অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শ্ৰীমন্ত শঙ্কৰদেৱৰ সাহিত্যত কাব্যিক সৌন্দৰ্য্য

শ্ৰীমন্ত শঙ্কৰদেৱৰ সাহিত্যত কাব্যিক সৌন্দৰ্য্য

অসমৰ সমাজ জীৱনত যেতিয়া নৈতিক ধ্যান ধাৰণাৰ কৰুণভাৱে স্খলিত হৈছিল, অন্যায়, অধৰ্ম, দুষ্কৃতি, ব্যভিচাৰৰ আন্ধাৰত যেতিয়া মানুহে দিক-বিদিক হেৰুৱাই পেলাইছিল ঠিক তেতিয়াই অসমৰ আকাশত আবিৰ্ভাৱ হৈছিল সংস্কৃতিৰ মহাভাস্কৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ। তেওঁ আছিল একেধাৰে ধৰ্ম প্ৰৱৰ্ত্তক, প্ৰচাৰক, গীত-নাট, নৃত্য-বাদ্য, চিত্ৰকলা, কাব্য-সাহিত্য, দৰ্শন আদি বহু ক্ষেত্ৰত বুৎপত্তি থকা এজন মহাপুৰুষ। শঙ্কৰ দেৱৰ সাহিত্য সৃষ্টিৰ মূল উদ্দেশ্য বৈষ্ণৱ ধৰ্মৰ আদৰ্শ প্ৰচাৰ কৰা হ’লেও তেওঁৰ প্ৰতিভা যে অনন্য আৰু স্বতঃস্ফুৰ্ত সেই কথা সকলোৱে দ্বিধাহীনভাৱে স্বীকাৰ কৰিব। তেওঁৰ প্ৰতিভাত নিহিত হৈ আছিল এক সাংস্কৃতিক বিপ্লৱৰ বীজ। যি বিপ্লৱৰ উদ্দেশ্য আছিল ধৰ্মান্ধতা, গোড়ামী, সংকীৰ্ণতা আৰু সামন্তবাদী ভেদাভেদৰ সীমা অতিক্ৰম কৰি মানৱীয় আদৰ্শৰে মানুহক উদ্বুদ্ধ কৰা। তাৰ বাবে তেওঁ বাছি লৈছিল সাহিত্য, সঙ্গীত, চিত্ৰকলা, অভিনয়, নৃত্য আদি সৃষ্টিমূলক কলা। এই কলা সমূহৰ মাধ্যমেৰে তেওঁ মানুহৰ হৃদয়ত আধ্যাত্মিক ভাৱৰ ঝংকাৰ তুলিবলৈ সক্ষম হৈছিল।

শঙ্কৰদেৱৰ সাহিত্য সৃষ্টিৰ মূল আধাৰ ভাৰতীয় ধ্ৰুপদী সাহিত্য হ’লেও সেই সমুহক অনুবাদ নুবুলি মূল গ্ৰন্থৰ সৰলীকৃত ৰূপ বুলি ক’লেহে উপযুক্ত হ’ব যেন লাগে। কিয়নো নৈসৰ্গিক প্ৰতিভাৰ অধিকাৰী শঙ্কৰদেৱে এই সমূহত কাব্যৰসৰ বাবেই হওক বা সাধাৰণ মানুহক বোধগম্য কৰাৰ বাবেই হওক কিছু নিজস্ব মৌলিকতাৰো প্ৰয়োগ কৰিছে। মূল গ্ৰন্থৰ তত্ব গধুৰ কথাবোৰৰ ভাৱাৰ্থখিনি সহজ সৰল ৰূপত সৰ্বসাধাৰাণ ৰাইজে বুজি পোৱাকৈ প্ৰকাশ কৰিছে নিজস্ব ধ্যান-ধাৰণাৰে।

শঙ্কৰদেৱৰ কাব্যিক সংবেদনশীলতাই মানুহৰ হৃদয়ক আধ্যাত্মিক উপলদ্ধিৰ স’তে একাত্ম হ’বলৈ যেন সহজ কৰি দিলে। কেইবাখনো গ্ৰন্থৰ সংমিশ্ৰণত সৃষ্টি কৰা ‘কীৰ্ত্তন’ পুথিখনেই হ’ল শঙ্কৰদেৱৰ কাব্যিক প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন। এই পুথিখন পুৰাণ, গীতা, ভাগৱতৰ আখ্যান-উপাখ্যানেৰে ভৰা প্ৰধানকৈ ভক্তি ধৰ্মৰ পুথি হ’লেও ইয়াত প্ৰতিফলিত হৈ আছে বাস্তৱ জীৱনৰ ছবি। একো একোটা আখ্যান অতি কম পৰিসৰতে কাব্যিক অনুভূতিৰে সজাই পৰাই পাঠকৰ হৃদয় আলোড়িত কৰাৰ যি কৃতিত্ব সেইয়া অতি অনন্য। বিষয়বস্ত্তৰ মনোৰম প্ৰকাশভংগী, উপযুক্ত শব্দৰ ব্যৱহাৰ, ভাষাৰ লালিত্য, ছন্দ বৈচিত্ৰ আদিৰ মধুৰতাৰে কীৰ্ত্তন পুথি আজিও প্ৰায় সকলো বয়সৰ লোকৰ মাজতে জনপ্ৰিয়। ইয়াত তেওঁ মূল পুথিৰ মূল ভাৱ অক্ষুণ্ণ ৰাখিও কিছুমান এনে অসমীয়া ঠাঁচ ব্যৱহাৰ কৰিছে যাৰ বাবে সাধাৰণ পাঠক বা শ্ৰোতাইও হৃদয়েৰে উপলদ্ধি কৰাত সহজ হৈ পৰিছে। তেওঁৰ সৃষ্টি সমূহত অতি সহজ অথচ সুন্দৰ ভাৱে বৰ্ণনা কৰিছে অসমৰ চিনাকি প্ৰাকৃতিক পৰিৱেশৰ। ‘কীৰ্ত্তন’ত দিব্য উপবনৰ বৰ্ণনাৰে লিখিছে –

শিৰীষ সেউতী তমাল মালতী / লৱঙ্গ বাগী গুলাল।
কৰবীৰ বক কাঞ্চন চম্পক / ফুল ভৰে ভাঙ্গে ডাল ।।

ঠিক তেনেকৈ শৰৎ কালকো কাব্যিক সৌন্দৰ্যৰে মণ্ডিত কৰি তুলিছে। শাৰদীয় পূৰ্ণিমা ৰাতিক তেওঁৰ কাব্যিক অনুভূতিৰে সজাই-পৰাই যেন মহাৰাসৰ বাবে পৰিৱেশ সৃষ্টি কৰিছে –

শৰত কালৰ ৰাত্ৰি অতি বিতোপন।
ৰাসক্ৰিড়া কৰিবাৰ কৃষ্ণৰ ভৈল মন ।।
অখণ্ড মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি ।
কুকুঁমে অৰুণ লক্ষ্মী মুখ পদ্ম সৰি ।।

শঙ্কৰদেৱৰ সংস্কৃত ভাষাত তোটয় ছন্দত লিখা ‘দেৱ ভটিমা’ নামৰ কবিতাটিয়ে প্ৰত্যেকজন স্পৰ্শকাতৰ পাঠক বা শ্ৰোতাকে বিস্ময় বিমুগ্ধ কৰি তোলে। তুলনাবিহীন কাব্যিক সৌন্দৰ্যৰে ভৰপূৰ এই কবিতাটো হয়তো সমগ্ৰ পৃথিৱীৰ ভিতৰতে এটি অদ্বিতীয় কবিতা হ’ব। কবিতাটিৰ এটা বিশেষত্ব হ’ল প্ৰতিটো পংক্তিৰে শেষৰ শব্দটোৰে পিছৰ পংক্তিটো আৰম্ভ কৰা হৈছে।

মধু দানৱ দাৰণ দেৱ ৱৰং ।
ৱৰ ৱাৰিজ লোচন চক্ৰ ধৰং ।।
ধৰণি ধৰ ধাৰণ ধেয় পৰং ।
পৰমাৰ্থ বিদ্যা শুভ নাশ কৰং ।।

এনে ধৰণৰ উচ্চ পৰ্যায়ৰ কবিতাৰে গুৰুজনাই পৃথিৱীত কাব্যিক সৌন্দৰ্য্যৰ আন এক নিদৰ্শন ৰাখি ছৈ গৈছে।

শঙ্কৰদেৱৰ কাব্য-কীৰ্ত্তিৰ আৰু এক নিদৰ্শন হ’ল কুসুমমালা ছন্দত লিখা “গুণমালা” পুথিখন। শ্ৰীকৃষ্ণৰ অৱতাৰী জীৱনৰ বিভিন্ন ঘটনা আৰু তাত্বিক দিশসমূহ অতি সংক্ষিপ্ত অথচ সুন্দৰভাৱে বৰ্ণনা কৰি আশ্চৰ্যজনকভাৱে সৃষ্টি কৰিছে এই পুথিখনি। ইয়াত শব্দৰ ঝংকাৰ, চৰিত্ৰ-চিত্ৰণ, কাব্য-ৰস সকলো যেন স্বয়ংসম্পূৰ্ণ হৈ উঠিছে প্ৰতিটো স্তৱকতে।

তুমি নিৰঞ্জণ / পাতক ভঞ্জণ ।
দানৱ গঞ্জণ / গোপিকা ৰঞ্জণ ।।
বেদান্ত গায়ক / বংশী বায়ক ।
জগত নায়ক / মকুতি দায়ক ।।
তুমি মহা হংস / আমি নিজ অংশ ।
হুয়া যদু বংশ / বধিলাহা কংস ।।

শ্ৰীমন্ত শঙ্কৰদেৱৰ অঙ্কীয়া নাট সমূহত থকা গীত, পদ, পয়াৰ আদিৰ মাজতো জকমকাই আছে কাব্যিক সৌন্দৰ্যৰ বৰ্ণময় বিন্যাস। নাটৰ মূল কাহিনীভাগ আগবঢ়াই নিয়াৰ বাবে কাব্যিক সৌন্দৰ্য্যৰে ভৰপূৰ এই গীত-পদ সমূহৰ আশ্ৰয় লোৱা দেখা যায়। গুৰুজনাৰ বৰগীত সমূহতো অতুলনীয় শব্দ সংযোজনা, ভাৱ, চিত্ৰকল্প আদিৰ বৈচিত্ৰতাও হ’ল কাব্যিক সৌন্দৰ্য্যৰ এক সুন্দৰ নিদৰ্শন।

মধুৰ মুৰুতি মুৰাৰু…মন দেখো হৃদয়ে হামাৰু….
ৰূপে অনঙ্গ সঙ্গ তুলনা তনু,
কৌটি সূৰুয উজিয়াৰু ।।

অসমীয়াৰ প্ৰাণ স্বৰূপ এই বৰগীত সমূহৰ লয়, তাল, সুৰৰ মাধুৰ্যই শ্ৰোতাক যেন লৈ যায় অন্য এখন জগতলৈ। নিৰ্গুণ কৃষ্ণৰ ভক্তি বন্দনাই হওক, কৃষ্ণৰ ৰূপ সৌন্দৰ্য্যৰ অতুলনীয় বৰ্ণনাই হওক অথবা গোপী সকলৰ কৃষ্ণ প্ৰেমৰ বৰ্ণনাই হওক সকলোকে যেন শব্দ, অলংকাৰেৰে সজাই পৰাই ছন্দৰ নাৱত তুলি, সুৰ-তালৰ ব’ঠাৰে স’তে সংসাৰ সমুদ্ৰত এৰি দিছে কেৱল আমাৰ বাবে। তাৰ ৰস পান আমি কোনে কেনেকৈ কৰিব পাৰিছো সেইয়া অন্য এক বিষয়।

এইজনা মহান জগতগুৰু তথা সংস্কৃতি সাধকৰ অনুপম সৃষ্টিৰ গভীৰতা এটা সৰু প্ৰৱন্ধৰে জুখিব পৰা সম্ভৱ নহয়। আমি মাথো এটাই অনুভৱ কৰো যে শঙ্কৰদেৱৰ অনুপম সৃষ্টিৰাজি অসম তথা ভাৰতবৰ্ষৰ সাহিত্য সংস্কৃতিৰ জগত খনৰ এক অমূল্য সম্পদ স্বৰূপ। সেয়েহে ইয়াৰ অধ্যয়ণ, প্ৰচাৰ আৰু সংৰক্ষণৰ প্ৰতি প্ৰতিজন সাহিত্য প্ৰেমীয়েই সচেতন হোৱা উচিত। শঙ্কৰদেৱক আমি মাথো আমাৰ মাজতে আৱদ্ধ নাৰাখি তেওঁৰ আদৰ্শ আৰু অমূল্য কীৰ্ত্তিক বহিঃজগতলৈ উলিয়াই নিয়াৰ দায়িত্ববোধ প্ৰতিজন সচেতন অসমীয়াই উপলদ্ধি কৰা উচিত। ইয়াৰোপৰিও গুৰুজনাই দি যোৱা প্ৰকৃত আদৰ্শক সন্মান জনাই জাতি, ধৰ্ম, ভাষা, সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে একতাৰ এনাজৰীৰে বান্ধ খাই সম্প্ৰীতিৰ সেতু গঢ়ি তুলিব পাৰিলে অসমলৈ নিশ্চয় শান্তি ঘুৰি আহিব আৰু সেয়াই হ’ব অসমবাসীৰ সুৰক্ষা, সন্মান, আৰু মানৱতাবোধৰ কৱচ।

লেখিকা: নিবেদিতা হাজৰিকা।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate