অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শ্ৰীমন্ত শঙ্কৰদেৱৰ নাট-ভাওনাৰ প্ৰসঙ্গ আৰু ইয়াৰ প্ৰাসংগিকতা

শ্ৰীমন্ত শঙ্কৰদেৱৰ নাট-ভাওনাৰ প্ৰসঙ্গ আৰু ইয়াৰ প্ৰাসংগিকতা

অসমীয়া জাতি-সংস্কৃতিৰ পিতৃ, ধৰ্মৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মধ্য যুগৰ এক জটিল পৰিস্থিতিত, খ্ৰীঃ পোন্ধৰ-ষোল্ল শতিকাত ‘কৃষ্ণ’ কেন্দ্ৰিক যি সাংস্কৃতিক আন্দোলনৰ সূচনা কৰি ব্যাপ্তি ঘটালে সেয়া এক বিস্ময়কৰ কথা। অসমীয়া সমাজ জীৱনক এক ‘সাংস্কৃতিক গঠন’ প্ৰদান কৰি ‘ধৰ্মৰ মৰ্ম আয়ত্ত কৰোৱাৰ বাবে গ্ৰহণ কৰা অনেক মাধ্যমৰ ভিতৰত তেৰাৰ সৃষ্টি ‘নাট’ আৰু সেই নাটৰ ‘অভিনয়’ৰ প্ৰসঙ্গ অতিকে উল্লেখযোগ্য।

শ্ৰীমন্ত শঙ্কৰদেৱে ব্ৰজাৱলী ভাষাত ৰচিত তেৰাৰ নাট সমূহৰ ‘অভিনয়’ অৰ্থাৎ ‘ভাওনা’ৰ জৰিয়তে সেই সময়ৰ অসমীয়া সমাজৰ নিৰক্ষৰ, চহা-গাঁৱলীয়া লোকৰ মন জয় কৰাৰ লগতে ‘বাৰ্তা। প্ৰেৰকৰ শক্তিশালী মাধ্যম ৰুপে পৰিগণিত হৈছিল। সাম্প্ৰতিক সময়ত যিকোনো ‘বাৰ্তা’ বা ‘আবেদন’ জনসাধাৰণৰ কাষলৈ কঢ়িয়াই নিয়াত যিদৰে নাটকৰ অভিনয়ক শক্তিশালী মাধ্যম ৰুপে গণ্য কৰা হৈছে সেয়া শঙ্কৰদেৱে তাহানিতে সমাধা কৰি থৈ গৈছে- ‘ভাওনা’ৰ জৰিয়তে।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বৰদোৱাত ‘চিহ্নযাত্ৰা’ নাটৰ অভিনয়ৰে ‘ভাওনা’ সংস্কৃতি গঢ় দিছিল আৰু প্ৰসাৰ ঘটাইছিল। তেৰাৰ আদৰ্শৰ বাৰ্তা বাহক ৰুপে ‘চিহ্নযাত্ৰা’ ভাওনাত ‘ৰঘুপতি ৰজকৰ পুত্ৰই লক্ষ্মীৰ ভাও লোৱা’ কাৰ্যই সমাজৰ সৰ্বস্তৰৰ লোকৰ অনুভূক্তি আৰু জাত-পাতৰ উৰ্দ্ধত এক বৃহত্তৰ অসমীয়া সমাজৰ ভেটি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। কেৱল সিমানেই নহয় মহাপুৰুষ জনাই ‘ভাওনা’ সংস্কৃতিক কেন্দ্ৰ কৰি সৃষ্টি অথবা প্ৰৱৰ্তন কৰা বিবিধ ক’লা-কৌশলৰ ভূমিকাও অতিকে স্মৰণীয় বা বন্দিত। ‘সত্ৰ’ আৰু ‘নামঘৰ’ নিৰ্মাণ কৰি দিয়াৰ লগে লগে মুকলি হৈছিল অনেক মূল্য বোধৰ ভাণ্ডাৰ। দেখি-দেখুৱাই, কৰি-কৰোৱাই মহাপুৰুষ জনাই সমাজত প্ৰেৰিত কৰিছিল সৌন্দৰ্য বোধৰ ধাৰণা, প্ৰতি সন্মান বোধৰ অমিয়া মাধুৰী। এনেদৰেই ‘শঙ্কৰদেৱৰ নাট-ভাওনাই জাতীয় জীৱনত এক সাংস্কৃতিক জাগৰণৰ সৃষ্টি কৰি গভীৰ ভাৱে চাপ বহুৱাই থৈ যায়- যাৰ বাবে শঙ্কৰদেৱৰ ভাওনাই অসমীয়া সংস্কৃতিৰ অপৰিহাৰ্য অংগ হৈ পৰিল’।

‘ভাওনা’ সংস্কৃতিক কেন্দ্ৰ কৰি গুৰু জনাই সৃষ্টি কৰিছিল বয়ন শিল্প, কুটীৰ শিল্প- অসমীয়া সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ ভেটি। তাতোকৈয়ো বিস্ময়কৰ উদ্ভাৱন আছিল- ‘ভাওনা’ত ব্যৱহৃত আলোক ব্যৱস্থা, নৃত্য-বাদ্য, গীত, গায়ন-বায়ন ব্যৱস্থা, খোল-তালৰ ব্যৱহাৰ, মঞ্চ নিৰ্মাণ কৌশল, লোক কলাক মৰ্যাদা দানেৰে ছো-মুখা শিল্প, ৰং-তুলিকাৰ ব্যৱহাৰ, হস্তশিল্প, ফুলজাৰি, আটচবাজিৰ ব্যৱহাৰ ইত্যাদি। উক্ত বিবিধ কৰ্ম সম্পাদন কৰিবৰ বাবে তেখেতে সমাজৰ সৰ্বস্তৰৰ লোককে অন্তৰ্ভূক্ত কৰিছিল। ফলস্বৰুপে ‘ভাওনা’ই সমাজৰ সৰ্বস্তৰতে জনপ্ৰিয়তা লাভ কৰি এটা সময়ত ‘জাতীয় সংস্কৃতি’ত পৰিণত হৈছিল। সমাজৰ সকলো লোককে সমাজ অন্তৰ্ভূক্তিৰ উপৰিও সকলো লোককে আকৰ্ষণ তথা আনন্দ প্ৰদান কৰিবৰ বাবে ‘ভাওনা’ত দেখুওৱা যুদ্ধ-বিগ্ৰহ, বিবিধ ৰসৰ সমাহাৰ, নৃত্য-গীত-বাদ্য-চিত্ৰকলাৰ ভূমিকাও অতিকে উল্লেখযোগ্য।

ৰজা ঘৰৰ পৰা প্ৰজা ঘৰ লৈকে সমাদৃত হোৱা ‘ভাওনা’ সংস্কৃতিৰ জনপ্ৰিয়তা প্ৰসঙ্গত ১৯৭৫ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ ডাঙৰীয়াৰ উদ্যোগত কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী নাৰায়ণ চন্দ্ৰ গোষবামীৰ সাংগঠনিক সক্ষতাৰে সুদূৰ ইণ্ডোনেচীয়াত গুৰু জনাৰ ‘ৰামবিজয়’ অংকীয়া নাটৰ অভিনয় অৰ্থাৎ ‘ভাওনা’ প্ৰদৰ্শন সম্ভৱ হৈছিল। এনেধৰণেৰে জনপ্ৰিয়তা লাভ কৰাৰ প্ৰসঙ্গত উল্লেখযোগ্য কথা হ’ল- ‘ভাওনা’ সংস্কৃতিয়ে অসমীয়া সমাজ জীৱনলৈ আনি দিয়া আমূল পৰিৱৰ্তন। প্ৰচলিত সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন কামনাৰে প্ৰৱৰ্তন কৰা ‘ভাওনা’ই সমাজত গঢ় দিছিল মূল্যবোধৰ অনেক চিন্তা-চেতনাৰে। সেই নব্য-মূল্য বোধ সম্পন্ন উপলব্ধিত সমাজৰ সমস্ত জনে অনুভৱ কৰিছিল- একতাৰ মৰ্ম, সহায়-সহযোগিতা তথা দিয়া-লোৱাৰ গুণ, সমূহীয়া ভাবে কাম কৰাৰ আনন্দ, কৰ্মত আনন্দ সংযোগৰ ব্যৱস্থা। লগে লগে বৃদ্ধি পাইছিল প্ৰতিযোগিতা মূলক ভাবৰ, ফুটি উঠিছিল মানুহৰ সৌন্দৰ্য বোধৰ ধাৰণা, কলা প্ৰীতি তথা শৈল্পীক গুণ। ইয়াৰ উপৰিও ‘ভাওনা’ কেন্দ্ৰীক আচাৰ অনুষ্ঠান, ৰীতি-নীতিয়ে অসমীয়া সমাজ জীৱনক দিছিল শৃংখলিত, ৰুচি সন্মত তথা পৰিশীলিত এক জীৱন শৈলী- যি শৈলীত পবিত্ৰ ভাৱ আৰু স্বাস্থ্য বিধিকে আদি কৰি খাদ্যভাসৰ দৰে অনেক বিধি কৌশলৰ দীৰ্ঘম্যাদী ফল জড়িত হৈ আছে। কিয়নো ‘কলা-চৰ্চাত বা সংস্কৃতি চৰ্চাত ধৰ্মভাৱ বা পবিত্ৰতা সংযোগ হ’লেহে কলা বা সংস্কৃতিৰ হৰণ-ভগন নহয়। পবিত্ৰতাৰ ব্যতিৰেকে কলা বা সংস্কৃতি মৰহি যায়। পবিত্ৰতা বা ধৰ্ম ভাৱে ক’লা সংস্কৃতিক জীপ দি বাঢ়ি সহায় কৰে’।

‘মুকলি মঞ্চ আৰু মুকলি অভিনয়ৰ জন্মদাতা’ শঙ্কৰদেৱ ‘ভাওনা’ৰ জৰিয়তে অসমীয়া মানুহৰ মানসিক উত্তৰণ সাধন কৰিছিল। যুক্তিবাদী চিন্তা, সচেতন গুণ উন্নত জীৱন ধাৰণৰ যে সঁচাৰ কাঠী সেই কথা ‘ভাওনা’ৰ জৰিয়তে প্ৰতিপন্ন কৰি দেখুওৱাইছিল। মানুহে ‘ভাওনা’ৰ পৰা আহৰণ কৰিছিলজীৱনৰ মহত্ততম কথা- ধৰ্ম অথবা সত্যৰ জয়, অধৰ্ম অথবা অসত্যৰ পৰাজয়। লগতে মানুহক আয়ত্ত কৰোৱাইছিল সুস্থ সমাজৰ চালিকা শক্তি- ন্যায় অন্যায়ৰ প্ৰসঙ্গ, হিংসাৰ ঠাইত অহিংসা, অসংযমৰ ঠাইত সংযম, অধৈৰ্যৰ বিপৰীতে ধৈৰ্য, হত্যাৰ বিপৰীতে স্নেহ, ভাতৃত্ববোধ, মানৱতাবোধ, সততাৰ লগতে নৈতিক চৰিত্ৰ, শৃঙ্খলা, ভক্তিৰ মাহাত্ম্যৰ সত্যৰ জয়যাত্ৰা আৰু সত্যই যে শেষ সত্য আৰু চিৰ সুন্দৰ তথা শাশ্বত সেই কথাও। উদাহৰণ স্বৰুপে- ৰুক্মিণীহৰণত ৰুক্মবীৰৰ লগত, পাৰিজাত হৰণত নৰকৰ লগত, কেলিগোপালত শঙ্খচোৰৰ লগত, কালীয় দমনত কালী নাগৰ লগত কৃষ্ণৰ বিৰোধ আৰু সেই বিৰোধত নৰক, ৰুক্মবীৰ, কালীনাগ, শঙ্খচোৰৰ বধ আৰু দমনৰ জৰিয়তে দুস্কৃতিৰ বিনাশ আৰু সংস্কৃতিৰ জয় অৰ্থাৎ ধৰ্মৰ জয় দেখুৱালে- কেনেকৈ আধ্যাত্মিক সাধনা জাতীয় সংস্কৃতিৰ মাজেদি প্ৰকট হ’ব পাৰে। লগতে প্ৰদান কৰিলে পৰিশোধনৰ জৰিয়তে চিত্তবৃত্তিক উত্তৰণৰ মন্ত্ৰ।

শঙ্কৰদেৱে তেৰাৰ নাট অভিনয় অৰ্থাৎ ‘ভাওনা’ৰ জৰিয়তে সৃষ্টি কৰা প্ৰোথিত কৰা উক্ত গুণৰাশি তথা মূল্যবোধ সম্পন্ন বাৰ্তা বা আবেদন সৰ্বকালৰ সৰ্বমানৱৰ মঙ্গলৰ বাবেই প্ৰাসংগিক। উল্লেখযোগ্য যে ‘অংকীয়া ভাওনা’ এটা সময়ত টুটি আহিছিল। তাৰ ঠাইত একে আখ্যান, উপাখ্যান, কাহিনী তথা আবেদন সম্বলিত মাতৃভাষাৰ নাট ৰচনা আৰু অভিনয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল যদিও মাতৃভাষাৰ ভাওনায়ো আজিৰ পৰা কিছুদিনৰ পূৰ্বে জনপ্ৰিয়তাৰ ব্যাপকতা হেৰুৱাৰ উপক্ৰম হৈছিল। ফল স্বৰুপে অসমীয়া সমাজ জীৱনৰ সুস্থ ৰুচিবোধ তথা চালিকা শক্তি যেন অস্তমিত হ’বলৈ ধৰিছিল।

সময় পৰিৱৰ্তনশীল। পৰিৱৰ্তিত সময়ত মানুহৰ ৰুচি-অভিৰুচি =ৰ পৰিৱৰ্তন হয়। এনে যুক্তিৰ খাতিৰতহে যেন পৰিৱৰ্তনতথা জনপ্ৰিয়তা হ্ৰাস হৈছিল অসমীয়া সমাজ জীৱন তথা ‘পৰৱৰ্তী সত্ৰীয়া-নৃত্য-গীতৰ আধাৰ স্বৰুপে’ এই ভাওনা সংস্কৃতিৰ। সাম্প্ৰতিক সময়ত শঙ্কৰদেৱৰ সৃষ্ট ‘ভাওনা সংস্কৃতি’ৰ প্ৰাসংগিকতা অত্যন্ত গৰুৰী। বৰ্তমান ভাঙোনমূখী অসমীয়া সমাজ জীৱনৰ ঐতিহ্য উদ্ধাৰ কৰিবৰ নিমিত্তে সদভাৱ-সম্প্ৰীতি, সহিষ্ণুতা গুণ বৃদ্ধিৰ কাৰক এই ‘ভাওনা সংস্কৃতি’ৰ ভূমিকা অনস্বীকাৰ্য। তাকে সৰোগত কৰি ক্ৰমে পুনৰ ঠন ধৰি উঠা ‘ভাওনা সংস্কৃতি’ৰ প্ৰসাৰ আৰু প্ৰচাৰ জাতিটোৰ বাবে শুভ লক্ষণ। এনে পদক্ষেপ সুধী সমাজৰ বাবে সদায় আদৰণীয়।

সেয়েহে ইয়াৰ প্ৰাসংগিকতা সদায়ে আছে আৰু থাকিব বুলি আমাৰ দৃঢ় বিশ্বাস।

লেখিকা: চিত্ৰা দুৱৰা, স্বৰ্ণলিপি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate