অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লাঙামাৰা পূজা আৰু বৃহত্তৰ গুৱাহাটীৰ পাতিৰাভাসকল

লাঙামাৰা পূজা আৰু বৃহত্তৰ গুৱাহাটীৰ পাতিৰাভাসকল

লাঙামাৰা পূজা কি

জেঠ মাহটো সকলো শ্ৰেণীৰ ৰাভাৰ বাবে এটা পৱিত্ৰ মাহ, দেৱ-দেৱীৰ মাহ। এই মাহতে মায়তিৰ ৰাভা সকলে ডেকা-গাভৰুৰ জীৱন সংগী বছা ‘বায়খো’, দাহৰি ৰাভা সকলে জুইৰ ওপৰত নচা ‘খোকচি’ আৰু ‘ৰংদানি’ ৰাভা সকলে ওজাপালি সদৃশ নৃত্য-গীতেৰে হাছ্ং উদ্‌যাপন কৰে। পাতিৰাভা সকলে জেঠ মাহতে নদীত ভেল উটুৱাই কেঁচাইখাইতীৰ লগতে লাঙমাৰা উদ্‌যাপন কৰে। বৃহত্তৰগ্গুৱাহাটীৰ পাতিৰাভা সকলেও ইয়াৰ ব্যতুক্ৰম নহয়। বৰ্তমানেই চল্লিশ খনৰো অধিক গাঁও বা চুবুৰীত (বৰ্তমান ৱাৰ্ড) বসবাস কৰি থকা আঢ়ৈ হেজাৰৰো অধিক বৃহত্তৰ গুৱাহাটীৰ ৰাভা ৰাইজে তেওঁলোকৰ চৈপাশে থকা অৰাভা জনজাতি আৰু বৰ্ণহিন্দু অসমীয়া সকলৰ লগত এৰা-ধৰাৰ মনোভাবেৰে উমৈহতীয়া ভাৱে থানৰ উপৰি মন্দিৰ সাজি, বালিৰ উপৰি মাহ-প্ৰসাদ দি, পুৰুষৰ লগতে মহিলাৰ উপস্থিতিৰে এদিনীয়াকৈ ভোজভাত খাই লাঙাদেও পুজি আহিছে। বৰ্তমান গুৱাহাটীৰ আশে-পাশে নখন ঠাইত লাঙাদেও পূজা অনুষ্ঠিত হয়। সেইকেইখন ঠাই হ’ল- বনগাঁও (বেলতলা), জটিয়া, ওদালবাক্ৰা, ৰুক্মিণীগাঁও, লুতুমা, বিৰুবাৰী, দক্ষিণ শৰণীয়া, অমিয় নগৰ (নৱগ্ৰহ) আৰু সাতগাঁও। ইয়াৰ ভিতৰত ওদালবাক্ৰা, জটিয়া আৰু বনগাঁৱত পূৰ্বাপৰ জেঠ মাহৰ যিকোনো শনি নতুবা মঙলবাৰে অতি জাকজমকতাৰে বাট ভেটা/ ভাতিয়ালী (ভগৱতীৰ আন এটা নাম তুলনীয় ৰাভা : ৰাম বাঙা বায়/ ৰুং ভাছায়কায়) আৰু লাঙাদেও/ বুঢ়াদেও (শিৱৰ আন এটা নাম তুলনীয় ৰাভা : লাঙাচাৰা/ বুদবো) এই দুজনো প্ৰধান ইষ্ট দেৱ-দেৱীৰ বলি-বাহনেৰে পূজা দিয়ে। লাঙাদেওৰ বাবে বেদী হিচাপে থিয়ৈ পোতা শিল এটি লোৱা হয়। তাতে ঘৰতে পতা মদ, কুকুৰা বা গাহৰিৰ বলি, চুঙাত সিজোৱা ভোগ (ডিঙোৱা পিঠা তু ৰাভা : ফোকচাক) আগ কৰিব লাগে আৰু পূজাৰী সকলে গোটেই গাত পিঠাগুড়ি ছটিয়াই ল’ব লাগে। আনহাতে বাটভেটা বা ভাটিয়ালীৰ বাবে ফুলেৰে তমস্কৃতকৈ সজোৱা এটা কলপটুৱাৰ ডিঙাত জীয়া কুকুৰা বা পাৰ এযুৰি, কণী আদি দি মাহ-প্ৰসাদেৰে নদীত উটুৱাই দিয়াৰ নিয়ম। দুয়োটা পূজাতে তেল-সেন্দূৰ, আগলতি কলপাত, ধূপ-ধূনা, চাকি-বন্তিৰ প্ৰচলন আছে। তাহানিতে অৱশ্যে পাতিৰাভা সকলৰ দৰে এই অঞ্চলৰ পাতিৰাভাসকলেও লাঙামাৰা থানতে একেলগে ধনকুবেৰ, ঠাকুৰাণী, দুধকুমৰ-ফুলকুমৰ, খোকচি বা বায়খো আদি দেৱ-দেৱীক দুই-বাৰ ভাগ বলি-বিধান দি, ঘৰীত (এবিধ নলীযুক্ত মাটিৰ ঘটি) দুই-বাৰ সোঁত মদ দি, দেওধনী নচুৱাই ঘৰে ঘৰে অপায়-অমংগল খেদি (‘হাওৱালখেদা’ নামে জনাজাত) দিনটোজোৰা বিভিন্ন ৰীতি-পৰম্পৰাৰে অতিবাহিত কৰি সমাজ পাতি মদ-ভাত খাইছিল। তেতিয়া এনে পূজাত অৰাভা লোকৰ আৰু বিশেষকৈ তিৰোতাৰ অংশ গ্ৰহণ নিষেধ আছিল। এতিয়াও ৰংদানি ৰাভা সকলে পালন কৰা লাঙামাৰা পূজাত প্ৰতিটো পৰিয়ালৰ মুৰব্বী জনৰ বাবে থান খানত একো একোখনকৈ শিলৰ আসন পাৰি থোৱাই থাকে বাবে আলহী-অতিথিয়ে অনুমতি সাপেক্ষেহে পূজাত অংশ গ্ৰহণ কৰিব পাৰে। বৰ্তমান গুৱাহাটীৰ প্ৰায় কেইখন লাঙাদেওৰ মন্দিৰতে বিভিন্ন সম্প্ৰদায়ৰ আনকি তিৰোতা মানুহৰো পূজাত সমাগম হোৱা দেখা যায়। আনকি এই অনুষ্ঠানটোত মহিলাৰ আইনাম বৰ্তমানে এৰিব নোৱাৰা অংগস্বৰুপ হৈ পৰিছে।

গুৱাহাটীৰ আশে-পাশে অনুষ্ঠিত হোৱাৰ দৰে সকলো ঠাইতে ৰাভা সকলে অনুষ্ঠিত কৰা পূজাত সমন্বয়ৰ বা ধৰ্মীয় সহিষ্ণুতাৰ স্বাক্ষৰ বহন কৰি আহিছে। লাঙাদেও আৰু বাটভেটা অৰ্থাৎ আই ভগৱতী (কেঁচাইখাইতী বা ঠাকুৰাণী বা খোকচি)আৰু শিৱগোঁসাই (লাঙা বা মামাছিবু দাৰংমা)! এই দুই শাক্ত-শৈৱ যুগল উপাসনাৰ ধাৰা ৰাভা সমাজত প্ৰচলিত পৰম্পৰাগত প্ৰকৃতি-পুৰুষৰ পূজাৰে নামান্তৰ বুলিব পাৰি। সেইবাবেই ৰাভা সকল বিশুদ্ধ শৈৱ বা শাক্ত কোনোটো পন্থাৰে অনুগামী নহয় বৰঞ্চ তেওঁলোকক জড়োপাসক (এনিমিষ্ট) বা সনতন হিন্দু ধৰ্মৰ বাহক বোলাহে উচিত। ৰাভা সকলে তেওঁলোকৰ পৰম্পৰাগত দেৱ-দেৱীক দুটি প্ৰধান ধাৰাত ভগাই পূজা-পাতল দি আহিছে। সেই দুটি ধাৰা হ’ল- ৰাভা বায়/দেও (ৰাভাৰ কৌলিক ধৰ্মীয় ৰীতি-নিতীৰে অৰ্থাৎ মদ-গাহৰি-কুকুৰা-পিঠাগুড়ি-টংলতি নৈবেদ্য হিচাপে লৈ ৰাভা স্তুতিগীতেৰে আৰাধনা কৰিব লগীয়া দেৱ-দেৱী) আৰু লেমা বায়/দেও (হিন্দু ধৰ্মীয় ৰীতি-নীতিৰে অৰ্থাৎ তুলসী, কল, মাহ-প্ৰসাদ-চেনি, পাৰ-ছাগ, হাঁহ, ফুল-নৈবেদ্য হিচাপে লৈ লেমা কাথা অৰ্থাৎ ৰাভামিজৰ স্তুতি-গীতেৰে আৰাধনা কৰিব লগীয়া দেৱ-দেৱী)। এই অনুসাৰে লাঙা বা বুঢ়াদেও প্ৰথম শ্ৰেণীৰ আৰু কেঁচাইখাইতী বা আই ঠাকুৰাণী (বাটভেটা/ভাটিয়ালী) দ্বিতীয় শ্ৰেণীত পৰে। ৰাভা সমাজত কিন্ত দুয়োটা শ্ৰেণীৰ দেও পূজাতে কোনো বামুণ বা অইন বেলেগ জাতিৰ পূজাৰীৰে পূজা দিয়া নহয়। স্বজাতীয় যিকোনো নৈষ্ঠিক পৰিয়ালৰ লোকে উত্তৰাধিকাৰী সূত্ৰে বা বাছনি সূত্ৰে (স্বপ্নদ্ৰষ্টা হৈ বা দেওধানীৰ জৰিয়তে) এনে পূজা পৰিচালনা কৰে। মূল পূজাৰী জনক ৰাভা সকলে দেউৰী, ওজা, বায়ফাং বোলে আৰু তেওঁৰ সহায়কাৰী সকলক পালি, পালিছা, তাকব্ৰা বোলে। দেউৰী আৰু পালি সকল পূজাৰ দিনা বা তাৰো এসপ্তাহ/এদিন আগৰে পৰা শুচি-শুদ্ধাচাৰে নিৰ্দিষ্ট নিয়ম-নীতি, ব্ৰতাচাৰ পালন কৰিবলগীয়া হয়। তেওঁলোক এই সময়ছোৱাত ঘৰ-দোৱাৰ শুচি কৰি নিজহাতে ৰান্ধি-বাঢ়ি একশয্যা হৈ থাকিবো লাগে। পূজাৰ সময়ছোৱাত পূজাৰী সকলে স্নানৰত অৱস্থাৰে তিতা বস্ত্ৰ পৰিধান কৰি গাত পিঠাগুড়ি ছটিয়াই ডিঙিত কুশবন একোছা লৈ পূজা সম্পাদন কৰাটো বিধেয়।

লাঙাদেও পূজাৰ পৰম্পৰা গুৱাহাটীতো সাতামপুৰুষীয়া যদিও অষ্টাদশ শতিকাত মহামাৰীৰ কবলত পৰা গোৱালপাৰা অঞ্চলৰ কেইঘৰ মান ৰাভাই গুৱাহাটীৰ ওদালবাক্ৰা (ওদাল গছ কাটি বাক্ৰা অৰ্থাৎ বকৰাণি উলিয়াই পতা বাসস্থান) অঞ্চলত বসবাস কৰিবলৈ লৈছিল বুলি কোৱা হয়, তথাপি জটিয়া, বিৰুবাৰী, লুতুমা, দক্ষিণ শৰণীয়া, সাতগাঁও, বনগাঁও (বেলতলা) আদি অঞ্চলৰ দৰে এই অঞ্চলটোও জনজাতি প্ৰধান অঞ্চল হিচাপে ৰাভা জনগোষ্ঠীৰো বসবাসৰ প্ৰাচীনতা সম্পৰ্কে তৰ্কৰ অৱকাশ নাই। এই অঞ্চলৰ লালগণেশৰ শ্ৰীশ্ৰী তেত্ৰিশ কোটি দেৱ মন্দিৰ আবিৰ্ভাৱ আৰু স্থাপনৰ (১৯৬৩-৬৪) লগত জড়িত আখ্যান আৰু অন্যান্য মূৰ্তিৰ লগতে দশম-একাদশ শতিকাৰ বুলি অনুমেয় ওদালবাক্ৰাত উদ্ধাৰ হোৱা ব্ৰঞ্জৰ মহিষাসুৰ (দুৰ্গা) মূৰ্তিৰ (ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত) অৱস্থিতিয়ে এই অঞ্চল যে জনজাতীয় অধিপতিৰ দ্বাৰা শাসিত নহ’লেও শাক্ত ধৰ্মীয় প্ৰাৰ্দুভাৱ আছিল সেইটো নিসন্দেহ। তদ্ৰুপ লালগণেশ, গণেশগুৰি, বশিষ্ঠ প্ৰভৃতিৰ গণেশ মূৰ্তিৰ (গণেশ মন্দিৰ) প্ৰাচুৰ্য্যই এই অঞ্চল যে এসময়ত শাক্ত গাণপত্য ধাৰাৰে প্লাৱিত আছিল সেইটো প্ৰতীয়মান কৰে।

ৰাভা সকলে লাঙামাৰা বা হাছং থানত মূল উপাস্য দেৱতা লাঙামাৰা/ মামা ছিবু দাৰমাং/ বুঢ়াদেউৰ লগতে তেওঁৰ ঘৰণী ভগৱতী/ দেশফিৰা ঠাকুৰাণী/ খোকচি/ কেঁচাইখাইতী আৰু অন্যান্য সহচৰী গৰনাথ (গণেশ), দেৱনাথ (কাৰ্তিক) আদিকো পূজা কৰে। তথাপিও পাতিৰাভা সকলৰ টুকুৰীয়া ওজাপালি মাৰেগানত (তুলনীয়া লাঙামাৰা/ চম্পাইমাৰী আদি দেৱ-দেৱীৰ সমাৰ্থক মাৰাই পূজাৰ গীত) লংদেও/ লাংমাৰা/ বুঢ়া লাঙা আদিৰ সধন উল্লেখ আছে। টুকুৰীয়া ওজাপালিৰ সমতুল্য বাক্ৰা বা ঝাতুৱাদেও পূজাৰ গীতৰো কেন্দীয় চৰিত্ৰ হৈছে লামা। কেঁচাইখাইতী/ খোকচি বা দেশফিৰা ঠাকুৰাণীক ৰাভা সকলে দুৰ্গাৰে আন এটা ৰুপ বুলি মানে। হানা-ঘোঁৰা, জৰী ঘোঁৰা, জাগাৰ (কালী পূজা) আদিকো কেঁচাইখাইতী/ ঘৰ দেউতী/ ৰুপকালী/ গাংদুৰ্গা আদি দেৱীলৈ পূজাভাগ দিয়া হয়। সেয়েহে এইটো অনুমান কৰিব পাৰি যে ৰাভাৰ ক্ষুদ্ৰ পৰম্পৰাৰ প্ৰকৃতি-পুৰুষ বা ভগৱতী-শিৱৰ যুগল উপাসনাই কালক্ৰমে বৃহৎ পৰম্পৰা হৈ শিৱ-দুৰ্গা বা শিৱলিংগ-যোনি পীঠৰ যুগল উপাসনালৈ উত্তৰণ ঘটিছে।

এই প্ৰক্ৰিয়াটোক ব্ৰাহ্মণ্য যুগৰ আৰ্যীকৰণৰ সৈতেও ৰিজাই চাব পাৰি। কিয়নো ৰাভাৰ লাঙামাৰা পূজাত থিয়ৈপোতা শিলটোকে (ৰোংজুমুক) দেৱতাৰ প্ৰতীক হিচাপে লোৱা হয় যাৰ নিহিত অৰ্থ ৰোং (শিল), জু (মাতৃ) আৰু মুক (আদিম-সৰগীয়) অৰ্থাৎ সৰগীয় মাতৃৰুপী শিল, যি যোনিপীঠৰো সমাৰ্থক। পুৰাণ বৰ্ণিত নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ কামাংগৰ (যোনি) ধাৰণা হয়তো আদিম ৰাভা জাতিৰ (কিৰাট) ৰোংজুমুকৰে উন্নত সংস্কৰণ (বৃহৎ পৰম্পৰা) আছিল। কিয়নো আদিতে কামাখ্যাতো গাৰো (?) সম্প্ৰদায়ৰ লোকে গাহৰি বলি দি দেৱী পূজা কৰিছিল বুলি ড° বাণীকান্ত কাকতিৰ ‘মাডাৰ গডেছ কামাখ্যা’ নামৰ গ্ৰন্থ খনত উল্লিখিত হৈছে। ৰাভা সকলেও বিশ্বাস কৰে যে ‘কামা’ গোত্ৰৰ লোকে আদিতে নিৰিগিৰি (নীলাপাহাৰ) নামৰ ঠাইত কামাহাছু বায় (কামা গোত্ৰৰ পাহাৰৰুপী দেৱতা) পূজা কৰিছিল। কামাহাছু বায় (কামা গোত্ৰৰ পাহাৰৰুপী দেৱতা) পূজা কৰিছিল। কামাহাছু বায় বা গ্ৰিমবুদা (বনদেৱী তু বনবাসী)ক এতিয়াও ৰাংদানি আৰু মায়তৰি ৰাভা সকলে লাঙাচাৰা/ দাৰমাং/ বুদাবা/ তুৰা/ বায়মাৰা আদি পুৰুষ দেৱতাৰ সমাৰ্থকৰুপে পূজে। ৰাভা সকলে ছিৰ্গি ৰিছি বা মামাছিবু দাৰমাং দেৱতাক হিন্দুৰ দেৱাদিদেৱ মহাদেৱৰ সমতুল্য সৃষ্টিকৰ্তা বুলি জ্ঞান কৰে, সকলো মাংগলিক অনুষ্ঠানতে স্মৰণ কৰে। ইয়াকে মাংগলকাৰী দেৱতা হিচাপে বছৰেকত একোবাৰ সমজুৱাকৈ লাঙামাৰা বা হাছং পূজাত আৰু অমংগলকাৰী দেৱতা হিচাপে বছৰেকত একোবাৰ সমজুৱাকৈ লাঙামাৰা বা হাছং পূজাত আৰু অমংগলকাৰী দেৱতা হিচাপে তাৎক্ষণিকভাৱে বা ব্যক্তিগতভাৱে বাক্ৰা/ ঝাকুৱা/ টুকুৰীয়া পূজাত দেৱ-উৎপত্তিমূলক কাহিনী গীত গাই পূজে। এসময়ত কোনো ৰাভাৰ পূৰ্ব পুৰুষে কৰা ব্যক্তিগত ‘বাক্ৰা’ দেওৰ পূজাই (ওদালবাক্ৰা) কালক্ৰমে ৰাজহুৱা হৈ প্ৰথমে ‘লাঙাদেও’ লৈ আৰু পৰৱৰ্তী কালত সংস্কাৰ সাধিত কৰি তেত্ৰিশ কোটি দেৱতাৰ মন্দিৰলৈ উত্তৰণ ঘটা বুলি ভাবিবৰো সেয়ে যথেষ্ট অৱকাশ আছে। ‘জতিয়া’ স্থান নামো মহাদেৱ বা লাঙাৰ আন এটা নাম ‘জটিয়া ভাঙুৰা’ৰ পৰাই উদ্ভৱ হ’ব পাৰে। যদি সেয়ে হয় তেন্তে গুৱাহাটীলৈ ৰাভাসকলৰ প্ৰব্ৰজনৰ এটা ইতিহাস পুননিৰ্মাণ কৰা যাব। অৱশ্যে তাৰ বাবে আৰু অধিক গৱেষণা আৰু সমলৰ আৱশ্যকতা নুই কৰিব নোৱাৰি।

পাতিৰাভা সকলৰ মাজত সমাদৃত টুকুৰীয়া ওজাপালিৰ এছোৱা তুলি দিয়া হ’ল :

 

‘টিমু টিমু কৰি লাঙা

ঢোলখনি বায়

উত্তৰ কুলৰ বুঢ়া লাঙা

দক্ষিণ কুলে যায়’।

(লাঙা দেৱতা ব্ৰহ্মপুত্ৰৰ উত্তৰ পিনৰ পৰা দক্ষিণলৈ প্ৰব্ৰজিত হোৱাৰ ইংগিত বহন কৰিছে।)

‘আগে আছিলি কোচৰ ছাৱা

ৰাভাৰ গিলুং জাতি

এতিয়াহে হৈছং মই

লাঙাৰ গিয়াতি’।

(লাঙা দেৱতা যে ৰাভাৰ স্বকীয় দেৱতা নহয় বৰঞ্চ নৱাগত তাৰো ধাৰণা স্পষ্ট ৰুপত প্ৰকাশ পাইছে।)

‘তেত্ৰিশ কোটি দিলং ফুল

যাহে আপোনাৰ থানে থানে

যম ৰজাক দিলং ফুল

হাগা কটিৰ পাছে’।

(ৰাভা সকলে লাঙাকে ধৰি হিন্দুৰ তেত্ৰিশ কোটি দেৱতাকো পূজে। আনকি যম ৰজাকো পূজে, কিন্ত পিঠি দি বাঁও হাতেৰেহে।)

 

লেখক : ড° উপেন ৰাভা হাকাচাম

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate