অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শ্ৰীশ্ৰী অশ্বক্ৰান্ত/অশ্বক্লান্ত দেৱালয়

শ্ৰীশ্ৰী অশ্বক্ৰান্ত/অশ্বক্লান্ত দেৱালয়

 

অশ্বক্ৰান্ত দেৱালয় অসম তথা ভাৰতৰ এখন ঐতিহাসিক তীৰ্থস্থান। ব্ৰহ্মপুত্ৰৰ উত্তৰ গুৱাহাটী নগৰৰ দক্ষিণ-পশ্চিমফালে জনাৰ্দ্দন পাহাৰত দেৱালয়খন অৱস্থিত। গুৱাহাটীৰ ফাঁচীবজাৰৰ পৰা ফেৰী জাহাজেৰে এই তীৰ্হলৈ অহা-যোৱাৰ সুবিধা আছে। তীৰ্থভূমিৰ ওচৰেদি তীৰ্থৰাজ ব্ৰহ্মপুত্ৰ বৈ গৈছে। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু নিস্তব্ধ পৰিৱেশে দৰ্শণাৰ্থীক মোহিত কৰি তোলে। প্ৰতিদিনে বিভিন্ন ঠাইৰ পৰা বহুতো তীৰ্থযাত্ৰী আহে। যাত্ৰীসকলে মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে এই তীৰ্থস্থানত শ্ৰাদ্ধ, অস্থিক্ষেপণ, স্নান, দৰ্শন কৰি মনৰ পাপ তাপ দূৰ কৰি পূণ্য লাভ কৰে।

কাহিনী সম্বন্ধে তিনিটা প্ৰৱাদ প্ৰচলিত আছে। দেৱালয়ৰ বিশেষ বৈশিষ্ট আৰু গুৰুত্ব সম্বন্ধে ‘যোগিনীতন্ত্ৰম’ পুৰাণ আদিত উল্লেখ আছে প্ৰাগজ্যোতিষপুৰৰ প্ৰৱল প্ৰতাপী ৰজা নৰকাসুৰৰ অত্যাচাৰৰ পৰা প্ৰজাবৰ্গক ৰক্ষাৰ হেতু দ্বাৰকাধিপতি শ্ৰীকৃষ্ণ ঘোঁৰাৰ ৰথত আহি নৰকাসুৰৰ লগত যুদ্ধত অৱতীৰ্ণ হৈছিল। ৰথৰ ঘোঁৰা আক্ৰান্ত হোৱা হেতুকে এই ঠাইডোখৰৰ নাম অশ্বক্ৰান্ত হ’ল।

দ্বিতীয় প্ৰৱাদমতে, বিদৰ্ভৰাজ ভীষ্মকৰ জীয়ৰী ৰুক্মিনীদেৱীক শ্ৰীকৃষ্ণই বিয়া কৰাই দ্বাৰকাভিমুখে যাত্ৰা কৰি এই পাহাৰতে ক্ষন্তেক জিৰণি লৈছিল।ৰথৰ ঘোঁৰাক্লান্ত হোৱাত এই ঠাইৰ নাম অশ্বক্লান্ত হ’ল।

তৃতীয় প্ৰৱাদমতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত অভিমন্যুক বধ কৰিবৰ উদ্দেশ্য পাণ্ডৱ সখা শ্ৰীকৃষ্ণই বুদ্ধি কৰি অৰ্জুনক পুৰণি কামৰূপ ৰাজ্যৰ ফালে লৈ আহিছিল। হাজোৰ ওচৰৰ সপ্তদল বা সাতদলা পাইছিল। বহুদূৰ বাট অহাৰ ফলত তেওঁলোকৰ ৰথৰ ঘোঁৰা ক্লান্ত হৈ এই ঠাইতে জিৰণী লৈছিল। শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা ক্লান্ত হোৱা হেতুকে ঠাইডোখৰৰ নাম অশ্বক্লান্ত হ’ল। যোগিনীতন্ত্ৰত অশ্বক্ৰান্ত নামহে উল্লেখ আছে। বহুতৰে মুখত অশ্বক্লান্ত নামহে প্ৰচলিত আছে।

এই দেৱালয়ত কুৰ্ম্ম জনাৰ্দ্দন আৰু অনন্তশায়ী নাৰায়ণৰ দুটা মন্দিৰ আছে। কুৰ্ম্ম জনাৰ্দ্দন মন্দিৰতো দৰঙী ৰজাৰ ৰাজত্ব কালত(১৬০৪-১৬১৩) আৰু অনন্তশায়ী নাৰায়ণৰ মন্দিৰতো আহোম ৰজা শিৱ সিংহৰ(১৭১৪-১৭৪৪) দিনতে সজোৱা। অনন্তশায়ী নাৰায়ণৰ মূৰ্তিটো ভাস্কৰ্য্যৰ এক অপূৰ্ব নিদৰ্শন। উত্তৰ ভাৰতত এনে মূৰ্তি বেছি নাই। অসমত আৱিস্কাৰ হোৱা অনন্তশায়ী বিষ্ণুৰ মূৰ্তি বুলিবলৈ এইটোৱেই একমাত্ৰ মূৰ্তি। গয়াকুণ্ডকে ধৰি এই দেৱালয়ত নৈৰ দাঁতিত বাৰটা কুণ্ড আছে। গয়াতীৰ্থত ভগৱান বিষ্ণুৰ পদচিহ্ন আৰু ঘোঁৰাৰ খোজ আজিও বিৰাজমান।

দেৱালয়ত জন্মষ্টমী, অশোকাষ্টমী, দৌলযাত্ৰা আদি পৰ্ব, পূৰ্বৰ নীতি অনুসাৰে পালন কৰা হয়। অশোকাষ্টমী এটা বিশেষ এটা পবিত্ৰ দিন বুলি গণ্য কৰে। সিদিনাখন বহুতো তীৰ্থযাত্ৰীয়ে মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে পিণ্ডদান, অস্থিক্ষেপণ, স্থান, দৰ্শন আদি কৰিবলৈ আহে। লগতে এখন ডাঙৰ মেলা বহে। মহালয়াৰ দিনাও বহুতো যাত্ৰীৰ সমাবেশ হয়। এই দেৱালয়ত অন্নপ্ৰাসন, চূড়াকৰণ, উপনয়ন, বিবাহ আদি বৈদিক কৰ্মৰাজি কৰা হয়।

পাহাৰৰ ওপৰত থকা অনন্তশায়ী নাৰায়ণ আৰু পাহাৰৰ নামনিত মহাবাহু ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা কুৰ্ম্ম জনাৰ্দ্দন দুয়োটা মন্দিৰতে নীতি-নিয়ম অনুসাৰে দৈনিক পূজা সেৱা কৰা হয়। দৈনিক দুপৰীয়া অনন্তশায়ী নাৰায়ণক ভোগ-ভাত ব্যঞ্জনাদিৰে আগবঢ়োৱা হয়। এই ভোগ-ভাত সম্পূৰ্ণ নিৰামিষ। গধূলি পূজাৰীয়ে পুণঃ বিগ্ৰহৰ আগত চাকি, ধূপ-ধূনা, আদিৰে নাৰায়ণৰ ৰাতিৰ ভোজনৰ বাবে লঘু আহাৰ নিবেদন কৰে। প্ৰতিদিনে সন্ধিয়া পূজাৰীবৃন্দ ও ভক্তবৰ্গই মন্দিৰত ভাগৱত পাঠৰ লগতে নাম প্ৰসঙ্গও কৰে।

লেখক: শ্ৰী গোৱিন্দ চন্দ্ৰ শৰ্মা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate