অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰঙালী বিহু আৰু সাত শাক তোলা পৰম্পৰা

ৰঙালী বিহু আৰু সাত শাক তোলা পৰম্পৰা

গোটেই বিশ্বজুৰি বিভিন্ন দেশত ভিন্ন নামেৰে কৃষিভিত্তিক উৎসৱ প্ৰচলিত আছে। আমাৰ চুবুৰীয়া ৰাজ্য তামিলনাডুৰ পোংগল বা পঞ্জাৱৰ বৈশাখীও এনে প্ৰকাৰৰ কৃষিভিত্তিক উৎসৱ। অসমীয়াৰ বিহুও মূলত: কৃষিভিত্তিক উৎসৱ। ঋতুভেদে কৃষিৰ তিনিটা স্তৰৰ ভিত্তিত কাতি বিহু বা কঙালী, মাঘ বিহু বা ভোগালী আৰু ব’হাগ বিহু বা ৰঙালী বিহুৰ উৎপত্তি। ইয়াৰ সতে কৃষক সমাজৰ আৰ্থ-সামাজিক আৰু ধৰ্মীয় দিশটোও সাঙোৰ খাই আছে। বিহু কৃষি প্ৰধান সমাজ অসমীয়াৰ মজ্জাগত সংস্কৃতি, কাজেই অক্ষয় আয়ুস ৰেখা। বিহুৰ সতে নৃত্য-গীত সাঙোৰ খাই পৰিছিল সম্ভাৱনাপূৰ্ণ ডেকা-গাভৰুৰ নাচ-গানে পৃথিৱীক উৰ্বৰা কৰে বুলি থকা ধাৰণাৰ বাবে। যৌৱনৰ সসম্ভ্ৰম স্তুতি বুলিয়েই ৰঙালী বিহুৰ ৰঙেৰে উপচি পৰে অসমীয়াৰ হৃদয়-মন। ব’হাগ মানেই আমাৰ অতিকৈ আপোন, বাপতি সাহোন ৰঙালী বিহু আৰু ৰঙালী বিহু মানেই প্ৰকৃতিত পীৰিতিৰ হিয়া-দিয়া-নিয়া। বহুদিন ধৰি খৰাং তথা শীতৰ প্ৰকোপত জোপোকা মাৰি থকা গছ-গছনিবোৰৰ গাত আকাশখনে মেঘৰ বুকুত সাঁচি ৰখা বৰষুণবোৰ ছটিয়াই দি প্ৰাণ সঞ্চাৰ কৰে। তৃষ্ণাতুৰ ধৰিত্ৰী জীপাল হৈ পৰে। গছ-লতিকাবোৰে নতুন সাজেৰে সাজি-কাচি মনোমোহা হৈ বিহুক আদৰিবলৈ ব্যাকুল হৈ পৰাৰ দৰে বিহুৱা ডেকাহঁতেও চেনাইৰ খোপাত এপাহ কপৌ ফুল গুঁজি দিবলৈ মতলীয়া হৈ পৰে। তদুপৰি বিভিন্ন ৰঙৰ পলাশ, মদাৰ, তগৰ, কাঞ্চন, কেতেকী, কপৌফুলে চৌদিশে সুমধুৰ সুবাস বিলাই দিয়াৰ লগতে কুলি, কেতেকী, বিহুৱতী চৰাইবোৰৰ সুমধুৰ সংগীতেও বিহুক অধিক প্ৰাণবন্ত কৰি তোলে। ৰঙালীৰ সাতবিহুৰ প্ৰথম দিনা গৰু বিহু। সেইদিনা গৰুক মাহ-হালধিৰে গা ধুৱাই গৰুৰ কুশল কামনা কৰা হয়। দ্বিতীয় দিনা মানুহ বিহু। সিদিনাখন মাহ-হালধি গাত সানি গা ধুই বিহুৱান লোৱা হয়। তৃতীয় দিনা নামঘৰত ধূপ-ধূনা জ্বলাই গোসাঁইক বা ভগৱানক সেৱা কৰা হয় বাবে সিদিনা গোসাঁই বিহু। চতুৰ্থ দিনা মেলা বিহু। সিদিনা বজাৰৰ দৰে কোনো স্থানত বস্তুৰ আদান-প্ৰদান কৰা হয়। পঞ্চম দিনা বোৱাৰীসকলে ৰংৰহইচ কৰে বাবে চেনেহী বিহু। গাভৰুহঁতৰ ৰং-ৰহইচক লৈ ষষ্ঠদিনাৰ বিহু ৰঙালী বিহু। সপ্তম তথা অন্তিম দিনাৰ বিহুৰ নাম চেৰা বিহু।  চেৰা বিহুৰ দিনা বিহু উৰুৱাই বিদায় দিয়া হয়। নামনিৰ ফালে সাতবিহুৰ দিনা সাতশাক তোলা পৰম্পৰা আছে। গাঁৱৰ জীয়ৰী-বোৱাৰীহঁতে মিলি সাতশাক তোলে। বাংলাদেশৰ চিলহেট জিলাৰ লোকসকলৰো বিহুৰ সংক্ৰান্তিৰ দিনা আঠবিধ শাক খোৱাৰ পৰম্পৰা এটা আছে। নামনি অসমত সম্ভৱত: সেই পৰম্পৰাই বিহুৰ সতে সাঙোৰ খাই পৰিল। নামনি অসমত ৰঙালীৰ সাত বিহুৰ দিনাখন সাতশাক তোলা প্ৰথা এটা আছিল। গাঁৱৰ জীয়ৰী-বোৱাৰীহঁতে এক গোট হৈ হাতে হাতে চালনী-খৰাহী লৈ বাৰী বা পথাৰত শাক তুলিবলৈ যায়। কমপক্ষেও সাতবিধমান শাক তুলি আনি সেই শাকৰ মিশ্ৰণ ভাজি দুপৰীয়া ভাতৰ লগত আটায়ে খোৱাটো এটা পৰম্পৰা আছিল।উজনি অসমত কিন্তু গৰু বিহুৰ দিনাখনেই এশ এবিধ বনশাক খোৱাৰ প্ৰথা এটা আছিল। যুগৰ পৰিৱৰ্তনেই হওক বা আধুনিকতাৰ স্পৰ্শতেই হওক নামনি বা উজনি অসমৰ দুই এঠাইত এনে প্ৰথা প্ৰচলিত হৈ থকা বুলি ধৰিলেও সামূহিক অৰ্থত এনে প্ৰথা বিলুপ্তিৰ পথত বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। অত্যাধিক মাত্ৰাত সাৰ প্ৰয়োগ কৰি কৰা বা হাইব্ৰীড জাতীয় লাই, পালেং, চুকা, সৰিয়হ বা মূলা শাক আদি খাই অভ্যস্ত হৈ পৰা আমিবোৰে থলুৱাভাৱে নিজে উৎপন্ন হোৱা ঔষধিযুক্ত তথা উচ্চ গুণগতমান সম্পন্ন মানিমুনি, নৰসিংহ, কলমৌ, ভেদাইলতা, ব্ৰাহ্মী, মচন্দৰী, খুতুৰা, পদিনা, পনৌনোৱা, ঢেঁকীয়া, হেলচী, মাটি কাদুৰি, টেঙেচী, জিলমিল, বাবৰি, টেঙামৰা, তিতামৰা, মিঠামৰা, গাখীৰতী বন, মেথি, শতমূল, পচতীয়া, কেঁহৰাজ, ধেতাই তিতা, পানী মেটেকা, বনঘট, শুকলতি আদি শাকৰ কথা পাহৰি পেলাইছোঁ। বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি এই শাক তোলা বা খোৱা প্ৰথাটো বিশ্লেষণ কৰা যায় তেনেহ’লে আমি দেখিম যে বহুদিন খৰাঙৰ কবলত থকা পৃথিৱীৰ বুকুলৈ ব’হাগ মাহৰ আগে আগে বৰষুণ নামি আহে আৰু ধৰিত্ৰীৰ বুকু জীপাল হৈ পৰে। গতিকে খৰাঙৰ নৃশংসতাত ম্ৰিয়মাণ হৈ থকা গছ-লতিকাবোৰ বৰষুণৰ মমতাত প্ৰাণ পাই সজীৱ হৈ পৰে। স্বাভাৱিকতে এই সময়ৰ শাক-পাচলিবোৰত মানুহৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় প্ৰ’টিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়। এজন সাবালক ভাৰতীয় পুৰুষৰ অনুমোদিত দৈনিক আহাৰত সেউজীয়া শাক-পাতৰ অনুমোদিত পৰিমাণ হৈছে ৪০ গ্ৰাম। ভিটামিন আৰু খনিজ দ্ৰব্য দাতা হিচাপে সেউজীয়া শাক-পাত বেছি সহজলভ্য। কিন্তু দুৰ্ভাগ্যৰ বিষয় আমাৰ দৈনন্দিন খাদ্য তালিকাত এই পৰিমাণ অনেক কম। আনহাতে পৰম্পৰা বুলিও যদি শাক-পাত বেছি খোৱা যায় তেনেহ’লে খাদ্যৰ পুষ্টি গুণ বহুত বাঢ়িব। এইখিনিতে উল্লেখ কৰিব পাৰি যে কুমলীয়া শাক-পাচলিত প্ৰ’টিনৰ পৰিমাণ পুৰঠ শাক-পাচলিতকৈ বেছি পৰিমাণে থাকে। শাক ৰান্ধি বা কেঁচাই খাব পৰা এবিধ ভিটামিন আৰু খনিজ দ্ৰব্যৰে সমৃদ্ধ খাদ্য। শাকত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, আইৰন, কেলচিয়াম, ভিটামিন-চি, কেৰোটিনয়ডচ্‌(carotenoids), লুটেইন, ফ’লিক এচিড আৰু ভিটামিন কে পোৱা যায় যদিও কেলৰি আৰু চৰ্বি কম পৰিমাণে থাকে। সেই তাহানিকালতেই মানুহে জানিছিল যে এই সময়ত শাক খোৱাটো মানুহৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী আৰু কালৰ সোঁতত সিয়ে এটা পৰম্পৰা হৈ পৰিল। এতিয়া পিছে সেই ৰামো নাই অযোধ্যাও নাই। জনসংখ্যা বৃদ্ধি, মাটিৰ উৰ্বৰতা হ্ৰাস, প্ৰদূষণ তথা পৰিবেশৰ বিসংগতিৰ কাৰণে আগৰ সুলভ উদ্ভিদবোৰ এতিয়া দুৰ্লভ হৈ পৰিল। তদুপৰি সময়ৰ পৰিবৰ্তন তথা আধুনিকতাৰ সোঁতত উটি-ভাহি ফুৰা আমিবোৰে পূৰ্বপুৰুষৰ সেই অৱদানৰ কথা শ্ৰদ্ধাৰে স্বীকাৰ কৰিও সেই পৰম্পৰা ধৰি ৰাখিব নোৱাৰিলো। পৰিবেশ তথা আমাৰ জীৱন ধাৰণৰ প্ৰণালীৰ পৰিৱৰ্তনেই ইয়াৰ মূল কাৰণ বুলি ভাবিব পাৰি। ওপৰে ওপৰে চালে ইয়াৰ ফলত সমাজত বিশেষ ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে। কিন্তু অতীতৰ সকলো ভাল পৰম্পৰাক বাদ দিব লগা হ’লে আমাৰ জাতীয় সংস্কৃতিত যে বিৰূপ প্ৰভাৱ পৰিব সি ধুৰূপ।

লিখক: ডা° অনিল কুমাৰ শৰ্মা, ম-ন-কা স্মৃতিগ্ৰন্থ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate