থৰ পাতনিত লিখিছে---‘বুৰ্জোৱা সংস্কৃতি সাংঘাতিক ধৰণে ৰুগ্ন।...বুৰ্জোৱা সংস্কৃতি হ’ল মৃত্যুমুখী কল্প কাহিনী’….
(Bourgeaise culture is seriously ill….
Bourgeaise culture is dying of a myth…
সমগ্ৰ বিশ্বজুৰি চলা গোলকীকৰণ আৰু মুক্ত অৰ্থনীতিৰ বজাৰে ক্ৰমান্বয়ে সংস্কৃতিক গ্ৰাস কৰিবলৈ ধৰিছে।পশ্চিমীয়া ভোগবাদী পণ্য সংস্কৃতিৰ আমাৰ গণসংস্কৃতিক বিকৃত কৰিবলৈ দুষ্কৃতিৰ ৰূপত যি শক্তি আগবাঢ়ি আহিছে ধনতন্ত্ৰবাদেই তাক পোহপাল দি লালন-পালন কৰিছে।বিষ্ণু ৰাভাই সচেতনভাৱেই পুঁজিবাদী ধনতান্ত্ৰিকতাৰ বিপদ সম্পৰ্কে তেওঁৰ বিভিন্ন লেখাত বহলাই ব্যাখ্যা কৰি কৃষ্টি-সংস্কৃতিৰ স’তে মানুহৰ শ্ৰমৰ সম্পৰ্কক ফঁহিয়াই দেখুৱাইছে।
লেখিকা: দীক্ষিতা কলিতা, আৰোহণ জ্যোতি
শেহতীয়া উন্নীতকৰণ: : 3/14/2020
অসমীয়া সাহিত্য সংস্কৃতিলৈ বিষ্ণু ৰাভাৰ অৱদান
অসমীয়া সাহিত্যৰ বুৰঞ্জী
অসমৰ কৃষ্টি-সংস্কৃতিৰ বৰপথাৰত দক্ষিণ কামৰূপৰ ভেলদি...
অসমীয়া সংস্কৃতিত গামোচাৰ প্ৰভাৱ