অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মপিন: গালং কৃষি উৎসৱ

মপিন: গালং কৃষি উৎসৱ

মাৰ্চ-এপ্ৰিল মাহত এন্দিশ্বিকা গছত ফুলে বসন্তৰ পোহাৰ মেলাৰ লগে লগে ছিয়াং সীমান্তৰ গালংসকলে উদ্‌যাপন কৰে কৃষি উৎসৱ– মপিন। পাঁচ-ছয় দিন জুৰি এই উৎসৱ চলে। অৱশ্যে উৎসৱৰ যোগাৰ এপষমান আগতে আৰম্ভ হয়। সাধাৰণতে সপোন আৰু মঙল চোৱাৰ ওপৰত নিৰ্ভৰ কৰি এই উৎসৱ পতা দেখা যায়। মপিনদেৱী গাঁৱলৈ আহিব নে নাই তাক মাইকী মানুহে সপোনত দেখে। সপোনৰ কথাৰ সত্যাসত্য নিৰূপণৰ অৰ্থে গাঁৱৰ ডেকা-বুঢ়া নিৰ্বিশেষে গোট খাই কুকুৰা আৰু কুকুৰাৰ কণীৰে মঙল চায়। এই সমস্ত কাৰ্য সম্পাদিত হয় ৰাজহুৱা ঘৰ ডেৰেত। মঙলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি (মপিন কক্‌নাম) মপিনৰ নহ’লেবা মাৰি উৎসৱ পতা হয়। উৎসৱৰ বাবে তিৰোতাসকলে অপ বা আপ্‌ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে। পুৰুষসকল ব্যস্ত হয় – মাইকী মেথোন, কুকুৰা, গাহৰি আদি সংগ্ৰহত। ডেকাহঁতে মপিন আৰু তেওঁৰ লগৰীয়া দেৱ-দেৱীসকলৰ মূৰ্তি গঢ়িবলৈ বাঁহ, কাঠ আৰু গছৰ পাত গোটায়। ইয়াক চল্‌তি ভাষাত কোৱা হয় মপিন ডিপে গেনাম। সাধাৰণতে ডেৰেৰ সমুখত মপিন দেৱীক এন্দিশ্বিকা গছৰ পাতেৰে ড’লিক তাপিয়েৰে আৰু ডনিক কৌপাতেৰে সজায়। মূৰ্তি সাজি থাকোঁতে গাঁৱৰ প্ৰতিগৰাকী গৃহিণী মপিন দেৱীৰ নামত কাৰিকৰলৈ খাদ্য যোগান ধৰে। তাক শ্বিকানাম বোলে। মপিন দেৱ-দেৱীৰ মূৰ্তি সজা আৰম্ভৰ লগে লগে দণ্ডায়ে(পুৰোহিতে) মন্ত্ৰৰ সুৰত মপিনৰ ইতিবৃত্ত গায়। দণ্ডায়ে মূৰ্তিৰ বেদী পৰিস্কাৰ কৰায়, পিঠাগুৰি চটিয়ায় আৰু মাটিত খুচি খুচি মূৰ্তিসমূহ প্ৰতিষ্ঠা কৰে। মূৰ্তি প্ৰতিষ্ঠাৰ পিছত মাইকী মেথোন এজনী দেৱীৰ আগত কাঠ পুতি বন্ধা নিয়ম। আন আন গাহৰি, কুকুৰা আদিও মেথোনৰ দুইফালে বান্ধে। জয়জয়তে সোঁফালৰপৰা আহুতি দি আহি মপিন দেৱীৰ সমুখৰ মেথোনত আহুতি বন্ধ কৰি আকৌ বাওঁফালৰপৰা আহুতি দি আহে আৰু অৱশেষত মেথোনজনী কাটে। লগে লগে নাৰীসকলে ভঁৰালৰ পৰা খাবলৈ অনা ধান (দহিগিঞ্চি) আদাৰে সৈতে মপিন দেৱীৰ সমুখত সজায়। দহিগিঞ্চি মেথোনৰ তেজেৰে বোলাই লৈ মপিন দেৱীৰ গাৰ অংশ বিশেষ এৰুৱাই দহিগিঞ্চিত সুমুৱাই কাপোৰেৰে ঢাকি ঘৰলৈ লৈ আহে। সেইদিনাই গাঁৱৰপৰা গধূলি সকলোৱে আপং গোটায়। দ্বিতীয় দিনা ঘৰে ঘৰে পাত পিঠা কৰি ডেৰেৰ সমুখত ঢাৰি পাতি জমা কৰে। সকলোবোৰ পিঠা মিহলি কৰি ঘৰে ঘৰে তাক ভাগ কৰি বিলায়। লগে লগে আৰম্ভ হয় – মেথোনৰ মাংস ভাগ কৰি বিলোৱা কাম (হৰি টেঙনাম)। এই দিনা ডেকা-গাভৰুৱে গালত পিঠাগুৰি সানি আনন্দ উপভোগ কৰে। তৃতীয় দিনাৰপৰা পাঁচ দিনলৈকে দণ্ডায়ে গাঁৱৰ প্ৰতি ঘৰতে পদাৰ্পণ কৰে। অৱশ্যে কাৰোবাৰ ঘৰত যদি মানুহ মৰে নাইবা সাপে দংশন কৰে, তেনেহ’লে তেনে ঘৰত পদূলিৰপৰাই দণ্ডায়ে আশীৰ্বাদ দি গুচি যায়। দণ্ডাইৰ সৈতে ডেকা-গাভৰুহঁতে ঘৰে ঘৰে নাচি বাগি যায়। ইয়াক কোৱা হয় – মপিন শ্বনাম। দণ্ডাই আৰু লগত যোৱা দলটোক লোকে পাৰ্যমানে অভ্যৰ্থনা কৰা নিয়ম। এনেদৰে পাঁচ দিন অতিবাহিত হয়। দণ্ডায়ে বাঁহৰ চুঙাত অপ ভৰাই লৈ দেৱ-দেৱীৰ মূৰত ঢালি তেওঁলোকে লগত অনা সা-সম্পত্তিবোৰ গঞালৈ এৰি দিমি জামেৰলৈ উভতি যাবলৈ অনুৰোধ জনায়। লগে লগে মপিন উৎসৱৰ সামৰণি পৰে।(১৯৬৭ চনত প্ৰকাশিত মপিন উৎসৱ স্মৃতিগ্ৰন্থৰ আধাৰত যুগুতোৱা)

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate