অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাঘ বিহুৰ মাধুৰ্য আৰু মেজিৰ তাৎপৰ্য

মাঘ বিহুৰ মাধুৰ্য আৰু মেজিৰ তাৎপৰ্য

অসম লোক-কলাৰ দেশ। বহুৰঙী লোক-সংস্কৃতিৰে এই দেশ ভৰপুৰ হৈ আছে। পাহাৰে-ভৈয়ামে সিঁচৰিত হৈ থকা কৃষ্টিৰ হীৰা-মুকুতাই নিৰৱধিহাঁহে, নাচে, গায় এই দেশৰ মাটি-পানী-বায়ুৰ মাজেৰে নিগৰা বিমোহিনী স্ংগীত। সেই স্ংগীতৰ লহৰে লহৰে জাতি, বৰ্ণ, ভাষা, সম্প্ৰদায় নিৰ্বিশেষে বুঢ়া-মেথা, মুনিহ-তিৰোতা, ডেকা-গাভৰুৰ পৰা মইনাহঁতলৈকে সমাজৰ সকলো বৰ্গৰ লোকে কৃষ্টিৰ আনন্দ সাগৰত ডুব গৈ থাকে। এয়াই বোকা-পানী-বায়ুৰ অসম। সোণৰ অসম, সৌন্দৰ্যৰে ভৰা সুন্দৰৰ অসম।

এইখন অসমৰে নানা জাতি, জনজাতি আৰু উপজাতিৰ প্ৰতিটো খেল বা ফৈদৰ মাজত নিজা নিজা লোক-উৎসৱ আছে। বছৰটোৰ নিৰ্দ্ধাৰিত সময়ত প্ৰত্যেকেই নিজৰ লোক-উৎসৱটি অতি উলহ-মালহেৰে উদ্‌যাপন কৰে। এই মহান পৰম্পৰাই যে কেৱল থলুৱা কৃষ্টি-স্ংস্কৃতিক উদ্ধাৰ, স্ংৰক্ষণ আৰু প্ৰচাৰ কৰি আছে এনে নহয়, ইয়ে বৃহত্তম অসমীয়া জাতিটোক একেত্ৰিত কৰি ঐক্য, মৈত্ৰী, সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰীৰে নিকপকপীয়াকৈ বান্ধি বৰ অসম গঢ়াৰ সপোন বাস্তৱত ৰুপায়িত কৰাৰ সোণালী পথৰ সূচনা কৰিছে। প্ৰকৃতপক্ষে ইয়ে জগাই তুলিছে সকলো স্তৰৰ অসমীয়াৰ মাজত উদাৰ জাতীয়তাবোধ।

অসমৰ লোক-উৎসৱসমূহৰ ভিতৰত জাকত জিলিকা হ’ল বিহু। বিহু বুলি ক’লেই অসম ভুখণ্ডত নিগাজীভাৱে বসবাস কৰি থকা অসমবাসীৰ প্ৰাণত হিল্লোল উঠে।কৃষিভিত্তিক বিহু উতসৱে অসমৰ সকলো মানুহৰ মাজত মিলনৰ সেতু নিৰ্মাণ কৰে। উৎসৱৰ মধু আলোড়নে গগন কঁপায়। দুখ-শোক পাহৰি বিহুৰ নামত ৰাইজ উবুৰি খাই পৰে। জীৱনে জীৱনে প্ৰতি ধমনীতে তেজ প্ৰৱাহিত হয়। মতলীয়া হয় মন-দেহ। বিহু বুলিলে জাতি-অজাতিৰ কথা নাই। শত্ৰু-মিত্ৰৰ বাছ-বিচাৰো কৰা নহয়। তেতিয়া মাথো থাকে এটাই পৰিচয়-আমি অসমীয়া-বিহু বলীয়া অসমীয়া। বিহুৱে আমাৰ জীৱন, জীৱনৰ মান আৰু সন্মান।

আমাৰ বিহু তিনিটা। অৱশ্যে এই আলোচনাত বহাগ আৰু কাতিবিহুৰ কথা সামৰাৰ পৰা বিৰত থকা হ’ল। মাঘ বিহুৰ গতি-প্ৰকৃতি, তাৎপৰ্য আৰু মাধুৰ্যৰ বিষয়েহে যৎকিঞ্চিত লিখিবলৈ প্ৰয়াস কৰা হ’ল। সকলোৱে জনা কথা যে পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোকে দোমাহী বোলে। সংক্ৰান্তিৰ আগৰ দিনটোক কোৱা হয় উৰুকা। উৰুকা হ’ল কোনো এটা উৎসৱৰ আগৰ দিনটো বা আদিবাসৰ দিনটো। মাঘ বিহুৰ উৰুকাৰ দিন্টোক সুকীয়াকৈ মুল্যায়ন কৰা হয়। অকল উৰুকাই নহয়, তাৰো দহ-পোন্ধৰদিন আগৰে পৰা মাঘৰ বিহুৰ উদ্‌যাপনৰ কাৰ্যসূচী আৰম্ভ হয়। মাঘৰ বিহুৰ মেজিৰ বাবে চেমনীয়া-ডেকাহঁতে প্ৰতি সন্ধিয়া পথাৰলৈ গৈ শালিধানৰ নৰা উভালে। লানি লানি নৰাৰ দম বান্ধে। নৰাৰ দমত বহে-শোৱে-উমলে। ইটো খেলৰ ল’ৰাই সিটো খেলৰ নৰা চুৰ কৰি আমোদ পায়। নৰা নথকা ঠাইৰ লোকে বিৰিণা, কহুৱা কাটি গোট খুৱায়। খেনোৱে কলৰ চোঁচ(শুকান পাত), গছৰ ডাল-পাত স্ংগ্ৰহ কৰে। উৰুকাৰ তিনিচাৰিদিন আগতে প্ৰতি গৃহস্থৰ পৰা বাঁহ তোলে। বাঁহ নথকাই মূল্য দিয়ে। কোনো অঞ্চলৰ লোকে পৰ্বত-পাহাৰ-হাবিৰ পৰাও মেজিৰ সামগ্ৰী যোগাৰ কৰে। মহিলা সকলে তিনিচাৰিদিন আগৰে পৰা ঢেঁকীত চিৰা, সান্দহগুৰি আৰু লাৰু-পিঠাৰ বাবে চাউলৰ গুৰি কৰে। তেওঁলোকে তিল, নাৰিকল আদিৰে পিঠা পোৰে, তিল, নাৰিকলৰ লাড়ু বান্ধে, কোমল বাঁহৰ পাবত জুলীয়া পিঠাগুৰি ভৰাই চুঙাপিঠা পোৰে। সেই সময়তে খেতিৰ মাহ, তিল, বুট, মচুৰ ঘৰ পায়। কৃষকে কুহিয়াৰ পেৰি ৰস পগাই জুলীয়া মিঠৈ, গুৰ আদি বনায়। গতিকে লাড়ু-পিঠা, সান্দহৰ বাবে আইসকলে কোনো বস্তুৰে অভাৱ নকৰে।

মাঘ বিহুৰ উৰুকাৰ দিনা গঞা ৰাইজে বিল, পুখুৰী নদী আদিত মাছ ধৰে। খাহী-পঠা, হাঁহ-পাৰ আদিৰে সমূহীয়াকৈ ভোজ-ভাত খায়। চেমনীয়া-ডেকাহঁতে পথাৰত ভেলাঘৰ সাজি লগভাত খায়। গোটেই ৰাতি ৰ্ং-ৰহইঅচৰ মাজেৰে কটাই মাঘ বিহুৰ উৰুকা উদযাপন কৰে। সেইদৰে মহিলাসকলেও পিঠা-পনা তৈয়াৰ কৰে। ঘৰ চোতালসৰা-মচা কৰে। কোনো কোনো ঠাইৰ মহিলাই উৰুকাৰ ৰাতি সুকীয়াকৈ লগভাতৰ আয়োজন কৰে।

ব্যস্ততাপূৰ্ণ উৰুকাৰ নিশা পাৰ হ’লেই আহি পৰে সংক্ৰান্তি বা দোমাহী বা মাঘবিহু। বিহুৰ দিনা বোৱাৰী পুৱাতে সকলো লোকে ঢাৰি-পাটী এৰি গা ধুই শুদ্ধ বসন পৰিদহান কৰি ডিঙিত গামোচা ধূপ-ধুনা, শৰাই, খেতিৰ মাহ, তিল, পিঠা-পনা মেজিৰ গুৰিত থৈ নৈবেদ্য সাজি চাকি-ধূপ জ্বলাই অগ্নিক প্ৰণাম জনাই মেজিত অগ্নিস্ংযোগ কৰে। প্ৰজ্বলিত মেজিৰ জুইলৈ বুলি প্ৰসাদ, মাহ, তিল পিঠা-পনা আগবঢ়াই ৰাইজে সেয়া গ্ৰহণ কৰে। অগ্নিৰ তাপেৰে হাত, ভৰি আৰু দেহৰ শক্তি আহৰণ কৰে, বছৰটোৰ বাবে ৰোগ, তাপ, জ্বৰ, ব্যাধি, মাৰিমৰক, শত্ৰুভয় আদিৰ পৰা পৰিত্ৰাণ লাভ কৰি ধনে-ধানে, সুখে-সমৃদ্ধিৰে ভৰি সকলো মানুহৰ মাজত শান্তি বিৰাজ কৰিব বুলি প্ৰৱল বিশ্বাস কৰে।

মেজিত অগ্নি স্ংযোগ হ’ল এক প্ৰকাৰৰ অগ্নিপূজা। এই পূজাৰ ফল মানৱজাতিৰ বাবে কল্যাণকাৰক।

মেজিত জুই স্ংযোগ কৰাৰ পাছত ৰাইজে সেই থানতে নাম-কীৰ্তন কৰি প্ৰভু ভগৱন্তক আৰাধনা কৰে। বেলি উঠাৰ পাছত জা-জলপান কৰি ডেকাহঁতে হাউ, বণ্টা, ঢোপ, কড়ি, কচুগুটি(আজিকালি ফুটবল, ক্ৰিকেট, হকী, তাচ) আদি খেলেগৈ। বুঢ়া-মেথা, আইসকলে নামঘৰ, কীৰ্তনঘৰ, গোসাইঘৰত বিধে বিধে নাম কীৰ্তন কৰে। সৰুৱে ডাঙৰক বিহুৰ সেৱা জনায়। ডাঙৰে সৰুক আশিৰ্বাদ দিয়ে। দূৰ-দূৰণিত চাকৰি, ব্যৱসায়, অধ্যয়নতৰত সৱেও নিজৰ ঘৰ বুলি মাঘৰ বিহুত গোট খায়। সুখ-দুখৰ কথাৰে বছৰটোৰ খতিয়ান আদান-প্ৰদান হয়। মাঘবিহু মিলনৰ মধুৰ ক্ষণ।

মাঘ বিহুৰ দুপৰীয়া অসমীয়া মানুহে অন্ন গ্ৰহণ নকৰে। দৈ, চিৰা, জুলীয়া মিঠৈ, কল আদিৰে জলপান কৰে। ৰাতি অন্ন অতিৰিক্তকৈ ৰান্ধে আৰু পহিলা মাঘ বা বৰবিহুৰ দিনা পুৱাৰ ৰ’দকাচলিত বহি পইতা ভাত খায়। তেনে কৰিলে হেনো ভীমৰ সমান বলী হ’ব পাৰি। মাঘ বিহুৰ সময়ত পিঠা-লাৰু, দৈ-চিৰা, গুৰ-মিঠৈ আদি সৰহীয়াকৈ যোগাৰ কৰা হয় আৰু সেইবোৰ শেষ নোহোৱালৈকে ইষ্ট-কুটুম্ব, বন্ধু-বান্ধৱ, লগ-সমনীয়া, ওচৰ-চুবুৰীয়া, সম্পৰ্কীয় লোকক মাতি মাছে-মঙহে খুৱাই অন্তৰৰ কথাৰ আদান প্ৰদান কৰা হয়। মাঘৰ বিহুৰ আগে আগে কৃষকৰ ভৰাঁললৈ সোণ গুটি সদৃশ ধান, মাহ, সৰিয়হ আদি শস্য বিধে বিধে জমাহৈ ভৰাঁল ভৰে। গঞা ৰাইজৰ মনতো আনন্দৰ সঞ্চাৰ হয়। আনহাতে কিছুদিনৰ বাবে মুকলিমূৰীয়া সময়ো পায়। গতিকে খেতিৰ উতপাদিত সামগ্ৰী উলহ-মালহেৰে ভোগ কৰে। খেতি নাইকীয়া জনেও কম দৰত সামগ্ৰী কিনি ভোগ কৰে। দুখীয়া-নিচলায়ো খুজি-মাগি আনি দুসাজ তৃপ্তিৰে খাবলৈ প্ৰয়াস কৰে। সেইবাবে মাঘৰ বিহুক অৰ্থপূৰ্বকভাবে ভোগালী বিহু বুলি কোৱা হয়।

মাঘ বিহুকে ধৰি ওৰেটো মাঘ মাহক অসমৰ ৰাইজে অতি পবিত্ৰ মাহ বুলি গণ্য কৰে। সেইসময়ত লোকে দলে দলে ৰাজ্য আৰু ৰাজ্যৰ বাহিৰৰ তীৰ্থস্থানসমূহলৈ গতৈ মনোবাঞ্চা পূৰাবলৈ পূজা-সেৱা অৰ্চনা কৰি পুণ্য আৰ্জে। পুণ্য মাঘ মাহ বুলি বিহুৰ সময়ৰে পৰা মানুহে জীয়ৰী উলিয়াই দিয়াৰ অৰ্থে যোগ্য পাত্ৰ বিচাৰি দিন-বাৰ ঠিক কৰে। যোগ্য পুত্ৰৰ বাবে বোৱাৰী অনাৰ কাৰণেও পাত্ৰী বিচাৰিবিয়াৰ যো-জা চলায়। এই সময়ছোৱাতে মাটি-বাৰী আদিকে ধৰি স্থাৱৰ-অস্থাৱৰ সম্পত্তি বেচা কিনা, সঈমা-বিবাদ, ঘৰুৱা আৰু সামাজিক বাদ-বিবাদাদিও সমাজ পাতি নিস্পত্তি কৰে। মুঠৰ ওপৰত মাঘ মাহটো মিলন আৰু মিলনৰ পবিত্ৰ সময় অৰ্থাত সুসময়।

মাঘ বিহু উপলক্ষে অসমৰ অঞ্চলভেদে বুলবুলি যুঁজ, কুকুৰা যুঁজ, মহ যুঁজ, কণী যুঁজ আদি অনুষ্টুপীয়া বা বহল ভিত্তিত অনুষ্ঠিত কৰা হয়। কোনো কোনো ঠাইত মাঘ বিহু সন্মিলনী আদিৰো আয়োজন কৰি গীত-মাতৰ প্ৰতিযোগিতা, নাট প্ৰদৰ্শন, সাংস্কৃতিক সমাৰোহ আদি হয়। ঠায়ে ঠায়ে বাট-ঘাট মেৰামতি, দলং-সাঁকো নিৰ্মাণ, স্ংঘ, পুথিভঁৰাল, সমবায় আদি সামাজিক অনুষ্ঠানৰ জন্ম হয়। বিহুকে মুখ্য কৰি ওৰেটো মাহ অঞ্চলে অঞ্চলে প্ৰয়োজন অনুসৰি নানা ধৰণৰ জনহিতকৰ কামো কৰা হয়। এনে মাহেন্দ্ৰ ক্ষণতে ব্যক্তি আৰু সামাজিক জীৱনৰ সৰ্বাংগীন উন্নতিৰ আঁচনি লোৱা হয় আৰু তাক কাৰ্যাম্বিত কৰাৰ বাবে হাতে-কামে লাগে।

মাঘ বিহু যে অকল অসমতে উদযাপন কৰা হয় এনে নহয়। ভাৰতবৰ্ষৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণৰ সকলো ৰাজ্যতে লোকাচাৰ ভেদে পালন কৰা হয়। কোনো ঠাইত যদি আমাৰ মাঘ বিহুক পোষ সংক্ৰান্তি বোলা হয়, অন্য কোনো ঠাইত হয়তো ইয়াক মকৰ সংক্ৰান্তি কোৱা হয়। কেৰেলাকে প্ৰমুখ্য কৰি দাক্ষিণ্যাত্যৰ লোকে পুংগল হিচাপে উদ্‌যাপন কৰে। সকলো ঠাইতে সংক্ৰান্তিৰ আগদিনা গধুলিৰ পৰা অংক্ৰান্তিৰ দিনাৰ আগবেলালৈ কাঠ-বাহত অগ্নি স্ংযোগ কৰি অগ্নি পূজা কৰা হয়। স্থানীয় নিয়ম অনুসৰি লাড়ু, মুৰিৰ লাড়ু, খীৰ, পায়স, পিঠা, আতাৰ পিঠা, ফুলৰী, গজা, নিমকী, তিলৰ লাড়ু আৰু স্থানভেদে আমিষ আৰু নিৰামিষ আহাৰ বিশেষভাৱে প্ৰস্তুত কৰা হয়। ভাৰতবৰ্ষৰ কৃষিজীৱী সমাজৰ বিলাসী ভোজনৰ ই এক সুসময়। থাকিব পাৰে ইঠাইৰ ভাষাৰ স’তে সিঠাইৰ ভাষাৰ প্ৰাৰ্থক্য, থাকিব পাৰে ইঠাইৰ সভ্যতা আৰু কৃষ্টি-স্ংস্কৃতিৰ মাজত সিঠাইৰ সিবোৰৰ লগত অমিল, সেইদৰে পৰিলক্ষিত হ’ব পাৰে ভিন ভিন ঠাইৰ খাদ্য সম্ভাৰৰ ব্যাপক পাৰ্থক্য; কিন্তু এনে বহুতো অনৈক্যৰ মাজতে মিলনৰ সুৰ তোলে সময়ে, মনে মনে একেটি ধাৰণাৰ প্ৰবাহ বলে আৰু সিয়ে গঢ়ি তোলে মহান ভাৰতীয় জাতীয়তাবোধ।

অসমৰ মাঘবিহু এনে এটি জাতীয় উৎসৱ যিয়ে অৱকাশৰ সুৰুঙাৰে বৈচিত্ৰময় ভোগৰ কথা আনে। এই বিহুটিৰ গতি-প্ৰকৃতিও তাৰ মাজতে নিহিত আছে। এই বিহুৱে আশা ভৰা সুদিনৰ সোপান দিঠকত ৰুপায়িত কৰিবলৈ প্ৰেৰণা যোগায় আৰু তাতেই সোমাই থাকে ইয়াৰ তাতপৰ্য। মহামিলন আৰু শান্তিময় সহ-অৱস্থানৰ বাবে মাঘবিহুৰ পৰা মানুহে পায় নিকা সম্ভাৱনা আৰু কৰ্মোদ্দীপনা। মাধুৰীমা বা মাধুৰ্যও তাতেই বিচাৰি পোৱা যায়। গতিকে আনকেইটা বিহুৰ লগতে মাঘ বিহু বা ভোগালী বিহুটিনো আমি নাপাতি কেনেকৈ থাকো।

এইবেলিৰ মাঘবিহুৰ মেজিত হাত সেকি অসমৰ ৰাইজে হিংসা-দ্বেষ, হত্যা, অপহৰণ, ধৰ্ষণ আদি অসামাজিক কাৰ্যৰ বিলুপ্তি ঘটাই শান্তি-সম্প্ৰীতিৰ বাতাবৰণ গঢ়ি প্ৰগতিৰ বাটেৰে অগ্ৰগামী হওক। বিনম্ৰভাৱে তাৰেই গোহাৰি জনালো।

প্ৰমোদ কাকতি, স্বৰ্ণলিপি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate