সাহিত্যই যিদৰে এটা জাতিৰ দাপোণ স্বৰুপ, সেইদৰে কৃষ্টি – সংস্কৃতিও এটা জাতিৰ সমাজ জীৱনৰ প্ৰতীক। ৰাভা জাতিৰ কৃষ্টি – সংস্কৃতিৰ বিষয়ে আলোচনা কৰিলে তেওঁলোকৰ জাতীয় উৎসৱ, খেল – ধেমালি, শ্ৰাদ্ধক্ৰিয়া, পূজা – পাৰ্বণৰ লগতে গীত আৰু নৃত্যৰ কথাও আহি পৰে। তেনেদৰে ক’ব পাৰি নৃত্যৰ সময়ত ব্যৱহাৰ কৰা সাজ – পোছাক, আ – অলংকাৰৰ কথাও।
ৰাভা সমাজৰ সংস্কৃতি বুলিলে সাধাৰণতে জন্ম, বিবাহ আৰু মৃত্যুৰ সময়ত পালন কৰা নীতি – নিয়মৰ লগতে পূজা – পাৰ্বণ, চিকাৰ, সাজ – পাৰ আদিকে সাঙুৰিব পাৰি।
আদিম মানুহৰ গীত আৰু নৃত্যৰ উপলক্ষ আছিল প্ৰকৃতি। ৰাভা সকলৰ ফাৰকান্তি নৃত্য হ’ল মৃতকৰ প্ৰতি শ্ৰদ্ধা জনাই শ্ৰাদ্ধ – ক্ৰিয়াত আয়োজন কৰা নৃত্য। সেই কাৰণে ইয়াক শ্ৰাদ্ধ নৃত্য বুলিও কোৱা হয়। এই নৃত্যৰ সৃষ্টি সম্পৰ্কে ৰাভা জনজাতি সকলৰ মাজত এক লোক প্ৰবাদ আছে। আদিতে এই জনজাতিৰ লোক সকলে নিজক, পৰিয়ালক আৰু সমাজৰ লগতে অঞ্চলৰ লোক সকলক ৰক্ষা কৰিবলৈ যিকোনো সময়তে আন আন দলৰ মানুহক লগত লৈ যুঁজ কৰিব লগীয়া হৈছিল। ফল স্বৰুপে বহু লোকে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হৈছিল। কিন্ত মৃত্যুৰ পিছত মৃতকৰ আত্মাই পৰ জনমত কি ৰুপ ধাৰণ কৰে তাক নাজানিলেও ৰাভা সকলৰ জন বিশ্বাস আছে যে মানুহৰ মৃত্যুৰ পিছত আত্মাই পৰ জনমত কি ৰুপ ধাৰণ কৰে তাক নাজানিলেও ৰাভা সকলৰ জন বিশ্বাস আছে যে মানুহৰ মৃত্যুৰ পিছৰ আত্মাই মানৱ জন্মৰ উপৰি জীৱ – জন্ত বা পশু – পক্ষীৰ ৰুপতো পুনৰ পৃথিৱীত জন্ম লয়। তাৰ ভিতৰত সৰহ সংখ্যকেই হাতী, কুকুৰ, মেকুৰী, কপৌ, পৰুৱা আদিৰ ৰুপ লয় বুলি বিশ্বাস। তেওঁলোকৰ বিশ্বাস যে মানচেলেংকা, তন্দলেংকা আৰু ৰাতিকাটিকা নামৰ চৰায়ে মৃত আত্মাৰ যোগান ধৰে। সেই কাৰণে এই নৃত্য কৰোঁতে এই তিনি বিধ চৰাইক প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়।
ফাৰকান্তিৰ সময়ত আত্মীয় – স্বজনৰ উপৰি জাতি – গঞা, পুৰুষ – মহিলা গোট খাই আত্মাৰ সদ্গতি আৰু সন্তুষ্টিৰ বাবে শোকৰ মাজতো নৃত্য – গীতেৰে আনন্দৰ সৃষ্টি কৰাই হৈছে এই নৃত্যৰ বিশেষত্ব। এই নৃত্যত সাজ – পোছাক হিচাপে ব্যৱহাৰ কৰা হয় একৰঙীয়া গামোছা (যিকোনো ৰঙৰ), একৰঙীয়া পাজাৰ (যিকোনো ৰঙৰ), একৰঙীয়া মূৰ বন্ধা (যিকোনো ৰঙৰ) আৰু তিৰোতা সকলে পিন্ধাৰ বাবে ৰুফান, কাম্বুং, মূৰ বন্ধাৰ বাবে খদবাং আৰু পুৰুষ – মহিলা উভয়ে বাচেক।
অলংকাৰ হিচাপে কাণত পিন্ধে নামাব্লি, ধালাবগলা, নাকত নাকৰ ফুটি, ডিঙিত হাঞ্চা, বাহুত বাজু, হাতত চানাপালি, কঁকালত কৱাক, ছেংকুপাক আৰু খোপাত খুছুমাক্ৰাং।
নৃত্যৰ সামগ্ৰী হিচাপে পুৰুষ সকলে হাতত মানটেলেংকাৰ থোক আৰু মহিলা সকলে হাতত লয় ঢাল – তৰোৱাল।
ফাৰকান্তি নৃত্যৰ গীত
অ আয়া – বাবা চিমে
খাপেতা খাপেতা নাঙো চুনকিয়া
মন থিমা জাংছাৰে নাঙো নুব্ছাবানা।।
ৰিবাৰে ৰিবা – হাদাম থাৰায়তা
নাঙি মুঙো মুচুঙে মায়াছোক জৰায়তা।।
খাম নালু বাদুংডুঙা আৰো বুবুৰেঙা
গুগুলেঙা গমনেবা দায়দি নল কাঢ়া
ক্ৰিঙেটাৰে নাথোৰাঙে নাঙো উৰ্গিবানা
মানছেলেংকা ওন্দলেংকা বাদিক্তিকা কৰুৱা
হা – মান্দায় কাৰাং কাৰাং পুৰা
চিঙা চুকা হুই হুই ৰুৰুবাশী ৰুই ৰুই
নাথোৰাঙে ক্ৰিঙা।
মানছেলেংকা ওন্দলেংকা আৰো বাদিকতিকা
লিগা ৰায়ে লিগা ৰায়ে পুৰে পুৰে ৰিবা
মানছেলেংকা ওন্দলেংকা আৰো বাদিকতিকা
চানা মানছায় বুক্ষিৰাঙে কাৰাং কাৰাং পুৰা।।
ৰিবাৰে ৰিবা চাকায় মিলি ৰিবা
ফাৰি চানি কান্তিখাৰে নাচি উৰ্গিনোৱা।।
লাগিছা লাগিছা খাথা লাগিছা
যুজু বিদি গান্দান চিংবা ৰেঙোৱা
প্ৰংমান্দাৰ গান্দা প্ৰংপাঞ্চু গান্দা
ছময় ৰাম্পাৰ ৰিবিদং চিংবা প্ৰঙোৱা।।
খাচিকুৰ কুন্দিবুৰি অ’
হিৰ্ হিৰ্ হিৰ্ ৰিবায়তা
হুই হুই হুই ক্ৰিঙেতা আকে ৰাংখপ ৰাবায়তা
মান্দায় অকে ৰাংখবা।।
চোনা হাছোং ৰাদংবা
চাকায় চিঙো নাচিবা
হাজাৰ গান্দা খাপদংবা
চাৰি চানি উৰ্গিবা
চিংবা ৰেঙান লাগিনোৱা।।
ফাৰকান্তি গীতৰ অসমীয়া ভাবাৰ্থ
তুমি আমাক এৰি গুচি গ’লা, কিন্ত তোমালৈ মনত পৰি হিয়া ভাগি যাব খোজে। নিজৰ কান্দোনক নিজে বাধা দি ৰাখিব পৰা নাই। আহা আজি তোমাৰ শ্ৰাদ্ধৰ দিনা তোমাৰ বাবে যাচিছোঁ খাদ্য সম্ভাৰ।
তোমাৰ শ্ৰাদ্ধ – উৎসৱত বাজি উঠা বাদ্য সমূহ ছেৱে ছেৱে মানছেলেংকা, তন্দলেংকা চৰাই বোৰেও উৰি ফুৰিছে। শিংগা, কাঢ়া আদি বাদ্যবোৰেও কৰুণ, সুমধুৰ সুৰ তুলিছে। খোৱা – বোৱা ত্যাগ কৰি তোমাৰেই বিৰহত আপোন পাহৰা হৈ থকা মাছৰোকা চৰাইবোৰৰ লগত লগ লাগি তুমি য’তেই নাথাকা কিয় সিঁহতৰ লগত উৰি আহা।
হে ৰাইজ! আহক আমি আটায়ে মিলি মৰম আৰু শ্ৰদ্ধাৰে মৃতকৰ আত্মাক বিদায় দিওঁহঁক। আৰুনো কিমান কান্দিম। কান্দিব নালাগে আৰু। সময়ৰ ধুমুহা আহিলে মদাৰ, শিমলু ফুলৰ দৰে আমিও এদিন আমিও এদিন উৰি গুচি যাবই লাগিব। সৌৱা চোৱা কাল – ধুমুহাই ক’লা ডাৱৰ চপাই আনিছে। সোণৰ ঘৰ – বাৰী থাকিলেও, সকলোৰে মৰম – চেনেহৰ বান্ধোনত থাকিলেও মৃত্যুৰ ভয়ত হেজাৰ হেজৰ বাৰ চিঞৰি চিঞৰি কান্দিলেও দিনে – ৰাতিয়ে প্ৰাৰ্থনা জনালেও মৰণৰ দিন আহিলে আমি সকলোৱে এদিন যে গুচি যাবই লাগিব।
লেখক : ৰোহিত ৰাভা(লোক – সংস্কৃতিৰ সঁফুৰা)
শেহতীয়া উন্নীতকৰণ: : 2/13/2023