অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাস উৎসৱ

ৰাস উৎসৱ

”এহিমতে শৰত কালৰ য’ত আতি

চন্দ্ৰ ৰশ্মি শোভিত শীতল দেখি ৰাতি
কৰি হৰি হৰিষে হবাতে ৰাসক্ৰীড়া
গুচাইলা সমস্তে গোপিকাৰ কামপ্ৰীড়া ।”

শাৰদীয় শুভ্ৰ জোনাকৰ স্নিগ্ধ পোহৰত যমুনাৰ বালিত কদম গছত বহি মোহন বাঁহী বজাই শ্ৰী কৃষ্ণই বৃন্দাবনৰ গোপীসকলক কামভাৱ জগাই তুলিছিল । ইফালেদি শ্ৰী কৃষ্ণক পতি হিচাপে পাবলৈ পুজা কৰা গোপীসকলে ৰোমাঞ্চিত হৈ নিজৰ পতি-পুত্ৰ এৰি ঘৰৰ পৰা উধাতু খাই আহি কামপ্ৰীড়াত মত্ত হৈছিল । ৰাসোৎসৱৰ মূলতে সেয়াই । কোনোয়ে কয়, শ্ৰীকৃষ্ণই ‘ৰাসলীলা’ বা ৰাস উৎসৱ কৰিছিল পৃথিৱীত ‘প্ৰেম’ ভাল পোৱাৰ বিস্তাৰ ঘটোৱাৰ তথা শান্তিৰ বার্তাক সর্বজনৰ অন্তৰত বিৰাজিত কৰাৰ বাবে । ‘প্ৰেমে’ই যে জীৱনৰ মূল সেয়া শিকাইছে ভগৱান শ্ৰীকৃষ্ণই জগতবাসীক । ‘We are nothing, Love is everything…’ ।

ৰাসক্ৰীড়া সৃষ্টিৰ ৰহস্য সর্ন্দভত নয়নমণি মিশ্ৰই লিখিছে যে, ৰাস ক্ৰীড়াৰ মাজত শৃংগাৰ ৰস বিৰাজিত । কিন্ত্ত ই লৌকিক শৃংগাৰ কেতিয়াও নহয়। এই উৎসৱ বা ক্ৰীড়াৰ মূল উপাদানেই হৈছে  ’Deepest Love and Affection’ যাৰ প্ৰসংগত জ্ঞানী- পণ্ডিতসকলে নানা বিচাৰ, বিশ্লেষণ আদিও কৰিছে আৰু আজিও কৰি আছে । গতিকে ‘ৰস’ক বিতৰণ কৰাৰ বাবেই এই ‘ৰাসলীলা’ৰ সৃষ্টি হৈছে।

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেওঁৰ তত্ত্বকথাত লিখিছে -’দৰাচলতে যোগমায়াৰ বাবেহে গোপী গোপালৰ মিলনক ৰতিক্ৰীড়াৰ দৰে দেখা গৈছিল । স্বৰূপার্থত এয়া জীৱ ঈশ্বৰৰ এক মধুৰ মিলন ।’ এই যোগমায়াৰ বাবে গোকুলৰ গোৱালসকলেও ৰাসক্ৰীড়া চলি থকা সময়খিনিতো গোপীসকলক  একেই শয্যাত শুই থকা পাইছিল । আনকি যশোদাৰ কাষতো শিশু কৃষ্ণ শুই আছিল ।

কিছু অন্য চিন্তা

সঁচাকৈয়ে, সম্প্ৰতি ৰাস উৎসৱ অকল ধর্মীয় উৎসৱতে সীমিত হৈ থকা নাই । ই ক্ৰমে সাংস্কৃতিক আৰু অর্থনৈতিক দিশতো বহু পৰিমানে প্ৰভাৱ বিস্তাৰ কৰিছে। বর্তমান ৰাস উৎসৱে এক সার্বজনীন ৰূপ পৰিগ্ৰহণ কৰা দেখা যায় । ৰাস উৎসৱত অকল কৃষ্ণ, গোপী, ৰাধা বা দেৱ-দেৱীৰ মূর্তি নাথাকে । বর্তমানৰ সময়ৰ লগে লগে খাপ খোৱা বিজ্ঞান, শিক্ষা, আদর্শ, আৰু মানৱতাৰ বার্তা দিয়া ছবিও দেখা যায় । চাহৰ-ভাতৰ দোকান, মণিহাৰী দোকান, নাগৰডোলা ,চার্কাছ, থিয়েটাৰ, পুতলা নাচ আদি কৰি বিভিন্ন সামগ্ৰীৰ দোকান আৰু উপহাৰ কুপনৰ খেলো অনুষ্ঠিত কৰা দেখা যায় । এই অলপ সময়ৰ বাবে হ’লেও ই অর্থনৈতিক দিশতো কিছুজনক সহায় কৰে ।মাজুলি,নলবাৰীৰ দৰে ঠাইত ৰাস উৎসৱৰ স্বার্থতে সৃষ্টি হোৱা পর্যটন ক্ষেত্ৰখন অধিক অধ্যয়ণৰ থল আছে ।

দিপাংকৰ ভূঞা

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate