অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাষা

ভাষা

লোক-সাহিত্য প্ৰসংগত লোক-ভাষা সম্বন্ধে আলোচনা কৰা হৈছে। অঞ্চল-বিশেষে অসমীয়া ভাষা-সম্প্ৰদায়ৰ মাজত বিভিন্ন কথ্য-ভাষা প্ৰচলিত; এয়ে লোক-ভাষা। শিষ্ট বা সাধু ভাষাৰ লগত এই লোক ভাষা বা উপভাষাৰ ধ্বনি অৰ্থাৎ উচ্চাৰণ-ৰীতি, শব্দৰ প্ৰয়োগ আৰু অৰ্থৰ কিছু পাৰ্থক্য। উদাহৰণস্বৰূপে, অসমৰ কোনো অঞ্চলত অ-ৰ ঠাইত আ, ও-ৰ ঠাইত অ’, ও-ৰ ঠাইত উ, ঐ-ৰ ঠাইত এ উচ্চাৰিত হয়। ডক্টৰ কাকতিয়ে কামৰূপী উপভাষাৰপৰা দিয়া কেতবোৰ উদাহৰণ : কাণা, ৰাজা, খৰা(খোৰা), কাপুৰ, তুমাৰ, চুৰ(চোৰ), কদ্দে(কৰ্দৈ), আখে(আখৈ) ইত্যাদি। লোক-ভাষাৰপৰাই ভকতি, মুকুতি, শোলোক, মেলেছ আদি সংস্কৃতৰ যুক্তবৰ্ণৰ অসমীয়াত সহজ উচ্চাৰণ হৈছে; এনে ধৰণৰ এশাৰী শব্দ হৈছে – সইত, পুইন, ধইন, কইনা। কেইটামান জটিল বিদেশী শব্দ লোক-মুখত পৰি হৈছে – ইচ্‌কুল(স্কুল), বেৰেঞ্চি(বেঞ্চ), গিলাচ(গ্লাচ)। কেম্বেল আৰু গ্ৰেগৰি চাহাবৰ নাম হৈছে কম্বল আৰু গেৰ্‌গৰি। বিভিন্ন অঞ্চলৰ লোক-ভাষাত অলেখ মনোৰম শব্দ আছে; এইবোৰৰ সংগ্ৰহে অসমীয়া ভাষাৰ শব্দ-ভাণ্ডাৰ আৰু সৌষ্ঠৱ বঢ়াব। অসমৰ প্ৰকৃতিৰ বিভিন্ন পদাৰ্থৰ নামকৰণত লোক-ভাষাৰ অতুলনীয় দান মন কৰিব লগীয়া। নদ-নদী, গছ-গছনি, ফল-মূল, জীৱ-জন্তুৰ ভালেমান অৰ্থপূৰ্ণ চিত্ৰধৰ্মী নাম সাধু অসমীয়া ভাষাই লোক-মুখৰপৰা সংগ্ৰহ কৰিছে। লোক-মুখত প্ৰচলিত গছ-গছনি, মাছ-পুঠি, চৰাই-চিৰিকটিৰ কেইটামান চিত্ৰব্যঞ্জক নাম দৃষ্টান্তস্বৰূপে উল্লেখ কৰা হ’ল : সঁফুৰি কঁঠাল, মৌ-ডিমৰু, কেতেকী-সোন্দা(কল), শিমলু মনোহৰ(কল), শ’উ-জুকিয়া-আলু; সেন্দুৰী-পুঠি, খালৈ-ভাঙী, শিল-ঘৰীয়া, বালি-সুন্দৰী, কুকুৰ-চটিয়া(মাছ), সিল-কেঁকোৰা, বামুণী কাছ, বাঘীয়া কাছ, শালিকা ঠোটীয়া(সাপ), শামুক-ভঙা(চৰাই), বেজীয়া-ঘোঁক(চৰাই), বাৰী-সুন্দৰী, পাকৈ-ঢোঁৰা, এৰা-খাতী। ড° উপেন্দ্ৰচন্দ্ৰ গোস্বামীয়ে কামৰূপী লোক-ভাষাৰ পৰা সংগ্ৰহ কৰা এনে কিছুমান নাম হৈছে : মইদ্‌ফল(অমিতা), হুকুম টেঙা(ৰবাব), মৌউকা(ভেঁট), সক্ৰি(পখিলা), তেল-ভালুকী(পইতাচোৰা)। বিভিন্ন অঞ্চলৰ লোক-ভাষাত প্ৰচলিত এই নামবোৰৰ সংগ্ৰহ ভাষা-চৰ্চাৰ পিনৰপৰাও মূল্যৱান। এই প্ৰসংগত ভেকো, পদো, কলীয়া, কানীয়া, কাতিয়া, মঘাই, বগী, পাহী, পদুমী, আঘোণী, ফুলেশ্বৰী আদি গাঁৱলীয়া মতা-তিৰোতাৰ নামবোৰৰ সৰলতা, স্বতন্ত্ৰতা আৰু বৈশিষ্ট্যও মন কৰিব লগীয়া। লিখিত ভাষাতকৈ স্বত:সফূৰ্ত লোক-মুখৰ ভাষা অধিক হৃদয়গ্ৰাহী। ই কেৱল সৰল আৰু চিত্ৰধৰ্মী শব্দৰ প্ৰয়োগ হেতুৱেই নহয়, উচ্চাৰণ আৰু কথন ভংগিমাই ইয়াক সংগীতৰ দৰে সুললিত কৰে। অঞ্চল আৰু সম্প্ৰদায়-বিশেষে, আনকি স্ত্ৰী-পুৰুষ ভেদেও লোক-ভাষাৰ সুৰ ভিন। ইয়াৰ লগতে হাত-মুখ, চকুৰ নৃত্য ভংগীয়েও কথিত ভাষাক ভাৱ-দ্যোতনাত সহায় কৰে। অংগ-সঞ্চালন লোক-ভাষাৰ পৰিপূৰক; গতিকে, কাণেৰে নুশুনিলে অথবা চকুৰে নেদেখিলে লোক-ভাষাৰ সম্পূৰ্ণ মাধুৰ্য উপলব্ধি কৰিব নোৱাৰি। আনন্দত, শোকত, খঙত, গালিত গাঁৱৰ মতা-তিৰোতাই সুৰ ধৰি আৰু হাত-মুখ-মূৰ জোকাৰি মনৰ কথা প্ৰকাশ কৰে। মাৰ্জিত ৰুচিৰ বক্তাই আৰু অধ্যাপকেও কেতিয়াবা নিজৰ ব্যক্তব্য স্পষ্ট আৰু হৃদয়গ্ৰাহী কৰিবলৈ এনে পদ্ধতিৰ অনুসৰণ কৰে। লোক-ভাষা চিত্ৰসম্পন্ন। যথাযোগ্য আৰু বহু শব্দ প্ৰয়োগ কৰি ভাব প্ৰকাশৰ অক্ষমতাৰ হেতু সাধাৰণ লোকে উপমা-উদাহৰণৰ সহায়ত বক্তব্য চিত্ৰধৰ্মী কৰে। এই চিত্ৰসমূহ সদায় চকুৰ আগত দেখি থকা বস্তুৰপৰা আহৰণ কৰা; গতিকে বাস্তৱধৰ্মীও। যেনে – টিকা ফটা ৰ’দ; চোতাল চিৰাচিৰ হোৱা ৰ’দ; কলহৰ কাণে ঢলা বৰষুণ; তৰা-নৰা ছিঙা লৰ। খেতি-বাতি, তাঁত-বোৱা, ৰন্ধা-বঢ়া, মাছ-মৰা আদি গাঁৱলীয়া জীৱনৰ লগত জড়িত অলেখ প্ৰবাদ, জতুৱা-ঠাঁচ অসমীয়া ভাষাত গঢ়ি উঠিছে। উদাহৰণস্বৰূপে, মাহৰ মাৰ দেখি তিলে বেঁত মেলা, কথা ওখোনিয়া, বুকুৱে ধান বনা, ধান-খেৰৰ জুই, পকা-থেকেৰা(বৰ্ণত), কোমল ধুন্দুলিত চিকুট, বেতনিত ঔ পৰিল বাসুদেৱায় নম:, ধান পকে মানে টুনিৰ মৰণ, ধান বঢ়োৱা দি বঢ়োৱা, পতান ধানেৰে ভঁৰাল ভৰোৱা, ফাল কাটোতেই মাহৰ বতৰ যোৱা, হোলোঙাৰে কাণ বিন্ধোৱা, চালি-জাৰি থকা, কঠীয়াহে চুটি জেঠতে পৰা, অঁকৰা মৈত উঠা, কণ কঠীয়া মৰা, উলুৰ লগত বগৰী পোৰা, নল মাৰি গজালি উঠা, শলমাৰি ভঙা, ভেঁকুৰী তলৰ কথা, (খেতি-বাতি সম্বন্ধীয়); মাকো মৰাদি মৰা, যঁতৰ ঘূৰাদি ঘূৰা, টাকুৰী ঘূৰা, তুলা ধুনাদি ধুনা, ছিৰীছটা যেন চেহেৰা, টোলোঠা মূৰীয়া (তাঁতশাল সম্বন্ধীয়); কথাত ফোৰণ, ঢেৰুৱা-শাক সিজোৱা, ৰান্ধনী উচটাই জোল খোৱা, কাৱৈ মাছ বছা দি বছা, শ’লঠেকত পেলোৱা, শ’লৰ মাজত শিঙি, শালক শিঙিয়ে হঁহা, সান্দহ খোৱা বালি, চৰুক সুধি চাউল সিজোৱা, কথাত আখৈ ফুটা, আৰৈতকৈ উখুৱাৰ খচ্‌খচনি, এই অনা দেওৱা আধা খুন্দা, খুদ খাই পেট নষ্ট কৰা, ধোদৰ পচলা, পঁইতা ভাতত খৰিকা মৰা, দোৱা ভজা চিৰা, পচলা কটা দিয়া, পচলাত দাঁত ভঙা, তপত ভাতৰ ধোঁৱাই খোৱা, অধিক মাছত বগলি কণা, অলপ পানীৰ মাছ, কান্ধুলি লুটিয়াপুটি, অঁৰিৰ মূৰ চিতলৰ গদা, ওচৰৰ পুঠি খলিহনা, জনাৰ ভাত মাছ, সাত ঘাটৰ চেঙেলি, দূৰৈৰ ৰৌ বৰালি, গেলা বৰালিত হাত পৰা, বৰশীৰ মাছ ইত্যাদি (ৰন্ধা-বঢ়া, মাছ-মৰা সম্বন্ধীয়)। গাঁৱলীয়া মানুহে মনৰ ভাব যিদৰে সহজ-সৰলভাৱে প্ৰকাশ কৰে, সেইদৰে কোনো ৰহন নেসানি অকৃত্ৰিম অথবা অসাধু ৰূপতে শব্দবোৰ প্ৰয়োগ কৰে। তেওঁলোকে ‘কাছুটি নাই’ নুবুলি ‘নাঙঠ’ বোলে। এই বিষয়ে শৰীৰৰ অংগ আৰু জীৱ-জন্তুৰ নাম সংযোগত গঢ়ি উঠা সমাসসিদ্ধ শব্দৰাজি বিশেষ উল্লেখযোগ্য। পোকৰ-এৰা(অসাৱধান), টিকাত কিলোৱা(সম্পূৰ্ণভাৱে), নোম-টেঙৰ, দাঁত-ছেলা(নিৰাশ), গৰু-খুন্দা(নীচ), পঘা-খাতী(দুষ্ট তিৰোতা), বোন্দা-থেকেচা(কঠোৰ শাস্তি), বোন্দাপৰ(অপেক্ষা) –শব্দবোৰ অমাৰ্জিত হ’লেও সম্যক ভাবব্যঞ্জক। সুৰ-সংগীত প্ৰীতিৰ হেতু গাঁৱলীয়া মানুহৰ মুখৰপৰাই যুৰীয়া আৰু ধ্বন্যাত্মক শব্দসমূহৰ উৎপত্তি হৈছে; লোক-ভাষাৰ মাজতে এই শব্দবোৰ সজীৱ হৈও আছে। আটি-মুটি, আঁচুৰি-পিচুৰি, উকচ্‌কচ, কাঁও-বাঁও, চেলেং-পেতেং, চিতলং-পাতলং, চেৰেউ-ফেৰেউ, জলৌ-জপৌ, টিকচি-বিকচি, থেকেচ-নেকেচ, ফেদ-ফেদা, ফেচ-ফেচা আদি লোক-মুখৰপৰা উৎপত্তি হোৱা এই অলেখ শব্দমালাই অসমীয়া ভাষাক ৰসসমৃদ্ধ কৰি তুলিছে। দুটা বিশেষ্য পদক লগ লগাই নতুন শব্দসৃষ্টিৰ কৌশল লোক-ভাষাৰপৰাই আহিছে – নাম-ঘৰ, সূতা-সাপ, শিল-কপৌ, লতা-পনিয়ল(এইবোৰ প্ৰকৃততে ত্ৎপুৰুষ সমাসসিদ্ধ পদ নহয়)। দুটা বিশেষ্য অথবা বিশেষণক গোট খুৱাই বহুবচন কৰা প্ৰথাও লোক-ভাষাৰ ভাই-ভাই, ঠাই-ঠাই, ডাঙৰ-ডাঙৰ গছ, ৰঙা-ৰঙা ফুল। গাঁৱৰ মানুহৰ ভাষাৰপৰাই ভালেমান জতুৱা ঠাঁচ আৰু ফকৰা-যোজনাৰ জন্ম হৈছে বুলি পূৰ্বে কোৱা হৈছে। লোক-ভাষাৰ মাজত জীয়াই থাকি এইবোৰে মাৰ-যোৱা গাঁৱলীয়া চিত্ৰক চিৰস্মৰণীয় কৰি ৰাখিছে; লগে লগে বিজাতীয় ৰচনা-ৰীতিৰপৰা অসমীয়া ভাষাক স্বতন্ত্ৰতা দান কৰিছে। শিক্ষাৰ বিস্তাৰ, বাট-পথৰ সুবিধা, চিনেমা-থিয়েটাৰৰ প্ৰসাৰৰ ফলত সৰ্বজন ব্যৱহৃত এই সাধুভাষাই আজিকালি প্ৰাধান্য লভিছে যদিও, লোক-ভাষা সম্পূৰ্ণ বিলোপ হোৱা নাই। সাহিত্যিকে এই লোক-ভাষাৰপৰা মনোৰম চিত্ৰধৰ্মী শব্দ চয়ন কৰি সাধু ভাষাৰ সম্পদ আৰু প্ৰকাশিকা শক্তি বঢ়াইছে। বহুল প্ৰচাৰ আৰু লোক-চিত্ৰ জয় কৰিবলৈ সাহিত্যই লোক-ভাষাৰ সহায় লোৱা কৰ্তব্য। এই প্ৰসংগত ৰবীন্দ্ৰনাথে, সাধুকথাৰ লাগী আৰু এলাগী কুঁৱৰীৰ লগত সাধু আৰু লোক-ভাষাক তুলনা কৰি কৰা মন্তব্য প্ৰণিধানযোগ্য। কবিগুৰুয়ে কৈছে –‘এলাগী কুঁৱৰীৰ দৰে ইমানদিন লোক-ভাষাৰ ঠাই আছিল জুপুৰিত, ৰান্ধনিঘৰত, গোহালিত, গোবৰৰ ভেৰৰ ওচৰে-পাঁজৰে, চোতালৰ তুলসীতলত।……কিন্তু মোৰ বিশ্বাস লাগী কুঁৱৰীয়ে বিদায় ল’ব লাগিব; আৰু এলাগী আহি ৰাজ-আসনত বহিব’। লোক-ভাষাক অনাদৰ আৰু বৰ্জন কৰিলে সাহিত্য এমুঠি মাথোন মানুহৰ মাজতে সংকীৰ্ণ আৰু সীমাবদ্ধ হৈ থাকিব।

সামৰণি

কেৱল অসমীয়াতে নহয় অন্যান্য আধুনিক ভাৰতীয় ভাষাতো সংস্কৃতি শব্দটো নতুন। সম্ভৱত: সৰ্বপ্ৰথম মাৰাঠী ভাষাতেই ইংৰাজী ‘কালচাৰ’ শব্দটোৰ প্ৰতিৰূপস্বৰূপে সংস্কৃতি শব্দৰ প্ৰয়োগ হয়। কবিগুৰু ৰবীন্দ্ৰনাথে প্ৰথমে ‘কালচাৰ’ অৰ্থত কৃষ্টি শব্দ ব্যৱহাৰ কৰিছিল। কিন্তু এই বৈদিক শব্দৰ ব্যুৎপত্তিগত অৰ্থ আছিল ‘কৃষকৰ দল’(তুলনা – পঞ্চকৃষ্টয়:)। কিন্তু সংস্কৃতি শব্দটোত সংস্কাৰ সাধনৰ ভাৱ থকাত আৰু ই ব্যাপকভাবে জাতিৰ কৃতি, ধ্যান-ধাৰণা, আচাৰ-শিষ্টাচাৰ সকলো সূচায় বুলি কবিগুৰুৱে পিছলৈ কৃষ্টিৰ ঠাইত সংস্কৃতি শব্দ ব্যৱহাৰ কৰে। এইখিনিতে কোৱা উচিত যে দুই-এজন মানুহে জাতিৰ সংস্কৃতি প্ৰকাশ কৰিব পাৰে যদিও, তাক সৃষ্টি কৰিব নোৱাৰে। সংস্কৃতিৰ জন্ম জাতিৰ জীৱনত; ব্যক্তিৰ ধ্যান-ধাৰণা, আচাৰ-নিয়ম জাতিয়ে পৰীক্ষা আৰু পৰিশোধন কৰিহে গ্ৰহণ কৰে। সেই কাৰণে ই সংস্কৃতি শব্দত সংস্কাৰ আৰু সুন্দৰৰ ভাব নিহিত বুলি অনুমান কৰা হয়। অধ্যাপক সুনীতিকুমাৰ চট্টোপাধ্যায়ে কোনো কোনো ক্ষেত্ৰত সংস্কৃতিৰ ঠাইত কৃতি শব্দ ব্যৱহাৰ কৰিছে। প্ৰতিভা দেৱী সোঁৱৰণি বক্তৃতালানিৰ তেওঁ নামকৰণ কৰিছে : কিৰাত জনকৃতি। অন্যান্য পণ্ডিতৰ দৰে অধ্যাপক চট্টোপাধ্যায়েও সংস্কৃতিৰ অৰ্থ জাতিৰ জীৱন যাত্ৰাৰ পদ্ধতি বুলি ব্যাখ্যা কৰিছে। জাতিৰ এই জীৱন যাত্ৰাৰ পদ্ধতি এজন দুজনৰ দ্বাৰা অথবা কোনো এক যুগত সৃষ্টি নহয়। ইয়াৰ জন্ম সমূহীয়া জীৱনত আৰু ইয়াৰে এক ধাৰ নিছিগা সোঁত জাতিৰ জীৱনত বহু শতাব্দী ধৰি বৈ থাকে। অৱশ্যে ভৌগোলিক ৰাষ্ট্ৰীয় ধাৰ্মিক, সামাজিক, বিপ্লৱ, উপপ্লৱত জাতিৰ সংস্কৃতিৰ পৰিৱৰ্তন নহয় বুলিবও নোৱাৰি। কিন্তু ভাৰতীয় লোকজীৱনত কুৰি শতিকাৰ মাজভাগলৈকে এনে পৰিৱৰ্তন লাহে লাহে আৰু মনিব নোৱাৰাভাৱেহে ঘটিছে। গতিকে আজিৰ লোক-জীৱনৰ থকা-মেলা, খোৱা-বোৱা, পিন্ধা-উৰা, পূজা-অৰ্চনা, আনন্দ-উৎসৱ, গীত-কাহিনীৰ লগত শ শ বছৰৰ পূৰ্বৰ লোক-জীৱনৰ পদ্ধতিৰ পাৰ্থক্য অধিক নহয়। ভাষাতাত্ত্বিক আৰু নৃতত্ত্ববিদসকলে সংস্কৃতি বিষয়ৰ চৰ্চাত প্ৰধানতে তিনিটা উপাদানৰ উল্লেখ কৰিছে। প্ৰথম, খাদ্য সংগ্ৰহৰ কৌশল, আশ্ৰয়-স্থান নিৰ্মাণৰ নিপুণতা, প্ৰকৃতিৰ নিজৰ উপযোগী কৰাৰ ক্ষমতা। দ্বিতীয়, সমাজ-ব্যৱস্থা, ব্যক্তিৰ লগত ব্যক্তিৰ সম্বন্ধ, ব্যক্তিৰ লগত সমাজৰ সম্বন্ধ স্থাপনৰ ব্যৱস্থা। তৃতীয়, মানসিক আৰু আধ্যাত্মিক উপাদান – ধ্যান-ধাৰণা, বিনয়-সদাচাৰ, সৌন্দৰ্য-বোধ, সাহিত্য-সুকুমাৰ কলা-প্ৰীতি। A Cultural History of Assam গ্ৰন্থৰ প্ৰথম খণ্ডত পুৰণি অসমীয়া সংস্কৃতিৰ বিষয়ে কিছু আলোচনা কৰা হৈছে। ঘাইকৈ তামৰ-ফলি, শিলালেখ, সংস্কৃত-অসমীয়া প্ৰাচীন পুথিৰ বৰ্ণনাৰ ওপৰত নিৰ্ভৰ কৰি এই বুৰঞ্জী ৰচিত হৈছে। কিন্তু পুৰণি প্ৰমাণ-পঞ্জীত লোক জীৱনৰ দীঘল বৰ্ণনাৰ অভাৱ। তদুপৰি, জাতিৰ সম্পূৰ্ণ সাংস্কৃতিক বুৰঞ্জী দুই-চাৰিখন শিলালিপি আৰু লিখিত সাহিত্যৰ ক্ষুদ্ৰ পৰিসৰৰ মাজত পাব নোৱাৰি। জাতিৰ সাংস্কৃতিক বুৰঞ্জীৰ পৰিসৰ জাতিৰ সমগ্ৰ জীৱনব্যাপী থাকে। জাতীয় সংস্কৃতিৰ ইতিহাস সংকলনত সেই কাৰণেই সমগ্ৰ লোক-জীৱন অপৰিহাৰ্য। এইখিনিতে কোৱা উচিত যে প্ৰাচীন পুথি-পত্ৰত ঘাইকৈ বেদ-গ্ৰাহ্যতকৈ বেদ-বাহ্য আচাৰ-বিচাৰৰ প্ৰাধান্য। সদা-সৰ্বদা গাঁৱলীয়া মানুহে যিবোৰ নীতি-নিয়ম, ধ্যান-ধাৰণা, চিন্তা-বিশ্বাস, পূজা-পাতল, উৎসৱ-অনুষ্ঠান, বাচ-বিচাৰ মানি চলে তাৰ সৰহ ভাগেই সংস্কৃত সাহিত্য আৰু হিন্দুধৰ্মৰ বহিৰ্ভূত। এইবোৰৰ কোনো কোনো নিষাদ-কিৰাত জাতীয় জাতি-উপজাতিৰপৰা অসমীয়া জীৱনত প্ৰৱেশ কৰিছে বুলি ‘অসমীয়া ভাষা আৰু সংস্কৃতি’ গ্ৰন্থত উল্লেখ কৰা হৈছে। তন্ন-তন্নকৈ লোক-জীৱা অনুসন্ধান আৰু অধ্যয়ন নকৰিলে অসমীয়া সংস্কৃতিত ইয়াৰে কোনটো আৰ্যৰ আৰু কোনটো আৰ্যেতৰ উপাদান নিৰ্ণয় কৰা কঠিন। গতিকে, এই দৃষ্টিকোণৰ পৰাও লোক-সংস্কৃতিৰ চৰ্চাৰ প্ৰয়োজন। বৰ্তমান অৱস্থাত অসমীয়া লোক-জীৱনৰ গৱেষণা-আলোচনাৰ বিশেষ প্ৰয়োজন; কিয়নো, বিজ্ঞানৰ প্ৰসাৰৰ ফলত অসমৰ ভৌগোলিক আৰু প্ৰাকৃতিক অৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে লোক-বিশ্বাসত আৰু লোক-জীৱনৰো বহু পৰিৱৰ্তন ঘটিছে। আগেয়ে য’ত গাওঁ আছিল, সেই ঠাইত এতিয়া বিশ্ববিদ্যালয়, তেল শোধনাগাৰ আদি লগত জড়িত নগৰৰ সৃষ্টি হৈছে। কেতিয়াও বহিৰ্জগতৰ লগত সম্বন্ধ নোহোৱা গাঁৱৰ মাজত আজি বিমান-কোঠ নিৰ্মাণ হৈছে। ইয়াৰ ফলত, লোকজীৱনৰ সামাজিক-মানসিক সকলো দিশতে দ্ৰুত পৰিবৰ্তন ঘটিছে।  গতিকে, সময় থাকোতেই পুৰণি জীৱন-পদ্ধতি সম্পূৰ্ণ বিচ্ছিন্ন নহওঁতেই তাৰ সংগ্ৰহ আৰু সংকলনৰ দৰকাৰ।

উৎস: অসমৰ লোক-সংস্কৃতি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate