অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিহু আৰু বিহুৰ বাদ্যযন্ত্ৰ

বিহু আৰু বিহুৰ বাদ্যযন্ত্ৰ

বিহু অসমীয়া সংস্কৃতিৰ প্ৰাণ। বিহু অসমীয়াৰ জাতীয় উৎসৱ। বিহুৰ আবেগিক সম্পৰ্কক অসমীয়াই জীৱন থাকে মানে কেতিয়াও পাহৰিব নোৱাৰে। ৰঙালী বিহুৰ আটাইতকৈ আকৰ্ষণীয় উপাদান হ’ল বিহুগীত। বিহুগীত অসমীয়া লোকসাহিত্যৰ এটি অমূল্য সম্পদ। ইয়াৰ বুকুত লুকাই আছে প্ৰাণৰ স্পন্দন, অসমীয়াৰ জীৱন বুৰঞ্জী আৰু সমাজৰ প্ৰতিচ্ছবি। ঢোল, পেঁপাৰ মাত শুনিলে এতিয়াও অসমীয়াৰ গা ৰাই-জাঁই কৰে। বিহুগীত গাওঁতে আৰু বিহুনৃত্য কৰোঁতে বিভিন্ন বাদ্য-যন্ত্ৰ সংগত কৰা হয়। বিহু মাৰোতে ডেকাই ব্যৱহাৰ কৰা বাদ্যবোৰ হ’ল ঢোল, তাল, পেঁপা, বাঁহী আৰু গগণা, গাভৰুয়ে ব্যৱহাৰ কৰা বাদ্য হ’ল গগণা, টকা আৰু সুতুলি।

ঢোল

 

বিহুগীতত ব্যৱহাৰ হোৱা অতি প্ৰয়োজনীয় বাদ্য হ’ল ঢোল। ঢোলৰ তালি(বাওঁ হাতেৰে বজোৱা ফাল) কোবনী (সোঁহাতেৰে বজোৱা ফাল) ফালত কৈ কিছু ডাঙৰ হয়। আম, কঁঠাল, ক’লা জামু আৰু গমাৰি আদি গছৰ পৰা ঢোলৰ খোলাটো সজা হয় আৰু দুয়োটা মূৰ চামৰাৰে চোৱা হয়। দমৰা বা চেঁউৰী গৰুৰ ছালেই ঢোলৰ বাবে উত্তম। বিহুঢোল দীঘলে ৪৫ চে:মি: আৰু ব্যাস প্ৰায় ৩০ চে:মি: বা তাতকৈ অলপ বেচি হব পাৰে। ঢোলৰ কোবনীৰ ছালখন জাতি বাঁহৰ এটা বাও সাজি তাত টানকৈ ছালখন মেৰিয়াই খোলাটোৰ মুখত লগোৱা হয় আৰু তালি ফালৰ ছালখনৰ লগত মজবুট বৰতীৰে (বুঢ়া গৰু ছালৰ ডাঠ ৰচী) কোবনী ফালৰ ছালখনৰ লগত টনা টনি কৰি টানকৈ বন্ধা হয়। এই বৰতীবোৰ যিমানে টনা হয় ঢোলৰ সুৰো উচ্চ গ্ৰামলৈ গৈ থাকে। কোবনীৰ ছালখন তালিৰ ফালে আহিব নোৱাৰাকৈ ৰাখিবৰ বাবে খোলাত এটা খাঁজ কাটি বাঁহৰ কিছুমান ফৰিঙা লগোৱা হয়। কোবনী বাঁহৰ বাওটোক মলোৱা আৰু তালি ফালৰ বৰতিৰে পকাই পকাই গথা সীঁয়নিটোক গুঠনি বুলি কোৱা হয়। ঢোলটো কান্ধত ওলোমাই ৰাখিবৰ বাবে ব্যৱহাৰ কৰা ৰচীডালক কান্ধজৰী বা ঢোলজৰী বুলি কোৱা হয়। বিহুঢোলৰ মাৰিডাল ৯/১০ ইঞ্চিমান দীঘলকৈ জাতি বাঁহৰ গুৰিৰ পৰা চাঁচি উলিওৱা হয়, এইডালৰ নাম মাহিতা। অসমৰ অতিকৈ আদৰৰ এই ঢোলত বিভিন্ন লাগ, ঘাত, জুৰণি, ৰগৰ, চুচনি, বিভিন্ন ছেও, চালনা, ওজাহাত আদি বজোৱা হয়।

বাঁহী

 

 

 

 

 

 

বিহুৰ আন এবিধ জনপ্ৰিয় বাদ্য হ’ল বাঁহী। ইয়াক ফু দি বজোৱা হয়। বাঁহী বাঁহৰ চুঙাৰে সজা হয়। ইয়াৰ ভিতৰটো ফোঁপোলা আৰু নিদিষ্ট দূৰত্বত কিছুমান বিন্ধা থাকে। মিচিং সকলে বাঁহীক কুৰুলি পুলি, বড়োসকলে বাঁহীক চিফুং বোলে। চিফুঙৰ মাত মধুৰ আৰু শুৱলা। তিৱাসকলৰ বাঁহী দুবিধ-পাংছি আৰু থুৰাং।

তাল

 

 

 

 

 

 

বিহুত ব্যৱহাৰ কৰা আন এবিধ বাদ্য হ’ল তাল, এই বিধ বাদ্য ধাতুৰে নিৰ্মিত। নৃত্যগীতত তাল ৰাখিবৰ বাবে এই বিধ বাদ্য ব্যৱহাৰ কৰা হয়। বিহুৰ বাবে তাল এবিধ অতি অপৰিহাৰ্য্য বাদ্য। ঢোলৰ লগত তালযোৰ ব্যৱহাৰ নকৰিলে ঢোলৰ চেওবোৰ কিবা উকা উকা লাগে। বিহুত সাধাৰণতে তাল অকলে ব্যৱহাৰ কৰা নহয়। ইয়াক সদায় ঢোলৰ লগতহে বজোৱা হয়। তালযোৰে ঢোলৰ চেওবোৰক অধিক স্পষ্ট কৰাৰ লগতে শ্ৰুতিমধুৰ কৰে। অসমৰ এই লোকবাদ্য বিধ কেইবাপ্ৰকাৰ খুটি তাল, ভোঁৰ তাল আদি।

পেঁপা

ব’হাগ বিহুত বজোৱা লোকবাদ্যসমূহৰ ভিতৰত ঢোলৰ পাচতে পেঁপা। বিহু সংস্কৃতিৰ বৰঘৰত ম’হৰ শিঙৰ পেঁপাটো লাইখুটা স্বৰূপ। ম’হৰ শিঙৰ পেঁপাত সুৰৰ লহৰ তুলিবলৈ বিজুলী বাঁহৰ আগৰ পৰা চাৰি আঙুলমানৰ এপাব কাটি তাত বিন্ধনাৰে চাৰিটা বিন্ধা উলিয়াই লোৱা হয়। ইয়াক পেপাৰ নলীচা বোলা হয়। এই নলীচা ডালৰ এফালে নল আৰু এফালে গাঁঠি থকা পাব এটা পাতলকৈ ফালি “চুপহি” সাজি মুখেৰে ফুঁ দি বজোৱা হয়। এই চুপহিৰ ফলা অংশ মুখেৰে ফুঁ দিলে পেঁ… কৈ বাজি উঠে আৰু সেই শব্দক নলীচাৰ বিন্ধা কেইটাৰ সহায়ত – “টিহিঁটি-টিটলৌ- টিঁহিটি ৰম ৰম” সুৰৰ লহৰি তোলা হয়। ম’হৰ শিঙত পেঁপা বজোৱাৰ এটা বৈশিষ্ট্য হৈছে-পেঁপা বজাওঁতে মাজত যতি নপৰে। অৰ্থাৎ পেঁপা বজাই থাকোঁতে এক বিশেষ কৌশলেৰে উশাহ ঘূৰাই পেঁপা বাদন বন্ধ নকৰাকৈ বজোৱা হয়। বিহুত এৰাব নোৱাৰা এইবিধ বাদ্য কেৱল পুৰুষেহে বজোৱাৰ নিয়ম। বিহুৰ উপৰি ম’হৰ শিঙৰ পেঁপা অতীতত ম’হৰ পিঠিত উঠি গৰু, ম’হ চৰাওঁতে গৰখীয়া সকলেও বজাইছিল।

গগণা

বিহুগীত আৰু বিহুনৃত্যত মুখেৰে ফুঁ দি বজোৱা আন এবিধ বাদ্যযন্ত্ৰ হ’ল গগণা। আগলি বাঁহৰ লাহৰি গগণাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। বিহুৰ পৰম্পৰা অনুসৰি ৰূপহী নাচনীয়ে কঁকালৰ খোঁচনিত লুকুৱাই হ’লেও, প্ৰিয়জনক মৰমৰ বিহুৱানখন নিদিয়ালৈকে যেনেকৈ হৃদয় শাঁত নপৰে, ঠিক তেনেকৈ বিহুৱা ডেকাটিয়ে হাতৰ টিপতে প্ৰেয়সীক নিজ হাতে সজা লাহৰি গগণাখন নিদিয়ালৈকে যেন মনত শান্তি নাই। গগণাক দাঁতেৰে কামুৰি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়। গগনাৰ মাত বৰ মিঠা আৰু মিহি। গগনা দুবিধ – গাভৰুৱে বজোঁৱা গগণা বিধক কোৱা হয় লাহৰী বা ৰূপহী গগণা আৰু ডেকাই বজোৱা বিধক কোৱা হয় ৰামধন গগণা। মিচিং ভাষাত গগনাক ‘গুংগাং’ বোলা হয়। গগণা তিনি/চাৰি বছৰীয়া পকা জাতি বাঁহৰ পৰা চাঁচি উলিওৱা হয়। লোক-বিশ্বাস মতে মুখচোকা তিৰোতাৰ তাঁত শালৰ পৰা ‘ব’ তোলা চূঙা চুৰ কৰি আনি গগণা সাজিলে তাৰ মাত ভাল হয়। যিমানে তিৰোতা গৰাকীয়ে গালি পাৰে সিমানে হেনো গগণাৰ মাত ওলায়।

টকা

 

 

বিহুৰ নাচ-গানক অধিক তালবদ্ধ আৰু উত্‍সাহ যোগোৱা এবিধ বিহু বাদ্য হ’ল নাচনীৰ অতিকে চেনেহৰ আগলি বাঁহৰ এপবীয়া “টকা”টি। বিহুৰ লগত এৰাব নোৱাৰা সম্পৰ্ক থকা আগলি বাঁহৰ এই সৰল বাদ্য বিধৰ নিৰ্মাণ প্ৰণালীও অতি সহজ। বিহুগীত-নৃত্যক অধিক প্ৰাণৱন্ত আৰু জীপাল কৰি তোলা এই টকা নামৰ বাঁহৰ বাদ্য বিধ সাজিবলৈ জাতি বা বিজুলী বাঁহ এপাবহে লাগে। পৈণত ভাল জাতি বা বিজুলী বাঁহৰ দুই মূৰে গাঁঠি থকা এপাব বাঁহ দুয়োফালে প্ৰায় আধা অংশ মান কাটি বাকী অংশ সমানে দুফাল কৰি মেলিব আৰু জপাব পৰা হ’লেই এটা উপযুক্ত টকা প্ৰস্তুত হয়। সাধাৰণতে মহিলা সকলৰ বিহুত ব্যৱহাৰ হোৱা টকাৰ টক-টক শব্দই বিহুখনৰ পাগ‍ উঠায়। টকা হাতেৰে বজোৱা হয়, বজাওঁতে টক্‍ টক্‍ শব্দ কৰে বাবে এই বাদ্যযন্ত্ৰ বিধক টকা নাম দিয়া হ’ল।

সুতুলি

বাঁহীৰ দৰে ফুঁ দি বজোৱা আন এবিধ বাদ্যযন্ত্ৰ হ’ল সুতুলি। বিহুৰ বাদ্য হিচাবে সুতুলিৰো অসমীয়া সমাজত এক সুকীয়া আসন আছে। জাকিমাৰি ওলোৱা নাচনী পখিলীৰ কঁকালৰ খোঁচনিত সুমোৱাই অনা মাটিৰ সুতুলিটোয়ে আমাৰ বিহুখনিৰ জেউতি চৰায়। সুতুলি মাটিৰে তৈয়াৰ কৰা বাদ্য। ইয়াৰ নিৰ্মাণ প্ৰণালীও অতি সহজ। সুতুলি সাজিবলৈ আলতীয়া মাটি (কুমাৰ মাটি, কেঁকোৰা গাঁতৰ মাটি, পুখুৰী তলৰ কোমল মাটি হ’লে ভাল হয় ) এলডা লৈ প্ৰথমে দুহাতেৰে চেপেটা কৰি মাজত খালি ঠাই ৰোৱাকৈ চাৰিওফালে বন্ধ কৰি দিব লাগে। তাৰ পাচত এবেলা ৰ’দত শুকুৱাই লোৱাৰ পিচত তাত তিনিটা বিন্ধা কৰি ল’লেই সুতুলি সজাৰ কাম সম্পূৰ্ণ হয়। তাৰে এটাত ফুঁ দি বাকী দুটাত আঙুলি বুলাই সুৰৰ সৃষ্টি কৰা হয়। সুতুলি মহিলাই বজোৱা বাদ্য যদিও আজি কালি পুৰুষেও বজোৱা দেখা যায়।

ঢোল, পেঁপা, গগনাৰ মাত শুনাৰ লগে লগে চঞ্চলা গাভৰু নাচনীজনীয়ে সীমাৰ পৰিধি ভাঙি শেন চৰাই উৰাদি মুকলি আকাশলৈ উৰি যাব খোজে। কাৰো যেন বাধা মানিব নোখোজে। এই বাদ্যযন্ত্ৰসমূহ সংগত কৰি বিহু গীত গোৱা আৰু বিহু নৃত্য কৰা হয়। বাদ্যযন্ত্ৰৰ অবিহনে বিহুৰ প্ৰকৃত ৰং-ৰহইচ নহয়। বাদ্যযন্ত্ৰৰ জৰিয়তেহে বিহুগীত আৰু বিহুনৃত্যৰ স্বকীয়তা ফুটি উঠে …….||

“ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে

বহি বৈ আছিলোঁ তাঁত;

টোপোলাৰ সেন্দুৰ টোপোলাত থাকিলে

খাবলৈ নহ’লে ভাত।”

“ম’হৰ শিঙৰ পেঁপাটি নবজাবা ককাইটি

মোৰে মন উৰুঙা কৰে;

পেঁপাৰ মাতে শুনি ৰ’ব মই নোৱাৰোঁ

হাতৰ বনে সৰি পৰে।”

আগলি বাঁহৰে লাহৰী গগনা

বহি তাঁতৰ পাটত বাওঁ;

আহে কি নাহে ঐ মোৰ ধন লাহৰী

চিৰি পাতি মঙলখন চাওঁ।”

লিখক: দুলাল বৰুৱা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate