অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লোক-সাহিত্যৰ বহুমূলীয়া সম্পদ চৰুৱা সাঁথৰ-প্ৰবচন

লোক-সাহিত্যৰ বহুমূলীয়া সম্পদ চৰুৱা সাঁথৰ-প্ৰবচন

 

চৰুৱা সাঁথৰ চৰ-চাপৰিৰ জনগণৰ লোক – সাহিত্য। চৰুৱা গাঁৱলীয়া নিৰক্ষৰ লোকৰ মাজত তাহানিৰে পৰাই বহুল প্ৰচলিত আৰু সম্প্ৰতি ঢিমিক ঢামাককৈ জ্বলি থকা এনে লোক – সাহিত্যৰ উপাদানবোৰ উপযুক্ত সংৰক্ষণৰ অভাৱত সম্প্ৰতি কালৰ কুটিল সোঁতত উটি যোৱাৰ উপক্ৰম হৈছে। লোকগীতৰ দৰে সাঁথৰ – প্ৰবচন লোক – সাহিত্যৰ এক বহুমূলীয়া সম্পদ। সাঁথৰ আৰু প্ৰবচন হ’ল বিভিন্ন কালৰ বিভিন্ন ৰুচি আৰু অভিজ্ঞতা সম্পন্ন লোকৰ সূক্ষ্মতম অভিব্যক্তি। বাস্তৱ অভিজ্ঞতা, প্ৰকৃতিৰ পৰা পোৱা শিক্ষা, ব্যৱহাৰিক জীৱনক কেন্দ্ৰ কৰিয়েই সাঁথৰ – প্ৰবচনৰ সৃষ্টি হৈছে। সাঁথৰক চৰুৱা ভাষাত ‘মান’ আৰু প্ৰবচনক ‘উপমা’ বুলি কোৱা হয়। এনে সাঁথৰ – চৰ – চাপৰিৰ জনজীৱনত আজিও সমাদৃত। কৃষিজীৱী চৰুৱা কৃষক, আবাল – বৃদ্ধ – বনিতাই দিনৰ অক্লান্ত পৰিশ্ৰমৰ অৱসৰ বিনোদন হিচাপে জোনাক নিশাত একগোট হৈ চোতালত বহি এনে ‘মানমান’ খেলিও পৰম আনন্দ উপভোগ কৰে। ঠিক সেইদৰে কথাই কথাই চৰ – চাপৰিৰ লোকে প্ৰবচন বা উপমা ব্যৱহাৰ কৰা দেখা যায়। এনে কিছুমান সাঁথৰ আছে যিবোৰ এটা বা দুটা শাৰীত সমাপ্ত হয় আৰু এটা শব্দতেই উত্তৰ দিয়া হয়। যেনে :

(১) কি বস্তু লাতথী দিলি চলে।

উত্তৰ : ঢেঁকী।

(২) কি বস্তু ছট্টোকালে কাপোৰ পিন্ধে, বয়স কালে নাঙঠা হয়?

উত্তৰ : বাঁহ।

(৩) আল্লাৰ কি কুদৰত, লাঠিৰ মধ্যেই সৰবৎ।

উত্তৰ : কুঁহিয়াৰ।

(৪) কি বস্তুকে সবাই মামা কয়?

উত্তৰ : চন্দামামা।

(৫) সাগৰে জন্ম আমাৰ আকাশে উৰি, পৰ্বতে বাধা পাইয়া দুনিয়াই পৰি।

উত্তৰ : বৰষুণ।

(৬) ইত ঘুঘুৰ পিতকাণ, কোন ঘুঘুৰ তিন কাণ?

উত্তৰ : আখা।

(৭) ইং কিচি বিং কিচি নাই চোঁচা নাই বিচি?

উত্তৰ : নিমখ।

(৮) কালা কচু জলে ভাসে

হাড় নাই তাৰ মাংস আছে।

উত্তৰ : জোক।

কেতবোৰ সাঁথৰ কবিতাৰ দৰে চন্দ লগাই কোৱা হয়। তেনে কেইটামান সাঁথৰ উল্লেখ কৰা হ’ল। যেনে :

(১) ঝৰে জংঘল থাকি

পাহাৰে পৰ্বতে থাকি

গৰ্তে কৰি বাস।

একবেটা ডাকাত এসে

গৰ্তে কৰি বাস।

একবেটা ডাকাত এসে

কৰলো সৰ্বনাশ।

মৰেছি মৰেছি আমিতি মৰেছি

তুমিও যদি মৰো

আমায় এসে ধৰো।

উত্তৰ : বৰশীত বান্ধ খোৱা ভেকুলীয়ে আগুৱাই অহা মাছক লক্ষ্য কৰি কৰা উক্তি। বুদ্ধিমত্তাৰ পৰিচয় থকা কিছুমান সাঁথৰ চৰুৱা সমাজত প্ৰচলিত হৈ থকা দেখা যায়। এই বিলাক সাধাৰণতে সম্বন্ধক লৈ ৰচিত। যেনে :

ও বেটা এক অদ্ভুত

শুনাৰ শগুৰ আমাৰ শগুৰ

এৰা দুই বাপ পোত।

তেন্তে কোনে কাক লগত লৈ গৈ আছে?

উত্তৰ : আপোনাৰ নিজৰ পেহাই আপনাৰ স্ত্ৰীক লগত লৈ গৈ আছে।

সাঁথৰ বিলাকৰ ৰচনা কাল সম্পৰ্কে জনা নগ’লেও এই কথা সত্য যে এইবোৰ বহু পুৰণি। কিন্ত তেতিয়াও যে চৰুৱা সমাজত অক্ষৰ জ্ঞান আছিল তাৰ উমান পোৱা যায় অক্ষৰক লৈ ৰচিত কিছুমান সাঁথৰৰ পৰাই। যেনে :

(১) তিন অক্ষৰে নাম যাৰ জলে বাস কৰে

মধ্যে অক্ষৰ কাইটা দিলে উইৰা যাইতে পাৰে।

উত্তৰ : চিতল মাছ। মাজৰ ‘ত’ আখৰটো কাটি দিলে হ’ব ‘চিল’ (চিলনী)।

(২) তিন অক্ষৰে নাম যাৰ

খাইলি পৰে বাচি।

প্ৰথম আখৰ কাইটা দিলে।

হাতে নিয়া নাচি।

উত্তৰ : খিচুৰি। প্ৰথমৰ ‘খ’ কাটি দিলে হ’ব চুৰি। ঠিক সেইদৰে কেতবোৰ সাঁথৰৰ মাজত আকৌ সাধুকথা লুকাই থকাও দেখা যায়। যেনে :

জন্ম দেয় নাই জন্মদাতা

জন্ম দিছে পৰে।

যেদিন জেলেৰ জন্ম নিলো

মায় ছিলোনা ঘৰে।

উত্তৰ : সীতাই কুশত বাল্মীকি ঋষিৰ ওচৰত থৈ পানীৰ কাৰণে যায়। সীতা নোহোৱা হোৱাত বাল্মীকিয়ে লতাৰে কুশক জন্ম দিয়ে। জন্মৰ সময়ত মাক সীতা ঘৰত নাছিল। ইয়াৰ পৰা এইটো স্পষ্ট হয় যে চৰুৱা অনাখৰি সমাজতো ৰামায়ণৰ চৰ্চা হয়। সাঁথৰৰ দৰে চৰুৱা সমাজক সচৰাচৰ অৰ্থাৎ কথোপকথনত কিছুমান প্ৰবচন ব্যৱহাৰ কৰা হয়। প্ৰবচনবোৰ কোনো কথাৰ প্ৰসংগক্ৰমে ব্যৱহৃত হয়। কেতবোৰ প্ৰবচন শুনাত বেয়া যেন লাগিলেও ইয়াৰ অৰ্থ বেলেগ। চৰুৱা সমাজত দৈনন্দিন কাম – কাজত নানা প্ৰবচন ব্যৱহাৰ কৰা দেখা যায়। এনে প্ৰবচনে কথোপকথন শ্ৰুতি মধুৰ আৰু আকৰ্ষণীয় কৰি তোলে। তাৰে কেইটামান উদাহৰণ তলত দিয়া হ’ল।

  • এক বৌ ছাৰলাম চাইল চাবানেৰ দৰে, আৰ এক বৌ দেখি তশে কুড়ই ঠেলে।

এনে ধৰণৰ প্ৰবচন সাধাৰণতে কোনো অবাধ্য ব্যক্তিৰ দোষ – গুণৰ প্ৰতি লক্ষ কৰি প্ৰসংগক্ৰমে ব্যৱহাৰ কৰা হয়।

  • কপালে নাই যি, ঠক্‌ঠকাইলে ঐবো কি?

কপাল অৰ্থাৎ ভাগ্য যদি বেয়া হয় তেন্তে কোনেও মুখলৈ ঘূৰি নাচায়। আত্মীয় – স্বজনেও বিদ্ৰুপ কৰে। এনে অৰ্থত ব্যৱহৃত হয় এনে প্ৰবচন। সমাজত এচাম লোক আছে, তেওঁলোকৰ ভাষা – কথা শ্ৰুতিমধুৰ। অলপ কথাতে আনক বশ কৰিব পাৰে। তেনে ব্যক্তিয়ে আকৌ শত্ৰুতা কৰাতো সময় নালাগে। তেনে প্ৰবঞ্চকৰ পৰা আঁতৰত থাকিবলৈ ‘দুষ্ট লোকেৰ মিষ্টি কথা, ডাক দিয়া বসায় কাছে, কথাৰ পিষ্ঠে কথা দিয়া প্ৰাণে মাৰে শেষে’। এনে ধৰণৰ প্ৰবচন ব্যৱহাৰ কৰা দেখা যায়। কামাই নাই ৰোজগাৰ নাই, আগে আগে খাওয়া, খ্যাতা নাই বালিশ নাই মধ্যেখানে শোওৱা। সমাজত এনে কিছুমান ব্যক্তি আছে যাৰ উপাৰ্জনৰ চিন্তা নাই। আনৰ কান্ধত ভৰ দি চলিব লগা হয়, কিন্ত মুখত ডাঙৰ ডাঙৰ বাক্য। অথচ নিজৰ মোমায়েকক ৰাখিবলৈ ঠাইকণো নাই। তেনে লোকৰ ব্যৱহাৰত অতিষ্ঠ হৈ এনে উক্তি কৰা দেখা যায়। ঠিক তেনে ধৰণৰ বহুত প্ৰবচন চৰুৱা লোকে ব্যৱহাৰ কৰে। যেনে :

  • ঢাল নাই তৰোৱাল নাই, নিধিৰাম সৰ্দাৰ, লেখা নাই পঢ়া নাই গৰিবুল্যা সৰকাৰ।
  • আশা কৰছি দুনিয়া জুইৰা, বিধি থুইছে বাগান পুইৰা।
  • ছাল নাই কুত্তাৰ বাঘা নাম / নুন আন্তে পান্তা ফুইৰায় / ছাইৰাদে মা কাইন্দা বাছি / সম্বল থাকতে ৰাইখ্যা খাইয়ো বেলা থাকতে হাইট্যা যাইয়ো।
  • ওপৰে লাল টিকটিক, ভিতৰে ছাই। (ইংৰাজীত Beautiful dress doesnot make a Gentleman – বুলি কোৱাৰ দৰে)।
  • ‘বান্দৰ বুঢ়া হইলেও গাছ বাওয়া ছাৰে না’ – বান্দৰৰ স্বভাৱ জঁপিয়াই ফুৰা। গছৰ ডালে ডালেই সিহঁতৰ আশ্ৰয়স্থল। সি বুঢ়া বা ডেকাই নহওক কিয়। কিন্ত সমাজৰ এক শ্ৰেণী মানুহ আছে বয়সলৈ লক্ষ্য নকৰি অপকাণ্ড কৰি পেলায়। তেনে স্বভাৱ থকা লোকৰ ক্ষেত্ৰত এনে ধৰণৰ প্ৰবচন খাটে।
  • ‘সাতবাৰ গেইলে মাণিক নষ্ট’ – বিপদত পৰি মূল্যৱান বস্তু যাচিলে বহুতো দোষক্ৰুটি খুঁচৰি ফুৰে। এই ক্ষেত্ৰত এনে প্ৰবচন চৰুৱা লোকে ব্যৱহাৰ কৰে। আৰু কেইটামান প্ৰবচন – নৰম মাটি পাইয়া ঘুগুৱা উঠে ধাইয়া / মোল্লাৰ দৌৰ মছজিদ পৰ্যন্ত / অতি ভক্তি চোৰেৰ লক্ষণ। চৰ – চাপৰিত প্ৰচলিত এনে সাঁথৰ – প্ৰবচন বহুত আছে। মুখে মুখে চলি থকা সাঁথৰ, প্ৰবচন আদি সংগ্ৰহ আৰু সংৰক্ষণ কৰাটো জৰুৰী হৈ পৰে।

 

লেখক : এম কে এ সাত্তাৰ, উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate