অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাজুলীৰ সমৃদ্ধিশালী দেউৰী সংস্কৃতি :

মাজুলীৰ সমৃদ্ধিশালী দেউৰী সংস্কৃতি :

 

বিভিন্ন জাতি-জনজাতিৰ মিলনভুমি মাজুলীক অসম ৰাজ্যৰ ক্ষুদ্ৰ সংৰক্ষণ বুলি ক’ব পাৰি। মাজুলীৰ বৈচিত্ৰময় সংস্কৃতিৰ অন্য এক অংশীদাৰ হ’ল মাজুলীৰ দেউৰীসকল। এই দেউৰী সমাজ আৰু সংস্কৃতি হ’ল মাজুলীৰ পৰ্যটকৰ বাবে আন এক আকৰ্ষণৰ ক্ষেত্ৰ।

অসমৰ অন্যান্য জনগোষ্ঠীসকলৰ দৰেই মাজুলীৰ দেউৰীসমাজৰ পৰম্পৰাগত সাজপাৰ, খাদ্যভাস, বাসস্থান, নিৰ্মাণ-কৌশল, উৎসৱ-পাৰ্বন, সামাজিক নীতি-নিয়ম আদিয়ে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।

দেউৰীসকলে পৰম্পৰাগতভাৱে চাংঘৰ সাজি বাস কৰে। প্ৰকৃতিৰ পৰা সংগৃহীত বাঁহ-বেত, খেৰেৰে তৈয়াৰী চাংঘৰবোৰ সাধাৰণতে পুৱা-পশ্চিমাকৈ সৰলৰেখা অৱস্থান কৰা দেখা যায়। তেওঁলোকে পুৱ দিশটো বৰ পৱিত্ৰ বুলি ধাৰণা কৰে। সেয়ে দেওঁঘৰসমুহো গাঁৱৰ পুৱ দিশত অৱস্থিত। ঘৰৰ সন্মুখত ‘মিচ্ছিং’ নামৰ এখন মুকলি চাং থাকে। ইয়াত খাদ্য শুকুওৱা হয়। চাংঘৰবোৰ মাটিৰ পৰা ৭-৮ ফুট উচ্চতাত সজা হয়। ৰান্ধনীশালত একোখন ধোৱাচাং সজা হয় য’ত শুকান মাছ-মঙহ, খৰিচা, শুকতি, শাক-পাচলিৰ বীজ আদি সংৰক্ষণ কৰা হয়।

দেউৰীসকলৰ পৰম্পৰাগত সাজপাৰ চকুত লগা ধৰণৰ। তেওঁলোকৰ সাজপাৰৰ পৰা মানুহৰ বয়স, বিবাহিত নে অবিবাহিত সেয়া বোধগম্য হয়। পুৰুষসকলে বগাচোলা বগাধুতি (পুৰুইকু)আৰু গামোচা লয়।

গাভৰুসকলে বুকুত কাপোৰ (বাইগা) মাৰি মেখেলা পৰিধান কৰে। বোৱাৰীসকলে বুকুলৈকে মেখেলা পিন্ধি কঁকালত ‘জগাচ্ছিবাঁ’ লয়। গাত ব্লাউজ আৰু মুৰত ‘গাতিগি’ (মুৰৰ চুলি ছাক খোৱাকৈ বন্ধা কাপোৰ) মাৰে। নাচনি নামতি সকলে ‘মুগাৰ লগুৰ ইচা’ (বিশেষ দীঘলিয়া কাপোৰ) কান্ধত বিশেষধৰণে ওলোমাই পৰিধান কৰে।

দেউৰীসকলৰ পৰম্পৰাগত পানীয় খাদ্যবিধৰ নাম ‘চুঁজে’ অৰ্থাৎ চাউলৰ পৰা প্ৰস্তুত কৰা মদ। ই দেউৰী সমাজত অতি আদৰৰ। চাউলৰ পৰা তৈয়াৰী সুমিষ্ট আৰু মৃদু ৰাগী পুৰ্ণ এইবিধ পৰম্পৰাগত পানীয় তেওঁলোকৰ সাংস্কৃতিক নৈৱেদ্যৰুপেও পৰিগণিত। প্ৰাত্যহিক জীৱনত প্ৰায় প্ৰতিদিনে ব্যৱহৃত এই পানীয় এতিয়াও বয়োজ্যেষ্ঠসকলে কঠোৰ পৰিশ্ৰমৰ পাছতো শৰীৰক জুৰ পেলাবলৈ পান কৰে। ‘চুঁজে’ প্ৰস্তুতকৰণ প্ৰণালী অতি দীঘলীয়া আৰু ইয়াৰ কেইবাটাও পৰ্যায় আছে। প্ৰকৃতিৰ বুকুৰপৰা সংগৃহীত বহুবিধ ঔষধি গছপাত আৰু লতাৰ সৈতে আৰৈ চাউলৰ সংমিশ্ৰণত এই পানীয় প্ৰস্তুত কৰা হয়। ইয়াক দেউৰীসকলৰ জাতীয় উৎসৱ পাৰ্বন, মৃতকৰ শ্ৰাদ্ধ, বিবাহ তথা দৈনন্দিন জীৱত প্ৰচুৰ ব্যৱহাৰ হয়।

তদুপৰি মাজুলীৰ দেউৰীসকলে ভাপত দিয়া, জুইত পোৰা, পাতত দিয়া, খৰিকাত দিয়া, ছেকনিৰে ছেকা, চুঙাত দিয়া আদি ধৰণে উপায়েদ খাদ্য প্ৰস্তুত কৰে।

উৎসৱ পাৰ্বন -

মাজুলীৰ দেউসকলৰ মাজত প্ৰচলিত প্ৰধান উৎসৱসমুহ হ’ল- ইবাঁক বিচু (ব’হাগ বিহু), ৰাজকেমা উৎসৱ (মিদিদেৰুৱা), মেতুৱা পুজা, শাওনীয়া পুজা, মাগয় বিচু (মাঘ বিহু) আদি এই পুজাসমুহ মাজুলীৰ গাওঁকেইখনে এটা ক্ৰমত দেওঘৰ বা থানঘৰত উদযাপন কৰে।

দেউৰীসমাজৰ এক স্বকীয় পৰিচয় আছে। মাজুলীৰ দেউৰীসকল মুলত: কৃষি নিৰ্ভৰশীল। পৰম্পৰাগত পুজা-পাতল , বলি-বিধান প্ৰথা এওলোকৰ অন্যতম বৈশিষ্ট্য। জাতিগত স্বভাৱ অনুসৰি দেউসকল অত্যন্ত পৰিশ্ৰমী আৰু স্ব-অভিমানী। আত্মসন্মানৰ প্ৰতি সচেতন ববএই এওঁলোকৰ সমাজত ভিক্ষাৰী কদাচিতো দেখিবলৈ পোৱা নাযায়। নিজ ভাষা, কৃষ্টি, সংস্কৃতি জীয়াই ৰখাৰ উপৰিও এওঁলোকে মাজুলীৰ বাৰেবৰণীয়া সভ্যতা-সংস্কৃতিৰ ভেটি সুদৃঢ় কৰি ৰখাত শক্তিশালী ভুমিকা গ্ৰহণ কৰি আহিছে।

লেখিকা: প্ৰাণজিতা নাথ (সেউজ সোপান)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate