অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰদোৱাৰ শিল্পবস্তু দৌল উৎসৱ :

বৰদোৱাৰ শিল্পবস্তু দৌল উৎসৱ :

বৰদোৱা থানে পাঁচশ বছৰতকৈ অধিক কাল বুকুত লৈ আছে ধৰ্মীয় সত্তা, জাতীয় ঐতিহ্য আৰু অস্তিত্ব। গুৰু মহাপ্ৰয়াণ হোৱা প্ৰায় ৮৯ বছৰ পিচত নাতি-বোৱাৰী আই কনকলতাই ১৫৭৮ শক (১৬৫৬ খ্ৰীষ্টাব্দ) ত স্বৰ্গদেউ জয়ধ্বজ সিংহৰ অনুচৰ টংচু ফুকনৰ সহযোগত শান্তিজান, আকাশীগংগা, দৌল মন্দিৰ, হাতীপুখুৰী, শিলিখা বৃক্ষ, মণিকুটৰ ভেটি নকৈ প্ৰতিষ্ঠ কৰাৰ লগতে গুৰুজনাৰ পদচিহ্নসম্বলিত ‘পদশিলা’ প্ৰতিষ্ঠা কৰিছিল। আই কনকলতা বৰদোৱা আগমনত যেন নতুন বেলিৰ ৰেঙনি পৰিল, তাৰ পিচৰ পৰা বৰদোৱালৈ ভকত-দৰ্শনাৰ্থীৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়িল, লাহে লাহে বৰদোৱাৰ দুৰ্গম বাট- পথ গুচি সুগম হ’ল। বৰদোৱা যেন অসমৰ নয়নৰ মণি হ’ল-

বৰদোৱাত বিদ্যমান হৈ থকা প্ৰাচীন সম্পদৰাজি হ’ল -

কীৰ্তনঘৰ: মহাপুৰুষ শংকৰদেৱে ৰভাঘৰ সাজি চিহ্নযাত্ৰা অভিনয় কৰিছিল, ধৰ্মীয় কোনো স্থায়ী ঘৰ নাছিল। চিহ্নযাত্ৰাৰ পিচত ভকত-বৈষ্ণৱসকলৰ ভিৰ বেছি হোৱাত গুৰুগৃহত ঠায়ে নোজোৰা হয়। নাম-কীৰ্তন, উপাসনা, শাস্ত্ৰালাপ আদিৰ কাৰণে গুৰুজনাই ভুঞাসকলৰ লগত আলোচনা কৰি কীৰ্তনঘৰ সাজিবৰ মানস কৰিলে। ভুঞাসকল আৰু জ্ঞাতি-কুটুম্বৰ সহযোগত নিজে স্থান চাই-চিতি, জোখ- মাখ দি সপ্ত বৈকুণ্ঠৰ আৰ্হিৰে প্ৰথম তীৰ্থ ভ্ৰমণৰ কৰিবলৈ যোৱা ভকত কমি শেষত হাবি অতিক্ৰম কৰি যোৱা ভকতো নাইকিয়া হ’ল। গুৰু বৈকুণ্ঠী হোৱাৰ ৮৯-৯০ বছৰৰ পিচত নাতি-বোৱাৰী চতুৰ্ভুজ ঠাকুৰৰ পত্নী আই কনকলতাই সাক্ষাৎ বৈকুণ্ঠৰ ভক্তি উদয়ৰ স্থান বৰদোৱা আৱিষ্কাৰ কৰে। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ অনুচৰ টংচু ফুকনৰ সহযোগত শান্তিজান, আকাশীগংগা, দৌল মন্দিৰ, হাতীপুখুৰী, শিলিখা বৃক্ষ, মণিকুটৰ ভেটি নকৈ প্ৰতিষ্ঠা কৰাৰ লগতে গুৰুজনাৰ পদচিহ্নসম্বলিত পদশিলা স্থাপন কৰিছিল। উল্লেখ্য যে আই কনকলতাৰ লগতে মনসা আগতে বৰদোৱাত সাত খোটালীযুক্ত কীৰ্তনঘৰ নিৰ্মাণ কৰিলে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই জন্মস্থান বৰদোৱা ত্যাগ কৰি অহাৰ পিচত কীৰ্তনঘৰৰ মণিকুট আদি গুৰুজনাৰ স্মৃতিসমুহ যিসকল ভকত আতৈয়ে সযতনে পালি আছিল, লাহে লাহে তেওঁলোকৰো বিভিন্ন অসুবিধাৰ বাবে কীৰ্তনঘৰ মণিকুট জহি-খহি যাবলৈ ধৰিলে। থানঘৰ, দৌল, আকাশীগংগা অটব্য হাবিয়ে আগুৰি ধৰিলে আৰু হাবিৰ বন্যজন্তুৰ ভয়ত গুৰুৰ থান দৰ্শন ভাগিন দামোদৰ আতাই বৰদোৱা পুনৰ উদ্ধাৰত গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰিছিল। পিচত দুয়ো পৃথকে বসবাস কৰি থান সেৱা চলাই নিছিল যদিও পৰৱৰ্তী কালত দামোদৰ আতাৰ ফালৰ ৰামদেৱ আৰু আই কনকলতাৰ ফালৰ ৰামচৰণ আতাৰ দিনত আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্বকালত শলগুৰি আৰু নৰোৱা সত্ৰ দুভাগ গৈ কীৰ্তনঘৰো দুভাগ হৈ পৰিল। পৰৱৰ্তী কালত ১৯৫৮ খ্ৰীষ্টাব্দত বিশিষ্ট ব্যক্তি মতি বৰা, বিমলা বৰা, হৰিনাৰায়ণ দত্তবৰুৱা , মহেন্দ্ৰমোহন চৌধুৰী, হলধৰ ভুঞা, নীলমণি ফুকন, গহন চন্দ্ৰ গোস্বামী, পুৰ্ণচন্দ্ৰ দেৱ গোস্বামী, কুশ চন্দ্ৰ অধিকাৰী প্ৰমুখ্যে কেইবাগৰাকী মহান ব্যক্তিৰ প্ৰচেষ্টাত অসমৰ জাতীয় জীৱনৰ মণিকুটস্বৰুপ বৰদোৱাৰ দুই কীৰ্তনঘৰ পুনৰ এক হ’ল। সেই তেতিয়া মনোমোহাকৈ সজোৱা পকী কীৰ্তনঘৰৰ ভিতৰত স্থাপন কৰা শ শ বন্তি সমানে জ্বলি থকা লোৰ গছা দেখিলে মুৰ দোঁ খাই যায়। কাঠেৰে সজা দুটি গৰুড় পক্ষীৰ মুৰ্তি, ভক্ত হনুমানৰ মুৰ্তি আৰু সন্মুখত থকা দুটি সিংহৰ মুৰ্তি অতিকে মনোমোহা।

শিলিখা বৃক্ষ -

ঐতিহাসিক শিলিখা বৃক্ষ উত্তৰ পদশিলাৰ সন্মুখত তথা কীৰ্তনঘৰৰ টুপৰ পশ্চিম দিশত বিদ্যমান। শংকৰ শিলিখাখ্যাত এইজোপা শিলিখা বৃক্ষৰ তলতে বহি শ্ৰীমন্ত শংকৰ গুৰুজনাই সংস্কৃত গীতা, ভাগৱত আদি নানা শাস্ত্ৰ মন্থন কৰি সহজ-সৰল মাতৃভাষা চহকী কৰি গ্ৰন্থসমুহ লিখিছিল। পশ্চিমফালে হালি থকা এই পবিত্ৰ শিলিখাজোপা সংৰক্ষণ কৰাৰ ফলত আজিও সজীৱ হৈ আছে। তাৰ কাষতে থকা ডাঙৰ শিলিখাজোপা শংকৰ শিলিখাজোপাৰ গুৰিৰ পৰা ওলোৱা বৃক্ষ।

দৌল মন্দিৰ  -

গুৰুৱে সাত বৈকুণ্ঠৰ চিত্ৰপট অংকন কৰি পৰিবেশন কৰা ‘চিহ্নযাত্ৰা’ৰ থলীতে পঞ্চদশ শতিকাতে সাত থাক কৰি দৌল মন্দিৰ নিৰ্মাণ কৰি পবিত্ৰ একশৰণ নামধৰ্মৰ ভেটি বান্ধিলে, সাহিত্য, সংগীত, নৃত্য, চিহ্ন, অভিনয় আৰু নাম-কীৰ্তনেৰে ‘এক দেৱ এক সেৱ, এক বিনে নাই কেৱ’ বুলি কৃষ্ণৰ জয়গান গালে। পোন প্ৰথমবাৰৰ বাবে অসম মুলুকত এই দৌল মন্দিৰতে ফাল্পু পুৰ্ণিমাত ফাকুৱা পাতি গোবিন্দ গোসাঁইৰ মুৰত ফাকু দিলে।

সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি প্ৰতি বছৰে বটদ্ৰৱাত আড়ম্বৰপুৰ্ণভাৱে দৌল উৎসৱ বা ফাকুৱা উৎসৱ উদযাপন কৰা হয়। এই দৌল উৎসৱৰ প্ৰথম দিনটোক গন্ধোৎসৱ বা বহ্নোৎসৱ বোলা হয়। এই উৎসৱৰ দিনা গোবিন্দ গোসাঁইক (শ্ৰীকৃষ্ণৰ মুৰ্তিভাগ) সন্ধ্যা গায়ন-বায়ন আৰু ভক্তসবে গাই বাই থানৰ উত্তৰে থকা আকাশীগংগাৰ তীৰত এটি অস্থায়ী (গন্ধঘৰ) ঘৰলৈ নি বিঘিনিনাশক মন্ত্ৰ উচ্চাৰণ কৰি পিচত গন্ধঘৰটো পুৰি গোসাঁইক তাৰ পৰা লৈ আহি ৰভাতলত স্থাপন কৰা হয়। থলুৱা প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত কৰা এবিধ বিশেষ তেলেৰে নোওৱা হয়। গন্ধ তেল বুলি প্ৰচলিত এই বিশেষ তেল গান্ধবিৰিঙা, গাঠিয়ন, মিথি, পিৰিকা ফুলেৰে প্ৰস্তুত কৰা হয়। স্নান কাৰ্য সম্পাদনৰ পিচত গোসাঁইক নতুন বস্ত্ৰ পিন্ধোৱা হয় আৰু গায়ন-বায়নে ‘ৰাম ধেমালি’ পৰিবেশন কৰে। ইয়াৰ পিচদিনা অৰ্থাৎ পুৰ্ণিমাৰ দিনা গোসাঁইক নোৱাই-ধুৱাই আসনত বহুৱাই দোলয়, কৰ্পুৰ, কুমকুম মিহলি সুবাসিত ফাকু দিয়া হয় আৰু গায়ন-বায়নে ‘ন-ধেমালি’ পৰিবেশন কৰে। ভক্ত বৈষ্ণৱসকলে ফাকু নিৰ্মালী আৰু পদজল গ্ৰহণ কৰে। ওৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ভক্ত-বৈষ্ণৱে নাম- কীৰ্তন কৰে, এই দিনটোক ‘গোসাঁইৰ মুৰত ফাকু দিয়া উৎসৱ’ বোলা হয়।

দৌল উৎসৱৰ তৃতীয় দিনা গোসাঁই ফুৰোৱা উৎসৱ। সেইদিনা গায়ন-বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই দৌললে, যাত্ৰা কৰে। দৌল মন্দিৰত গোসাঁইক পুজা-অৰ্চনা দি সাতপাক প্ৰদক্ষিণ কৰোৱা হয়। পিচত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰী শ্ৰী শলগুৰি আৰু শ্ৰী শ্ৰী নৰোৱা সত্ৰত প্ৰদক্ষিণ কৰোৱাই লগতে সত্ৰাধিকাৰ , ডেকা সত্ৰাধিকাৰ ঘৰত প্ৰৱেশ কৰোৱাই পুজা- অৰ্চনা দি শেষত দুৱাৰ ধৰা নামৰ এটা বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তনঘৰত প্ৰৱেশ কৰোৱা হয়।

আকাশীগংগা -

গুৰুজনা বৰদোৱাত থকা কালত এবাৰ বৰ খৰাং হৈছিল। পানীৰ অভাৱত জীৱ-জন্তুৰ লগতে ভকতসকলে বৰ কষ্ট পোৱাত গুৰুক এই প্ৰলয়ৰ পৰিত্ৰাণৰ উপায় প্ৰাৰ্থনা কৰিলত গুৰুজনাই ভকতসকলক হৰি নাম-কীৰ্তন কৰিবলৈ উপদেশ দিলে। গুৰুৰ আজ্ঞা মানি সাত দিন, সাত ৰাতি অবিৰত নাম-কীৰ্তন চলাৰ শেষত সাত দিনৰ দিনা ৰাতি আকস্মিকভাৱে মেঘাচ্ছন্ন হৈ আহিল। বিজুলী- ঢেৰেকনি, বৃষ্টিৰ শব্দই তাল-ফাল লগোৱাৰ মাজতেই কলহৰ মুখেৰে এধাৰ পানী পৰাৰ দৰেই আকাশৰ পৰা এধাৰ পানী সেই বটগছজোপাত পৰিল। পানী পৰি পৰি এসময়ত বটগছজোপা উভালি সেই পানীতেই ডুবি গ’ল। বটগছজোপা পানীত ডুবি অৰ্থাৎ দ্ৰবীভুত হোৱাৰ বাবে সেই দিনৰ পৰা বৰদোৱাৰ আন এতি নাম বটদ্ৰৱা।

পদশিলা -

পদশিলা হৈছে মহাপুৰুষ গুৰুজনাৰ চৰণ চিহ্ন থকা উপাসনাৰ থলী। বৰদোৱাত গুৰুজনাৰ দুখানি চৰণৰ চিহ্ন দুটা ভাগত শলগুৰি আৰু নৰোৱা  সত্ৰৰ নিজা নিজা পদশিলা ঘৰত সংৰক্ষিত হৈ আছে। পদশিলা সেৱাৰ ঘৰত বৰদোৱা পৰম্পৰাৰ শৰণ-ৰীতিৰ সম্বন্ধ আছে। বৰদোৱা ধৰ্মীয় পৰম্পৰা ভৰত পৰম্পৰা আৰ্হিৰ। ভৰতে ৰামৰ পাদুকা আসনত থৈ ৰামৰ প্ৰতিনিধি চিহ্ন হিচাপে শিৰত লৈ ধৰ্ম ৰাজ্য শাসন কৰাৰ দৰে বৰদোৱা পৰম্পৰাগত পদশিলাতে শিষ্যক শৰণ দিয়া হয় আৰু গুৰু চিনোৱা হয়।

জগত গুৰুজনাৰ স্মৃতি বিজড়িত বৰদোৱাৰ এই ঐতিহ্যমণ্ডিত সম্পদসমুহে ভকত-বৈষ্ণৱক বৰদোৱাক জনাৰ জিজ্ঞাসা দিনে-প্ৰতিদিনে বঢ়োৱাত সহায় কৰি আহিছে। তদুপৰি সত্ৰ কৃষ্টিৰ অতুল বৈভৱস্বৰুপ উৎসৱ –পাৰ্বণ, গীত-মাত, অংকীয়া ভাওনা, গায়ন-বায়ন, বৰদোৱা থানৰ ঐতিহ্যময় উপাসনাথলীসমুহৰ নিত্য- নৈমিত্তিক প্ৰস্ংগ- এই সকলোবোৰৰ হীন-ডেঢ়ি নোহোৱাকৈ পৰম্পৰাগতভাৱে উদযাপন কৰি অহা শ্ৰী শ্ৰী শলগুৰি আৰু শ্ৰী শ্ৰী নৰোৱা সত্ৰৰে সুশোভিত বৰদোৱা বা বটদ্ৰৱা চিৰদিন, চিৰকালৰ বাবে গৰিমাময় ঐতিহ্যৰ মহিমামণ্ডিত হৈ থাকিব।

লেখক: দিব্যজ্যোতি বৰুৱা (দেওবৰীয়া সম্ভাৰ)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate