অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰু পথাৰৰ শিলালিপি

সৰু পথাৰৰ শিলালিপি

ৰাজ্যখনৰ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ আদি অঞ্চলত বিগত প্ৰায় চল্লিশ বছৰতকৈ অধিক কাল ধৰি নানা ধৰণৰ প্ৰত্ন-সামগ্ৰী উদ্ধাৰ হৈ আহিছে। অঞ্চলটোৰ নগাজৰী খনিকৰ গাঁও, ডুবৰনি, আলিছিগা, টেঙানি আদি ঠাইত কেতিয়াবা কৃষিকৰ্মৰ বাবে মাটি খান্দোতে কেতিয়াবা অন্য প্ৰকাৰে ভূ-গৰ্ভৰ পৰা বুৰঞ্জী-পুৰাতত্বৰ ভিন ভিন সমল আৱিষ্কাৰ হৈ থকাটো লক্ষ্য কৰিবলগীয়া বিষয়। সম্পদৰাজিৰ ভিতৰত আছে কিছুসংখ্যক দেৱ-দেৱীৰ মূৰ্তি, খনচেৰেক শৈললেখ আদি। এনে সমলৰাজিৰ উদ্ধাৰৰ পৰা ধাৰণা হয় যে দূৰ অতীতৰ কোনো এসময়ত আলোচ্যমান ভূ-খণ্ডত কোনোবা প্ৰতিপত্তিশালী ৰাজশক্তিয়ে ৰাজ্য শাসন কৰিছিল। আৱিস্কৃত সমলৰাজিৰ উপযুক্ত অধ্যয়ন-গৱেষণাৰ দ্বাৰা তাহানিৰ সেই ৰাজবংশৰ সবিশেষ উদ্ধাৰ কৰাটো বুৰঞ্জীবিদ প্ৰত্ন তত্ত্বানুসন্ধানীসকলৰ দ্বাৰা আদিও সম্ভৱ হৈ উঠাগৈ নাই।

শেহতীয়াভাৱে আৱিস্কৃত এনে এবিধ প্ৰাচীন সম্পদ হ’ল সৰু পথাৰত চলিত বৰ্ষৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত উদ্ধাৰ হোৱা শিলালিপিখন। ‘দৈনিক অসম’ বাতৰি কাকতত ৯ মাৰ্চ তাৰিখে প্ৰকাশিত এটা বাতৰিৰ পৰা বৰ্তমান লেখকে এইখন শিলালিপিৰ বিষয়ে প্ৰথম সংবাদ পায়। নথিবিধ সৰু পথাৰ থানাত সংৰক্ষণ কৰি ৰখাৰ বিষয়েও একেটা বাতৰিয়ে জনাইছিল। শৈললেখখনৰ আলোকচিত্ৰ সংগ্ৰহ কৰি দিয়াৰ বাবে লেখকে তেওঁৰ প্ৰাক্তন ছাত্ৰ, তেজপুৰৰ মাণ্ডলিক বন বিষয়া নাৰায়ণ মহন্তক দায়িত্ব দিয়াত বিষয়াজনে মাত্ৰ দুই-তিনিদিনৰ ভিতৰতে ইন্টাৰনেটযোগে সেই ঠাইৰ আৰক্ষী কৰ্তৃপক্ষৰ জৰিয়তে কেইটামান চিত্ৰৰ যোগান ধৰে। ইয়াৰ পিছত ফলিখনৰ পাঠোদ্ধাৰৰ কামত আত্মনিয়োগ কৰি তাৰ সংৰক্ষণত আগভাগ লোৱা সৰু পথাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক সত্যব্ৰত দত্ত আৰু সৰু পথাৰৰ ৰাজহ চক্ৰ বিষয়া অংকুৰ ভৰালীৰ ভিতৰত প্ৰথমোক্তজনৰ লগত এক নম্বৰ গন্ধকৰৈ গাঁৱৰ কৃষক বাসু ভুমিজে পথাৰত মাটি খান্দোতে শিলৰ ফলিখন উদ্ধাৰ কৰে।

আলোকচিত্ৰ পৰীক্ষা কৰাৰ অন্তত আমি প্ৰাথমিকভাৱে সিদ্ধান্ত কৰোঁ যে শিলালিপিখন প্ৰাচীন অসমৰ অষ্টম-নৱম শতিকাৰ নৃপতি দিগ্লেক বৰ্মাৰ দিনত স্বাক্ষৰিত আৰু ইয়াত ব্যৱহৃত লিপি ব্ৰাহ্মীৰ পূব ভাৰতীয় শৈলী। আমাৰ সিদ্ধান্ত বাতৰি হিচাপে ‘দৈনিক অসম’ ৰ লগতে ৰাজ্যৰ একাংশ সংবাদ পত্ৰত যোৱা ২০ মাৰ্চ তাৰিখে আৰু তাৰ দুই এদিন পিছত প্ৰকাশ হয়।

প্ৰত্নলেখখন কেইদিনমান সৰু পথাৰ থানাত সংৰক্ষণ কৰাৰ পিছত ১৯ মাৰ্চ তাৰিখে ইয়াক ডিব্ৰুগড় জিলা সংগ্ৰহালয়লৈ স্থানান্তৰিত কৰা হয়। ফলিখন নিজে চাই ছাপ, আলোকচিত্ৰ আদি সংগ্ৰহালয়লৈ যাত্ৰা কৰোঁ। সংগ্ৰহালয় বিষয়া সুপ্ৰিয়া ব্ৰহ্ম সিদিনা কাৰ্য্যালয়ত নাথাকিলেও ইতিপূৰ্বে কৰা যোগাযোগ মৰ্মে তেওঁ সংশ্লিষ্ট কৰ্মচাৰীসকলক দি যোৱা নিৰ্দেশ অনুযায়ী তেওঁলোকে প্ৰায় চাৰি ঘন্টা ধৰি আমাৰ ক্ষেত্ৰ অনুসন্ধান কাৰ্য্যত অতি আন্তৰিকতাৰে সহযোগিতা আগবঢ়ায়।

শিলালিপিৰ বহিৰংগ পৰিচয়

লিপি খোদিত শিলটো গোটা। গোটা সজীয়া বুলিও ক’ব পাৰি। ওজন ত্ৰিছ কিলোগ্ৰামৰ ওচৰা উচৰি হ’ব। ইয়াৰ দৈৰ্ঘ ৬২ ছেন্টিমিটাৰ, প্ৰস্থ ২৮ ছেন্টিমিটাৰ। আখৰৰ জোখ প্ৰায় ১.৫ ছেন্টিমিটাৰ। শেষৰ আধাশাৰীকে ধৰি মুঠ অক্ষৰ বাৰশাৰী। সোঁফালৰ এটা অংশ ভাঙি যোৱা বাবে প্ৰথম ছশাৰী অক্ষৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। প্ৰথম শাৰীৰ আধাতকৈ বেছি, দ্বিতীয় শাৰীৰ প্ৰায় আধা, তৃতীয়ৰ চাৰি ভাগৰ এভাগ ইত্যাদি ক্ৰমত পাঠ বিলুপ্ত হোৱা দেখা যায়। লিপি সম্বলিত শিলটো স্থানীয় থানালৈ অনাৰ আগতেই সোঁফালৰ চুকটো হেৰাই যোৱা বুলি জানিব পৰা গৈছে।

কেইবাটাও আলোকচিত্ৰ আৰু ছাপ গ্ৰহণৰ অন্তত দেখা গ’ল-আখৰ বহু পৰিমাণে অস্পষ্ট হোৱা হেতু সৰু পথাৰৰ শিলালিপিৰ পাঠ আয়ত্ত কৰাটো যথেষ্ট কষ্টসাধ্য। অক্ষৰৰাজি ক্ষয়প্ৰাপ্ত হোৱা কিম্বা তক্ষকাৰৰ অদক্ষ হাতৰ বাবে এনেদৰে অস্পষ্ট হৈ পৰা বুলি ধাৰণা কৰিব পৰা নাযায়। আমাৰ বিশ্বাস, গোটা শিলৰ গাত বাৰ শাৰীকৈ অক্ষৰৰ সুদীৰ্ঘ ফলিখন খোদিত কৰি উলিয়াব লগা হোৱা কাৰণেই এনে হ’বলৈ পাইছে। তামৰ পাত বা শিলৰ ফলকৰ কথা বাদেই, পাহাৰৰ গাত থকা শিলৰ বেলিকাও গোটা শিলত লেখাতকৈ ভালেখিনি সুবিধা হয়। বিগত ২০১০ খৃষ্টাব্দৰ এপ্ৰিল মাহত লখিমপুৰ জিলাৰ ভোগপুৰ চাৰিআলিৰ ওচৰৰ পথালি পাহাৰত আৱিস্কৃত, বৰ্তমান লেখকৰ দ্বাৰা প্ৰাথমিকভাৱে পাঠোদ্ধৃত তথা অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত শিলালিপিখনো সদ্যপ্ৰাপ্ত শৈললেখৰ দৰে একেজন দিগ্লেক বৰ্মাৰ দিনত স্বাক্ষৰিত। দুয়োখন ফলি একে ধৰণৰ শিলত কটা আৰু দুয়োখনিৰে অক্ষৰৰ শৈলী প্ৰায় অভিন্ন।

ফলিৰ পাঠ

প্ৰাচীন অসমৰ অধিকাংশ ৰজাদিনীয়া শাসনৰ দৰে সদ্য আৱিস্কৃত শৈললেখৰো আৰম্ভণি সূচিত হৈছে মাংগলিক ‘আঞ্জী’ (√) চিহ্নেৰে। নক’লেও হ’ব, এই চিহ্ন প্ৰয়োগৰ দ্বাৰা এহাতে প্ৰাচীন অসমত প্ৰচলিত শাসনৰ পৰম্পৰা ৰক্ষিত হৈছে। আনহাতে, ই শিলালেখখনলৈ মাংগলিক ভাৱ অনাৰ লগতে ইয়াক পৱিত্ৰতা দান কৰিছে। মূলৰ পাঠত শাৰীবোৰৰ ক্ৰমিক নম্বৰ নাই যদিও ইয়াত পঢ়াৰ সুবিধাৰ্থে প্ৰতি শাৰীৰ আৰম্ভণিতে ক্ৰমৰ নম্বৰ দিয়া হৈছে। একেদৰে বাক্যৰ ক্ৰমিক নম্বৰো দিয়াৰ প্ৰয়োজন বোধ কৰা হৈছিল। পিছে প্ৰথম ছশাৰীত ঘটা পাঠ বিলুপ্তিৰ বাবে সেইটো সম্ভৱ নহ’ল। পাঠ নোহোৱা ঠাইত কটা চিন বা পূৰণ চিন দিয়াৰ উপৰি পঢ়িব নোৱাৰা অংশতো একে চিহ্নৰ প্ৰয়োগ কৰা হৈছে। সন্দেহযুক্ত পাঠৰ ক্ষেত্ৰত প্ৰশ্নবোধক চিহ্নৰ ব্যৱহাৰ কৰাটোৱেই যুক্তিযুক্ত বুলি বিবেচনা কৰিছোঁ। আমাৰ জ্ঞান আৰু অভিজ্ঞতাৰ সীমাবদ্ধতাৰ মাজতো সদ্যহতে ফলিৰ পাঠ তলত দিয়াৰ দৰে নিৰ্ণয় কৰিছোঁ। আশা কৰো বিষয়টোৱে বিজ্ঞসকলৰ মনোযোগ আকৰ্ষণ কৰিব।

১) √ অৰ্কখদ তস্যবগৈ × ত কুলা সম্ভৱাত ভ ××××

২) মুৎপন্নৰাজ্ঞ দিল্লিনৃপেশ্বৰ:। সৰ্বসক্ৰক্ষয়ং কাৰ:জিগীষা ××××

৩) য়:। কৰ্তব্যাক্ৰোশ ×× ধ নৃপধাৰিৰ সকৃত:। তস্য ভাৰ্য্যা বৰ:ভান্ত (?)××××

৪) নৃপ×সদ্যৰম্যকাৰাতহৃৰ্ভসম্ভৱাৰাজ্ঞাজীৱৰাংশ্বনৃপোত্তম:। সৰ্বশক্ৰক্ষয় ××××

৫) ই কা তথাধি (?)(?) শিখৰোনন্দমেব চ (?):জননীখ্যা (?) তি বৈসাগু উভয়ংকুলহৃদয়।।বৈসাগু ××××

৬) সু শ্বকথ্যতে। কুলমুখন্নবিভয়ম্যে (?) দেব্যে×বান্ধব:।আগতংকামৰুৰাজ্ঞদিগ্লেকনৃপ কুক্কয়। ××

৭) থাৰাদ্ভুয়াগতে নৃপলাইকা। অভয়দাতা গোপেনতেন সক্ৰক্ষয়ংকৰ: তননীদীত্য××সংফুয়

৮) তেনভূময়:।।বম্যানকেনতনন×বিশ্বয়তি নাযুশ্বদেব্যক:।কামৰূপ×× ৰ্জ নীদীয়তেবান্ববেতিব

৯) তেনকাৰ্য্য বমিগুপ্যগম্যতেদদ্যমান্বব:। কামৰূদিবিগতেতেননোকুধদিস্বভূময়:।তেনাঅস্বিশ্বভ (?)

১০) সোভমক্ষাপ্যং বৈত্যতেকৃতং জননী মেৰ্কগৰ্ভেনবংচৈদেৱ্যেনবধয়।।দেৱ্যয়াংস্বতথা কীৰ্তিলোক স্য ভাৰতে কৃ

১১) ত। অনেকযুগ ভোগেনলিখিত্বা ××××।। ৰাজ্ঞমাতুলজদ্যশনিব×তেবকমোদৰ×

১২) দাতা×××× নলসেৱক নৃপতে সম:।।

ইতিহাসৰ ৰূপৰেখাত সৰুপথাৰৰ শিলালিপি

শিলালিপিখনৰ পাঠোদ্ধাৰ আৰম্ভ কৰিয়েই বৰ্তমান লেখকে একাংশ সংবাদ পত্ৰত এই দলিল পুৰাকালীন অসমৰ নৃপতি দিগ্লেক বৰ্মাৰ দিনত খোদিত বুলি ধাৰণা কৰাৰ বিষয়ে ইতিপূৰ্বে ইংগিত দি অহা হৈছে। ৰাজ্য শাসকৰূপে দিগ্লেক বৰ্মাৰ নাম অল্পশ্ৰুত হ’লেও অশ্ৰুতপূৰ্ব নহয়। একেখন গোলাঘাট জিলাৰ দেওপানীত আৱিস্কৃত তথা অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত হৰিহৰৰ মূৰ্তিসম্বলিত শিলাখণ্ড দুটাৰ সৰুটোত থকা তিনিশৰীয়া লিপিত দিগ্লেক বৰ্মা নমৰ নৃপালৰ নাম পোৱাৰ উপৰি ২০১০ চনৰ এপ্ৰিল মাহত উদ্ধাৰ হোৱা পথালি পাহাৰ শিলালিপিত একেজন ৰজাৰ নাম খোদিত থকাটো উল্লেখযোগ্য। দুয়োখন শাসনৰ পাঠত দৃষ্টিগোচৰ হোৱা ‘দিগ্লেখ’ আৰু ‘দিগ্লেক’ নামৰ ‘খ’ আৰু ‘ক’ অক্ষৰৰ ভিন্নতা বিশেষ গুৰুত্বপূৰ্ণ কথা নহয়। পথালি পাহাৰৰ শিলালিপিত এইজন নৃপতিৰ নাম ১০/১১ বাৰকৈ লিপিবদ্ধ হোৱাটো বিশেষভাৱে প্ৰণিধানযোগ্য।

গতিকে পথালি পাহাৰ শিলালিপি, হৰিহৰৰ মূৰ্তি লিপি আৰু সদ্যপ্ৰাপ্ত সৰু পথাৰ শিলালিপিৰ আখৰৰ পাৰস্পৰিক সাদৃশ্যৰ প্ৰতি লক্ষ্য ৰাখি তিনিওখন শাসনৰ স্বাক্ষৰকাৰী ‘দিগ্লেক’ বা ‘দিগ্লেখ’ নামৰ ‘ক’ আৰু ‘খ’ অক্ষৰৰ ভিন্নতা বিশেষ গুৰুত্বপূৰ্ণ কথা নহয়। পথালি পাহাৰৰ শিলালিপিত এইজন নৃপতিৰ নাম ১০/১১ বাৰকৈ লিপিবদ্ধ হোৱাকৈ বিশেষভাৱে প্ৰণিধানযোগ্য।

গতিকে পথালি পাহাৰ শিলালিপি, হৰিহৰৰ মূৰ্তি লিপি আৰু সদ্যপ্ৰাপ্ত সৰু পথাৰ শিলালিপিৰ আখৰৰ পাৰস্পৰিক সাদৃশ্যৰ প্ৰতি লক্ষ্য ৰাখি তিনিওখন শাসনৰ স্বাক্ষৰকাৰী ‘দিগ্লেক’ বা ‘দিগ্লেখ’ বৰ্মা একেজন শাসনকৰ্তা বুলি আমি বিশ্বাস কৰোঁ।

ইয়াৰ পিছত স্বাভাৱিকতে আহি পৰে শাসনত থকা ৰজাজনৰ সময় নিৰূপণৰ প্ৰশ্নটো। এইজনা ৰজা অল্পশ্ৰুত বুলি ইতিপূৰ্বে ইংগিত দি অহা গৈছে। প্ৰাচীন অসমৰ কৰ্তৃত্বসম্পন্ন বুৰঞ্জীসমূহৰ মাত্ৰ দুই এখনতহে এওঁৰ নাম দেখিবলৈ পোৱা যায়। প্ৰেমধৰ চৌধুৰীয়ে পাঠোদ্ধাৰ কৰাৰ উপৰি উক্ত হৰিহৰ মূৰ্তিত খোদিত ‘দিগ্লেখ বৰ্মা’ৰ সময় খৃষ্টীয় অষ্টম শতিকা বুলি ড০ প্ৰতাপ চন্দ্ৰ চৌধুৰীয়ে যুক্তি দাঙি ধৰিছে। আনহাতে, বিশ্ববৰেণ্য লিপিতত্ত্ববিদ অধ্যাপক দীনেশ চন্দ্ৰ সৰকাৰে এওঁৰ সময় খৃষ্টীয় নৱম শতিকাৰূপে ঠাৱৰ কৰাটো মন কৰিবলগীয়া। তদুপৰি সৰকাৰে দিগ্লেখ বৰ্মাক শালস্তম্ভ বংশীয় কোনোবা নৃপতিৰ সমসাময়িক কোনো শাসনকৰ্তাৰূপে চিনাক্ত কৰিছে।

তেজপুৰৰ পৰা পশ্চিমে নাতিদূৰত ব্ৰহ্মপুত্ৰৰ পানী যুঁৱলিত অৱস্থিত শালস্তম্ভ বংশৰ পৰাক্ৰমী ৰজা হৰ্জৰ বৰ্মা (৮১৫-৮৩২)ৰ ন-শৰীয়া শিলালিপিখনৰ অক্ষৰশৈলীৰ লগত বৰ্তমান নথিৰ সাদৃশ্যলৈ লক্ষ্য কৰি সদ্য প্ৰাপ্ত শাসনৰ ৰজাজন খৃষ্টীয় অষ্টম কিম্বা নৱম শতিকাৰ বুলি নিশ্চিতভাৱে ক’ব পৰা যায়। অকল হৰ্জৰ বৰ্মাৰ শৈললেখেই নহয়, সমসাময়িক আন একাধিক শাসনকৰ্তাৰ নথিৰ লগত সৰুপথাৰ শিলালিপিৰ অক্ষৰৰ মিল চকুত লগা।

দিগ্লেক বৰ্মা নৃপতিৰ ৰাজত্বকাল সম্পৰ্কে ধাৰণা প্ৰকাশ কৰাৰ পিছত আহি পৰে তেওঁৰ ৰাজ্যৰ অৱস্থানৰ বিষয়টো। সৰুপথাৰ শিলালিপিৰ বৰ্তমান থকা অংশতো ‘দিল্লি নৃপেশ্বৰ’ শব্দদ্বয় পোৱা গৈছে। একেজন শাসকৰ পথালি পাহাৰ শৈললেখত একেটা শব্দ সামান্য বেলেগ বানানেৰে অৰ্থাৎ ‘দিল্যি দিধিৰ্গতা’ আদি শব্দৰ উল্লেখ পাওঁ। একেজন ৰজাৰ দুখনকৈ শাসনত ‘দিল্যি’ বা ‘দিল্লি’ নামৰ ব্যৱহাৰে স্বাভাৱিকতে আমাৰ মনলৈ আনে ডিব্ৰুগড় জিলাৰ নামৰূপৰ ওচৰৰ ‘দিল্লী’ নামাংকিত অঞ্চলটোৰ কথা। ব্ৰহ্মপুত্ৰৰ শক্তিশালী উপনৈ বুঢ়া দিহিঙৰ এটা ঘাটৰ নাম ‘দিল্লীঘাট’। আনহাতে, একে অঞ্চলত আছে ‘দিল্লী’ নামাংকিত চাহ বাগিচা। এনে নামবিলাকৰ পৰা প্ৰাচীন কালত একে নামৰ ৰাজ্য এখন থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। অতীতত ‘দিল্লি’ বা ‘দিল্যি’ নামৰ ৰাজ্য থকাৰ প্ৰমাণ পালে উক্ত দিগ্লেক বৰ্মাৰ লগত এই ঠাইৰ যোগসূত্ৰ স্থাপন কৰাটো সহজ হ’ব। তেতিয়া হয়তো বৰপথাৰ, সৰুপথাৰ আদি ঠাইৰ লগত ভৌগোলিকভাৱে কিছু দূৰত অৱস্থিত নামৰূপ অঞ্চলৰ ‘দিল্লি’ বা ‘দিল্যি’ নামৰ ঠাইৰো সম্পৰ্ক থকা-নথকাৰ বিষয়ে জানিব পৰা যাব।

তিনিও শাসন খোদিত ‘দিগ্লেখ’ বা ‘দিগ্লেক’ বৰ্মণৰ পৰিচয় প্ৰদানত আন এটা দিশ বিবেচনাৰ যোগ্য। দেওপানীৰ মূৰ্তিলিপিত থকা ‘মহাৰাজাধিৰাজ’ বিশেষণ, পথালি পাহাৰত আৱিস্কৃত শিলালেখৰ দৰে সদ্যপ্ৰাপ্ত ফলিতো অনুপস্থিত। এই প্ৰসংগটো ৰজাজনৰ ৰাজ্য শাসনৰ এটা পৰ্য্যায়ৰ দ্যোতক হোৱাটো অসম্ভৱ নহয়। অধ্যয়ন-অনুসন্ধানৰ বলত ইয়াৰ উত্তৰ পোৱা যাব বুলি আমি আশাবাদী।

সৰুপথাৰ শিলালেখৰ লিপি আৰু ভাষা

দলিলখনৰ লিপিৰ সম্পৰ্কত বৰ্তমান নিবন্ধকাৰৰ সিদ্ধান্ত হ’ল ই ব্ৰাহ্মীলিপিৰ পূব ভাৰতীয় শৈলী প্ৰাচীন কামৰূপী লিপিত খোদিত। তৎকালীন আন ভালেকেইখন পুৰালেখে এই ধাৰণাৰ প্ৰতি সমৰ্থন জনায়।

ভাষাৰ ক্ষেত্ৰত সৰু পথাৰ শিলালিপি সংস্কৃত গদ্যত ৰচিত বুলি আমি সন্দেহমুক্ত। অৱশ্যে ফলিখনত ‘শিষ্ট’ সংস্কৃত ভাষাত নথকা ভালেমান শব্দৰ প্ৰয়োগ দেখা যায়। পিছে প্ৰাচীনকালৰ বহুতো সংস্কৃত ৰচনাত এনে অৰ্থহীন শব্দ প্ৰয়োগৰ বিষয়ে এই ভাষা চৰ্চাকাৰীসকল অৱগত। উদাহৰণস্বৰূপে, পুৰাকালীন অসমৰ শাসনাৱলীৰ প্ৰথম সংকলিত ৰূপ, পদ্মনাথ ভট্টাচাৰ্য্য সম্পাদিত ‘কামৰূপ শাসনাৱলী’ (১৩৩৮ সাল)ত অন্তৰ্ভুক্ত নথিসমূহলৈ আঙুলিয়াব পাৰি। দলিলখনিৰ পাঠৰ মাজত থকা ‘অসংস্কৃত’ বা ‘অশিষ্ট’ শব্দবোৰ শুধৰাবলৈ গৈ বৰেণ্য পণ্ডিত পদ্মনাথ ভট্টাচাৰ্য্যৰ যশস্বী গৱেষক ড০ বেণী মাধৱ বৰুৱা, সূক্ষ্মদৰ্শী সমালোচিত হোৱা নাই। এইসকল বিজ্ঞ লোকৰ ধাৰণা-এনে শব্দৰাজিৰ মাজতে তৎকালীন বিকাশোন্মুখ কামৰূপী প্ৰাকৃতৰ নিদৰ্শন সোমাই আছে। সৰু পথাৰ শিলালিপিৰ পাঠোদ্ধাৰ সম্পূৰ্ণ হৈ উঠিলে এনে সকলো সংশয়ৰ নিৰাকৰণ হ’ব বুলি আশা কৰাৰ স্থল আছে।

সামৰণি

শিলালিপিখনৰ আলোকচিত্ৰ সংগ্ৰহৰ পৰা পাঠোদ্ধাৰ কাৰ্য্যলৈকে সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰথমোক্ত চাৰিজন ব্যক্তিৰ উপৰি আন কেইবাজনো আমালৈ বিভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়াইছে। এই লোকসকল হৈছে অধ্যাপক উপেন্দ্ৰ নাথ শৰ্মা, অধ্যাপক ৰত্নকান্ত শইকীয়া, হৰেকৃষ্ণ গোস্বামী, মোহন গোস্বামী, যোগেশ ভট্টাচাৰ্য্য আৰু ৰাণা প্ৰসাদ ফুকন। আটায়ে আমাৰ কৃতজ্ঞতাৰ পাত্ৰ।

লেখক: ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate