প্ৰচলিত জনবিশ্বাস মতে-পদঙস্কু নামৰ এজন ৰজাই তেওঁৰ ৰাজত্বৰ সময়ত হয়গ্ৰীৱ মাধৱ মন্দিৰসহ সমগ্ৰ হাজো নগৰ নিজৰ তলতীয়া কৰে। সময়ৰ বিৱৰ্তনত হাজো ৰাজ্যৰ পতন হোৱাৰ পৰিপ্ৰেক্ষিতত বাৰ হেজাৰ লোকে গাৰো পাহাৰৰ হাজাৰি অঞ্চলত থিতাপি লয় আৰু এই লোকসকলেই হাজং নামেৰে পৰিচিত হয়।
স্বকীয় সমাজ আৰু বৈশিষ্ট্যপূৰ্ণ ৰীতি-নীতিৰে অসমত অতীজৰে পৰা শান্তিপূৰ্ণভাৱে বসবাস কৰি অহা অন্য এক জনগোষ্ঠী হ’ল হাজং। মূলত: মেঘালয়ৰ গাৰো পাহাৰৰ উপৰি পৰৱৰ্তী সময়ত অসমৰ উত্তৰ পাৰৰ বিশেষত: গোৱালপাৰা, কামৰূপ আৰু দৰং জিলালৈ প্ৰব্ৰজন ঘটা এই হাজংসকল নৃগোষ্ঠীয় প্ৰকাৰত মংগোলীয় শ্ৰেণীৰ লোক। গাৰো ভাষাত ‘হা’ মানে মাটি আৰু ‘জং’ মানে পোক। অৰ্থাৎ মাটিত থকা পোক। গাৰোসকলে পাহাৰৰ ওপৰত বাস কৰাৰ পৰিৱৰ্তে হাজংসকলে নামনিত মাটিৰ পোকৰ দৰে বাস কৰাৰ বাবেই এওঁলোকক গাৰোসকলে হাজং আখ্যা দিছিল। অৱশ্যে অন্য এক প্ৰচলিত জনবিশ্বাস মতে- পদঙস্কু নামৰ এজন ৰজাই তেওঁৰ ৰাজত্বৰ সময়ত হয়গ্ৰীৱ মাধৱ মন্দিৰসহ সমগ্ৰ হাজো নগৰ নিজৰ তলতীয়া কৰে। সময়ৰ বিৱৰ্তনত হাজো ৰাজ্যৰ পতন হোৱাৰ পৰিপ্ৰেক্ষিতত বাৰ হেজাৰ লোকে গাৰো পাহাৰ হাজাৰি অঞ্চলত থিতাপি লয় আৰু এই লোকসকলেই হাজং নামেৰে পৰিচিত। কৃষিকেই জীৱন চৰ্য্যাৰ আহিলা হিচাপে গ্ৰহণ কৰি অহা হাজংসকলৰ মাছত ছটা গোত্ৰ আছে। সেইকেইটা হ’ল ক্ৰমে-হাৰং পাৰিয়া, ভোজনী পাৰিয়া, মাণিক পাৰিয়া, টেপৰ পাৰিয়া, শতদল পাৰিয়া আৰু মাঞ্জি পাৰিয়া।
অন্যান্য জনজাতিৰ মানুহৰ লেখীয়াকৈ হাজং জনগোষ্ঠীৰ লোকসকলেও সন্তানৰ জন্ম আৰু মানুহৰ মৃত্যুৰ বেলিকা কেতবোৰ আচাৰ-নীতি পালন কৰে। সন্তান জন্মৰ পিছত সন্তান আৰু মাতৃৰ নাভি পৃথকীকৰণৰ বাবে বাঁহৰ চোঁচেৰে নাভি কটা, এক শুভদিনত সন্তানৰ নামকৰণ কৰা আদি নৈমিত্তিক আচাৰ পালন কৰাৰ উপৰি পুৰোহিত বা শ্ৰেষ্ঠজনে সন্তানৰ কাণত এফাকি মন্ত্ৰ গুণগুণাই হাজং সমাজৰ অন্তৰ্ভূক্ত কৰি লোৱা নিয়ম অদ্যাপি প্ৰচলিত হৈ আহিছে। তদুপৰি সদ্যোজাত সন্তানটিৰ মংগলৰ নিমিত্তে আঠীয়া কল আৰু ভজা চাউলেৰে ‘শেওৰা’ গছক পূজা কৰা নীতিও আছে। একেদৰে মৃত্যু সম্বন্ধীয় লোকবিশ্বাসসমূহৰ ভিতৰত-মৃতকৰ শ্ৰাদ্ধাদি কৰা, পৰিয়ালৰ লোকে লঘোনে থকা, পিতৃ-মাতৃৰ মৃত্যুৰ পিছত মূৰ খুৰোৱা আৰু উদ্ধাৰৰ বাবে ৰাইজক ভোজ-ভাত খুওৱা নিয়ম প্ৰচলিত হৈ আছে। উল্লেখ্য যে হাজং জনগোষ্ঠীৰ লোকসকলৰ মৃতদেহ সৎকাৰ (পোৰা নিয়ম) কৰাৰ লগতে অস্থি অনা নিয়মো অছে। আনহাতে, মৃতকৰ প্ৰেতাত্মাই যাতে ভয় খুৱাব অথবা একো অনিষ্ট কৰিব নোৱাৰে, তাৰ বাবে চোতালত এখন ‘দা’ পুতিও বহুতে থয়। হাজংসকলে তেৰ দিনত মৃতকৰ শ্ৰাদ্ধ পাতে আৰু শ্ৰাদ্ধৰ আগদিনা মৃতকৰ প্ৰেতাত্মাৰ উদ্দেশ্যে মাটিৰ পাত্ৰত ভাত ৰান্ধি আগবঢ়োৱা হয়।
হাজং জনগোষ্ঠীৰ পুৰুষসকলে সাধাৰণতে সাজ-পাৰ হিচাপে গামোচা আৰু গেঞ্জী পৰিধান কৰে। আনহাতে, তিৰোতাসকলে নিজ হাতে বোৱা গাঁৰিয়লি মেঠনি (হাজং ভাষাত পাতানি), কঁকালত টঙালি (কমাৰ বান্ধ) গাত চাদৰ (পাছৰা/আগ্ৰুণ), নাকত নাকফুল (নাকাপুতি), কাণত কাণফুল, বাহুত কাটাবাজু আৰু আঙুলিত আঙঠি পিন্ধে। পুৰুষে গামোচাৰে আঁঠুমূৰীয়া চুৰিয়া (নিৱাচ), ডিঙিত ফুলাম গলবস্ত্ৰ (কামপেছ) পিন্ধে। উল্লেখ্য যে তিৰোতাৰ তুলনাত পুৰুষসকলৰ সাজ-পাৰ তেনেই কম আৰু বেছিভাগ সময়ত চুৰিয়াখনৰ বাদে বাকী উদং গাৰেই থকা দেখা যায়। বিবাহৰ ক্ষেত্ৰত হাজংসকলৰ এক সুকীয়া আৰু আড়ম্বৰপূৰ্ণ বৈশিষ্ট্য পৰিলক্ষিত হয়। অন্যান্য জনগোষ্ঠীৰ দৰেই বিবাহ মণ্ডপত কলৰ পুলি পোতা হয়। জোৰোণ দিয়া প্ৰথাও হাজংসকলৰ মাজত আছে। ‘পানচিনি’ বা ‘গুৱাখোৱা’ নামেৰে জনাজাত এই জোৰোণ দিয়া প্ৰথাত সাধাৰণতে কাপোৰ, অলংকাৰ, তেল, সেন্দুৰ, তামোল-পাণ আদি দিয়া নিয়ম। কইনাক গা ধুওৱা, পানী তোলা আদি নৈমিত্তিক কাৰ্য কৰা হাজং সমাজৰ বিয়াত প্ৰচলিত আছে। হাজংসকলে দৰাক ‘দামাদ’ বা ‘নয়া’ জাঙম’ বোলে আৰু বিয়াৰ দিনা দৰা বা কইনাৰ লগত যোৱা যাত্ৰীসকলক ‘ভৰালী’ বোলা হয়। দৰাই ক্ষত্ৰিয় নিয়মমতে তৰোৱাল লোৱা দেখা যায়। একেদৰে দৰাই কইনাক গা ধন দিয়া নিয়মো প্ৰচলিত আছে। ইয়াক ‘খাল্টি’ বোলা হয়। ফুলশয্যাৰ নিশা যাপন কৰা ঘৰটিক ‘জৰাঘৰ’ বা ‘খোপৰাঘৰ’ নামেৰে জনা যায়। হাজংসকলে সাধাৰণতে দুদিন বিয়া অনুষ্ঠিত কৰে। প্ৰথমদিনা ভৰ বিয়া আৰু পিছৰ দিনা বাহী বিয়া। বাহী বিয়াৰ দিনাই নিমন্ত্ৰিতসকলক খুওৱা হয়। বিবাহ উৎসৱত বিয়ানামৰ উপৰি গীতলু গাহান গোৱা হয়। ৰীতি-নীতি মতে প্ৰচলিত বিয়াৰ উপৰি হাজং সমাজত গোপন বা পলুৱাই নিয়া বিবাহৰো প্ৰচলন আছে।
সংস্কৃতিপ্ৰাণ জাতি হিচাপে পৰিচিত হাজংসকলৰ মাজতো অনেক উৎসৱ-পাৰ্বণৰ লগতে পূজা-পাতলৰো প্ৰচলন আছে। মূলত: কৃষিজীৱি হাজংসকলে বাঁহ পূজা, কাতি পূজা, বাস্তু পূজা, পাচানী পূজা, যাত্ৰা পূজা, ভুইমাগা, চৰমাগা, যুবোমাগা আৰু কানিদেও পূজা পালন কৰে। হাজংসকলে এডাল বাঁহক শিৱ আৰু আন এডালক পাৰ্বতী জ্ঞান কৰি বাঁহ পূজা অনুষ্ঠিত কৰে। এই বাঁহ পূজা তিনিদিন পৰ্য্যন্ত চলে। এই সময়ছোৱাত গাঁৱৰ ডেকা-গাভৰুৱে চোঁৱৰ লগোৱা বাঁহ ঘৰে ঘৰে নচুৱাই ফুৰে। প্ৰণিধানযোগ্য যে হাজংসকলৰ কাতি পূজা মূলত: নাৰীপ্ৰধান; এই পূজাত গোটেই নিশা কাতি বা কাতকা গান গোৱা হয়। একেদৰে ব’হাগ মাহত বাস্তু দেৱতাৰ পূজা, শাৰদীয় দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা যাত্ৰা পূজা আৰু ভুইমাগা অনুষ্ঠান পৰিৱেশন কৰে। শাক্তধৰ্মী হাজংসকলে পদ্মা বা মনসাৰ পূজাকে কানিদেও পূজা হিচাপে সূচিত কৰে। আকৌ কালী পূজাৰ দুই-তিনিদিন পূৰ্বে চৰমাগা উৎসৱ অনুষ্ঠিত কৰে। তদুপৰি হাজংসকলে বিহু, অম্বুবাচী, মহ খেদা আদি উৎসৱো পালন কৰে। হাজংসকলে ব’হাগ বিহুক ‘সঙৰাণী’ কাতি বিহুক ‘কাতিগাছা’ আৰু মাঘ বিহুক ‘পুষণা’ বুলি অভিহিত কৰে। উল্লেখ্য যে হাজংসকলৰ মাজত অপদেৱতা বা দেৱীক পূজা-পাতল দিয়াৰ ব্যৱস্থাও আছে। ল’ৰা ছোৱালীয়ে কান্দি কাতি থাকিলে এযোৰ কুকুৰা দি গংশদেওক পূজা কৰে। একেদৰে তীব্ৰ জ্বৰ হ’লে কুকুৰা আগবঢ়াই চুকধাপ দেওক পূজা কৰে। আনহাতে, খৰাং বতৰ কিম্বা অনাবৃষ্টিৰ পৰিপ্ৰেক্ষিতত হুদুম বা হক দেৱতাৰ পূজা কৰা হয়।
হাজংসকলৰ আটাইতকৈ জনপ্ৰিয় লোকানুষ্ঠান হ’ল-লোবাটনা। ইয়াৰ বাহিৰেও ৰোৱালাগা, জাকৈমৰা আদিও উল্লেখযোগ্য। লোৱাটনা নৃত্যত ডেকা-গাভৰু দুটা দলত বিভক্ত হৈ লতাত ধৰি টনা-টনি কৰে। অৱশ্যে এই নৃত্যত প্ৰকৃত লতাৰ উপস্থাপন অবিহনে হাতত ধৰাধৰিকৈ টনা কাৰ্য্যৰ প্ৰতিকী ৰূপ প্ৰদৰ্শিত হয়। সেই অৰ্থতে লোৱাটনা মূলত: প্ৰতীকী নৃত্য। জীৱন আৰু জীৱিকাৰ তাড়নাত হাজংসকলে কাঁইটীয়া লতাৰ জোঁট-পোট আঁতৰোৱাৰ প্ৰচেষ্টাত যি নৃত্য-গীতৰ সৃষ্টি হৈছিল, এয়া মূলত: শ্ৰমজীৱি তথা শ্ৰমৰ গোন্ধ নিহিত থকা নৃত্য-গীত। লোৱাটনা নৃত্যত পৰিৱেশত গীতবোৰ সাধাৰণতে প্ৰেমগন্ধীমূলক। নৃত্য-গীতত গাভৰুসকলে এনেদৰে গায়-‘লিংলিকা গাছতে উৰা মৌ লাগিছে দাদা মগে পাৰি দেনা খাং।’ প্ৰত্যুত্তৰত ডেকাসকলে গায়- ‘ধৰিবাকো ডাল নাই, উঠিবাকো লেৱা নাই, লেৱা ছাৰা পাৰিবা নাপায়’। লোৱাটনা নৃত্যত ঢাকি, পেঁপা আদি বাদ্য বজোৱা হয়। হাতত ৰুমাল লৈ জাতীয় বাদ্য আৰু স্বকীয় সাজ-পাৰেৰে সুসজ্জিতা হৈ প্ৰদৰ্শন কৰা এই লোৱাটনা নৃত্য সঁচাই মনোৰম। প্ৰণিধানযোগ্য যে হাজংসকলে কানিদেও পূজাত পৰিৱেশন কৰা গীতলুগাহান আৰু কালী দেমেনা গান অন্য এক জনপ্ৰিয় লোকনাট্যধৰ্মী অনুষ্ঠান। অৱশ্যে হাজংসকলৰ মাজত নিচুকনি গীত, বিয়াগীত, সাধু-সাঁথৰ, প্ৰবাদ-প্ৰবচনৰো প্ৰচলন আছে। কৃষিজীৱি হাজংসকলে ভাতৰ উপৰি খাদ্য প্ৰকৰণৰ তালিকাত গাহৰি আৰু কুকুৰাৰ মঙহৰ লগতে মদো সেৱন কৰে। অন্যান্য সম্প্ৰদায়ৰ লোকৰ দৰেই হাজংসকলৰ মাজতো দৈ, পিঠাৰ প্ৰচলন আছে। নিজ হাতেৰে তৈয়াৰ কৰা এনে পিঠা প্ৰকৰণবোৰ আলহী-অতিথিৰ লগতে প্ৰতিবেশীক খুৱাই অপাৰ আনন্দ তথা সন্তুষ্টি লাভ কৰে শান্তিপ্ৰিয় এই জনগোষ্ঠীটোৱে। অৱশ্যে এই কথাও ঠিক যে সময়ৰ বিৱৰ্তনত আধুনিকতাৰ পৰশত হাজং জনগোষ্ঠীৰ লোকসকলে কিছু পৰিমাণে পুৰণি আচাৰ-নীতিক বিসৰ্জন দি নতুনক স্বাগতম জনোৱা পৰিলক্ষিত হৈছে। এয়া অৱশ্যে সংস্কৃতিৰ সমাহৰণ বুলিয়েই ক’ব লাগিব।
লিখক: চন্দ্ৰ চহৰীয়া, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/18/2020