মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ভোগালী বিহু আৰু মাছ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভোগালী বিহু আৰু মাছ :

ভোগালী বিহু আৰু মাছৰ বিষয়ে লিখা হৈছে ।

ভোগালী বিহু সমাগত। শস্যৰ পথাৰৰপৰা ধান চপাই ইতিমধ্যে কৃষকসকলে ভঁৰাল চহকী কৰিলে। আমাৰ কৃষকসকল সেয়েহে এতিয়া আনন্দত আত্মহাৰা হৈ আছে। গৃহিণীসকল লাডু-পিঠা বনাবৰ বাবে ধান ৰ’দত শুকুৱাই ঢেঁকীত(বৰ্তমান মেচিনত) খুন্দি পিঠাগুড়ি বনোৱাত ব্যস্ত হৈছে। মাঘৰ বিহুক ভোগৰ বিহু বুলি কোৱা হয়, কিয়নো এই বিহুত আমাৰ ভঁৰাল ভৰি থাকে ধানেৰে।

ভোগৰ বিহু বাবেই ইয়াক ভোগালী বিহু বুলি জনা যায়। মাঘ বিহুৰ উৰুকাৰ দিনা গাঁৱৰ সকলো ডেকা-গাভৰু, পুৰুষ-মহিলা, বুঢ়া-বুঢ়ী লগ লাগি মেজিৰ ওচৰত ভেলাঘৰ সজাই তাত এসাঁজ আনন্দেৰে খায়।

এই বিহুত কৃষিজাত সামগ্ৰী পথাৰত নদন-বদন হৈ থাকে বাবে ৰাইজে আনন্দেৰে এসাঁজ খাব পাৰে। মাঘৰ বিহুৰ বিহুৰ উৰুকাৰ দিনা বিল, নদী, পুখুৰীৰপৰা অনা মাছেৰে এসাঁজ খাবলৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই থাকে।

মীনপালক -

আমাৰ মীনপালকসকলেও মাঘৰ বিহুলৈ অতি সযতনে ডাঙৰ ডাঙৰ মাছবোৰ ৰাখি থয়, যাতে তেওঁলোকেও পুখুৰীৰপৰা বছৰৰ খৰচখিনি উলিয়াই ল’ব পাৰে। পুখুৰীত বিহুৰ বাবে ৰাখি থোৱা মাছবোৰ বিক্ৰী কৰাৰ পিছত পুখুৰীটো মাছ পালনৰ বাবে উপযুক্ত কৰি ল’ব লাগে।

যদি পুখুৰীত পানী থাকে আৰু মাছ থাকি যায়, তেনেহ’লে এই পানীখিনিত চূণত লগত হালধি গুড়ি(এবিঘা পানীকালিৰ বাবে ১০ কিলোগ্ৰাম চূণৰ লগত এক কিলোগ্ৰাম হালধি) পানীৰ লগত মিহলি কৰি পুখুৰীৰ পানীত ছটিয়াই দিব লাগে।

পুহ-মাঘ মাহত যিহেতু পানীৰ উষ্ণতা নিম্নগামী হৈ থাকে, সেয়েহে মাছ জালেৰে ধৰাৰ পিছত মাছৰ বাকলি সৰিব পাৰে আৰু শেষত পুখুৰীৰ পানীত কিম্বা জালত লাগি অহা বেক্টেৰিয়া, ভাইৰাছ বা ফাংগাছৰ বাবে মাছৰ দেহত ঘা বা বেমাৰ হ’ব পাৰে। গতিকে পানীখিনি বীজাণুমুক্ত কৰাৰ বাবে চূণৰ লগত হালধি মিহলি কৰি দিব লাগে।

তদুপৰি শীতকালি পুখুৰীৰ পানীৰ গভীৰতাও কমি যায়। গতিকে পানীত যাতে অক্সিজেনৰ অভাৱ নহয়, তাৰ বাবে পুখুৰীত এৰেটৰৰ সহায়ত নাইবা পুখুৰীৰ পানী বাঁহেৰে কোবাই লৰাই দিব লাগে। এনে কৰিলে পুখুৰীত অক্সিজেনৰ পৰিমাণ বৃদ্ধি হ’ব আৰু মাছৰ বাবে লগা অক্সিজেন পানীৰপৰা পাব। পুখুৰীৰ পানী বীজাণুমুক্ত হোৱাৰ পিছত পুখুৰীৰপৰা যিমানসংখ্যক মাছ বিক্ৰী কৰা হয়, সমসংখ্যক মাছ মজুত কৰি ৰখা ৰিয়েৰিং পুখুৰীৰপৰা উঠাই আনি ষ্টকিং পুখুৰীত মেলিব লাগে। শীতকালি মাছে যিহেতু খাবলৈ ইচ্ছা নকৰে, সেয়েহে খাদ্যৰ পৰিমাণ কমাই দিব লাগে।

যদি পুখুৰীটোৰ পানী শুকুৱাই মাছ ধৰি বিক্ৰী কৰা হয়, তেনেহ’লে পুখুৰীটো ১০-১৫ দিন ৰ’দত শুকুৱাব লাগে। পুখুৰীৰ তলিখন ৰ’দত শুকুৱাই ফাট মেলাৰ পিছত ৮-১২ ইঞ্চি বোকা উঠাই দিব লাগে। এই বোকাখিনি পুখুৰীৰ পাৰত দি পাৰটো মজবুত কৰিব লাগে।

সম্পূৰ্ণৰূপে বোকা উঠোৱাৰ পিছত পুখুৰীত চূণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। পুখুৰীৰ তলিত কুইক লাইম ছটিয়াই দি কোৰ বা হাল বাই মাটিৰ লগত মিহলি কৰিব লাগে। এইদৰে চূণ মাটিৰ লগত মিহলি কৰাৰ ফলত মাটিত থকা বীজাণু ধ্বংস হ’ব আৰু পানীৰ পি এইচৰ পৰিৱৰ্তন হ’ব। অসমৰ মাটিৰ পি এইচ কম বাবে পুখুৰীত চূণ দিয়াটো অতি দৰকাৰী।

এবিঘাৰ এটা পুখুৰীত প্ৰস্তুতিৰ সময়ত প্ৰথম কিস্তিত ৩৩ কিলোগ্ৰাম চূণ দিয়াৰ প্ৰয়োজন। সাধাৰণতে মাটিৰ পি এইচৰ মান অনুসৰি চূণ প্ৰয়োগ কৰা দৰকাৰ।

পুখুৰীত দিব লগা চূণৰ পৰিমাণ পি এইচ অনুসৰি তালিকা-১ত উল্লেখিত নিৰিখত ব্যৱহাৰ কৰিব লাগে।

পুখুৰীৰ প্ৰতি বছৰত প্ৰয়োজন হোৱা চূণৰ ২৫-৩০ শতাংশ পুখুৰী প্ৰস্তুতিৰ সময়ত দিব লাগে। বাকী থকা চূণখিনি মাহেকীয়া কিস্তিত সমপৰিমাণে ভগাই দিব লাগে। চূণ দিয়াৰ সাদিন পিছত পুখুৰীত জৈৱ সাৰ দিব লাগে। জৈৱিক সাৰ হিচাপে কেঁচা গোবৰ পুখুৰীত দিব লাগে। সাধাৰণতে কাৰ্প পালনত কাৰ্ব’হাইড্ৰেটযুক্ত জৈৱিক সাৰ দিলে ভাল।

জৈৱিক সাৰ দিয়াৰ সাদিন পিছত অজৈৱিক সাৰ দিব লাগে। অজৈৱিক সাৰত যাতে নাইট্ৰ’জেন ফছফৰাছ আৰু পটাছৰ পৰিমাণ উপযুক্ত পৰিমাণত থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

অজৈৱিক সাৰ ইউৰিয়াত ৪৫-৪৬ শতাংশ নাইট্ৰ’জেন থাকে, ছিংগল ছুপাৰ ফছফেট থাকে। সাধাৰণতে পুখুৰীত ব্যৱহাৰ কৰিবলগীয়া জৈৱিক আৰু অজৈৱিক সাৰৰ নিৰিখ তালিকা-২ত দিয়া ধৰণৰ।

সাৰ দিয়াৰ ১৫ দিন পিছত পুখুৰীত মাছপোনা মেলাৰ উপযোগী হয়।

পুখুৰীত মাছপোনাবোৰ মেলাৰ আগতে মাছপোনাৰ গুণাগুণসমূহ লক্ষ্য কৰিব লাগে

  • সোনকালে বৃদ্ধি হোৱা,
  • প্ৰাকৃতিক খাদ্য আৰু কৃত্ৰিম খাদ্য সহজতে গ্ৰহণ কৰিব পৰা।
  • মাছৰ পোনাসমূহ স্বাস্থ্যৱান আৰু নিৰোগী হ’ব লাগে।
  • কণী এৰিব পৰা ক্ষমতা অধিক হোৱা আৰু সহজতে প্ৰজনন কৰিব পৰা মাছ হ’লে ভাল।
  • মাছৰ খাদ্যৰ বাবে যাতে অইন প্ৰজাতিৰ মাছৰ লগত প্ৰতিযোগিতা নকৰে, সেই কথাও গুৰুত্ব দিব লাগে।

পুখুৰীত বিভিন্ন জাতৰ মাছ পালন কৰিব লাগে। এনেদৰে বেলেগে বেলেগে জাতৰ মাছ পালন কৰিলে পুখুৰীত থকা বিভিন্ন স্তৰত উৎপাদন হোৱা প্ৰাকৃতিক খাদ্যসমূহৰ প্ৰকৃত ব্যৱহাৰ হয়।

তালিকা-৩ ত সংমিশ্ৰিত পদ্ধতিৰ বিভিন্ন মিশ্ৰণৰ নিৰিখ দিয়া হ’ল। সংমিশ্ৰিত পদ্ধতিত এক হেক্টৰ পানীকালিত ৮০০০-১০,০০০ টা মাছপোনা দিব লাগে।

মাছৰ পোনাৰ আকৃতি ১০-১৫ ছেন্টিমিটাৰ হোৱা প্ৰয়োজন। ডাঙৰ আকৃতিৰ মাছপোনা মেলিলে তাৰ বৃদ্ধিৰ হাৰ খৰতকীয়া হয় আৰু মৃত্যুৰ হাৰ কম হয়।

মাছ পালন কৰিবৰ বাবে মাৰ্চ মাহত পুখুৰীত মাছৰ পোনা মেলিব পাৰিলে ভাল। মাৰ্চ মাহত পোনা মেলিলে মাছৰ বৃদ্ধিৰ বাবে লগা উষ্ণতা প্ৰায় ৭-৮ মাহ পায়।

কিন্তু এইখিনি সময়ত অসমত মাছৰ পোনা পোৱা অসম্ভৱ। সেয়েহে ১০-১৫ ছেন্টিমিটাৰ দৈৰ্ঘ্যৰ মাছ পাবলৈ হ’লে কেৰিড অভাৰ ছীড ব্যৱহাৰ কৰিব লগা হয়।

নিৰিখ মতে মাছ পোনা পুখুৰীত মেলাৰ পিছত পুখুৰীত কৃত্ৰিম খাদ্য খাদ্য যোগান ধৰিব লাগে। কৃত্ৰিম খাদ্য হিচাপে পুখুৰীত খলিহৈ, চাউলৰ মল আদি ব্যৱহাৰ কৰা হয়।

আজিকালি বজাৰত সুষম খাদ্য পোৱা যায়। বালিচন্দা, সুষমা আদি হ’ল সুষম খাদ্য। সুষম খাদ্য ব্যৱহাৰ কৰিলে পৰম্পৰাগত খাদ্যৰ আধা দিলেই হ’ব।

এনেদৰেই মাছ পালন কৰি আমাৰ মীনপালকসকল উপকৃত হ’ব পাৰে। ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ হ’লেহে অসমত মাছ উভৈনদী হ’ব আৰু ইয়ে নিবনুৱা সমস্যা সমাধানতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

তালিকা-১:

মাটিৰ পি এইচ

কুইক লাইম প্ৰতি বিঘাত প্ৰতি বছৰ

প্ৰতি হেক্টৰ প্ৰতি বছৰ

৭.৫-৬.৫

৫৩ কিঃগ্ৰাঃ

৪০০ কিঃগ্ৰাঃ

৬.৫-৬.০

১৩৩ কিঃগ্ৰাঃ

১০০০ কিঃগ্ৰাঃ

৬.০-৫.০

১৬০ কিঃগ্ৰাঃ

১২০০ কিঃগ্ৰাঃ

৫.০-৪.০

২৬৭ কিঃগ্ৰাঃ

২০০০ কিঃগ্ৰাঃ

তালিকা-২:

সাৰ

প্ৰতি বিঘাত প্ৰতি মাহত

প্ৰতি হেক্টৰত প্ৰতি মাহত

মন্তব্য

কেঁচা গোবৰ

২৮০ কিঃগ্ৰাঃ

২০০০ কিঃগ্ৰাঃ

প্ৰথম কিস্তি

কেঁচা গোবৰ

১৪০ কিঃগ্ৰাঃ

১০০০ কিঃগ্ৰাঃ

প্ৰতি মাহে

ইউৰিয়া

৩.৫ কিঃগ্ৰাঃ

২৫ কিঃগ্ৰাঃ

প্ৰতি মাহে

ছিংগল ছুপাৰ ফছফেট

২.৮ কিঃগ্ৰাঃ

২০ কিঃগ্ৰাঃ

প্ৰতি মাহে

তালিকা-৩:

১)ছয় প্ৰজাতিৰ সংমিশ্ৰণ

ক্ৰমিক নং

প্ৰজাতি

শতাংশ হাৰ

প্ৰতি হেক্টৰত মাছৰ সংখ্যা

ছিলভাৰ কাৰ্প

১৫

১২০০

বাহু

২৫

২০০০

ৰৌ

২৫

২০০০

গ্ৰাছ কাৰ্প

১০

৮০০

মিৰিকা

১৫

১২০০

কমন কাৰ্প

১০

৮০০

২)তিনি প্ৰজাতিৰ সংমিশ্ৰণ

ক্ৰমিক নং

প্ৰজাতি

শতাংশ হাৰ

প্ৰতি হেক্টৰত মাছৰ সংখ্যা

বাহু

৪০

৩২০০

ৰৌ

৪০

৩২০০

মিৰিকা

২০

১৬০০

৩)মাইনৰ কাৰ্প আৰু বাৰ্বৰ সংমিশ্ৰণ

ক্ৰমিক নং

প্ৰজাতি

শতাংশ হাৰ

প্ৰতি হেক্টৰত মাছৰ সংখ্যা

ছিলভাৰ কাৰ্প

১০

৮০০

বাহু

২৫

২০০০

ৰৌ

২৫

২০০০

জাভা পুঠি

১০

৮০০

মিৰিকা

১০

৮০০

ক’লীয়াজৰা

১০

৮০০

কুৰহি

১০

৮০০

লেখক: প্ৰতুল ডেকা(দৈনিক অসম)

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top