অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সোণোৱাল কছাৰীসকলৰ খ্ৰীং খ্ৰীং বাইথ’ পূজা :

সোণোৱাল কছাৰীসকলৰ খ্ৰীং খ্ৰীং বাইথ’ পূজা :

সোণোৱাল কছাৰীসকল-

 

সোণোৱাল কছাৰীসকল বৃহত্তৰ তিব্বেতো-বাৰ্মান গোষ্ঠীৰ অন্তৰ্গত বড়ো জনগোষ্ঠীৰ এটা ঠাল। এই জনগোষ্ঠীৰ অন্যান্য ঠালবিলাক হ’ল- বড়ো, ৰাভা, মেছ, ডিমাচা, দেউৰী, চুতীয়া, তিৱা, ঠেঙাল, মৰাণ ইত্যাদি।

সোণোৱাল কছাৰীসকলৰ সংস্কৃতি বৰ্ণময়। বাইথ’ পূজা সোণোৱাল কছাৰীসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ, য’ত নিহিত হৈ আছে আধ্যাত্মিক ভাৰ-ভক্তি, লোকবিশ্বাস, লোক-পৰম্পৰা। এই পূজা উপলক্ষে চ’ত মাহৰ দ্বিতীয় সপ্তাহৰ দেওবাৰে ৰাতি দেও নমোৱা হয়, সোমবাৰে বলি-বিধানৰ সৈতে পূজা পাঠ কৰা হয় আৰু মঙলবাৰে পুৱা হাইদাং গীত গাই বাইথ’ মন্দিৰত পূজা শেষ কৰা হয়। এই পূজাৰ মূল উপাস্য দেৱতা হ’ল বাইথ’ বা খিৰিং ৰজাক পূজা-পাতলেৰে আৰাধনা কৰি তুষ্ট কৰিলে বছৰটোলৈ সমাজখনৰ কুশল-মঙ্গল সাধন হয়, মাৰী-মৰক, ৰোগ-ব্যাধি দূৰতে বিদূৰ হয়।

বাইথ’ পূজা কি-

 

বাইথ’ পূজা পূৰ্বতে হাবিৰ মাজত ডাঙৰ গছৰ গুৰিত কৰা হৈছিল যদিও পিছলৈ এই পূজা মন্দিৰৰ চাৰিবেৰৰ ভিতৰলৈ অনাৰ পৰম্পৰা আৰম্ভ হয়। তিনিচুকীয়া জিলাৰ ডাঙৰীৰ ওচৰৰ বৰপথাৰ গাঁৱত এই পূজা ভাগ কেন্দ্ৰীয়ভাৱে মহা ধুমধামেৰে বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা হয় যদিও যোৱা শতিকাৰ নৱম দশকৰপৰা অন্যান্য সোণোৱাল কছাৰী বসতিপ্ৰধান অঞ্চলতো অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। জনশ্ৰুতি অনুসৰি গৰখীয়া ল’ৰাই গৰখীয়াতলিত বিৰিণা পাতেৰে ফৰিং বলি দিয়া পৰম্পৰাৰ আঁত ধৰি কালক্ৰমত বাইথ’শাল সৃষ্টি হয় আৰু বৰ্তমান ইয়াৰ জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি পাই গৈ আছে।

সোণোৱাল কছাৰী লোক-সংস্কৃতিৰ গৱেষক তথা লেখক অধ্যাপক নন্দেশ্বৰ কছাৰীৰ মত এনেধৰণৰ- ‘এই নিশাই ভুৰুলী শালৰ মূল খাণ্ডাখন চাঙৰপৰা নমাই আনি মাধ পুৰুষ ৰসেৰে(মদ)ধুৱাই এগছি বন্তি জ্বলাই এটা তামোল-পাণৰ টোপোলাৰে সৈতে কলপাতত দক্ষিণ দিশে ধাৰটো ৰখা হয়’। তথ্যমতে সেই নিশাই এটি সৰু পক্ষী বলি দিয়া হয় আৰু এই বলিৰ মঙহেৰে আহাৰ তৈয়াৰ কৰি উদ্যোক্তাসকলে গ্ৰহণ কৰে।

ইয়াৰ পিছদিনা অৰ্থাৎ সোমবাৰৰ দিনা সন্ধিয়া পৰত পূজা-পাৰ্বণ, খোৱা-বোৱাৰে পৰিৱেশটো সজীৱ হোৱাৰ লগতে আধ্যাত্মিক চেতনাৰে ভক্তসকলৰ মন-হৃদয় আচ্ছন্ন হয়। ওচৰৰ প্ৰতিখন গাঁৱৰ সেৱকীসকলে হাঁহ-কুকুৰা, চাউল-পাতৰ লগতে ঘৰতে তৈয়াৰী মাধপুৰুষৰ ৰস(মদ)ৰ ভাৰ বাৰিকৰ তত্ত্বাৱধানত পূজাৰ আয়োজকসকলৰ ওচৰত জমা দিয়েহি। সদৌটি ৰাইজৰ উলহ-মালহৰ মাজত বিভিন্ন লোকাচাৰ পালন কৰা হয়। মন্দিৰৰ মূল পূজাৰীয়ে বিভিন্ন গাঁৱৰপৰা যি মাধপুৰুষৰ ৰস অনা হয়, এটা তাম্ৰ পাত্ৰত সেইখিনি একেলগ কৰি টংলটি পাতেৰে শান্তিজল তৈয়াৰ কৰি উপস্থিত সকলোকে প্ৰদান কৰে। মূল মন্দিৰত তামোল-পাণ ভাগ কৰি ফুল ধৰা মতা কুকুৰা এটা বলি দিয়া হয় দেৱতাক তুষ্ট কৰাৰ উদ্দেশ্যে। ইফালে, কুলাচল দেৱতাক তুষ্ট কৰাৰ উদ্দেশ্যে এটি ক’লা কুকুৰা মেলি দিয়া হয়। উল্লেখ কৰা ভাল হ’ব যে বাইথ’ মন্দিৰৰ মূল বিগ্ৰহৰ ওচৰতে পুৰুষ আৰু প্ৰকৃতিৰ প্ৰতীক দুটি চাৰিমুখীয়া চাকি প্ৰজ্বলিত কৰা হয়। চাকি দুটি পৃথকে নথৈ সংলগ্ন কৰি স্থাপন কৰা হয়। সৃষ্টিৰ আধাৰ স্বৰূপ পুৰুষ আৰু প্ৰকৃতিৰ সন্তুষ্টিৰ পূজাই বাইথ’ পূজা। পুৰুষৰ পূজা মূল মন্দিৰত আৰু প্ৰকৃতিৰ পূজা ভূৰুলী-হাবুকী আৰু অন্যান্য ইষ্ট দেৱতাক পূজা তৈয়াৰ কৰা হয় যদিও মন্দিৰৰ মূল পূজাৰীজনে এই ক্ষেত্ৰত আগ-ভাগ লোৱা সাধাৰণতে দেখা নাযায়, মূল বাইথ’ দেৱতাৰ পূজা ভাগহে কৰে।

তৃতীয় দিনৰ অৰ্থাৎ মঙলবাৰৰ দিনা বাইথ’ পূজাৰ পৰিৱেশেই সুকীয়া দেখা যায়। এই দিনটোত পুৱা হাইদাং গীত পৰিৱেশন কৰি মন্দিৰত পূজা শেষ কৰা হয়। লোকসকলে হাইদাং গীতৰ লগত সংগত কৰা সঁজুলিবিলাক পূজাৰীৰ বৰঘৰৰ বৰচাঙৰপৰা নমাই আনি মূল মন্দিৰত হাইদাং গীত পৰিৱেশন কৰি পুনৰ যথাস্থানত সঁজুলিসমূহ সজাই থয়। এটা কথা ক’বই লাগিব যে সোণোৱাল কছাৰীসকলে এই বাইথ’ পূজাৰ শেষৰ দিনটোতে প্ৰাণৰ ৰঙালী বা ব’হাগ বিহুৰ হুঁচৰি নমায়। প্ৰসাদ বিতৰণ কৰি বছৰটোলৈ পূজা সামৰণি মাৰে।

লেখক:ৰত্নেশ্বৰ বৰা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate